অথ: পাৰ চৰাই সংবাদ

লেখক- বৰষা ডেকা

 আমি থকা বৰ্তমানৰ এপাৰ্টমেণ্টটোত প্ৰথম যেতিয়া বস্তু বাহানি থান থিত লগাবলৈ আহো, তাত জাকে জাকে পাৰ চৰাইৰ বাহ। পিছলৈ কেঁচেলুৱা বয়সৰ ল’ৰাটোক কোঁচত লৈ মই হাত চাপৰি বজাই সুৰ লগাই গাওঁ, ”পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, ঘৰৰ মূধত পৰি থাকিল গোটেই শুকুৰবাৰ।” আমাৰ শিশুকালৰ বিখ্যাত পদ্য। লেপটপত চকু থৈ আমাৰ কথালৈ কাণ দি থকা স্বামীয়ে হাঁহি ৰখাব নোৱৰা হয়। 

ইমানবোৰ ফকৰা যোজনা মাতো, ইমানকেইটা নিচুকনি গীত গাওঁ, তাত হাঁহি নুঠি উঠিল এইটোতহে! মোৰ ফুলি উঠা মুখলৈ চাই চকু টিপিয়াই স্বামীয়ে কয়,‘‘সব তোমালোকৰ অসমীয়া মানুহৰ কাৰণেই হ’ল বুইছা! এনেয়ো পৰিছে শুকুৰবাৰ। ধৰি আনি খাই থ’ব বুলি ভয়তে পাৰ চৰাই ঘৰৰ মূধৰ পৰা ননমাই হ’ল।’’

  হওঁতে স্বামী বেচেৰাৰ গাত দোষ নাই! উৎসৱে-পাৰ্বণে নহৰু-পিঁয়াজ আৰু বগা নিমখজেবাও এলাগী কৰা নিৰামুহীয়া উত্তৰ ভাৰতীয় নৈষ্ঠিক হিন্দু পৰিয়াল এটাৰ বংশধৰহে তেওঁ! হোষ্টেলে হোষ্টেলে বগাই মেলি, বন্ধুৰ লগত পৰি ব’নলেছ চিকেন আৰু মাটন এই দুবিধক মূল খাদ্যৰ স্বীকৃতি দিবলৈ আৰম্ভ কৰিছেহে মাথো। এতিয়া অসমলৈ আহি হাঁহ, পাৰ, গাহৰি এইবোৰক আমিষ সমাজৰ আগস্থান লোৱা দেখিলে পেটতে হাত ভৰি লুকাবই দিয়কচোন। অ’ত তত চলি থকা বাণিজ্যমেলা, বিহু মেলা, খাদ্যমেলাবোৰৰ জহত খৰিকাত দিয়া কেঁকোৰা, মিছামাছ গোটাচেৰেকো এক্সটিক ফুড বুলি পেটত ভৰাবলৈ শিকিছে কথমপি। পিছে পাৰ! নৈব নৈব চ:…

  “হেৰৌ, আমাৰ সেইফালে শান্তিৰ প্ৰতীক বুলি উৰুওৱা প্ৰাণী এইটো। সেইটোকো ধৰি আনি খায় কাৰণেইতো অশান্তি নুগুচা হৈছে তোমালোকৰ।” আমাৰ এইফালৰ খাদ্য তালিকা দেখি শাহুৰ চকু কপালত উঠে বোধহয়। উঠক। উঠিবই। মই নিমাতী কন্যাৰ বেশ লওঁ। হওঁতে আমাৰ ঘৰতো পাৰৰ বৰ এটা প্ৰচলন নাই। সৰুতে পাৰ আনি কাটোতে “ইমান মৰমলগা চৰাইটোক পুহিমহে মই, নেখাওঁ, নানিবা” বুলি জেদ কৰাৰ পৰা দেউতায়ো পাৰ ননাই হ’ল। ছাগলী আৰু তেতিয়া নতুনকৈ চলিবলৈ আৰম্ভ কৰা কুকুৰা মাংস আছেই, পাৰলৈ কোনে মনত পেলায় আৰু! কিন্তু আইতাহঁত আৰু তেওঁলোকৰ যুৰীয়া বয়সস্থ ব্যক্তিসকলৰ মাংস বুলিলে তেতিয়াও ছাগলী মাংস আৰু পাৰই সম্বল আছিল। দাঁত নথকাখিনিয়ে যেনিবা মাছকণেৰেই চলাই দিয়ে। বহু বন্ধু-বান্ধৱীৰ ঘৰত ভাত খাওঁতেও খোৱা মেজত হেঁপাহেৰে ৰন্ধা পাৰ মাংসৰ বাটি আগুৱাই দিয়াহে মোৰ মনত পৰে। গতিকে স্বামী ফৈদৰ মানুহে মুখ আমোলাবই আৰু। 

পাৰ খোৱা বুলি অসমৰ বাহিৰৰখিনিৰ চকু টেলেকা টেলেক হোৱাটো মুঠেই নতুন কথা নহয়। মোৰ এক সম্বন্ধীয় যাওক নতুন দিল্লীত চাকৰি কৰিবলৈ। তাত সহকৰ্মী বেছিভাগেই দিল্লী, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান এইবোৰ ঠাইৰহে। সীমামূৰীয়া জেগাৰপৰা অহা বুলি উৎসুকতাৰ সীমা নাই। অসমৰ চাহপাত, কাজিৰঙাৰ গঁড়কেইটা, বিহু, কামাখ্যা মন্দিৰ, মাজুলীৰ পৰা আৰম্ভ হৈ অসমলৈ আহিবলৈ ট্ৰেইন ভাল হ’ব নে উৰাজাহাজ তালৈকে। সম্বন্ধীয়ৰ বুকু ফুলি এহাতমান হ’ল। বোলে ব্ৰেণ্ড এম্বেছাদৰৰ খিতাপটো এইবাৰ তেওঁৰ শিৰতহে শোভা পাবহি। 

পিছে লেঠা লাগিল খোৱা-বোৱাৰ সুচলতা লৈহে। এক চকু চৰহাই সুধি দিয়ক তাৰ মাজতে, ‘‘সুনা হে তুমলোগ কবুতৰ খাতে হ’?” বচ, তাৰপিছত জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন, কিয় খোৱা, কেনেকৈ খোৱা, বেয়া নেলাগে নেকি, এইবোৰ। লগতে “ঔৰ ক্যা ক্যা খাতে হ’?” সম্বন্ধীয় আকৌ আছিল ঘোৰ আমিষ। এনেই দিল্লীলৈ আহি মাছ-মাংস জোখতকৈ কমকৈ পেটলৈ যোৱা বাবে তেওঁ বিতুষ্ট হৈয়ে আছিল। গতিকে মুখ ওফোন্দাই কৈ উঠিল, ‘‘জ্যাদা ভুখ লগী তো হামল’গ ইনসান ভি খাতে হে।” 

