যত দোষ নন্দ ঘোষ

লেখক- নীলাক্ষি গোস্বামী

 বোলো ভুলনো কাৰ নহয়, হয়নে? মানুহেইতো ভুল কৰে। ভুল কৰিছিল, ভুল কৰি আছে আৰু আগলৈও ভুল কৰিব। এয়া ধুৰুপ। বাধা দি ৰাখিব কোনে? ইয়াত নিজৰ ভুলৰ কথা মুঠেই ক’বলৈ বিচৰা নাই। নিজৰ বেলিকা ভুলবোৰ ক’ত লুকাই যায় জানো! ভুল শব্দটোৰ জন্মই হৈছে বোধহয় আনৰ ভুল দেখিবলৈ। 

  অজানিতে কৰা ভুল বাৰু ভুলেই। কিন্তু জানি-বুজিওতো ভুল কৰে মানুহে। ভুল কৰি উঠি কিন্তু অনুশোচনা কৰিবলৈও নাপাহৰে। তথাপি ভুল কৰিবই। সৰু ভুল, ডাঙৰ ভুল, মহা ভুল, ভুল ঢাকিবলৈও কৰা ভুল, ভুলৰ উপৰি ভুল, স্বভাৱগত ভুল । উফ্ মুঠতে আমি ভুলৰ সমষ্টিহে যেন! আমি ভুল কৰিমেই। ভুল কৰা আমাৰ জন্মগত অধিকাৰ। ভুল নকৰিলে শিক্ষা ক’ৰ পৰা পাম? সেই শিক্ষা পোৱাৰ পিছত আকৌ একেটা ভুলকেই কৰিম। ভুলে কি নেৰিব নেকি আমাক? কেতিয়াবা অৱশ্যে ভুলতে ফুলো ফুলে। জীৱনৰ বেছিভাগ সময়ে দেখোন আনে কি ভাবিব বুলি ভুলেই কৰি থাকোঁ। এতিয়াতো আমি বুজিলোঁ সকলো মানুহে ভুল কৰেই। কিছুমান ভুলৰ বাবে মানুহে আজীৱন অনুশোচনাত ভোগে। আনহাতে কিছুমানে ভুলক ভুল বুলিয়ে নাভাবে। এই ভুলবোৰো যে আৰু! নিজে যেতিয়া ভুল কৰোঁ সকলো ঠিকেই থাকে। মনে মনে কিন্তু ভাবি থাকোঁ যে মই ভুল কৰিলোঁ। যদি কেনেবাকৈ আনে আহি ক’ব লগা হ’ল, ভিতৰি ভিতৰি ভুল দেখুওৱা মানুহজনক পিটিকি পেলালোঁই নহয়। -‘‘মোৰ ভুল দেখুৱাবলৈ আহে! জানো নহয়, নিজে দেখোন…” ভুল দেখুৱাই দিলে অৱশ্যে ব্যতিক্ৰমো হয় কেতিয়াবা। কিন্তু তেনেই তাকৰ ভুল মানি লোৱা মানুহৰ সংখ্যা। 

   এতিয়া আহোঁ দোষৰ কথালৈ। আনে ভুল কৰিলে মনটো যে সেইফালেহে দৌৰ মাৰে। বোলো নাযাবি, নাই যাবই। কাণক কওঁ নুশুনিবি, শুনিবই মানে। আনৰ সেই বিশেষ ভুলটোৰ বাবে কাক কাক কেনেধৰণেৰে আৰু কিমান পৰ্য্যায়লৈ দোষ দিম দস্তুৰমত আমি নিৰ্ধাৰণ কৰিব লাগিব। লগে লগে এই মহান দায়িত্বতো আহিয়েই যায় নহয়! নহ’লে আমি কৰিলোঁৱেই বা কি? ভুল আৰু মানুহে নিজে কৰেনে? আনেহে কৰে। আনক দোষ দিবলৈ ইমান সহজ যেতিয়া আমি সহজ কামটোকে সহজতে নকৰোনো কিয়? নিজে কিমান ভুল কৰিলোঁ হিচাপ কৰিনো কি হ’ব? দোষবোৰ জানো দিব পাৰোঁ নিজক? । আনে কৰা ভুলবোৰ কিন্তু বৰ ভাল। ইচ্ছামতে যাক যেনেদৰে পৰা যায় দোষ দিব পাৰি। দোষ দিয়াৰ ক্ষেত্ৰত জুখি চাই দোষ দিব লাগেনে কিবা? সাধুকথাত পাইছিলোঁ আনৰ ক্ষেত্ৰত হ’ব পৰা গম্ভীৰ দোষ এটা নিজৰ বাবে তেনেই সাধাৰণ হৈ পৰা কথা। মানে আনৰ ক্ষেত্ৰত নিজে কৰা সেই একেটা ভুলৰ বাবে দোষ দিয়া পৰম্পৰাটো কিমান যে আগৰ প্ৰভু! নিজে কৰিলে ভুলটো নগণ্য হৈ যায়। নিজেই নিজৰ দোষ মোহাৰি পেলোৱা হয়। নিজকে দোষ দিয়া কথাষাৰ একেবাৰে অৰ্থশূন্য হৈ যায় দিয়কচোন। 

