বৰদিনৰ_ৰাতিপুৱা, মূলঃ পাৰ্ল এচ বাক।
অনুবাদঃ পংকজ কুমাৰ নেওগ।
অকস্মাতে টোপনি ভাগি যোৱাত ৰবাৰ্টৰ চকু সম্পূৰ্ণৰূপে মেল খালে। ঘড়ীত পুৱা ৪ বাজিছেহে মাত্ৰ। ঠিক এইখিনি সময়তে দেউতাকে তেওঁক সদায় জগাইছিল গাখীৰ খীৰোৱাত সহায় কৰিবলৈ। ডেকা কালৰ স্বভাৱ এনেভাৱে চিৰদিনলৈ ৰৈ যোৱাটো বৰ আচৰিত কথা। ৫০ বছৰৰ আগেয়েও এইদৰে তেওঁ পুৱা ৪ বজাত সাৰ পাইছিল। দেউতাকে সংসাৰৰপৰা বিদায় লোৱা এতিয়া ৩০ বছৰৰো বেছি হ’ল। আনদিনাখন তেওঁ কাতি সলাই আকৌ অলপ শুবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু হঠাতে তেওঁৰ মনত পৰিল আজি বৰদিন! তেওঁৰ পুনৰ শোৱা নহ’ল। এই বয়সত বৰদিনৰ নো কিহৰ আবেদন? শৈশৱ আৰু যৌৱন কেতিয়াবাই ল’হিয়ালে, ল’ৰা-ছোৱালীহঁতেও নিজৰ নিজৰ সংসাৰ পাতি গজগজীয়া হ’ল। হওঁতে দুই-এটা পেটৰ পোৱালি তেওঁলোকৰপৰা বৰ এটা নিলগত নাথাকে কিন্তু সিহঁতে নিজৰ সময়মতেহে বুঢ়া-বুঢ়ীহালক দেখা দিবলৈ গধূলিৰফালে সাধাৰণতে পাক এটা মাৰে। পুতেক-বোৱাৰীকে অতি মৰমেৰে মাক-দেউতাকক মনত পেলাই দিয়ে যে নাতি-নাতিনীকেইটাৰ বাবে নিজৰ ঘৰত পতা বৰদিন আৰু আৰু সেই বৰদিনৰ মধুৰ স্মৃতিহে আচল কথা, ককাকহঁতৰ ঘৰখন নহয়! গতিকে বৰদিনৰদিনাও ৰবাৰ্ট আৰু এলিচৰ প্ৰায় অকলে থকাৰ বাহিৰে অন্য উপায় নাই।
যোৱা নিশা এলিচে ৰবাৰ্টক বৰদিনৰ বাবে একো কৰিব নালাগে বুলি কৈ থৈছিল। এলিচৰ বৰদিন পতাৰ একেবাৰেই মন নাই। কিন্তু ৰবাৰ্ট নাচোৰবান্দা, তেওঁলোক দুজনে অকলে হ’লেও নিজাববীয়াকৈ উৎসৱ পালন কৰিব।
: তেনেহ’লে ল’ৰা-ছোৱালীহঁত কাইলৈ নহালৈকে খ্ৰীষ্টমাছ গছজোপা সজোৱা একো দৰকাৰ নাই। সিহঁত অহাৰ আগেয়ে অলপ সজাম। আজি মোৰ বৰ ভাগৰ লাগিছে।
এলিচৰ কথাত ৰবাৰ্টে হয়ভৰ দিলে। খ্ৰীষ্টমাছ গছজোপা তেনেকৈয়ে পিছ চোতালত থাকিল।
আজি নিশা ৰবাৰ্টে নিজকে সম্পূৰ্ণ নিদ্ৰাবিহীন অনুভৱ কৰিছে। তেতিয়াও নিশাৰ চাদৰে জগতখনক আৱৰি আছে, বাহিৰত তেতিয়াও এখন পৰিষ্কাৰ তাৰকাখচিত সুশোভিত নিশাৰ আকাশ। জোন নাথাকিলেও তৰাবোৰ আকাশত তিৰবিৰাই আছে। হঠাতে তেওঁৰ মনত পৰিল বৰদিনৰদিনা পুৱতি নিশা তৰাবোৰ যেন সঁচাকৈয়ে ডাঙৰ আৰু উজ্জ্বল হৈ আকাশত