পিতৃ-মাতৃলৈ সন্তানৰ চিঠি (- ইন্দ্ৰনীল গায়ন)

পিতৃ-মাতৃলৈ সন্তানৰ চিঠি – ইন্দ্ৰনীল গায়ন
মৰমৰ
দেউতা আৰু মালৈ
প্ৰথমে তোমাৰ চৰণ চুইছো, আর্শীবাদ দিবা, বহুদিন হ’ল তোমালোকৰ চৰণত হাত বুলাব পৰা নাই আৰু মোৰ হিয়াৰ সকলোখিনি মৰম তোমালোকৰ বাবে,আশাকৰো তোমালোক সকলো ভালেই আছা। অ’ মা ইয়াত নিজকে বৰ অকলশৰীয়া যেণ লাগেও । প্ৰতিপল প্ৰতিক্ষণ ঘৰৰ কথাবোৰে আহি মনটোক বৰকৈ দোলা দি থাকে। মা ইয়াৰ দৰে ডাঙৰ চহৰবোৰৰ কোলাহলবোৰৰ মাজত যে মই ভালদৰে নীলা আকাশখনো দেখা নাপাওঁ। ৰ’বা মা মোৰককাইদেউৰ খবৰ দেখোন…
মই লোৱোই নাই, ভালে আছেনে ককাইদেউ বহুদিন হ’ল সিমোলৈ এখনো চিঠি দিয়া নাই সি বাৰু কিবা বেয়া পাইছে নেকি অ’ মা । ককাইদেউৰ ঠিকা ভিত্তিক শিক্ষক নিযুক্তিৰ চাকৰিটো বাৰু স্থায়ী হৈছে গৈনে। মোৰ যে বৰকৈচিন্তা লাগি থাকে ককাইদেউৰ কাৰণে সি দৰমহাবোৰ সময়ে সময়ে পাই আছেনে বাৰু।দেউতাক বৰকৈ চিন্তা কৰিবলৈ নিদিবা ভালদৰে খোৱা বোৱা লবলৈ দিবা।দেউতাৰ পেঞ্চন সঠিক সময়তে পাই আছেনে ‘মা’।
মোৰ টেবুল আৰু আলমাৰিৰৰ কিতাপ বোৰ ভালকৈ ৰাখিবা তুমি জানাই ‘মা’ মোৰ সপোন সেই কিতাপবোৰৰ মাজতেই আবদ্ধ এইবাৰ ঘৰলৈ ব্ন্ধ পালেই যাম দেই মা।
মা, দেউতা, ককাইদেউ আজিলৈ আহিছো দেই বহু পৰ হ’ল.. শেষত তোমালোকলৈ মোৰ মৰম আৰু ভালপোৱা আৰু চৰণ চুই আর্শীবাদেৰে ৷
তোমালোকৰ মৰমৰ
সৰুপোণা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!