এবাৰ বোলে এজন ব্ৰাহ্মণক সোধা হৈছিল, 

‘‘গুৰুদেৱ, খোৱাৰ পিছত মুখত ভাত লাগি থাকিলে কি হয়?’’ সাতজাপ মাৰি ব্ৰাহ্মণে ক’লে,- ‘‘শ্ৰীবিষ্ণু, শ্ৰীবিষ্ণু কি শুনিবলৈ পাইছোঁ এয়া? খোৱাৰ পিছত মুখত ভাত লাগি থাকিলে সাতধেনু প্ৰায়শ্চিত্ত হ’ব লাগে। শ্ৰীবিষ্ণু।” 

 এতিয়া শিষ্যজনৰ কোৱাৰ পাল। ‘‘গুৰুদেৱ আপোনাৰ মুখতে দেখোন ভাত লাগি আছে।” মুখত লাগি থকা ভাতখিনি আঙুলিৰে চিটিকাই দি ব্ৰাহ্মণৰ চিধা উত্তৰ- ‘‘এহ্ টিকলায়ে নমঃ” 

  বহুক্ষেত্ৰত একেটা ভুলৰ বাবে আনে কৰিলে যিমান ডাঙৰ হ’ব কথাটো নিজে কৰিলে সেই ভুলটোৱে আকৌ নিচেই সাধাৰণ কথা যেন হৈ পৰে। 

আমাৰনো কি দোষ হ’ব পাৰে আনক দোষাৰোপ কৰাত? 

   আমাৰ অসমীয়াত কথা এষাৰ আছে “যত দোষ নন্দ ঘোষ।” (নন্দ ঘোষ নামৰ কোনোবা আছে যদি তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে ) মানুহৰো যে! উৱা! বেচেৰা নন্দ ঘোষ বোলাজনক ক’ৰ পৰা কোনে টানি আনিলে বাৰু? বেচেৰা নন্দ ঘোষ নামৰ মানুহবোৰে দেখোন হতাশাত ভোগাহে কথা। বিচাৰ খোচাৰ নকৰাকৈ ভুলবোৰ তেৱেঁই কৰিলে বুলি থিৰাং কৰি পেলালোঁৱেই নহয়। দোষ জাপি দিবলৈ আমি নন্দকেই সহজতে পোৱাটোও ক’ম কথানে! তেওঁ ভুল কৰকেই বা নকৰক, মুঠতে নন্দ ঘোষৰহে দোষ। সৰুৰ পৰা বুঢ়ালৈকে সকলোৰে কেৱল নন্দৰ ওপৰতহে চকু। দোষ জাপি দিবলৈও আমি “ব্ৰেণ্ড নেম” এটা বাচি ল’লোঁৱেই তাৰমানে । কাকো নাপালে নন্দ আছেই নহয়। 

  এবাৰ বৰাকৰ ফালে আমি থাকোঁতে ঘোষ উপাধিৰ এজন ব্যৱসায়ীয়ে এখেতক লগ পাই অভিযোগ দিলে যে তেওঁৰ একমাত্ৰ পুত্ৰই বাপেকৰ ব্যৱসায়ত মুঠেই মন নিদিয়ে। বহুত টকা পানীত পেলালে হেনো। ঘোষে ক’লে, 

‘‘ছাৰ, আমাৰ পোৱাটাই, আমাকে বৰবাদ কৰিয়া ফালাইচেন। দয়া কৰে আপনি তাৰে একটু বুঝাইবেন ছাৰ।” বুলি কৈ অলপ দূৰত থকা ল’ৰাটোক চিঞৰি মাতিলে, 

‘‘ওই নন্দ আছ্ না কেন? ছাৰে একটুকু কটা কৈবো তৰ চঙ্গে’’

 ঘোষে পুনৰ নিজে কৈ উঠিল 

‘‘এতো দোচ কৰছে, এখন আইছে না’’ দূৰৈৰ পৰাই ল’ৰাজন শান্ত-শিষ্ট যেনেই লাগিল। অৱশ্যে “নন্দ ঘোষ”ৰ দোষ নহৈনো কাৰ হ’ব? 