জিলিকি উঠে। সেই সকলোবোৰৰ মাজৰ এটা বিশেষ তৰা বেছি ডাঙৰ আৰু উজ্জ্বল হৈ জিকমিকাই থকা যেন লাগে। বহুত দিনৰ আগেয়ে কোনোবা এটা নিশা এই তৰাটো লৰচৰ কৰি উঠা দেখাৰ দৰে আজিও একেদৰে ই লৰচৰ কৰা যেন তেওঁৰ ভাব হ’ল। ৰবাৰ্টে আজিকালি বেছিভাগ সময় অতীত ৰোমন্থন কৰি কটায়। পুনৰ তেওঁৰ মনলৈ স্মৃতিৰ ধল নামিল। সেই সময়ত ৰবাৰ্ট আছিল ১৫বছৰীয়া এজন কিশোৰ, মাক-দেউতাকৰ সৈতে দেউতাকৰ ফাৰ্মতে থাকে। তেওঁ দেউতাকক বৰ ভাল পাইছিল। দেউতাকেও যে তেওঁক ভাল পাইছিল তাৰ প্ৰমাণ তেওঁ সেইদিনাহে পালে যিদিনা পুৱা মাক-দেউতাকৰ কথা-বতৰাবোৰ তেওঁ অকস্মাতে শুনা পায়।
: মেৰী, মই ৰবক পুৱাতে টোপনিৰপৰা জগাবলৈ বৰ বেয়া পাওঁ। সি এতিয়া ডাঙৰ হ’বলৈ ধৰিছে, তাক ভাল টোপনি দৰকাৰ। মই তাক জগাবলৈ যাওঁতে সি যেনেকৈহে নিঃপালি দি থাকে মোৰ বৰ বেয়া লাগে। মই অকলেই যদি কামখিনি কৰিব পাৰিলোহেঁতেন!
: নাই, আদাম, তুমি তাক তেনেকৈ লাই নিদিবা, সি এতিয়া সৰু ল’ৰা হৈ থকা নাই। কাম-বনবোৰ চম্ভালি লোৱাৰ বয়স হৈছে। মাকে প্ৰত্যুত্তৰত কৈছিল।
: এৰা, কথাষাৰ সঁচা, কিন্তু তাক এই মৰ পুৱাতে জগাবলৈ বৰ বেয়া লাগেহে! দেউতাকে লাহেকৈ উত্তৰ দিছিল।
দেউতাকৰ কথাবোৰ শুনি ৰবাৰ্টৰ শৰীৰেৰে এটা অদ্ভুত শিহৰণ বৈ গ’ল। দেউতাকে তেওঁক ভাল পায়! কথাষাৰ তেওঁ ইয়াৰ আগেয়ে কেতিয়াও দকৈ ভাবি চোৱা নাছিল। বাপেক-পুতেকৰ মাজত তেজৰ সম্বন্ধ থাকেই, সেই বিষয়ে ভাবিবলৈ কিনো আছে! মাক আৰু দেউতাকে দেখোন নিজৰ ল’ৰা-ছোৱালীক ভালপোৱাৰ কথা কোনোদিনে পতা শুনা নাই। অৱশ্যে তেওঁলোকৰ এইবোৰ কথা পাতিবলৈ সময়নো ক’ত? সকলো সময়তে পামখন লৈয়েই দুয়ো ভীষণ ব্যস্ত। দেউতাকে এতিয়া ৰবাৰ্টক ভাল পায় বুলি জানি তেওঁ সষ্টম হৈ পৰিল; এতিয়া আৰু পুৱা শুই থাকিলে নহ’ব, কাহিলিপুৱাই শোৱাপাটী এৰিব লাগিব। তেতিয়াৰপৰা তেওঁৰ দোকমোকালিতে শোৱাপাটী এৰা অভ্যাস হ’ল।
