বিশিষ্ট বিজ্ঞানী ড৹ মানবেন্দ্ৰ চহৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ
লেখক- জিন্না বৰদলৈ
“সাহিত্য ডট্ অৰ্গ’ৰ এই মাহৰ সংখ্যাৰ বাবে সাক্ষাৎ কৰা হৈছিল বিশিষ্ট বিজ্ঞানী ড৹ মানবেন্দ্ৰ চহৰীয়াক। Indian National Geospatial Award for Excellence ৰ বাবে মনোনীত ড৹ চহৰীয়াৰ ‘সাহিত্য ডট অৰ্গৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী জীন্না বৰদলৈ আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী চিত্তৰঞ্জন ওজা আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ড৹ দীপজ্যোতি বৰাই।
সাহিত্য ডট্ অৰ্গ: প্ৰথমেই আপোনাক National Geospatial Award ৰ বাবে অভিনন্দন জনালোঁ। বৰ্তমানৰ প্ৰেক্ষাপটত সকলোৱে ড৹ মানবেন্দ্ৰ চহৰীয়াক এজন প্ৰসিদ্ধ বিজ্ঞানী হিচাপে চিনি পায়। আপোনাৰ প্ৰাৰম্ভিক শিক্ষাজীৱনৰ বিষয়ে অলপ কওক।
ড৹ মানবেন্দ্ৰ চহৰীয়া: মই গুৱাহাটীৰ চেইণ্ট ষ্টিফেন স্কুলত দশম শ্ৰেণীলৈ পঢ়িছিলোঁ। তাৰ পাছত উচ্চ মাধ্যমিক কটন কলেজত পঢ়ি NIT শিলচৰত চিভিল ইঞ্জিনিয়াৰিঙ বিভাগত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিলোঁ। বি টেক কৰি থাকোঁতেই মই মাষ্টাৰ্চৰ বাবে এটা জলপানি পাইছিলোঁ। তেনেকৈয়ে মই ‘ইউনিভাৰ্চিটী অৱ টেক্সাছ এট আৰ্লিংটন’ত ‘ৱাটাৰ ৰিচ’ৰ্ছেছ ইঞ্জিনিয়াৰিঙ’ত মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িলোঁ। ‘মাষ্টাৰছ’ কৰি থকাৰ সময়তে মই অ’ক্লাহামা বিশ্ববিদ্যালয়ত ‘পি এইচ ডি’ গৱেষণাৰ বাবে সুবিধা এটা পালোঁ। তাতে ‘নেশ্যনেল ৱেডাৰ চাৰ্ভিছ’ৰ ‘নেশ্যনেল ৱেডাৰ চেণ্টাৰ’ এটা আছে। মই তাতে বানপানীৰ ওপৰত ‘পি এইছ ডি’ৰ গৱেষণা সম্পূৰ্ণ কৰিলোঁ। তাৰে অভিজ্ঞতাৰ ভিত্তিত মই ‘নেশ্যনেল চেণ্টাৰ ফ’ৰ এটম’চফ’ৰিক ৰিচাৰ্ছ’ত ‘পষ্ট ডক্টৰেল’ গৱেষণা কৰিলোঁ। ‘নেশ্যনেল চেণ্টাৰ ফ’ৰ এটম’চফ’ৰিক ৰিচাৰ্ছ’ জলবায়ু পৰিৱৰ্তন আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত এটি সন্মানীয় অনুষ্ঠান। তাৰ পিছতহে মই ‘NASA Goddard Space flight Centre’ ত গৱেষক হিচাপে যোগদান কৰোঁ। তাৰ পাছত যোৱা পাঁচ বছৰে মই ‘আই আই টি’ দিল্লীৰ অধ্যাপক হিচাপে গৱেষণা কৰি আছোঁ।
সাহিত্য ডট্ অৰ্গ: সাধাৰণতে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰাৰ পিছত বেছিভাগ শিক্ষাৰ্থীয়েই চাকৰি কৰিব বিচাৰে। আপুনি সিংহভাগ ছাত্ৰ-ছাত্ৰীৰ দৰে নগৈ ফালৰি কাটি গৱেষণাৰ সিদ্ধান্ত ল’লে। এই গৱেষণাৰ সিদ্ধান্তত আপোনাক কোনে অনুপ্ৰাণিত কৰিছিল?
ড৹ মানবেন্দ্ৰ চহৰীয়া: ইঞ্জিনিয়াৰিঙৰ দ্বিতীয় বছৰৰ পাছত মই আই আই টি গুৱাহাটীত এটা ‘ইনটাৰ্ণশ্বিপ’ কৰিছিলোঁ প্ৰফেচৰ ৰাজীৱ ভট্টাচাৰ্য্যৰ তত্ত্বাৱধানাত। তেখেত এতিয়া বিভাগৰ মুৰব্বী অধ্যাপক। গৰম বন্ধৰ দুমাহৰ ‘ইনটাৰ্ণশ্বিপ’ কৰোঁতে ছাৰে মোক সৰু সৰু কাম কেইটামান কৰিব দিছিল। সেয়াই গৱেষণাৰ জগতত মোৰ প্ৰথম খোজ। তাৰ আগলৈ মোৰ গৱেষণা সন্দৰ্ভত বিশেষ ধাৰণা নাছিল। মোৰ পৰিয়ালতো গৱেষণা কৰা কোনো মানুহ নাছিল।
ৰাজীৱ ভট্টাচাৰ্য্য ছাৰ প্ৰসিদ্ধ বিজ্ঞানী, তেখেতক বহুত মানুহে চিনি পাইছিল বা তেখেতেও বহুত মানুহক চিনি পাইছিল। ছাৰেই ক’লে যে যদি মোৰ ভাল গ্ৰেড থাকে, গৱেষণা পত্ৰ থাকে তেন্তে মই গৱেষণা কৰিবৰ বাবে জলপানি পাব পাৰোঁ। তাৰ আগলৈকৈ মই ইঞ্জিনিয়াৰিঙৰ পিছত এম বি এ কৰিম বুলি ভাবি থৈছিলোঁ।
মোৰ ইঞ্জিনিয়াৰিঙৰ বিষয়বস্তুৰ ওপৰত ভাল দখল আছিল। সেয়ে ছাৰে গৱেষণাৰ কৰিব পাৰা বুলি ক’লে। কিন্তু মই গৱেষণাৰ কথা কেতিয়াও ভবাও নাছিলোঁ বা গৱেষণাৰ বাবে ভাৰতৰ বাহিৰলৈ পঠিয়াবলৈ মোৰ পৰিয়ালৰ বাবেও কঠিন কৰ্ম হিচাপেই ভবা হৈছিল। তেতিয়া ছাৰে ক’লে যে অলপমান বেছি চেষ্টা কৰিলে মই মাষ্টাৰ্ছৰ বাবে জলপানি পাব পাৰোঁ। ছাৰৰ কথা শুনি তেতিয়া মই প্ৰায় এশমান মানুহক যোগাযোগ কৰিলোঁ। আমেৰিকা, ইউৰোপ, জাপান। কোৰিয়া আদি উন্নত দেশসমূহৰ বিজ্ঞানীসমূহৰ তালিকা বনাই লৈ সকলোলৈ ই-মেইল লিখিলোঁ যে তেওঁলোকৰ লগত গৱেষণা কৰিবলৈ মই আগ্ৰহী। মোৰ কপাল ভাল আছিল, তেনে সময়তেই মোৰ প্ৰথমখন গৱেষণাপত্ৰ প্ৰকাশ পাইছিল। একে সময়তে মই আই আই টি ৰুৰকীত প্ৰফেচৰ শাৰদ কুমাৰ জৈনৰ তত্ত্বাৱধানত মোৰ দ্বিতীয়টো ইনটাৰ্ণশ্বিপ কৰি আছিলোঁ। এওঁলোক দুজনেই অৰ্থাৎ অধ্যাপক ৰাজীৱ ভট্টাচাৰ্য আৰু শাৰদ কুমাৰ জৈনে মোক বিশ্বাস জন্মাই দিলে যে মই গৱেষণা কৰিব পাৰিম। তেনেকৈয়ে সপ্তম ষান্মাষিকৰ সময়ত মই দুই নে তিনি ঠাইত জলপানিসহ মাষ্টাৰ্ছৰ বাবে সুবিধা পালোঁ।
