নেচেলচেল গোন্ধতেল

লেখক- ডা° গিৰিন্দ্ৰ নাথ

 মোমায়েকবিলাক ভাগিনসকলৰ বাবে মুঠেই উপকাৰী প্ৰাণী নহয়। কি কংস মামা, কি শকুনি মামা সকলো একেই। ভালৰ জহত লাচিতে মোমায়েকক কাটি দুছেও কৰিছিলনে! এতিয়া কংস মামাও নাই, শকুনি মামাও নাই। কিন্তু হ’লে কি হ’ব এতিয়া থকা মোমাইদেউহঁতৰ কাণ্ড কাৰখানা দেখিলে তেওঁলোকে লাজহে পালেহেঁতেন। মোৰ নিজৰ মোমাইদেউৰ কথাটোকে ধৰকচোন। তেওঁৰ কাৰণেই ঘৰত গালি খাই খাই মোৰ জীনা হাৰাম হৈ গৈছে । আৰে বাবা, হ’লাই যেনিবা তুমি ডাক্তৰডাল পঢ়া শুনা কৰি। সেই বুলি অংগনবাডী স্কুল যাবলৈ আৰম্ভ কৰাৰ দিন ধৰি আজিলৈকে মাৰ সেই একেখনেই কেছেট। নন্ ষ্টপ বাজি থাকে, “মোমায়েৰে এনেকে পঢ়িছিল, মোমায়েৰে মেট্ৰিকত এনেকুৱা ৰিজাল্ট কৰিছিল, অমুকটো কৰিছিল, ভচুকটো কৰিছিল। মোমায়েৰৰ নিচিনা ভাল হ’ব লাগিব, ভাল ৰিজাল্ট কৰিব লাগিব।” একেসোপা গানকে শুনি শুনি টেমা নষ্ট হৈ যায়। 

  আজিকালি অৱশ্যে মোৰ কাণত এইবোৰ নোসোমায়। ডাঙৰ হ’লো না। হায়াৰ ছেকেণ্ডাৰীত দুটা বছৰ জিৰাই যোৱাবাৰ পিছে ক’ৰ’ণাৰ কৃপাত কলেজত নাম লেখাবলৈ সুবিধাটো পালো। প্ৰথম দুদিনমান ভালেই লাগিছিল কলেজলৈ গৈ। পিছে একে ক্লাছৰে সাগৰিকাক প্ৰপ’জ দিয়াৰ পিছৰ পৰা মোৰ কলেজ যাবলৈ লাজ লগা হ’ল। হ’ল বুলি লগৰ ল’ৰাৰ বাইকত বহাই তাইক আৰু কিমান ঘূৰাম। বুঢ়াক মানে পিতৃদেৱতাক কৈ আছো বাইক এখন দিবলৈ। পিছে বুঢ়াৰ বোলে পইছা নাই। মাতৃদেৱীৰ কথাটো আৰু জানেই, বোলে মোমায়েৰে তিনিমাইল বাট খোজকাঢ়ি স্কুললৈ গৈছিল। তোক এক ফাৰ্লং বাট যাবলৈ বাইক লাগে। এইহেন বুঢ়া বুঢ়ীয়ে মোক বাইক দিব! হ’ল আৰু। 

  ইয়াৰ মাজতে হঠাৎ ভমককৈ আশাৰ চাকি এগছি যেন জ্বলি উঠিল। আমাৰ মামাই বোলে ভাগিনীহঁতক স্কুটী দিয়াৰ নিচিনাকৈ এইবাৰ ভাগিনহঁতকো বাইক দিব। তাকো বুলেট। মামাৰ মুখত এইষাৰ যেন নিৰ্বাচনী ভাষণ নহয়, একেবাৰে অমৃতবাণী! কাষত পালে মামাৰ গালত সেইদিনা তপৰ তপৰকৈ একুৰিমান চুমাকে খালোঁহেতেন। হওক তেও, আমাৰ এইজনা মামাইহে যদি ভাগিনহঁতৰ দুখ বুজি পায়। সাগৰিকাক পিছৰ ছিটত বহুৱাই ফ’ৰলেনত অকাই পকাই ফুল স্পীডত বুলেট দৌৰাম, মাজে মাজে পিছৰ চকা দুফুট ওপৰলৈ উঠি যোৱাকৈ ব্ৰেক মাৰিম, মোৰ পিঠিত সাগৰিকা হাউলি পৰিব, উস্! ভাৱিলেই কিবা এটা ভাল লাগি যায়। পেট্ৰলৰ দাম এশ হওক, দুশ হওক মোৰ কি আহে যায়। থ’ৰি না মোৰ নিজৰ পইছাৰে তেল ভৰাম। বুঢ়াক ভালকৈ দম দিলে দুশ চাৰিশ পায়েই থাকিম। আৰু সাগৰিকাৰ বুঢ়া বাপেকডালৰ পইছানো কোনে খাব। তাইক অলপমান মাস্কা মাৰিলেই হ’ল। পইছা আহি যাব। বুলেট এখন যদি সঁচাকৈ পাই যাওঁ, অহা পোন্ধৰ বছৰলৈ মামাকেই ভোট দি থাকিম। গেৰাণ্টী। 

  পিছে গেৰাণ্টী মইহে দিলোঁ, মামাই নিদিলে। বুলেট বাদেই দিয়ক, চাইকেল এখনো নাপালোঁ। পিছে ময়ো হাৰি যোৱা ভকত নহয়। সাগৰিকাক মই হেৰুৱাব নোৱাৰোঁ। মই হেল্প নকৰিলে বুঢ়াৰ ইমান সম্পত্তি জীয়েকে অকলে উৰুৱাই শেষ কৰিব নোৱাৰিব। গতিকে ভৱিষ্যতৰ বাবে বুলেটখনৰ খৰচটো মোৰ ইনভেষ্টমেণ্ট বুলি ধৰি লৈছো। কলেজৰ ইউনিয়ন বডীৰ ইলেকচনত লগৰ আৰু ছিনিয়ৰ দাদা দুজনমানৰ হৈ লাগি দিছিলোঁ। বিনিময়ত টকা বিশ হাজাৰমান কিবাকে পকেটত সুমুৱাব পাৰিলোঁ। সাগৰিকাৰ পৰাও কেইহাজাৰমান সৰকাই থৈছো। আমাৰ বুঢ়াকো ভালকে দম দিলে বিশ পঁচিছ হাজাৰ মান উলিয়াই দিব ছাগৈ। মাম্মী ডাৰ্লিং মানে আমাৰ মাতৃদেৱীক ডাক্তৰ ভায়েকৰ কথা ভালৰি লগাই একেৰাহে সাদিনমান কৈ থাকিলেও কিবা অলপ ওলাব। পিছে সকলো মিলায়োচোন মোৰ সপোনৰ বুলেটখনৰ বাবে ত্ৰিছ হাজাৰ মান টকা কম হয়। ইফালে সাগৰিকাই দুদিনমানৰ পৰা পংকজৰ লগত বেছিকৈ হ’লি গ’লি কৰিবলৈ লৈছে। পংকজৰ নতুন কে টি এম্ খনত উঠি কঁকালত দুইহাতেৰে মেৰিয়াই ধৰি বাইপাছৰ ধাবাত খাবলৈ যাবলৈ তাইৰ বাৰু কি দৰকাৰ আছিল? কিবা খং উঠিলে গজাল সুমুৱাই কে টি এম্ কেতিয়াবা পামচাৰ কৰি থম বাপ্পেক্কে মনে মনে। 

 বুলেটৰ চিন্তাত মোৰ ৰাতি ৰাতি টোপনি নহা হ’ল। কিবাকে টকা অলপ পোৱা হ’লে! সিদিনা ৰাতিও তেনেকৈয়ে বিছনাত ইকাটি সিকাটি কৰি পৰি আছিলোঁ। তেনেকুৱাতে শুনিলোঁ বাৰীৰ ফালে কেতেকী এজনীয়ে বউ কাকা ক’ত, বউ কাকা ক’ত কৰি বিনাই আছে। মেণ্ট’ছ খাই দিমাগ্ কি বত্তি জ্বলি যোৱাৰ নিচিনাকৈ কেতেকীৰ বিননিয়ে মোৰ দিমাগ কি বত্তি জ্বলাই দিলে। সাগৰিকা সাগৰিকা বুলি চিঞৰ মাৰি একেজাঁপে বিছনাৰ পৰা নামিলোঁ। আৰ্কিমিদিছে চিঞৰিছিল ইউৰেকা, ইউৰেকা। মই যেনিবা চিঞৰিলোঁ সাগৰিকা, সাগৰিকা। তাতেনো কি হ’ল? ফুৰ্তিতো লাগিবই নাঃ। 