  ক’বলৈহে পালে, ভয়তে সকলো ফৰিং চিটিকা দিলে। হ’বওতো পাৰে, মায়ঙত মানুহক যাদুৰ বলত ভেড়া কৰি এৰি দিয়ে বুলি বু বু বা বা হৈয়েই থাকে উত্তৰ ভাৰতীয় মানুহখিনিৰ মাজত। আৰু অলপ অচৰপ ভূগোলৰ জ্ঞান থকাখিনিয়ে কাষৰীয়া নাগালেণ্ডত এসময়ততো মানুহৰ মূৰেই চিকাৰ কৰিছিল বুলিও শুনিছে। বহুসময়ৰ পিছতহে সাহ গোটাই এগৰাকীয়ে জানিব বিচাৰিলে কথাষাৰ সঁচা নে মিছা। সঁচাও নহয় মিছাও নহয়, এই ভাবত সম্বন্ধীয়ই মুখত মিচিকিয়া হাঁহি লৈ নীৰৱ হৈ থাকিল। লাহে ধীৰে সকলোবোৰ স্বাভাৱিক হ’লহি অৱশ্যে। বিয়াই-বাৰুৱে, উৎসৱে-পাৰ্বণে আহি গোটেই অসম ঘূৰি যাবলৈ পৰাকৈ বন্ধুও গোট খালে তেওঁৰ। ভিন্ন ঠাইৰ মানুহৰ যে খাদ্যাভ্যাস ভিন্ন হ’ব পাৰে আৰু আনক অসুবিধা নিদিয়াকৈ নিজৰ খাদ্য খাব পৰা যায় বুলি তেওঁলোকেও মানি ল’লে বোধহয়। পিছে অসমীয়াৰ “কবুতৰ” ভক্ষণে সময়ে সময়ে বিভিন্নজনৰ মনত ঢৌ নোতোলাকৈ নেথাকিল। 

 

দিল্লীবাসীৰ পাৰ চৰাই প্ৰীতি আৰু আমাৰ অসমীয়াৰ পাৰ চৰাই প্ৰীতিৰ মাজত পাৰ্থক্যৰ কথা দিল্লীত থকা মিতিৰ-কুটুম, বন্ধু-বান্ধৱৰ লগত সততে আলোচনা হোৱা এটা হট টপিক। তাৰ বেছিভাগ অঞ্চলতে ঘৰৰ চাদ আৰু খিৰিকীৰ জালনাবোৰত পাৰ চৰাইৰ অবাধ বিচৰণ। আবাসীসকলে দলিয়াই দিয়া আগদিনাৰ ৰৈ যোৱা ৰুটি, ভাত, চাউল, দাইল খাই বেছিভাগেই অভ্যস্ত। সেইবাবেই চেলু চাই পাকঘৰৰ খোলা খিৰিকীৰে সোমাই আহিবলৈকো ডাকু পাৰ কেইটামানৰ সাহসৰ অভাৱ নহয়। আমাৰ ইয়াৰপৰা যোৱা আমিষ প্ৰেমী ডেকাসকলে বৰ আনন্দেৰে সেই সুযোগ গ্ৰহণ কৰে। ঈশ্বৰে মিলাইছে যেতিয়া কৰিব কি! চিনাকি এক ডেকাৰ লগত কথা বাৰ্তা হওঁতে খপকৈ কৈ উঠিল, ‘‘আমি তাত গৈ বহুদিনলৈ মাংস কিনাই নাছিলোঁ নহয়।” মই বোলে, ” হেৰৌ, কৱ কি? ।” পৰম উৎসাহেৰে ডেকাই জনাই দিলে ফ্লেটৰ আশে পাশে চৰি ফুৰা পাৰ এটা ধৰিব পাৰিলেই মা-মছলা যোগাৰ কৰি বন্ধু-বান্ধৱক খবৰ দিয়াৰহে কথা। এক ডেগচী ভাত আৰু মাংসৰ জোলেৰে চুৰ্চুৰীয়াকৈ গেট টুগেদাৰ পাৰ্টি এটা হৈয়েই যায় ৰাতিলৈ। সপ্তাহটো নুঘুৰোতেই আকৌ বেলেগ এঠাইৰ পৰা একে ধৰণৰ নিমন্ত্ৰণ এটা পাবৰ হয়েই। 