সাহিত্য ডট্ অৰ্গ: যিখিনো শুনিলোঁ, আপোনাক গৱেষণাৰ বাবে উৎসাহিত কৰাত অধ্যাপক ৰাজীৱ ভট্টাচাৰ্য আৰু অধ্যাপক শাৰদ কুমাৰ জৈন ছাৰৰ আৱদান অনেক। আপুনি এনেধৰণৰ নিদেৰ্শকৰ সন্দৰ্ভত কি মত পোষণ কৰে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: নিশ্চয়কৈ এজন নিদেৰ্শকৰ অৱদান বহুত। কিন্তু অসমত এনেকৈ নিদেৰ্শক পোৱা টান। যদিহে আপুনি হায়দৰাবাদ বা দিল্লীৰ দৰে চহৰত জন্ম লৈছে, আপোনাৰ পৰিয়ালৰ চিনাকি মানুহ বহুত আছে, তেন্তে আপুনি নিদেৰ্শক পাব। কিন্তু আমাৰ ক্ষেত্ৰখনৰ পৰিধি ইমান সীমিত যে তাত অতি বেছি তিনি চাৰিজন মানুহহে কাম কৰি আছে। আৰু তেওঁলোকনো কোন আপুনি চিনিও নাপায়। মোৰ ঘৰ গুৱাহাটীত হোৱা বাবে মই আই আই টি গুৱাহাটীলৈ গৈ কথা পাতিব পাৰিলোঁ। কিন্তু যদি অসমত আই আই টি খনেই নাথাকিলেহেঁতেন বা মোৰ ঘৰ বেলেগত হ’লহেঁতেন, মই এইটো সুবিধা নাপালোঁহেঁতেন।
সাহিত্য ডট্ অৰ্গ: আপোনাৰ গৱেষণা কৰাৰ সিদ্ধান্ত ঘৰৰ মানুহে কেনেধৰণে ল’লে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: ঘৰৰ মানুহৰ মোৰ সিদ্ধান্তৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছিল। মই যেতিয়া এম বি এ কৰিম বুলি কৈছিলোঁ, তেতিয়াও তেওঁলোক সমৰ্থন কৰিছিল, গৱেষণা কৰিম বুলি কওঁতেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। তেওঁলোকে এটাই কথা বিচাৰিছিল যে মই যিয়েই সিদ্ধান্ত লওঁ, যাতে ভাবি চিন্তি লওঁ।
সাহিত্য ডট্ অৰ্গ: আপুনি পি এইচ ডি অ’ক্লাহামা বিশ্ববিদ্যালয়ত কৰিছিল। এতিয়া আপোনাৰ তত্ত্বাৱধনাত আই আই টি দিল্লীত ছাত্ৰই গৱেষণা কৰি আছে। আপোনাৰ এইক্ষেত্ৰত অভিজ্ঞতা কেনেধৰণৰ?
ড৹ মানবেন্দ্ৰ চহৰীয়া: তেনেকৈ তুলনা কৰাতো সহজ নহয় কাৰণ বহুত কেইটা দিশে ইয়াত প্ৰভাৱ পেলায়। তথাপি বৈশিষ্ট্যমূলকভাৱে ক’বলৈ হ’লে মই যিমানখিনি দেখিলোঁ আমেৰিকাৰ গৱেষক ছাত্ৰসকল ব্যক্তিগতভাৱে উদ্যমী, আৰু ফলাফলকেন্দ্ৰিক। কিন্তু ভাৰতৰ ছাত্ৰসকলে সৰু কিবা এটা সলনি কৰিয়েই গৱেষণা সামৰিব বিচাৰে। এই ধৰক আগৰপৰা কিবা এটা কাম হৈ আছে, তাতে অলপমান কিবা এটা কৰিলে, আগৰ গৱেষক ছাত্ৰজনে কিবা এটা কৰিলে, সেই কামটোতে অলপমান আগবঢ়ায়েই পিছৰ ছাত্ৰজনে ডিগ্ৰী লাভ কৰিলে। এনেধৰণৰ গৱেষণাই বিশেষ একো অৱদান আগবঢ়াব নোৱাৰে।
দ্বিতীয়তে ভাৰতবৰ্ষত ‘কোৰ্ছ ৱৰ্ক’ৰ ওপৰত ইয়াত অত্যধিক গুৰুত্ব দিয়া যায়। মোৰ পি এইচ ডিৰ সময়ত মই যি কেইটা কোৰ্ছে মোৰ গৱেষণাত সহায় কৰিব সেইকেইটাহে লৈছিলোঁ। কিন্তু ইয়াত ‘কোৰ্ছ ৱৰ্ক’তেই প্ৰায় দুবছৰমান গুছি যায়। আই আই টি বিলাকত অলপ ইফাল সিফাল হ’লেও বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত দুবছৰ সময় ‘কোৰ্ছ ৱৰ্ক’তেই যায়। দুবছৰ যদি কোৰ্ছেই কৰে, তেন্তে ছাত্ৰই গৱেষণা কৰিব কেতিয়া? সেয়েহে মই ভাবো পি এইছ ডিৰ সময়সীমা কমাই কমাই দিয়াতো খুবেই প্ৰয়োজনীয়। এটা পি এইচ ডি ডিগ্ৰীৰ বাবে তিনি চাৰি বছৰতকৈ বেছি সময় লাগিব নালাগে।
এইখিনিতে এটা কথা হয়, পি এইচ ডি ডিগ্ৰীটোক পেছাগতভাৱে বা চাকৰি হিচাপে লোৱাতো খুব জৰুৰী। কিয়নো তেওঁলোকে গৱেষণাৰ বাবে ভাল জলপানিয়েই পায়। কেৱল ছাত্ৰ বুলিয়েই নহয়, অধ্যাপকসকলেও ইয়াক চাকৰি হিচাপে গণ্য কৰিব লাগে। চাকৰিত যিদৰে ন বজাৰপৰা পাঁচ বজালৈ অফিচত উপস্থিত থাকে, গৱেষণাতো একে হ’ব লাগে। বহুবাৰ দেখিছোঁ, ৰাতি বাৰ এক বজালৈ গৱেষক- ছাত্ৰ গৱেষণাগাৰত বহি আছে, একো কাম কৰি থকা নাই, কিন্তু বহি আছে। মোৰ মতে গৱেষক ছাত্ৰ সময়মতে আহিব লাগে আৰু নিজৰ কাম কৰি সময়মতে গুছি যাব লাগে। গৱেষণাৰ বাদেও বেলেগ এটা জীৱন আছে, সন্ধিয়াৰ সময়খিনি তাত দিয়ক।
মোৰ গৱেষণাগাৰত দহজন ছাত্ৰ আছে। তেওঁলোকক মই প্ৰথমদিনাই কৈ দিছোঁ যে মই সন্ধিয়া আঠ বজাতো তেওঁলোকক গৱেষণাগাৰত দেখা পাব নিবিচাৰোঁ। চমুৱাই কবলৈ হ’লে, পিএইছডি ডিগ্ৰীত কোৰ্ছ ৱৰ্ক সীমিত কৰা, কম সময়ৰ ভিতৰত গুৰুত্বপূৰ্ণ কাম কৰা, আৰু পেছাগত মানসিকতা গঢ়ি তোলা অতি জৰুৰী।
সাহিত্য ডট্ অৰ্গ: আপোনাৰ নাছাৰ স্পেচ ফ্লাইট চেণ্টাৰত হোৱা অভিজ্ঞতাৰ বিষয়ে কওকচোন? তাত আপোনাৰ অভিজ্ঞতা কেনেকুৱা, কেনেধৰণৰ অৰ্হতা থাকিলে তাত আবেদন কৰিব পাৰি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: নাছাৰ কেইবাটাও চেণ্টাৰ আছে। মই কাম কৰিছিলোঁ NASA Goddard Space Centre ত। সেইটো নাছাৰ আটাইতকৈ ডাঙৰ চেণ্টাৰ। মই কাম কৰিছিলোঁ Earth Science বিভাগত। এইটো বিভাগত পৃথিৱীৰ উপৰিভাগ লক্ষ্য কৰি থকা উপগ্ৰহবিলাকে যিবোৰ তথ্য সংগ্ৰহ কৰে, সেই তথ্যবোৰৰ ব্যৱহাৰ আৰু উপগ্ৰহ নিক্ষেপণ আদি কাম কৰে। এই বিভাগটোৰ ভিতৰতে Hydrology বুলি এটা বিভাগ আছে। মই সেই বিভাগটোত কাম কৰিছিলোঁ।
এনেকুৱা ধৰণৰ বিভাগত দুই ধৰণৰ নিযুক্তি হয়। প্ৰথম হ’ল স্থায়ী কৰ্মচাৰী, তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক। দ্বিতীয় ধৰণৰ নিযুক্তিত বিদেশী নাগৰিককো সামৰি লয়। মই এই দ্বিতীয় ধৰণৰ নিযুক্তি পাইছিলোঁ। এই নিযুক্তিৰ বাবে অতি কমেও পি এইছ ডি ডিগ্ৰী সম্পূৰ্ণ হোৱা প্ৰয়োজন। ইয়াত দুই ধৰণে নিযুক্তি দিয়া হয়। যেতিয়াই গৱেষকৰ পদ খালী হয়, তেওঁলোকে বিজ্ঞাপন দিয়ে। সেই বিজ্ঞাপন অনুসৰি আবেদন কৰিব লাগে। তাৰপিছত পৰীক্ষা হয়, ইণ্টাৰভিউ হয়। মোৰ নিযুক্তি অলপ বেলেগ ধৰণে হৈছিল। কনফাৰেন্স এখনত মোৰ গৱেষণা পাঠ কৰি থাকোঁতে নাছাৰ বিজ্ঞানী কেইজনমানো উপস্থিত আছিল। মই যিধৰণৰ কাম কৰিছিলোঁ, তেওঁলোকে তেনেধৰণৰ কামৰ বাবেই বিজ্ঞানী এজন বিচাৰি আছিল। ময়ো আগ্ৰহী আছিলোঁ। তেওঁলোকে মোক নিযুক্তি পত্ৰ দিলে। পিছে সেই সময়ত মই কৰি থকা কামটো এৰিবলৈ তিনিমাহ সময় লাগিছিল। সেয়ে তিনিমাহৰ পিছতহে মই নাছাত যোগদান কৰোঁ।
সাধাৰণতে নিযুক্তি বিজ্ঞাপনৰ জৰিয়তে হয়। কিন্তু কিছুমান পদত, যিবিলাকত কেৱল এজন চিভিল ইঞ্জিনীয়াৰ হ’লেই নহয়, কিছুমান বিশেষ দক্ষতা থকা গৱেষকৰ প্ৰয়োজন হয়। তেতিয়া তেওঁলোকে বিজ্ঞাপনৰ বাদেও কনফাৰেন্স আদিত তেনেধৰণৰ দক্ষতা থকা গৱেষক বিচাৰি লয়।
নাছাত মই বহুত কথা দেখিলো বা শিকিলোঁ। কিন্তু এটা কথা বিশেষকৈ লক্ষ্য কৰিছিলোঁ যে নাছাত সৰ্বজনীন চিন্তাধাৰাক উৎসাহিত কৰা হয়। তেওঁলোকে যিয়েই কাম কৰক, তেওঁলোকে সীমিত কৰি নাৰাখে। ধৰি লওক, তেওঁলোকে এখন সৰু চহৰৰ এটা সৰু সমস্যাৰ ওপৰত কাম কৰি আছে। কিন্তু তেওঁলোকে ফলাফল যাতে পৃথিৱীৰ আটাইবোৰ চহৰতে ব্যৱহৃত হ’ব পাৰে তাৰ ওপৰত গুৰুত্ব দিব।
যদি ভাৰতত ইচৰোই কিবা এটা কাম কৰে, সেইটো সম্পূৰ্ণ ভাৰতকেন্দ্ৰিক। ইচৰোই নাভাবে এইটো ইউৰোপত কেনেদৰে ব্যৱহৃত হ’ব। সেইটো স্বাভাৱিক, এখন উন্নত আৰু এখন উন্নয়নশীল দেশৰ কাম কৰাৰ ধৰণত পাৰ্থক্য থাকিবই।
সাহিত্য ডট্ অৰ্গ: এই পাৰ্থক্যটোৰ কাৰণ ‘ফাণ্ডিঙ’ হ’ব পাৰে নেকি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: কেৱল ‘ফাণ্ডিঙ’ নহয়। মই পঞ্চাশ শতাংশ ফাণ্ডিঙ বুলি কম, পঞ্চাশ শতাংশ মানসিকতা বুলি কম। আমাৰ ভাৰতৰ ফাণ্ডিঙ বহুত কম। জিডিপিৰ এক শতাংশমানহে গৱেষণাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কিন্তু আনুষ্ঠানিক মানসিকতায়ো ইয়াত প্ৰভাৱ পেলায়। মই এজন গৱেষক হিচাপে যদি সৰ্বজনীনভাৱে চিন্তা কৰিছোঁ, কিন্তু মোৰ অনুষ্ঠানে যদি সেইটোক উৎসাহিত নকৰে, তেন্তে সেই চিন্তাধাৰা বেছিদিন টিকি নাথাকে। গতিকে এনেধৰণৰ চিন্তাক ওপৰৰপৰা উৎসাহিত কৰিব লাগিব। কোনোবাই যদি তেনেকুৱা কাম কৰি আছে, তেওঁক উৎসাহিত কৰিবলৈ বঁটা দিয়া, আন বেলেগ ধৰণে স্বীকৃতি দিয়া আদি কৰিব লাগিব।
সকলো অনুষ্ঠানৰেই কৰ্ম-সংস্কৃতি বেলেগ বেলগে হয়। ইচৰ’ৰ যি কম খৰচতে বহুত কাম কৰাৰ মানসিকতা, সেইটো ভাৰতৰ আন প্ৰতিষ্ঠানসমূহত নাই। সেয়ে মানসিকতা বা কৰ্ম-সংস্কৃতি এদিনতে সলনি হোৱা কথা নহয়। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন, মানুহৰ প্ৰয়োজন, অভিজ্ঞতাৰ প্ৰয়োজন।