   কেইমাহমান আগতে ফাৰ্মাচী এখনলৈ গৈছিলোঁ। দৰৱৰ নাম কেইটা ক’বলৈ খুজি অলপ ৰৈ গ’লো। কিছু দূৰৈত ৰাস্তাৰ সিফালে ৰৈ থকা মানুহ এজন। অলপ চিনাকি যেন লগা মানুহজনলৈ চাই সৌজন্যৰ হাঁহি এটা মাৰিলোঁ। মানুহজনে মোলৈ চোৱাৰ দৰে কৰিলে যদিও মোৰ হাঁহিৰ প্ৰতিউত্তৰ নিদিয়া বাবে ভিতৰি খঙো উঠিল। সেই আনক দোষ দিয়া স্বভাবটো ঘপহকৈ জাগি উঠিলেই নহয়। মনতে উমি উমি ভাবি থাকিলোঁ মানুহজনে সৌজন্য বুলিও একো কথাই নাজানে। অলপ পিছত মোক আচৰিত কৰি মানুহজনে ওচৰলৈ আহিল। ক’লে, ‘‘নমস্কাৰ বাইদেউ। মোৰ নাম নন্দ ঘোষ। আপুনি অথনি মোলৈ চাই হাঁহিলে, মইহে ভলদৰে সঁহাৰি দিয়া নহ’ল। ৰাস্তাটো পাৰ হ’বলৈ ৰৈ আছিলোঁ। ভাবিলোঁ, আপোনাক মাতষাৰ ওচৰৰ পৰাই লগাই যাওঁ।” 

আৰে এয়া কি কথা! নন্দ ঘোষৰো কথাত ইমান বিনয়ী ভাব যে! তেখেতে মোক ওচৰলৈ আহি নামাতিলে কিজানি তেওঁৰ ওপৰত উঠা মোৰ খঙটোৱে ন্যায় পালেহেঁতেন। তাতে নামটোও…. । এইজনা নন্দ ঘোষক এতিয়া চাওকচোন! মানুহজনক একো নাজানি দোষবোৰ জাপি দিছিলোঁ। কিন্তু তেখেতৰ ব্যৱহাৰে জোকৰ মুখত চুণ পৰা বুলি যে কয়, মোৰো তেনেকুৱাই কৰিলে। নাই, নাই! নন্দ ঘোষক দোষ দিয়াৰ পৰা মই অন্ততঃ দূৰত থাকিম। লাগিলে অন্য নাম আছেই নহয়, ৰাম, হৰি, যদু, মধু ইত্যাদি ইত্যাদি। এওঁলোকক দোষ দিম। দোষ দিবলৈ কাকো নাপালে আপোনালোকৰে কাৰোবাক দোষ দিম । 

  অ আৰু এটা কথা। মানুহবোৰে “যত দোষ নন্দ ঘোষ” বুলি কোৱাতকৈ “যত দোষৰ ঘাই নীলাক্ষি বাই” বুলিওতো ক’ব পাৰিলেহেঁতেন। কিয় নক’লে বাৰু মানুহে, তাকেহে ভাবি আছোঁ। নন্দ ঘোষক মানুহে সৰল আৰু সহজ পাই পৃথিৱীৰ সমস্ত দোষ জাপি দিলে। অথচ অন্য কাৰোবাক নোৱাৰিলে। বচ্ ইমানেই। মানুহ বেছি সহজ হ’লে আনে সুবিধা ল’বলৈ সাজু হৈ থাকে নেকি! 

  মই হ’লে নন্দ ঘোষক আৰু দোষ নিদিওঁ বুলি ভাবিছোঁ। ভুলতে দোষ দিয়াটো বেলেগ কথা অৱশ্যে।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!