সেইবাৰ বৰদিনৰ আগেয়ে তেওঁ ১৫ বছৰত সোমাইছে। বৰদিনৰ আগনিশা বিছনাতে পৰি পাছদিনা ৰাতিপুৱাৰ কথাকে ভাবি আছিল। তেওঁলোক আছিল দুখীয়া খেতিয়ক পৰিয়াল। ঘৰৰ পোহনীয়া টাৰ্কীৰ মঙহেৰে মাকে ৰান্ধি দিয়া আঞ্জাৰ জুতিয়েই আছিল বৰদিনৰ আনন্দ। ভনীয়েক কেইজনীয়ে উপহাৰবোৰ চিলাই কৰিছিল আৰু মাক-দেউতাকেও তেওঁক সদায় লাগতিয়াল উপহাৰ দিছিল। কেতিয়াবা এটা গৰম জেকেট আৰু কেতিয়াবা জেকেটৰ উপৰি হয়তো এখন কিতাপ। ৰবাৰ্টে নিজেও সাঁচি ৰখা পইচাৰে তেওঁলোকলৈ সৰু-সুৰা উপহাৰ আনিছিল। ১৫ বছৰত ভৰি দিয়াৰ আপাহতে সেইবাৰ ৰবাৰ্টে দেউতাকক বৰদিনৰ কিবা এটা ভাল উপহাৰ দিয়াৰ কথা ভাবিলে। আনবাৰৰ দৰেই তেওঁ হৰেক মাল ১টকাকৈ বেচা দোকানখনৰপৰা দেউতাকৰ বাবে নেকটাই এডাল কিনি আনিলে। উপহাৰটো কিনি আনি ভালেই লাগিছিল কিন্তু বৰদিনৰ আগনিশাহে ৰবাৰ্টৰ ভাব হ’ল যে তেওঁৰ হাতত সাঁচতীয়া পইচা অলপ বেছি থকাহেঁতেন আৰু ভাল উপহাৰ এটা কিনিব পাৰিলেহেঁতেন।
বিছনাতে কাতি হৈ আৰু কিলাকুটিত মূৰটো ভৰ দি ৰবাৰ্টে খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে। তৰাবোৰ উজ্জ্বল হৈ আকাশত জিলিকি আছিল। তৰাবোৰ যে ইমান সুন্দৰকৈ জিলিকিব পাৰে তেওঁ কেতিয়াও দেখা মনত নপৰে। এইবোৰৰ মাজত এটা তৰা বেছিকৈ জিলিকিছিল। তেওঁৰ মনতে ভাৱ হ’ল এইটোৱেই যেন বেথেলহেমৰ তৰা।
: দেউতা, আস্তাবল মানে কি? একেবাৰে সৰু থাকোঁতে তেওঁ এবাৰ সুধিছিল।
দেউতাকে উত্তৰ দিছিল – “আমাৰ ঘৰৰ এই জন্তু আৰু হাঁহ-কুকুৰাৰ ফাৰ্মখন বুলিয়েই ভাব।”
তেনেহ’লে এনে পোহনীয়া জীৱ-জন্তু থকা ফাৰ্ম এখনতে প্ৰভু যীশুৰ জন্ম হৈছিল আৰু বৰদিনৰ উপহাৰ লৈ ভেড়াৰখীয়া আৰু সেই জ্ঞানীলোকসকল সেই ফাৰ্মখনলৈ আহিছিল। কথাষাৰ মনলৈ অহাৰ লগে লগে ৰবাৰ্টৰ মগজুৰে হঠাতে যেন বিদ্যুৎ খেলি গ’ল! দেউতাকক তেওঁ দেখোন নিজৰ ফাৰ্মখনতে বৰদিনৰ বিশেষ উপহাৰ দিব পাৰে। তেওঁ দোকমোকালিতে চাৰি বজাৰ আগেয়ে উঠি গাইকেইজনী খীৰাই সকলোবোৰ কাম অঁতাই থ’ব পাৰে আৰু এইখিনি কাম তেওঁ অকলে কৰিব। দেউতাকে ৰাতিপুৱা উঠি গাখীৰ খীৰাবলৈ গৈ যেতিয়া দেখিব যে সকলোবোৰ কাম ইতিমধ্যে কৰা হৈ গৈছে কোনে সেই কাম কৰিলে গম পাই তেওঁ নিশ্চয় আনন্দিত হ’ব। এইবাৰহে ৰবাৰ্টৰ মনটো ভাল লাগিল। তেওঁ হাঁহি এটা মাৰি আকাশৰ তৰাবোৰলৈ চাই পঠিয়ালে। এৰা, কাইলৈ পুৱা তেওঁ তাকে কৰিব। সেই নিশা গভীৰ টোপনিয়ে যেন একো পণ্ড নকৰে!
নিশা অতি কমেও কুৰি বাৰ সাৰ পাই ৰবাৰ্ট বিছনাত উঠি বহিল। দিয়াচলাইৰ কাঠি জ্বলাই বাৰে বাৰে পুৰণি ঘড়ীটোলৈ চাই পঠিয়ায়। ৰাতি বাৰ, দেৰ, দুই….সময়বোৰ যেন নাযায়, নুপুৱায়। তিনি বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে ৰবাৰ্টে শেতেলি এৰি কাপোৰ-কানি ভালকৈ পিন্ধি ল’লে। হাতত সাৰে ভৰিত সাৰে কাঠৰ চিৰিবোৰত অলপো কেৰমেৰনি নোতোলাকৈ তেওঁ তলৰ তলালৈ নামি আহি ঘৰৰ বাহিৰলৈ ওলাল। গোহালিৰ চালৰ ওপৰত ডাঙৰ তৰাটো ৰঙচুৱা সোণবৰণীয়া হৈ জিলিকি আছিল। বোধকৰো গাইকেউজনীয়েও কিছু আচৰিত হৈ ৰবাৰ্টলৈ চাই পঠাইছিল, সিহঁতৰো সাৰ পাবলৈ সময় হোৱা নাই অথোন! গাইকেইজনীক মৰম কৰি অলপ খেৰ উলিয়াই দিয়া হ’ল। ইতিমধ্যে তেওঁ গাখীৰ খীৰোৱা বাল্টি আৰু গাখীৰৰ ডাঙৰ দুটা বাচন উলিয়াই আনিলে। ৰবাৰ্টে কেতিয়াও অকলে গাখীৰ খীৰাই পোৱা নাই কিন্তু কামটো সহজ যেনেই লাগিল। দেউতাকক দিব খোজা বিচূৰ্তিটোৰ কথাকে তেওঁ ভাবি আছিল। দেউতাকে ৪ বজাত তেওঁৰ কোঠালৈ আহি চিঞৰ এটা মাৰিব – “ৰব, উঠ আৰু কাপোৰ-কানি পিন্ধি সাজু হৈ ল। মই বাকীবোৰ বস্তু যোগাৰ কৰোঁগৈ।” দেউতাক গোহালিলৈ গৈ কাষৰ কোঠাটোৰপৰা গাখীৰ থোৱা ডাঙৰ খালি বাচন কেইটা আনিবলৈ যাব কিন্তু কি মজা! আজি আৰু বাচনকেইটা এটাও খালী হৈ নাথাকে।
: উৱা!, এয়া মই কি দেখিছোঁ? আচৰিত হৈ উঠা দেউতাকৰ কথাখিনি ৰবাৰ্টৰ কাণত যেন বাজি উঠিল।
মুখত হাঁহি এটা লৈ ৰবাৰ্টে অবিৰাম গাখীৰ খীৰাবলৈ ধৰিলে। গাইৰ ওহাৰৰপৰা নিঃসৃত দুসোঁতা অমৃতধাৰাই বাল্টি পূৰাই গ’ল। গাইকেইজনীয়েও একো আমনি নকৰাকৈ ৰবাৰ্টক সহযোগিতা কৰিছে যেন সিহঁতেও বুজি পাইছে আজি পৱিত্ৰ বৰদিন! কামখিনি ভবাতকৈ সোনকালে আৰু সহজে হৈ গ’ল। গাখীৰ খীৰোৱা সেইদিনা একো কাম যেনেই নালাগিল। দেউতাকৰ মৰম-চেনেহখিনিৰ বাবদ ৰবাৰ্টৰ বাবে ই আছিল এটা সামান্য উপহাৰ। বাচন কেইটা গাখীৰেৰে চপচপীয়া হোৱাৰ পাছত ভালকৈ ঢাকোন দি গোহালিৰ কাষৰ কোঠাত সযতনে ৰখা হ’ল। কোঠাটোত ভালদৰে চিটকনি লগাই ৰবাৰ্ট গোহালিৰপৰা ওলাই আহিল। তাৰ আগেয়ে গাখীৰ খীৰাওতে ব্যৱহাৰ কৰা সৰু মূঢ়াটো আৰু গাখীৰ খীৰোৱা বাল্টিটো