বৰষুণ আৰু ছাতি

লেখক- পংকজ কুমাৰ নেওগ

সৰুতে বাৰিষা কালত বৰষুণত তিতি-বুৰি স্কুললৈ যোৱাৰ আমেজেই আছিল বেলেগ। বিশেষকৈ পাঠশালা স্কুলত পঢ়ি থাকোঁতে বহু কেইবাৰ বৰষুণত তিতি বুৰি স্কুললৈ যোৱা বা ছুটীৰ পাছত ঘৰলৈ উভতি অহা মনত পৰে। সেই সময়ত ঘৰৰ প্ৰত্যেকৰে সুকীয়াকৈ ছাতি নাছিল। এটা বা খুব বেছি দুটা মহেন্দ্ৰ দত্ত কোম্পানীৰ ডাঙৰ নলীয়া ছাতি সকলোৱে ঘৰত সযতনে ৰাখিছিল। ৰেইন-কোট, ৰেইন পেন্ট, ফ’ল্ডিং বা অট’মেটিক ছাতি ইত্যাদিবোৰ তেতিয়া আহি পোৱা নাছিল। মহিলা সকলেও মহেন্দ্ৰ দত্ত কোম্পানীৰ নাল চুটি অলপ সৰু ছাতিবোৰ লৈ ফুৰিছিল। এটা ডাঙৰ নলীয়া ছাতি দেউতাই অফিচলৈ বা বজাৰ-সমাৰ কৰিবলৈ যাওঁতে সদায় লৈ ফুৰে আৰু দ্বিতীয় ছাতিটো ঘৰত জৰুৰীকালীন পৰিস্থিতিৰ বাবে থাকে। জৰুৰীকালীন মানে ধৰক ঘৰত মায়ে বনাই থকা মাংসৰ আঞ্জাখনৰ বাবে বজাৰৰ পৰা নিমখ বা গৰম মছলা আনিবলৈ পাহৰিলো, বৰষুণৰ মাজতে ফৎকৈ ডাঙৰ ছাতিটো মেলি ঘৰৰ ওচৰৰ গেলামালৰ দোকানখন পালোঁগৈ। ঘৰলৈ কোনোবা আলহী আহিল, যাবলৈ ওলোৱা সময়ত অকস্মাতে অহা বৰষুণ জাকত আঁতৰত ৰখাই থোৱা ৰিক্সা বা গাড়ীখনত কেনেকৈ উঠেগৈ? মহেন্দ্ৰ দত্তৰ ডাঙৰ ক’লা ছাতিটো মেলি অমুকা হাজিৰ। এজন এজনকৈ সকলোকে ছাতিৰ তলত নিৰাপদে নি ৰিক্সা বা গাড়ীত বহুৱাই বিদায় দিব পাৰিলেহে ৰক্ষা। ওচৰৰ কোনোবা আলহী আহিলেহে বিপদ। “আপোনালোকৰ ছাতি এটা আছে যদি দিয়কচোন, গধূলি বজাৰলৈ যাওঁতে উভোতাই থৈ যাম”। প্ৰতিবেশীয়ে যদি কেনেবাকৈ আপোনাৰ পৰা ছাতি নিছে তেনেহলে সেই ছাতি হেৰাল বুলি আপুনি ১০০ শতাংশই নিশ্চিত থাকক। বৰষুণ দি থকা সময়খিনিত ছাতি এনে এটা বস্তু যাৰ চাহিদা মুমূৰ্ষু ৰোগীৰ বাবে  অম্লজানৰ দৰে, অথচ বৰষুণ এৰাৰ লগে লগে মুহূৰ্ততে মূল্যহীন। বেলেগে পঢ়িবলৈ খুজি নিয়া কিতাপ আৰু বৰষুণৰ বতৰত খুজি নিয়া ছাতি এই দুপদ বস্তু সতকাই ঘূৰাই পোৱা অতি টান। বৰষুণ দি থকা সময়ত স্কুললৈ ছাতি লৈ যোৱা আৰু ঘৰলৈ উভতি অহা সময়ত শুকান বতৰ কৰিলে ক্লাচতে ছাতিটো পাহৰি এৰি থৈ অহা ঘটনা হয়তো সকলোৰে জীৱনত ঘটিছে। দুৰ্ভাগ্যবশতঃ শ্ৰেণীত এৰি থৈ অহা ছাতিবোৰৰ এটাও মই উভতাই পোৱা নাছিলোঁ। ২৪ ঘণ্টাৰ ভিতৰত ব্লেকবোৰ্ডৰ পিছফালে ৰখা চুক এটাৰ পৰা ছাতিবোৰ সদায় অন্তৰ্ধান হৈছিল।
সৰুকালৰ মহেন্দ্ৰ দত্তৰ ছাতি কেইটাৰ স্মৃতিহে মোৰ মনত চিৰদিনলৈ সজীৱ হৈ ৰ’ব। ছাতি কেইটা কোনোদিনে বেয়া হোৱা নাছিল। ক’লা কাপোৰখন বিবৰ্ণ হৈ পৰিলে দেউতাই মহেন্দ্ৰ দত্তৰ ছাতি মেৰামতি কৰা দোকানতে দিছিল আৰু  কাপোৰখন সলনি কৰাৰ পাছত পুনৰ নতুন হৈ পৰিছিল। সময়ৰ লগে লগে মহেন্দ্ৰ দত্তৰ ছাতিবোৰৰো নতুন নতুন সংস্কৰণ ওলাল। মোৰ বিয়াৰ দিনা দৰা-ধৰাই ব্যৱহাৰ কৰা ছাতিটোও আছিল মহেন্দ্ৰ দত্ত এণ্ড চন্সৰ কিন্তু ছাতিৰ নালটো আছিল মিহি চিকচিকীয়া ষ্টেইনলেছ ষ্টীলৰ। আগৰ বেতৰ নাল লগোৱা ছাতিবোৰৰ প্ৰচলন বন্ধ হ’ল। আজিকালি অৱশ্যে অটোমেটিক, ফ’ল্ডিং আৰু নানা ৰং-বিৰঙৰ চিন্থেথিক কাপোৰেৰে তৈয়াৰ কৰা ছাতিও সহজলভ্য হ’ল। দৰা-ধৰাই ব্যৱহাৰ কৰা মহেন্দ্ৰ দত্তৰ ছাতিটোৱে দুলীয়াজানৰ দৰে বৰ্ষণমুখৰ ঠাই এখনত মোক যথেষ্ট সহায় কৰিলে। দীঘল ছাতিটো সকলো সময়তে মই নিজৰ গাড়ীখনৰ ভিতৰতে থৈছিলোঁ। ঘৰৰ বাবে দুটামান ফ’ল্ডিং ছাতি আনি থোৱা আছিল। এবাৰ মহেন্দ্ৰ দত্ত ছাতিটোৰ কিবা এটা বেয়া হোৱাত তিনিচুকীয়াৰ ডেইলী বজাৰৰ ছাতিৰ দোকান এখনত ঠিক কৰিবলৈ দিছিলো। তাৰ পাছতেই হোৱা এটা ভয়াবহ অগ্নিকাণ্ডত বজাৰখনৰ সকলোবোৰ দোকান ভস্মীভূত হয়। ছাতিৰ দোকানখনৰ আৰু ছাতিটোৰ কেতিয়াও খবৰ কৰা নহ’ল। বহু বছৰৰ মূৰত ২০১৩ চনত ইন্দোনেচিয়াৰ বালিলৈ ফুৰিবলৈ গৈ চহৰৰ মাজ মজিয়াত মহেন্দ্ৰ দত্ত এণ্ড চন্সচৰ এখন ডাঙৰ দোকান দেখা পাই বেছ আমোদ পাইছিলো।
          সৰুতে দেউতাই ৰঙা-নীলা-হালধীয়া ৰঙৰ ছাতি কিনি দিয়া মনত পৰে। ছাতিবোৰক হেঙুলীয়া ছাতি বুলিছিলো। এনেকুৱা সