ফটকাবাজ
লেখক- মূলঃবঙালী,সংগ্ৰহ ও অনুবাদঃ- বিবেকানন্দ চৌধুৰী
আজি টিউশ্যনৰ প্ৰথম দিন। বহু কষ্টৰে এজন ককাইদেউক তেল মাৰি, কিবাকিবি কাম কৰি দি এটা টিউশ্যন যোগাৰ কৰিলো। কিন্তু ককাইদেৱে সাৱধান কৰি দিছেই যে মই যেন কোনোধৰণৰ উ্ল্টা-পুল্টা কাম নকৰো; তদুপৰি ছাত্ৰজন এক নম্বৰৰ ফাঁকিবাজ। সেয়ে মই যেন সাৱধান হৈ খুব যত্ন সহকাৰে পঢ়াও।
মই খং খং ভাবেৰে ছাত্ৰজনৰ চকুলৈ চাই ক’লো, তোমাৰ নাম কি?
ছাত্ৰজনে মূৰ তল কৰি ক’লে, ছাৰ মোৰ নাম ফটিক কিন্তু মোৰ বিদ্যালয়ৰ বন্ধুসকলে মোক মৰম কৰি ফটকাবাজ বুলি মাতে।
প্ৰথমদিনাই ছাত্ৰৰ মুখৰ পৰা এই কথা শুনাৰ পাছত বুজিব পাৰিলো যে মোৰ ছাত্ৰ এক নম্বৰৰ গাজাখোৰ। মই বাৰু কম নহয়। মই মোৰ ছাত্ৰক ক’লো, -শুনা, ফটিক, মই পিছে বৰ খঙাল মানুহ। তোমাৰ নিচিনা বহু ফটকাবাজ ল’ৰাক মই কোবাই মানুহ কৰিলো। সেয়ে মোক লগত কোনো চালাকি নকৰিবা। প্ৰতিদিনৰ পঢ়া প্ৰতিদিনেই শেষ কৰিব লাগিব।
ফটিকে মোৰ মুখৰ পিনে চাই ক’লে-মই বাৰু আপোনাক ছাৰ বুলি মাতিম নে ভিনদেউ বুলি মাতিম?
ফটিকৰ মুখৰ পৰা এনে কথা শুনি অবাক হ’লো। তাৰপাছত সজোৰে ধমক দি ক’লো – ভিনদেউ বুলি মাতিবা মানে! এইবোৰ কেনে ধেমালি? ছাৰ বুলি মাতিবা।
ফটিকে মূৰ খজুৱাই খজুৱাই ক’লে, আচলতে দুই দিন পাছতেই তো আপুনি মোৰ ভিনদেউ হ’বই সেয়ে আগৰ পৰাই মতাৰ অভ্যাস কৰি লৈছো।
মই আগতকৈ আৰু বেছি অবাক হৈ ফটিকক ক’লো, ভিনদেউ হ’ম মানে?
ফটিকে মোৰ কাণৰ কাষলৈ মুখখন হাওলাই আনি সৰু সৰুকৈ ক’লে
ছাৰ, মোৰ তিনিজনী বাইদেউ। দুজনীৰ বিয়া হৈ গৈছে। কেনেকৈ হৈছে জানে জানো?
মই ক’লো, কেনেকৈ হে?
ফটিকে ক’লে,
ছাৰ আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমান বাৰু নহয়। তদুপৰি বৰ্তমান ছোৱালী বিয়া দিয়া বহু টকাৰ কাৰবাৰ। মোৰ আই-পিতা বৰ চালাক। তেওঁলোকে চালাকি কৰি বিশ্ববিদ্যালয় উৰ্তীৰ্ণ ভাল ল’ৰা এজনক মোক পঢ়ুৱাবলৈ নিৰ্বাচিত কৰে। তাৰপাছত সেই ছাৰজনে যেতিয়া মোক পঢ়ুৱাবলৈ আহে তেতিয়া তেওঁক আই-পিতাই বৰ আলহ-উদহ কৰে। পঢ়ুওৱাৰ সময়ত মোৰ বাইদেৱে বৰ সুন্দৰকৈ সাজি-কাছি ছাৰজনৰ সন্মুখেৰে অহা-যোৱা কৰে। তাৰপাছত এদিন মোক শিকাই দিয়া হয় মই যেন পঢ়াৰ মাজতে ৱাশ্বৰূমলৈ যাওঁ বুলি কৈ ওলাই যাওঁ। ময়ো তাকেই কৰো। তেতিয়া বাইদেৱে আহি ছাৰৰ কোঠালীত সোমায়ে দৰজা বন্ধ কৰি দিয়ে। আৰু অলপ পাছতেই আই-পিতাই দুৱাৰত ঢকিয়াব ধৰে। তেতিয়া বাইদেৱে কান্দি কান্দি দুৱাৰ খুলি দিয়ে। তাৰপাছত আই-পিতাই জোৰ কৰি সেই ছাৰৰ সৈতে বাইদেউক বিয়া দি দিয়ে। তেতিয়া ছাৰৰ আৰু কৰিবলৈ একো নাথাকে কাৰণ আই-পিতাই ছাৰক বৰ ভয় দেখুৱায় আৰু কয় যে বিয়াত সন্মতি নিদিলে চুবুৰীৰ গোটেই মানুহখিনিকে মাতি আনিব। তেতিয়া ছাৰে নিৰূপায় হৈ কান্দি কান্দি বাইদেউৰ লগত বিয়াত বহে। এই ব্যৱস্থাত এটকাও খৰচ নহ’ল আৰু সুপাত্ৰৰ সৈতে বিয়াও হ’ল। মোৰ দুজনী বাইদেউৰ বিয়া এনেদৰেই হৈছে আৰু তিনি নম্বৰজনীৰ বাবে আই-পিতাই আপোনাক বাছনিত তুলিছে।
ছাত্ৰৰ মুখৰ পৰা এই কথা শুনাৰ পাছত মোৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিল। মই উঠি থিয় হ’বৰো শক্তি হেৰুৱালো। হাত ভৰি পৰ্যন্ত থৰথৰকৈ কঁপিবলৈ ধৰিলে।
ছাত্ৰজনে আকৌ মোৰ কাণৰ ওচৰলৈ মুখখন আনি ফুচফুচাই ক’লে, ছাৰ, অলপ পাছতেই বাইদেউ আহি আছে চাহ দিয়াৰ নাম কৰি আপোনাক চাবলৈ।
মই এইমুহূৰ্তত কথা কোৱাৰ শক্তি পৰ্যন্ত হেৰুৱাই পেলাইছো। ঠিক তেতিয়াই দেখিলো কেটকেটকৈ ক’লা ছোৱালী এজনীয়ে মুখত পাউডাৰ সানি, ওঁঠত টিকটিককৈ ৰঙা লিপষ্টিক, কপালত ৰঙা টিপ লগাই হাতত চাহৰ কাপ লৈ মোৰ পিনে আগুৱাই আহি আছে।
ছাত্ৰই তেতিয়া মোক আৰু এবাৰ ফুচফুচাই ক’লে,
~ ছাৰ, মোৰ বাইদেউ। এইৰ সৈতেই মোৰ আই-পিতাই আপোনাক জোৰকৈ বিয়া পাতি দিব।
মোৰ কি হৈছিল নাজানো। শৰীৰৰ সমস্ত শক্তিৰে প্ৰচণ্ড চিঞৰ এটা মাৰি মই চেতনা হেৰুৱালো।
যেতিয়া চেতনা ঘূৰাই পালো তেতিয়া দেখো ছাত্ৰৰ মাকে মোৰ মূৰত পানী ঢালিছে আৰু ছাত্ৰৰ দেউতাকে মোৰ হাত-ভৰি মালিছ কৰি আছে।
মই চিধাই ছাত্ৰৰ মাকৰ ভৰিত দৰি কান্দি কান্দি ক’লো,
আণ্টি, মোক ক্ষমা কৰি দিয়ক। মই বিয়া কৰাব নোৱাৰিম। মই খুব দুখীয়া ঘৰৰ ল’ৰা। মোক লৈ আই-পিতাৰ অনেক সপোন। তদুপৰি মই শ্ৰাৱণী নামৰ এজনী ছোৱালীক ভালপাওঁ। তাই যদি গম পায় মই আন ক’ৰবাত বিয়া কৰাইছো, তেনেহ’লে মোক কাটি দুচেও কৰিব।
আণ্টিয়ে অবাক দৃষ্টিৰে মোৰ পিনে চাই ক’লে, ওহ, মোৰ ভৰিখন এৰি দিয়াচোন। আৰু তুমি যে কৈ আছা, কাকনো তুমি বিয়া কৰিব নোৱাৰা?
মই ক’লো, মইতো আপোনাৰ ছোৱালীক বিয়া কৰিব নোৱাৰিম।
ছাত্ৰৰ মাকে মোৰ কথা শুনি একেবাৰে চমকি উঠিল। তাৰপাছত মোক ছোফাত বহুৱাই ক’লে, মোৰ ছোৱালী মানে? মোৰ তো কোনো ছোৱালীয়েই নাই। আমাৰ তো সেই এটাই মাত্ৰ ল’ৰা।
মই অবাক হৈ ক’লো, তেনেহ’লে সেই ছোৱালীজনী নো কোন?
আণ্টিয়ে উজাই অহা হাঁহিটো কোনোমতে সম্বৰণ কৰি ক’লে, তাইতো আমাৰ ঘৰুৱা সহায়কাৰী ছোৱালীগৰাকীহে।
কথাটো শুনাৰ পাছত মোৰ মূৰত যেন আকাশখনহে ভাঙি পৰিল। অৱশেষত সেই পোৱালিয়ে মোক কন্দুৱাই হে এৰিলে।
মই তেতিয়া ছাত্ৰৰ মাকক ক’লো, আণ্টি ফটিক ক’ত গ’ল?
আণ্টি আৰু অবাক হৈ ক’লে, ফটিক কোন হে?
কিয়, আপোনাৰ পুত্ৰ আকৌ।
আণ্টিয়ে মোৰ পিনে চাই হুমুনিয়াহ কাঢ়ি ক’লে, মোৰ ল’ৰাৰ নাম হিমেল হে! আৰু তুমি অজ্ঞান হোৱাৰ পাছত হিমেল জানো ক’লৈ গ’ল..
মোৰ মূৰটো যেন পুনৰ ঘূৰিবলৈ ধৰিলে। এই ল’ৰাজন তো মহা ধুৰন্ধৰ। এই বয়সতেই যেনে ধৰণে মোক হাবুডুবু খুৱাইছে, ডাঙৰ হ’লে জানো কি কি নকৰিব।
আণ্টিয়ে তেতিয়া মোৰ মূৰত হাত ফুৰাই ক’লে – বোপা, মোৰ ভাৱ হৈছে তোমাৰ গাটো অলপ বেয়া। তুমি বৰং আজি গুচি যোৱা। কাইলৈৰ পৰাই আহিবা নহ’লে…
তেওঁলোকৰ ঘৰৰ পৰা ওলাই বাটেৰে খোজকাঢ়ি আহি আছো আৰু ভাবি আছো
গোটেই জীৱন মই মানুহক বুৰবক বনাইছো – আৰু আজি নো মোৰ আধাতকৈও কম বয়সৰ ল’ৰা এটাই মোক কন্দুৱাই হে এৰিলে। জীৱন থাকোঁতে এই ল’ৰাক আৰু এই মুখ নেদেখুৱাও।