ভালকৈ ধুই যথাস্থানত থৈ আহিবলৈ নাপাহৰিলে। আন্ধাৰে-মুন্ধাৰে নিজৰ কোঠালৈ উভতি গৈ আৰু কাপোৰ-কানি সলাই বিছনাত উঠাৰ এক মিনিটমানৰ পাছতে ৰবাৰ্টে দেউতাকৰ ভৰিৰ খোজ শুনা পালে। গাত লোৱা নিহালিখন মূৰলৈকে টানি জোৰে জোৰে লোৱা শ্বাস-প্ৰশ্বাস লুকুৱাবলৈ তেওঁ ব্যস্ত হৈ পৰিল। কোঠাৰ দুৱাৰখন সামান্য মেল খালে।
: ৰব, বোপাই শেতেলি এৰিবলৈ হ’ল! আজি বৰদিন যদিও আমাৰ কামখিনি আমি কৰিবই লাগিব।
: ওঁ, দেউতা, উঠিছোঁ ৰ’বা। এটা নিদ্ৰালু মাত ওলাল।
: ঠিক আছে বাৰু, আহিবি! মই ইতিমধ্যে জা-যোগাৰবোৰ আৰম্ভ ক’ৰোঁ।
দুৱাৰখন আকৌ বন্ধ হ’ল। বিছনাতে সাৰ পাই পৰি থকা ৰবাৰ্টৰ হাঁহি এটা ওলাল। আৰু কেইমুহূৰ্তমানৰ ভিতৰতে দেউতাকে কথাটো গ’ম পাব! বুকুখনে তেওঁৰ ধক্ ধক্ কৰিবলৈ ধৰিলে। ইয়াৰ পাছৰ সময়খিনি নাযায় নুপুৱাই যেন লাগিল – দহ, পোন্ধৰ, বিছ মিনিট কিমান সময় পাৰ হৈ গ’ল বাৰু? দেউতাক কোঠাৰফালে পুনৰ উভতি অহাৰ খোজ শুনা গ’ল। দুৱাৰখন খোল খোৱাৰ লগে লগে ৰবাৰ্ট নিশ্চুপ হৈ পৰি ৰ’ল।
: এই ৰব!
: অ, দেউতা!
: ৰব, বোপাই অ’, এই বোৱাৰী পুৱাতে মোক হেবাং বনালি যে আজি! আনন্দ-কান্দোনৰ মিশ্ৰিত কথাষাৰ দেউতাকৰ কণ্ঠৰপৰা নিগৰি আহিল। বিছনাৰ কাষলৈ আহি দেউতাকে নিহালিখন তেওঁৰ গাৰপৰা গুচাই দিলে।
: এয়া তোমালৈ বৰদিনৰ উপহাৰ, দেউতা!
দেউতাকে তেওঁক জোৰেৰে সাবটি ধৰা অনুভৱ কৰিলে। কোঠাত তেতিয়াও পুৱঁতি নিশাৰ অন্ধকাৰ, ইজনে সিজনৰ মুখ দেখা পোৱা নাই।
: বোপাই, তোক অন্তৰৰপৰা আশীৰ্বাদ কৰিছোঁ। কোনেও মোক এতিয়ালৈকে এইদৰে মৰম দিয়া নাই।
: দেউতা, মই তোমাক জনাব খোজোঁ যে মই এজন ভাল মানুহ হ’ব বিচাৰোঁ। শব্দকেইটা তেওঁৰ বুকুৰ ভিতৰৰপৰা ওলাই আহিল। আৰু নো কি ক’ব একো বিচাৰি নাপালে। তেওঁৰ হৃদয় গভীৰ ভালপোৱাৰে উপচি পৰিল।
: মই তেনেহলৈ কোঠালৈ উভতি গৈ পুনৰ অলপ শুই লওঁ। অলপ পৰ কিবা ভাবি দেউতাকে পুনৰ ক’লে –
: অ’, সৰুকেইটাৰ মাত শুনা যেন লাগিছে, সিহঁতে সাৰ পালেই যেন পাইছোঁ। মই এইমাত্ৰ উপলব্ধি কৰিছোঁ তহঁত ল’ৰা-ছোৱালীকেইটাই পুৱা খ্ৰীষ্টমাছ গছজোপা চাবলৈ যোৱাৰ সময়খিনিত মই সদায় ফাৰ্মত ব্যস্ত হৈ থাকোঁ। ব’ল, আজি আমি সকলোৱে লগেভাগে গছজোপা চাওঁগৈ।