সাহিত্য ডট্ অৰ্গ: সাধাৰণ মানুহ হিচাপে আমি লক্ষ্য কৰিছোঁ, বৰষুণৰ ধাৰাটো সলনি হৈছে। আগতে যিদৰে বৰদৈচিলা অহা, বৰদৈচিলা যোৱা, বা ভাদমহীয়া বৰষুণৰ বিষয়ে অলপ নিশ্চয়তা থাকিছিল, এতিয়া সেইটো সলনি হৈছে। আপোনাৰ মতে সঁচাই সলনি হৈছে নে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: ইয়াত দুটা কথা আছে। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বৰষুণ কমি গৈছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বানপানী কমি গৈছে। এটা কথা সঁচা যে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ বৰষুণৰ মাত্ৰা কমি গৈছে। কিন্তু সঘনে হোৱা বৰষুণ আৰু বৰষুণৰ প্ৰাবল্যতা বাঢ়ি গৈছে। ধৰি লওক, আপোনাৰ হাতত এহেজাৰ মিলিলিটাৰ পানী আছে। আপুনি যদি প্ৰতি ঘণ্টাত এশ মিলিলিটাৰকৈ খায়, তেন্তে দহ ঘণ্টা খাব পাৰিব। কিন্তু যদি আপুনি প্ৰথম চাৰি ঘণ্টাত একো নাখালে, তাৰপিছত চাৰিশ মিলিলিটাৰ খালে, তাৰপিচত তিনি ঘণ্টাত একো নাখায় আকৌ পাঁচশ মিলিলিটাৰ পানী খালে। এই কথাটোৱেই বৰ্তমানে হৈ আছে। যদিও মুঠ বৰষুণৰ মাত্ৰা প্ৰায় একেই আছে, কিন্তু মাহ বা ঋতু অনুসৰি বৰষুণ যিদৰে গোটেই বছৰ ধৰি হৈআছিল, সেইটো সলনি হৈছে। যদি কেইবামাহো খৰাং বতৰ হৈ আছে, হঠাতে প্ৰবল বৰষুণ আহি বানপানী হৈছে। তাৰ পিছতেই আকৌ বতৰ খৰাঙ হৈছে। যদিওবা বৰষুণৰ মাত্ৰা একেই আছে, এই ধাৰাটো সলনি হৈছে। এয়া জলবায়ু পৰিৱৰ্তনৰ ফল। একেসময়তে জলবায়ু পৰিৱৰ্তনেই একমাত্ৰ কাৰণ নহয়, আমাৰ চহৰৰ আন্তঃগাঁথনিসমূহ অতি নিম্নখাপৰ। এই নিম্নখাপৰ আন্তঃগাঁথনিৰ বাবে সাধাৰণ বৰষুণতে চহৰবোৰত বানপানী হয়। চহৰবোৰৰ নলা-নৰ্দমাবোৰৰ বহন ক্ষমতা অতি কম, বহনক্ষমতা থাকিলেও সুপৰিকল্পিত নহয়। মানুহবোৰে যে কয়, আজিকালি মোৰ ঘৰ সদায়ে বানপানীৰ তলতেই থাকে, ইয়াত জলবায়ু পৰিৱৰ্তন এটা কাৰণহে। এইটো মূলতঃ আন্তঃগাঁথনিৰ সমস্যা, পৌৰ নিগমৰ হেমাহি।
সাহিত্য ডট্ অৰ্গ: তেন্তে ইয়াৰ কিবা প্ৰতিকাৰ আছে নে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: নিশ্চয়কৈ আছে। ভাৰততকৈ বেছি বৰষুণ হোৱা চহৰ সম্পূৰ্ণ সুন্দৰকৈ চলি আছে। উদাহৰণ হিচাপে আপুনি জাপানক চাব পাৰে, টকিঅ’ চহৰক ল’ব পাৰে। জলবায়ুৰ পৰিৱৰ্তন হৈছে, বৰষুণ হৈছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চহৰ এখন সুন্দৰকৈ ডিজাইন কৰিব নোৱাৰি, বা নলা-নৰ্দমাৰ আন্তঃগাঁথনি সবল কৰি গঢ়ি বানপানীৰ পৰা সকাহ পাব নোৱাৰি। ইয়াৰ উপৰিও বহুত ধৰণৰ প্ৰতিকাৰ আছে। গুৱাহাটীৰ দৰে চহৰত বহুত কাম কৰিব পাৰি। এই বিল বা ডোংবোৰত পানী সঞ্চয় কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। আন্তঃগাঁথনি প্ৰতিকাৰ কৰিব বিচাৰিলে সৰু বান্ধ সাজিব পাৰে। টকিঅ’ আমাৰ দৰেই বৰষুণ বেছিকৈ হোৱা চহৰ। আপুনি যদি টকিঅ’ বা নেদাৰলেণ্ডৰ উদাহৰণ লয়, তাত বিভিন্ন ধৰণৰ কাম হৈ আছে। ফাণ্ডিঙ নিশ্চয়কৈ এটা দিশ, কিন্তু সিমান ফাণ্ডিঙ নোহোৱাকৈয়ো কেতবোৰ কাম কৰিব পাৰি।
সাহিত্য ডট্ অৰ্গ: এইখিনিতে মনলৈ আহিছে, অসম ভূমিকম্প প্ৰৱণ ঠাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিবা সমস্যাৰ উদ্ভৱ হ’ব পাৰে নে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: নিশ্চয়কৈ নহয়। ভূমিকম্প প্ৰবল অঞ্চলত ঘৰ বা আন বিল্ডিঙ গাঁথনিৰ বাবে Indian Standard Code নিৰ্ধাৰণ কৰি থোৱা আছে। কিছুমান বাধ্যতামূলক নিয়ম আছে। বহুত মানুহে নামানে, সেইটো এটা বেলেগ বিষয়। অসমত সাধাৰণতে সেইবোৰ নিয়ম মানি চলে। কিন্তু আমি ইমান ডাঙৰ ভূমিকম্প দেখা নাই, সেয়ে নিয়মবোৰ মানি চলা হৈছে নে নাই, নিয়মবোৰ কিমান ফলপ্ৰসূ সেয়া ক’ব নোৱাৰি।
সাহিত্য ডট্ অৰ্গ: আপুনি ৱাটাৰ ৰিচ’ৰ্চ মেনেজমেণ্টৰ ক্ষেত্ৰত ভালেখিনি গৱেষণা আছে। অসমৰ প্ৰেক্ষাপটত, ground water level দিনকদিনে তললৈ গৈ আছে বা খোৱাপানী সমস্যা হৈ থকা হৈছে। এই ক্ষেত্ৰত কি কৰা উচিত?