  লগে লগে ভাইটিলৈ ফোন লগালোঁ। তিনিবাৰমান ৰিং হৈ হৈ বন্ধ হৈ গ’ল, নুঠালে। ৰাতি চাৰে এঘাৰ বজাত সি ক’ত আৰু সাৰ পাই থাকিব। বাবুলৈ ফোন কৰিলোঁ। দুবাৰৰ মূৰত সি ফোনটো উঠালে। টোপনিৰ জালতে সি মোক অবাইচ মাত এসোপামান মাতি কিয় ফোন কৰিছিলোঁ সুধিলে। বুজিলোঁ, এতিয়া ক’লেও তাৰ মূৰত একোডাল নোসোমায়। “হ’ব দে ৰাতিপুৱা লগ পাম’’ বুলি ফোনটো কাটি দিলোঁ। “…লা, কি কামোৰ বে’’বুলি বাবুৱে ফোনৰ সিটো মূৰত কোৱা কথাষাৰত মই অৱশ্যে এনেয়ো মাইণ্ড নকৰো। বুলেটখনৰ কাৰণে সিমানখিনিটো সহ্য কৰিবই লাগিব ন। 

 অইন দিনা বুঢ়া অফিচলৈ যোৱাৰ পিছতহে মই সাৰ পাওঁ। আজি পিছে সোনকালে উঠিলোঁ। চাৰে আঠ বজাতে টোপনিৰ পৰা উঠি অহা পুত্ৰধনক দেখি মাম্মী ডাৰ্লিং অবাক্টেদ হৈ গ’ল। বুঢ়াৰো চকু গৈ কপালত উঠিল। মোৰ কিন্তু এইবিলাক কথাত পাট্টা দিবলৈ মুঠেও সময় নাই। চকু মুখ ধুই টপাটপ ৰুটী দুখনমান গিলি চিধাই মোৰ গেহৰা দোষ্ট ভাইটিৰ ওচৰ পালোগৈ। ফোন কৰি বাবু, জিত, ৰণ্টু, আৰু দিগন্তকো মাতি পঠিয়ালোঁ। গোটেইকেইটা আহি পালে। গা ঘেলাই ফুৰাৰ বাদে সিহঁতকেইটাৰো একো কাম বন নাই। এনেকৈ গ্ৰুপ মিটিং হ’লে সিহঁতে ভালেই পায়। গতিকে অলপ পিছতে আটাইকেইটা আহি গোট খালেহি। 

 বাবুৱে আৰম্ভ কৰিলে, “অই ৰাতি কিয় ব’ৰ কৰিছিলি ক’?” 

 “কালি ৰাতি আমাৰ পিছফালৰ বাৰীত কেতেকীয়ে মাতিছিল।” মই ক’লোঁ। 

“আৰু তাকে ক’বলৈ আমাক মাতি আনিছ?…লা’’ জিতে মোৰ মুখতে ধৰিলে। 

 “হেই, তহঁতৰ সঁচাকৈ মূৰত মাল নাই। কেতেকীয়ে বিনাইছে মানে কি? বিহু আহি পালেহিয়েই। খবৰ ৰাখিছ? আৰু কেইটা দিন আছে? বিহু ফাংচন পাতিব নালাগে? সেইটো আলোচনা কৰিবলৈকে মাতিছোঁ। ’’