তেওঁ বিছনাৰপৰা উঠি আৰু লৰালৰিকৈ আকৌ কাপোৰ-কানি পিন্ধি সকলোৰে সৈতে খ্ৰীষ্টমাছ গছজোপাৰ ওচৰলৈ গ’ল। নিশাৰ আকাশত য’ত ঊজ্জ্বল তৰাটো ওলাইছিল সেই ঠাইত পুৱাৰ সূৰুযে ধলফাট দিছে। ৰবাৰ্টে সেইদিনা পুৱা নিজে বিছনাৰপৰা উঠা কথাটো দেউতাকে যেতিয়া মাক আৰু সৰুকেইটাক শুনালে তেওঁৰ লাজো লাগিল আৰু একে সময়তে গৰ্বও অনুভৱ কৰিলে।
: বোপাই ৰব, তই আজি মোক বৰদিনৰ আটাইতকৈ ডাঙৰ উপহাৰ দিলি। মই জীয়াই থকালৈকে প্ৰত্যেকটো বৰদিনৰদিনা তোৰ এই উপহাৰৰ কথা মনত ৰাখিম। তেওঁলোক দুয়োজনে এই বৰদিনটোৰ কথা মনত ৰাখিছিল। এতিয়া আৰু দেউতাক এই সংসাৰত নাই। এতিয়া ৰবাৰ্টে অকলে সেই বৰদিনৰ ৰাতিপুৱাটোৰ কথা মনত পেলায়। দেউতাকৰ প্ৰতি থকা সঁচা ভালপোৱাৰ প্ৰতিদান স্বৰূপে ফাৰ্মত পুৱতি নিশা অকলে গৰুৰ গাখীৰ খীৰাই দেউতাকলৈ উছৰ্গা কৰা বৰদিনৰ সেই প্ৰথম অকৃত্ৰিম উপহাৰৰ কথা তেওঁ কেনেকৈ পাহৰিব পাৰে?
খিৰিকীৰ বাহিৰত উজ্জ্বল ভোটাতৰাটো লাহে লাহে মাৰ যাবলৈ ধৰিছে। ৰবাৰ্টে বিছনাৰপৰা উঠি ভৰিত চেণ্ডেলযোৰ আৰু গাধোৱা ঘৰৰপৰা ওলাই সদায় পিন্ধা হলৌ চোলাটো পিন্ধি ল’লে। তেওঁ ছাদৰ ওপৰলৈ গৈ খীষ্টমাছ গছ সজোৱা বস্তুবোৰৰ বাকচটো লৈ চৰাঘৰলৈ উভতি আহিল। এইবাৰ খীষ্টমাছ গছজোপাও বাহিৰৰপৰা অনা হ’ল। সেইজোপা আছিল এজোপা সৰু গছ। ল’ৰা-ছোৱালীহঁতে ঘৰ এৰি যোৱাৰ পাছত ৰবাৰ্ট আৰু এলিচে ডাঙৰ গছ অনা বন্ধ কৰিছে। এটা হ’ল্ডাৰত গছজোপা সুন্দৰকৈ খাজি লৈ খিৰিকীৰ কাষৰ ডাঙৰ টেবুলখনৰ মাজত ৰখা হ’ল। গছজোপা ৰবাৰ্টে লাহে লাহে সজাবলৈ আৰম্ভ কৰিলে। কামখিনি চকুৰ পচাৰতে শেষ হোৱা যেন লাগিল। বহুত দিনৰ আগেয়ে বৰদিনৰ পুৱা ফাৰ্মত অকলে গাখীৰ খীৰাওতে ৰবাৰ্টৰ ঠিক তেনে এটা ভাৱ হৈছিল। এইবাৰ নিজৰ পঢ়াকোঠাৰপৰা ঘৈণীয়কলৈ বৰদিনৰ বাবে আনি থোৱা উপহাৰৰ সৰু বাকচ এটা আনিলে। উপহাৰবিধ আছিল হীৰাৰ এটা সৰু কিন্তু ধুনীয়া সূক্ষ্ম নক্সাৰ তৰা। উপহাৰটোৰ সৈতে তেওঁ কাৰ্ড এখনো লিখি থৈছে। খ্ৰীষ্টমাছ গছজোপাত উপহাৰটো ওলোমাই ৰবাৰ্টে দুখোজমান পিছলৈ গৈ এবাৰ চালে। সঁচাকৈয়ে অতি অপূৰ্ব লাগিছে, এলিচ নিশ্চয় আচৰিত হ’ব।