ড৹ মানবেন্দ্ৰ চহৰীয়া: মই জনাত গুৱাহাটীত কিছু কাৰ্যপন্থা হাতত লোৱা হৈছে। বিশেষকৈ গুৱাহাটীৰ কথা কওঁ, গুৱাহাটীৰ দৰে পৰ্যাপ্ত পানী ভাৰতৰ কম ঠাইতহে পোৱা যাব। গুৱাহাটীত পানীৰ অভাৱ নাই। কিন্তু ground water recharge ৰ ক্ষমতা অতি কম। এইক্ষেত্ৰত চৰকাৰতকৈ Central Ground Water Board হে বহুতখিনি কাম কৰিব পাৰে।
গুৱাহাটীৰ বেছিভাগ মানুহেই চাপ্লাই পানী নাপায়। পালেও পৰিষ্কাৰ পানী নাপায়। সেয়ে বেছিভাগ পানী বোৰিঙৰ জৰিয়তে উলিওৱা হয়। যেতিয়া ঘৰে ঘৰে চাপ্লাইৰ পানী আহিব, তেতিয়া পৰিকল্পিভাৱে বৰিং কৰাতো বন্ধ কৰি দিব লাগে। কিন্তু হঠাতে বন্ধ কৰি দিলে অসুবিধা হ’ব। তাৰসলনি প্ৰথমে চাপ্লাইৰ পানী যোগান ধৰি তাৰপিছত বন্ধ কৰি দিব লাগিব।
দ্বিতীয়তে, ঘৰে ঘৰে বৰষুণৰ পানী সঞ্চয়ৰ ব্যৱস্থাতো বাধ্যতামূলক কৰিব লাগিব। তদুপৰি যিবোৰ ঠাই চৰকাৰী, যেনে, পাৰ্ক, চৰকাৰী ভৱন আদিত বৰষুণৰ পানী সঞ্চয় কৰা বাধ্যতামূলক কৰিলে আৰু বয়িং কৰাতো লাহে লাহে কমাই আনিলে ground water level ৰ ভালেখিনি উন্নতি হ’ব।
সাহিত্য ডট্ অৰ্গ: আপুনি অসমতে ইঞ্জিনিয়াৰিঙৰ শিক্ষা সমাপ্ত কৰি গৈছে। আপুনিতো জানেই অসমত কেইবাখনো ইঞ্জিনিয়াৰিঙ কলেজ আছে, কিন্তু কলেজবিলাকৰ গৱেষণাগাৰৰ অৱস্থা একেবাৰে বেয়া। এইক্ষেত্ৰত আপোনাৰ মতামত কি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: নতুন কলেজ এখনত এটা গৱেষণাগাৰ খোলাতো এটা দীঘল প্ৰক্ৰিয়া। এইক্ষেত্ৰত ফাণ্ডিঙো এটা কাৰক। কিন্তু সমস্যা সদায়ে থাকিব। আমি পঢ়ি থকা সময়তো বাধা আছিল, এতিয়াও আছে। তাৰমাজতে ছাত্ৰসকলৰ কিবা এটা কৰাৰ মানসিকতা থাকিব লাগিব। মোৰ গৱেষণাগাৰতে দুজন অসমীয়া গৱেষক আছে, নিয়মিতভাৱে মই অসমীয়া ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতি থাকো। দক্ষতাৰ ক্ষেত্ৰত অসমীয়া ছাত্ৰ-ছাত্ৰী আন কোনো ছাত্ৰ-ছাত্ৰীৰ তুলনাত কোনো দিশৰপৰাই পিছপৰা নহয়।
নিজৰ কলেজত সকলো সুবিধা নাথাকিলেও আজিৰ তাৰিখত ইণ্টাৰনেটত সকলোবোৰ তথ্যই পোৱা যায়। ইউ টিউৱ, ইউদেমী বা আমাৰ আই আই টিবিলাকে যিটো NPTL course ৰ সুবিধা কৰিছে, তাৰ জৰিয়তে তেওঁলোকে যিকোনো ঠাইৰ পৰাই বিচৰা বিষয়টো শিকিব পাৰে। বাধা, অসুবিধা সদায় থাকিবই, তাৰমাজতে কেনেকৈ কাম কৰিব পাৰি, সেইটোত মনোযোগ দিয়াতো বেছি জৰুৰী।
মই আন এটা কথাহে লক্ষ্য কৰিছোঁ, অসমীয়া ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বহুত কম। জীৱনত কিবা এটা কৰিব, সেই উচ্চাকাংক্ষা আৰু আত্মবিশ্বাস বৰ কম। লগতে সদায় এটা পিছ হুঁহুকি থকাৰ মানসিকতা আছে।
সাহিত্য ডট্ অৰ্গ: আজিকালি সকলো ক্ষেত্ৰতে আট্ৰিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰসাৰ হৈছে। গৱেষণাতো AI ৰ বহুল ব্যৱহাৰ হৈছে, আপোনাৰ গৱেষণাতো নিশ্চয় হৈছে। গৱেষণাৰপৰা ফালৰি কাটি প্ৰশ্নটো সুধিছো, AI tool য়ে আমাৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিব বুলি আপুনি আশা বা আশংকা কৰে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: প্ৰথমে আশংকাটো কৈ লওঁ। আজিৰ তাৰিখত যিখিনি ছাত্ৰ-ছাত্ৰীয়ে ভাবিছে যে তেওঁলোকে Chat GPT ব্যৱহাৰ কৰি উত্তৰ লিখি আগবাঢ়ি যাব, তেওঁলোক আচলতে AI ৰ জৰিয়তে উপকৃত নহ’ব। বাস্তৱ কথাটো হ’ল যে তেওঁলোকে AI ৰ সঠিক ব্যৱহাৰ কৰিবই নোৱাৰিব।
মোৰ আশা হ’ল, AI য়ে দক্ষতা আৰু সঁজুলি সকলোৰে বাবে সহজলভ্য কৰি তুলিছে। আগতে AI নাথাকোঁতে যিটো কাম কৰিবলৈ আপোনাক এজন বিশেষজ্ঞৰ প্ৰয়োজন হৈছিল, এতিয়া আপুনি অকলেই সেইটো কাম প্ৰায় শুদ্ধকৈ কৰিব পাৰে। ধৰি লওক আপুনি এটা ল’গ’ ডিজাইন কৰিছে, আগতে আপুনি এজন ডিজাইনাৰৰ লগত বহিলে দহ হাজাৰ টকা ফীজ দিবলগীয়া হ’লহেতেন। এতিয়া আপুনি AI ৰ সহায়ত পলকতে পঞ্চাশটামান ডিজাইন বনাই লব পাৰে।
