পাহাৰৰ কাহিনী (মূল উৎস – আক্ৰামূল্লা চৈয়দ) (অনুবাদ – অঞ্জল বৰা)
পাহাৰৰ কাহিনী
– মূল উৎস – আক্ৰামূল্লা চৈয়দ
এটা সৰু ল’ৰাই তেওঁৰ দেউতাকৰ সৈতে পাহাৰৰ কাষেৰে ফুৰিবলৈ গৈছিল৷
হঠাতে, ল’ৰাটো বাগৰি পৰিল আৰু লগে লগে চিঞৰিলে; আআআআআআ……আ !!
ল’ৰাটোক আচৰিত কৰি, পাহাৰটোৱেও লগে লগে চিঞৰি দিলে; আআআআআআ…..আ !!
কৌতূহলপূৰ্বক, সি পুনৰ চিঞৰি সুধিলে, “কোন তুমি ?”
তাৰ উত্তৰত সি শুনিলে, “কোন তুমি ?”
লগে লগে ল’ৰাটোৱে পাহাৰটোৰ ফালে চাই তাৰ উত্তৰ দিলে, “মই ভাস্কৰ, তুমি !”
সেই মাতটোৱেও উত্তৰ দিলে, “মই ভাস্কৰ, তুমি !”
উত্তৰটো শুনি ল’ৰাটোৱে খঙত চিঞৰিলে, “ভয়াতুৰ !”
পুনৰ সি একেদৰেই শুনিলে, “ভয়াতুৰ !”
ল’ৰাটোৱে তাৰ দেউতাকৰ ফালে চালে আৰু সুধিলে, “তাত কোন আছে ?”
দেউতাকে হাঁহিলে আৰু ক’লে, “মোৰ সোণ, এইবাৰ মন কৰাচোন !”
দেউতাকে ডাঙৰকৈ চিঞৰি ক’লে, “তুমি এজন ভাল ল’ৰা !”
সেই মাতটোৱে উত্তৰ দিলে, “তুমি এজন ভাল ল’ৰা !”
ল’ৰাটো আচৰিত হ’ল ৷ কিন্তু সি কি হৈছে বুজিব নোৱাৰিলে ৷
তেতিয়া দেউতাকে তাক বুজাই দিলে, “মানুহে ইয়াক প্ৰতিধ্বনি বুলি কয়, কিন্তু প্ৰকৃততে এইটোৱেই হৈছে আমাৰ জীৱন ৷”
ই তোমাক তুমি কৰা বা কোৱা সকলো কাম আৰু কথা একেদৰেই ঘূৰাই দিয়ে ৷
আমাৰ জীৱনটোতো আমাৰ কাৰ্যসমূহৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈ উঠে ৷
যদি তুমি পৃথিৱীখনক অধিক ভাল পাব বিচৰা,
তেন্তে তোমাৰ হৃদয়ত পৃথিৱীখনৰ প্ৰতি অধিক ভালপোৱাৰ সৃষ্টি কৰা ৷
যদি তুমি তোমাৰ দলৰ ভিতৰত অধিক পাৰ্গত হ’ব বিচৰা,
তেন্তে তোমাৰ নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰা ৷
এই কথাখিনি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰয়োগ হয়,
জীৱনটোৱে তোমাক সেই সকলো উভতাই দিব, যিবিলাক তুমি তোমাৰ জীৱনটোক প্ৰদান কৰিবা ৷
“তোমাৰ জীৱনটো কেৱল এটা কাকতালীয় সংযোগ নহয় ৷ এইটো তোমাৰ নিজৰেই প্ৰতিবিম্ব !”
…………………………………………………………………