 বিহু ফাংচনৰ কথা শুনি আটাইকেইটা অলপ গহীন হ’ল। মই ক’লো, “বাবু, সন্ধিয়ালৈ লাইব্ৰেৰীত মিটিং এখন পাত। চবকে মাতি দিবি। ই ভাইটি সভাপতি হ’ব, চেক্ৰেটাৰী হিচাপে তহঁতে মোৰ নামটো প্ৰস্তাৱ কৰিবি। মই চেক্ৰেটাৰী হ’লে আজিৰ পৰা বিহু ফাংচন শেষ হোৱা দিনালৈকে তহঁতকেইটাৰ সন্ধিয়াৰ খৰচ মোৰ। এইবাৰ কিন্তু কালেকচন বেছিকৈ কৰিব লাগিব। ভাল আৰ্টিষ্ট এজন আনিব পাৰিলে ৰাইজেও চান্দা দিবলৈ বেয়া নাপায় ( বেয়া পালেও অৱশ্যে চান্দা দিবই লাগিব )। যদি প্লেনিং চাকচেছফুল হয়, ৰাতিৰ কাৰণে দুইকেজি ব্ৰইলাৰ মই এতিয়াই চেংচন কৰি থ’লোঁ।” 

  সন্ধিয়াৰ মিটিঙত আমাৰ প্লেনিং মতেই সকলো ঠিক হ’ল। ৰছিদ বহী দুখনমান চপাবলৈ মোৰ পৰাই এতিয়া টকা কেইটামান দিম বুলি ক’লো। ব্যৱসায়ত পইচাতো খটুৱাবই লাগিব ন! ৰছিদ বহী আৰু প্ৰচাৰ পত্ৰিকাখিনি প্ৰেছৰ পৰা আহি পালেই জোৰদাৰ চান্দা তুলিবলৈ ল’ৰাকেইটাক লগাই দিব লাগিব। 

 মনটো মোৰ এইকেইদিন বৰ ভাল। বুলেটখনৰ পইচাটো এইবাৰ মিলিবগৈ যেন লাগিছে। বুলেটখন কিনিব পাৰিলেহে মই বিহু সমিতিৰ সম্পাদক হোৱাটো সাৰ্থক হ’ব। 

 পিছে মোৰ কপালখনেই ফুটা। দাতাই দিলেও বিধাতাই নিদিয়ে। ইমান কষ্ট কৰি চেক্ৰেটাৰী হৈছিলোঁহে। দিলেনে মামাই শেলপাত বুকুতে বহুৱায়! কি ভাৱিছিলোঁ, আৰু কি হ’লগৈ। মামাই সকলো পণ্ড কৰি পেলালে। মই নকৈছিলোঁ নে মোমায়েকবিলাক ভাগিনহঁতৰ কাৰণে বৰ উপকাৰী জীৱ নহয় বুলি! এইজন মামায়ো কথাটো সঁচা বুলি প্ৰমাণ কৰি দিলে। চাল্লা, বিহুত বোলে আৰু চান্দা তুলিব নোৱাৰে। সকলো পুৰণি বিহু সমিতিক মামাই বোলে চান্দা দিব। একেবাৰে আইন বনাই দিছে, চান্দা তুলিলে বোলে চিধাই জেলত যাব লাগিব। আৰে চান্দা নুতুলিলে বিহু ফাংচন কেনেকৈ পাতিম? আৰু চান্দাই যদি তুলিব নোৱাৰোঁ, ইমান খৰচ পাতি কৰি চেক্ৰেটাৰীডাল মই কিয়নো হ’লোঁ! মই এতিয়া কি কৰোঁ আপুনিয়েই কওকচোন। “ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি’’ বুলি ট্ৰেজেডী ফলাৰ বাহিৰে। 

 মামা, মামা, মামা। এই মামায়েই মোৰ লাইফ বৰ্বাদ কৰি পেলালে। ভাইটি, বাবুহঁতক এইকেইদিন সন্ধিয়া সন্ধিয়া সিবিধ খুউৱাৰ নামতেই পকেট উদং কৰিলোঁ। এতিয়া সেইকেইটা ক’ৰ পৰা পাম? বুলেট গ’ল, সাগৰিকাও যাবগৈ। চাল্লা চব শেষ মোৰ। সকলো নেচেল। চব নেচেলচেল গোন্ধতেল। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!