একেসময়তে যিখিনি মানুহে AI সজুঁলিৰ ব্যৱহাৰ শিকিছে, তেওঁলোকৰ দক্ষতা বাঢ়ি যাব। আগতে দহজন ইঞ্জিনীয়াৰে কৰিবপৰা কামখিনি এতিয়া এজনেই কৰিব। বা এজন ডিজাইনাৰেই দহজন ডিজাইনাৰৰ কাম কৰিব পাৰিব। যিখিনি মানুহে AI ব্যৱহাৰ কৰিবলৈ শিকিব, তেওঁলোকৰ দক্ষতা বাঢ়ি যাব, কিন্তু যিখিনি মানুহে AI জৰিয়তে কামৰপৰা হাত সাৰিবলৈ শিকিব, তেওঁলোক বেছিদিন নিটিকিব। বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত, IT বিভাগত আজিকালি নিযুক্তি কমি গৈছে। কিয়নো বিশেষ দক্ষতাৰ প্ৰয়োজন নোহোৱা কামখিনি স্বয়ংক্ৰিয়ভাৱে AI য়ে চম্ভালি লৈছে। যদিওবা ইঞ্জিনিয়াৰিঙৰপৰা আৰম্ভ হৈছে, ই বাকী সৃষ্টিশীল ক্ষেত্ৰলৈয়ো লাহে লাহে বিয়পি পৰিব।
সাহিত্য ডট্ অৰ্গ: STEM শিক্ষাত কেৱল ভাৰতেই নহয়, সমগ্ৰ পৃথিৱীতে ছোৱালীৰ অংশগ্ৰহণ কম দেখা যায়। আপোনাৰ মতে কেনেধৰণৰ পৰিকল্পনাই ছোৱালীক STEM education প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে।
ড৹ মানবেন্দ্ৰ চহৰীয়া: এইখিনিতে মই গৌৰৱ কৰিব পাৰো যে মোৰ গ্ৰুপত প্ৰায় চল্লিশ শতাংশ পি এইচ ডি গৱেষকেই মহিলা। আমেৰিকাত ইঞ্জিনিয়াৰিঙ পঢ়া ছোৱালী বহুত কম। কিন্তু ভাৰতৰ ছৱিখন উৎসাহজনক। আমাৰ বিভাগত প্ৰায় পঞ্চাশ শতাংশ গৱেষকেই ছোৱালী। কিন্তু আপুনি একেটা পৰিসংখ্যা অধ্যাপকৰ ক্ষেত্ৰত দেখা নাপায়। অধ্যাপনাৰ ক্ষেত্ৰত বাৰু এতিয়াও পুৰুষৰে সংখ্যা বেছি।
কিন্তু কথাবোৰ সলনি হৈছে। আজিকালি ছোৱালীয়ে গৱেষণা কৰিবলৈ ইচ্ছা কৰা হৈছে, মাক-দেউতাকেও আগবঢ়াই দিছে। গতিকে অধ্যাপকৰ পৰিসংখ্যাত মহিলাৰ সংখ্যা বাঢ়িবলৈ আৰু কেইবছৰমান সময় লাগিব।
আই আই টিৰ ক্ষেত্ৰত এটা কথা ভাল যে মুঠ আসনৰ ১৩% আসন ছোৱালীৰ বাবে সংৰক্ষিত। তেওঁলোকৰ এপ্লিকেছনৰপৰা আৰম্ভ কৰি টিউচন ফীজ আহি সকলোতে ৰেহাই পায়।
মোৰ বোধেৰে দুটা কথা আহে ইয়াত। প্ৰথম কথা প্ৰাথমিক পৰ্যায়ত কিমান ছোৱালীয়ে যোগদান কৰিছে। সেই আটাইখিনি ছোৱালীয়ে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছে নে? প্ৰথমতে প্ৰাথমিক বিদ্যালয়লৈ অহা আটাইখিনি ছোৱালীয়ে যাতে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে, সেইটো নিশ্চিত কৰাতো প্ৰয়োজন। তাৰ পিছত মাধ্যমিক পৰ্যায়ত বেলেগ বেলেগ পদক্ষেপ, যেনে সংৰক্ষণ বা অলপ বেছি পইণ্টছ দিয়া আদি কৰিব পাৰে। কিন্তু এইখিনি তেতিয়াহে সম্ভৱ হ’ব যেতিয়া প্ৰক্ৰিয়াটোত ছাত্ৰীৰ সংখ্যা বেছি হ’ব।
সাহিত্য ডট্ অৰ্গ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ দৈনন্দিন জীৱন সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰাৰ সময়ত সাহিত্য চৰ্চাৰ অৱদান বা প্ৰয়োজন কেনেধৰণৰ বুলি আপুনি ভাবে?
ড৹ মানবেন্দ্ৰ চহৰীয়া: মই এইটো প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ সঠিক মানুহ হয় নে নহয় নাজানো। কিন্তু মই ভাবো যে প্ৰযুক্তিবিদ্যাই সংস্কৃতিৰ সংৰক্ষণ কৰিব নোৱাৰে। প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আপুনি নতুন কথা শিকিব পাৰে, আপোনাৰ দৈনন্দিন জীৱন সৰল কৰিব পাৰে। কিন্তু সংস্কৃতিৰ সংৰক্ষণ কৰিব নোৱাৰে। আমি সকলোৱে এখন সমাজৰ অংশ হৈ থাকিব বিচাৰোঁ। এই সমাজক সংৰক্ষণ কৰি ৰাখে সাহিত্যই। সাহিত্য মানে কেৱল এখন কিতাপ প্ৰকাশ কৰাই নহয়। সাহিত্যই এখন সমাজৰ এটা সময়ৰ সামগ্ৰিক ছৱি এখন ধৰি ৰাখে। এজন ইঞ্জিনীয়াৰ হিচাপে কওঁ, আমি ইঞ্জিনিয়াৰিঙৰ জৰিয়তে যিবোৰ সঁজুলি আৱিষ্কাৰ কৰো সেইবোৰৰ গ্ৰহণযোগ্যতাও আমি সাহিত্যৰ জৰিয়তেহে জানিব পাৰোঁ। মানুহৰ মন বুজিবলৈ আমি সাহিত্য চৰ্চা কৰিব লাগিব।
সাহিত্য ডট্ অৰ্গ: আপুনি এটি প্ৰবন্ধ অসমীয়া ভাষাৰ সৰলীকৰণৰ ওপৰত এটা লিখিছিল। সৰলীকৰণৰ কথাটো শংকৰদেৱৰ দিনতো দেখা গৈছিল। এই বিষয়ত আপুনি কি ক’ব?