মনটো তেওঁৰ এতিয়াও সৈমান হোৱা নাই। অন্তৰেৰে তেওঁ ক’ব বিচাৰে পত্নীক তেওঁ কিমান ভাল পায়! বহুত দিন হ’ল কথাষাৰ তেওঁ ব্যক্ত কৰিব পৰা নাই কিন্তু তেওঁ জানে পত্নীৰ প্ৰতি তেওঁৰ প্ৰেম অনন্য, ই যেন যৌৱন কালৰ প্ৰেমতকৈয়ো ধীৰে ধীৰে গাঢ় হ’বলৈ ধৰিছে। তেওঁ বৰ ভাগ্যৱান যে এলিচে তেওঁক ভাল পায় আৰু নিজেও তেওঁ ভাল পাবলৈ সমৰ্থবান। ভাল পাবলৈ শিকা আৰু ভাল পাবলৈ জনা এয়াই হ’ল জীৱনৰ পৰম আনন্দ। ৰবাৰ্টৰ কিয় জানো ভাব হয় এই পৃথিৱীৰ বহুতেই ভাল পাবলৈ অপাৰগ। ৰবাৰ্টৰ অন্তৰ কিন্তু সদায় ভালপোৱাৰে ওপচা আছিল আৰু এতিয়াও উপচি আছে। হঠাতে তেওঁ উপলব্ধি কৰে ভালপোৱাৰ এই বীজ তেওঁৰ হৃদয়ত সেইদিনাই অংকুৰিত হৈছিল যিদিনা শৈশৱত তেওঁ দেউতাকৰ ভাল পোৱা হৃদয়ংগম কৰে। এই ভালপোৱাই ভালপোৱাৰ সুৰভি সকলোতে বিলায়।
অন্তৰৰ মাজেৰে ফল্গুধাৰা হৈ বৈ ৰোৱা এই ভালপোৱাখিনি ৰবাৰ্টে বাৰে বাৰে বিলাই দিব পাৰে। আজি পৱিত্ৰ বৰদিনাৰ পুৱাতে এই ভালপোৱাখিনি পত্নীক যাচিবলৈ তেওঁ ব্যাকুল হৈ পৰিল। এলিচলৈ তেওঁৰ ভালপোৱাখিনি উজাৰি তেওঁ এখন চিঠি লিখিব আৰু চিঠিখনৰ কথাখিনি পঢ়ি এলিচে সেইখন নিশ্চয় আজীৱন সাঁচি থ’ব। ৰবাৰ্টে নিজৰ পঢ়াকোঠালৈ উভতি গৈ পত্নীলৈ প্ৰেম পত্ৰখন আৰম্ভ কৰিলে: “প্ৰিয়তমা মোৰ….!” চিঠিখন লিখি উঠাৰ পিছত খামত ভৰাই সেইখনো খীষ্টমাছ গছজোপাতে ওলোমাই থ’লে যাতে এলিচে ৰাতিপুৱাই কোঠালৈ আহি দেখা পায়। চিঠিখন পঢ়ি তেওঁ নিশ্চয় আচৰিত আৰু বিহ্বল হৈ পৰিব আৰু স্বামীয়ে তেওঁক ভাল পোৱাৰ কথা পুনৰ দোহৰাৰ বাবে তেওঁৰ হিয়াও প্ৰেমেৰে উথলি উঠিব।
কোঠাৰ বিজুলী চাকিটো নুমুৱাই নৈঃশব্দ্যে ৰবাৰ্ট ওপৰতলালৈ উঠি গ’ল। গোটেই নিশা খিৰিকীৰ আইনাৰে আকাশত জিলিকি থকা তৰাটো এতিয়া আৰু নাই, প্ৰভাতী সূৰুজৰ কিৰণে লাহে লাহে আকাশত ফাকুগুড়ি ছটিয়াবলৈ আৰম্ভ কৰিছে। কি যে সুন্দৰ আৰু আনন্দৰ এই বৰদিনৰ পুৱা!
০০০০০০০০০০০০০০০০০০০
(ন’বেল পুৰস্কাৰ বিজয়ী বিশ্ববিশ্ৰুত লেখিকা পাৰ্ল এচ বাকৰ “Christmas Day in the Morning” নামৰ চুটি গল্পটোৰ অনুবাদ)