  পিছে লাহে লাহে পাৰৰ সংখ্যা কমি আহিলত ওচৰ পাজৰৰ লোকৰ সন্দেহ হোৱাটো স্বাভাৱিক। দুই এক বয়সীয়া আণ্টিয়ে চকু টেলেকাকৈ নোচোৱাও নহয়। তাকে শুনি দিল্লীৰ হস্পিতালত কিছুদিন চাকৰি কৰি অহা মোৰ ভাইটিয়ে বোলে, “থ, দিল্লীৰ আণ্টিহে আৰু!” সেই সময়ত ভাইটিহঁতৰ দুপৰীয়াৰ ভোজন বিৰতিত প্ৰায় সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা টিফিন আনে। কেতিয়াবা টিফিন খোলাৰ আগতেই একোটাহঁত বা একোজনীৰ মুখ উজলি থাকে। দেওবাৰৰ দুপৰীয়া মাই খাহী ছাগলীৰ জোল ৰান্ধিলে আমাৰ যেনেকৈ মুখৰপৰা হাঁহি নুগুচে, ঠিক তেনেকৈ। জৰুৰ কিবা ভাল বস্তু আনিছে বুলি বেছি খকুৱাকেইটাই সিহঁতৰ ওচৰে পাজৰে চকী টানি বহি লৈ অপেক্ষা কৰি থাকে কেতিয়ালৈ ঢাকোনখন খুলিব। পিছে টিফিন খুলিলে ওলাই পৰে ভেন্দিৰ ভাজি, পটল ভাজি এইবোৰহে। তাকে, ‘‘আজ মম্মী নে ভিন্দি কি সবজী বনাই হে!” বুলি মহা আনন্দেৰে ৰাইজে খায়ো, মহাৰ্ঘ বস্তুৰ দৰে ওচৰে পাজৰে বিলায়ো। আমাৰ অসমীয়া কেইটাৰ তেতিয়া চকুৰ পানী সৰে। 

  কাৰোবাৰ ঘৰলৈ লাঞ্চ বা ডিনাৰৰ নিমন্ত্ৰণত গ’লেও একেই অৱস্থা! “বেটা, তেৰে লিয়ে আজ স্পেচিয়েল বনায়ী হে” বুলি পিঠিত চাপৰ এটা মাৰি উলিয়াই দিব ৰুটি গোটাচেৰেকৰ লগত শুকান, জ্বলা দিয়া ভেন্দি ভাজি, ফুলকবি ভাজি, নহ’লে মটৰ দি পনীৰৰ তৰকাৰীৰ যিকোনো এবিধ। আমাৰ নোকোৱা নেমেলাকৈ অহা আলহী এযোৰাকো আলহ উদহ কৰি উলিয়াই দিয়া মাছৰ টেঙা, কুকুৰা মাংসৰ জালুকীয়া, তিনি চাৰিবিধ ভাজি আৰু চাটনিৰে সৈতে ভৰপূৰ থালখন তাত বিচাৰি পোৱা নেযায়। চখতে নতুনকৈ শিকা বুলিয়েই ৰন্ধা পোলাও, কালিয়া জাতীয় বস্তুবোৰৰতো নাম গোন্ধই নাই। গতিকে ভাইটিৰ মতে দিল্লীৰ আণ্টিহঁতে কি জানিব পাৰ মাংসৰ সোৱাদ! চৌ লগে ৰহৌ। 

 একেধৰণৰ ঘটনা এটা ঘটিছিল এবাৰ মোৰ দাদাৰ মালভিয়া নগৰৰ ঘৰলৈ যাওঁতে। পৰীক্ষা দিবলৈ যাম, গতিকে সেই কেইদিননো অসমীয়া খানা নোখোৱাকৈ কেনেকৈ থাকিম বুলি লগতে লৈ গলোঁ মোৰ ৰন্ধন বিশাৰদ মা আৰু মাহীক। যোৱাৰ দ্বিতীয় দিনাই লাগিল পয়মাল। অসমীয়া মাহ চাউলৰ জুতি বেলেগ বুলি শুনিয়েই নে কি কাৰণে জানো পদূলিশুঙা পাৰ এটাই পটকৈ সোমাই দিলে নহয় বাথৰুমৰ জলঙাৰে। মোৰ চিঞৰ বাখৰ শুনি দৌৰি অহা মা আৰু মাহী পাৰ দেখা পাই আনন্দত উৰুলিকৃত। মোৰ হাক বচন নেমানি বুদ্ধি ফন্দি লগাই মুঢ়া এটাৰ তলত বহিৰাগত পাৰটোক বন্দী কৰি থোৱা হ’ল। দাদা অফিচৰ পৰা আহিলেই কুটি বাচি দিবলৈ কোৱাৰ সিদ্ধান্ত লৈ দুয়ো বাই ভনী ধুমধাম মছলা বটাত লাগি গল। ভাগে ভাগে জিৰা-জালুক, আদা-নহৰু বটা। বিদেশত আহি আটকৰ পাৰ মাংস খাবই খাব। শেষত দাদা আহি বহুত বুজাই শুনাই আৰু ছ’ছাইটিয়ে শ্বোকজ দিয়াৰ ভয় দেখুৱাইহে পাৰ বধৰ উদ্যোক্তাসকলক বিৰত কৰিলেহি। দোষী পাৰটোক উৰুৱাই দিয়াৰ সময়ত মাহীৰ যি কান্দোন! “অ’ মাজনী, কিমান দিন যে পাৰ মাংস একণ খাই পোৱা নাই, এনেকৈয়ে যাব আৰু জীৱনটো।” সেইদিনা সন্ধিয়াই বিখ্যাত মেজবান ৰেষ্টোৰেণ্টৰ পৰা অনা, মোগল ষ্টাইলত ৰন্ধা মাংসৰ জোল তন্দুৰী ৰুটিৰ সৈতে নাক সোঁতসোঁতাই খায়ো মাহীৰ শোক নকমিল। 

 আমাৰ এতিয়াৰ এপাৰ্টমেণ্টৰ পাৰবোৰ দেখিলেও এতিয়া এইবোৰ কথাই মনত পৰে। ওচৰে পাজৰে দিনে দিনে মানুহ বঢ়াৰ লগে লগে পাৰবোৰ কমি আহিছে। পাৰবোৰক নিয়মিত খাবলৈ দিয়া মাৰোৱাৰী আণ্টিগৰাকীয়ে তাকে লৈ আপচোছ কৰে। আৰু ঘৰত এই লৈ সন্দেহ প্ৰকাশ কৰে মোৰ স্বামীয়ে। ফ্ৰীকৈ পোৱা মাংস, তাকো অসমত, খাওঁতাৰ অভাৱ নাই। হয়ো কিজানি। 

যি কি নহওক, এই এহালিচা লিখি উলিয়ালোঁ নতুন এটা মুখৰোচক খবৰ পাইহে। স্বামীৰ বন্ধু এজনৰ ট্ৰান্সফাৰ হৈছে সুদূৰ ইন্দোৰলৈ। ব্ৰকাৰৰ লগত মিলি ঘৰ চাবলৈ যাওঁতে দেখিলে শাৰী শাৰী বিল্ডিং আৰু বাৰাণ্ডাই প্ৰতি লোহাৰ জালিৰ আস্তৰণ। ব্ৰকাৰে জনালে কাৰণটো পাৰ চৰাই। এৰেহা বস্তু খাই আৰু কোনেও একো নকৰাৰ বাবে সাহ পাই এতিয়া এনেকুৱা হৈছে যে পাৰ চৰায়ে ঘৰৰ ভিতৰলৈ সোমাই আহি চৰিবলৈও ভয় নকৰা হৈছে। লগতে আছে প্ৰতিদিনৰ মলত্যাগ। অতিষ্ঠ হৈ মানুহে বতাহ চলাচল কৰিব পৰাকৈ পাতল লোহাৰ জালিৰে বাৰাণ্ডা আৱৰিব লগীয়া হৈছে। “আপোনাকো জালি লগোৱা ঘৰ দিম চাৰ”, ব্ৰকাৰজনে ক’লে। “নাই, আমি জালি নোহোৱা ঘৰহে ভাল পাওঁ।” গোঁফৰ তলতে মিচিকিয়া হাঁহি এটা মাৰি বন্ধুৰ তাৎক্ষণিক উত্তৰ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!