ড৹ মানবেন্দ্ৰ চহৰীয়া: লেখাটো বোধহয় বহুতদিনৰ আগতেই লিখা হৈছিল। মোৰ ভাৱধাৰাত এতিয়ালৈ বহুত সলনি হ’ল চাগৈ। গতিকে এই বিষয়তো ভাষাবিদ সকললৈয়ে এৰি দিয়া হয়তো ভাল হ’ব। তথাপি মোৰ অনুভৱ হয়, আমি এতিয়াও অসমীয়াত ‘স’ ৰ বাবে S লিখিম নে X লিখিম সেইটো ঠিক কৰা হোৱা নাই। ‘সাহিত্য ডট্ অৰ্গ’ একমাত্ৰ অনুষ্ঠান যি X ৰ ব্যৱহাৰ কৰাত গুৰুত্ব দি আহিছে। কোনোবাই কোনোবাই বোধহয় কিতাপত সেইকথা লিখিছে। আগৰ কথা বেলেগ আছিল। এই বিশ্বায়নৰ যুগত যদি আমি আমাৰ ধ্বনিসমূহ দাঙি নধৰোঁ, তেন্তে যিবোৰ বেছি প্ৰসাৰ পোৱা ধ্বনি আছে, সেইবোৰেই আমাৰ ধ্বনিসমূহ গ্ৰাস কৰি পেলাব। ‘সাহিত্য ডট্ অৰ্গ’ই এইক্ষেত্ৰত সদায়ে নিজা মত ধৰি ৰাখিছে। সেইকাৰণে ‘সাহিত্য ডট্ অৰ্গ’ শ্ৰদ্ধাৰ পাত্ৰ।
সাহিত্য ডট্ অৰ্গ: আপুনি অসমতে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি ইমান আগুৱাই গৈছে। আপোনাৰ মতে, অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ কি কৰিব পাৰি? চৰকাৰৰ কিবা কৰণীয় আছে নেকি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: মোৰ বোধেৰে বিদ্যলয়ৰ গণিত বা বিজ্ঞানৰ শিক্ষকসকলক এক উচ্চ খাপৰ প্ৰশিক্ষণ দিয়া বহুত জৰুৰী। সাধাৰণতে আমি দেখো যেতিয়া এজন ছাত্ৰই ভাল ৰিজাল্ট কৰে, তেওঁক পুৰস্কাৰ দিয়া হয় বা সেই স্কুলখনক কিবা এটা গ্ৰাণ্ট দিয়া হয়। শিক্ষকজন সম্মুখলৈ নাহে। শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত দেখা যায় পৰম্পৰাগতভাৱে যিখিনি বি এড জাতীয় প্ৰশিক্ষণ আছে কেৱল সেইখিনিয়েই দিয়া হয়। কিন্তু মই ভাবো স্কুল পৰ্যায়ৰ যিখিনি বিজ্ঞান বা গণিতৰ শিক্ষক আছে, তেওঁলোকক এক বিশেষ প্ৰশিক্ষণ দিব পাৰি। ভাৰত বা ভাৰতৰ বাহিৰৰ বিশেষজ্ঞসকলক মাতি এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰি। এতিয়াওতো তেওঁলোকে পঢ়ায়েই আছে, কিন্তু তেওঁলোকে জনা উচিত কি ধৰণে ছাত্ৰ-ছাত্ৰীৰ উৎসুকতাক উৎসাহ যোগাব পাৰি বা একে বিজ্ঞানকেই নিউয়ৰ্কত বা বিশ্বৰ আগশাৰীৰ স্কুল কলেজত কেনেদৰে পঢ়োৱা হয়। এনেধৰণৰ পদক্ষেপ প্ৰযুক্তিবিদ্যাৰ সহায়ত অতি সহজে লব পাৰি।
মই ভাবো, যিমানেই ভাল বিদ্যালয়গৃহ নাসাজে কিয়, যিমানেই ভাল কাপোৰ নিপিন্ধাই কিয়, যদিহে শিক্ষকে মনোগ্ৰাহীকৈ নপঢ়ায়, নব্বৈ শতাংশ ছাত্ৰই আগ্ৰহ হেৰুৱাব পাৰে। বাকী দহ শতাংশৰ ঘৰুৱা পৰিৱেশ বা টিউচন ছাৰৰ সহায়ত আগ্ৰহ থাকি যায়।
সাহিত্য ডট্ অৰ্গ: কিন্তু এই প্ৰশিক্ষণৰ বাবে য’ত ইণ্টাৰনেটৰ সুবিধা নাই, সেই অঞ্চলত কি কৰিব পাৰি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: বিদ্যালয় গৃহ বা পৰ্যাপ্ত শিক্ষকৰ যোগান ধৰাতো চৰকাৰৰ দায়িত্ব। এই প্ৰশিক্ষণসমূহ ব্যক্তিগতভাৱে নিদি অঞ্চলভিত্তিক গোট হিচাপে শিক্ষকসকলক দিব পাৰি। ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা প্ৰশিক্ষণ হৈ গৈছে। কিছুমান শিক্ষকৰ ধাউতি থাকে, তেওঁলোকে ব্যক্তিগতভাৱে নিজকে আগুৱাই লৈ যাব পাৰে। কিন্তু কিছুমানৰ নাথাকে। এই ধাউতি নথকা শিক্ষকসকলক কেনেদৰে আগুৱাই নিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। সেইকাৰণে সকলোৰে বাবে একেধৰণৰ প্ৰশিক্ষণ এটা থকাতো বহুত জৰুৰী।
আমাৰ শিক্ষকসকলক বিভিন্নধৰণৰ কামত খটোৱা দেখা যায়। তেওঁলোকে ইলেকশ্যন ডিউটিৰপৰা আৰম্ভ কৰি লোকপিয়ললৈ কাম কৰিব লাগে। মই ভাবো, শিক্ষকসকলক অবিদ্যায়তনিক কামৰপৰা আঁতৰাই আনি কেৱল ভালদৰে শিক্ষা দিয়া কামত নিয়োজিত কৰিব লাগে। ইয়াৰপৰা আমাৰ শিক্ষকসকলৰ মানদণ্ডও বিশ্বমানৰ হ’ব, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহো বৰ্তি থাকিব।
সাহিত্য ডট্ অৰ্গ: আমি লক্ষ্য কৰিছোঁ, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অন্ধবিশ্বাস এতিয়াও আছে। তেওঁলোকৰ মাজত বিজ্ঞানমনস্কতা কিদৰে গঢ়ি তুলিব পাৰি আৰু বিজ্ঞানক কিদৰে জনপ্ৰিয় কৰিব পাৰি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: বিজ্ঞানৰ জনপ্ৰিয়তা সৃষ্টি কৰাতো এটা সম্পূৰ্ণ গতিশীল বিষয়। আজি বিশবছৰমানৰ আগতে এই প্ৰশ্নটো সোধা হ’লে উত্তৰটো বিজ্ঞানমেলা অনুষ্ঠিত কৰা বা সেইজাতীয় কিবা এটা কৰাৰ কথা ক’লোহেঁতেন। কিন্তু আজিৰ দিনত আপুনি যদি যিকোনো এটা বিষয়ৰ বিষয়ে জানিব বিচাৰে, তেন্তে গুগুলত বিচাৰিলেই বিশ্বৰ খ্যাতনামা বিশেষজ্ঞ এজনে সেইখিনি কথা বুজাই তাৰ ওপৰত হোৱা গৱেষণাৰ বিষয়ে কোৱা দহ মিনিটৰ এটা ভিডিঅ’ পাব। কিন্তু কেইজন ছাত্ৰই সেই দহমিনিটৰ ভিডিঅ’টো খুলি চায়? মোৰ মতে বিজ্ঞান প্ৰচাৰ কৰাতো জৰুৰী, কিন্তু তাতকৈ বেছি জৰুৰী ল’ৰা-ছোৱালীৰ উৎসুকতাৰ বাবে কিবা এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰাত উৎসাহ জনোৱাতো। আজিকালি মানুহৰ মনোযোগ কমি আহিছে, আধাঘণ্টা সময়ৰ বাবেও তেওঁলোকে এটা বিষয়ৰ ওপৰত পঢ়িব নোৱাৰে। এই মনোযোগ দি দীঘলীয়া সময় অধ্যয়ন কৰা বা বিভিন্ন বিষয়ৰ ওপৰত উৎসুকতা বৰ্তাই ৰাখিব পৰাতো খুবেই জৰুৰী। প্ৰচুৰ অধ্যয়ন কৰিলেহে এইটো সম্ভৱ হ’ব। কেৱল বিদ্যালয়ৰ কিতাপখিনিৰ উপৰিও যদি তেওঁলোকে বাহিৰা কিতাপ পঢ়ে, বাহিৰৰ পৃথিৱীখনৰ কথা জানিব বিচাৰে, তাৰপৰাই বিজ্ঞানৰ প্ৰতি ধাউতি নিজে নিজে আহি যাব। যদি ল’ৰা-ছোৱালীৰ মনলৈ আহিছে যে তেওঁ যিকোনো এটা বিষয়ৰ ওপৰত জানিব বিচাৰিছে, সেই বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ বহু অনলাইন উপায় আছে। কিন্তু উৎসুকতাক উৎসাহ কম মানুহেই জনায়। মোৰ মতে বিদ্যালয়ত পাঠ্যপুঠিৰ বাহিৰেও বিভিন্ন বিষয়ৰ আৰু ওপৰ খাপৰ কিতাপ পঢ়িবলৈ ল’ৰা-ছোৱালীক উৎসাহ জনোৱাতো খুবেই জৰুৰী। ই সাহিত্য, বিজ্ঞান সকলোৰে প্ৰতি উৎসুকতা বৰ্তাই ৰখাত সহায় কৰিব।
সাহিত্য ডট্ অৰ্গ: আপোনাৰ অসমীয়া আৰু অনা অসমীয়া ছাত্ৰ ছাত্ৰীৰ লগত বহুত অভিজ্ঞতা আছে। এই ক্ষেত্ৰত আপুনি কিবা সাদৃশ্য বা বৈসাদৃশ্য দেখা পাইছে নেকি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: প্ৰাথমিক পৰ্যায়ৰ কথা মই কব নোৱাৰিম। কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত মোৰ ভালেখিনি অভিজ্ঞতা আছে। তাৰ ওপৰত ভিত্তি কৰি মই কব পাৰিম, অসমীয়া ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস সদায়ে কম। তেওঁলোকৰ দক্ষতা থাকে, কষ্ট কৰিব পৰা ক্ষমতা থাকে। কিন্তু তেওঁলোকক যদি সোধে ‘কি কৰিব বিচাৰিছা’ বুলি, তেওঁলোকৰ উত্তৰটো উচ্চাকাংক্ষী নহয়। ‘সৰু কিবা এটা কৰিব বিচাৰিছোঁ’ বুলি কৈ থব।
এই উচ্চাকাংক্ষা নোহোৱা বাবেই তেওঁলোকে কোনোবা এজন মানুহৰ ওচৰত ‘মই আপোনাৰ সৈতে এইটো কাম কৰাত আগ্ৰহী বুলি কব নোৱাৰে। কিন্তু ভাৰতৰ বেলেগ অংশৰ ল’ৰা ছোৱালীয়ে গৈ ‘মোৰ এই বিষয়ত কাম কৰাৰ আগ্ৰহ আছে, মোক গৱেষণাৰ বাবে এটা সুবিধা দিয়ক’ বুলি ক’ব। ইমানদিনে মোৰ ওচৰলৈ কামৰ কথা সুধিবলৈ খুব কম অসমীয়া ল’ৰা-ছোৱালীহে আহিছে।
সাহিত্য ডট্ অৰ্গ: আমাৰ শেষ প্ৰশ্নটো হ’ল, বিজ্ঞান আৰু সাহিত্যক কিদৰে একত্ৰীকৰণ কৰি আগুৱাই নিব পাৰি?
ড৹ মানবেন্দ্ৰ চহৰীয়া: মই জনাত ‘সাহিত্য ডট্ অৰ্গ’ই কৰিবপৰা সকলোখিনি কৰিয়েই আছে। এই কামখিনিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে। আৰু মই ভাবো যে সময়ৰ লগত মাধ্যম সলনি হয়। দহ বাৰ বছৰৰ আগেয়ে আমি ফেচবুকত লিখা-মেলা কৰিছিলোঁ, ই জনপ্ৰিয় আছিল। কিন্তু আজিকালি ভিডিঅ’ জনপ্ৰিয় হৈছে। মই ভাবো ‘সাহিত্য ডট্ অৰ্গ’ৰ চৰ্চাখিনি যদি প’ডকাষ্ট বা ভিডিঅ’ৰ মাধ্যমেৰে প্ৰকাশ কৰা যায়, তেন্তে ই আৰু জনপ্ৰিয় হ’ব। কিন্তু সঁচাকৈ ক’বলৈ হ’লে ‘সাহিত্য ডট্ অৰ্গ’ই যথেষ্ট ভাল কাম কৰি আছে।
সাহিত্য ডট্ অৰ্গ: ইমান সময়ে আমাক সময় দি বিভিন্ন কথা জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
ড৹ মানবেন্দ্ৰ চহৰীয়া: মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ সুবিধা দিয়া বাবে আপোনালোককো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।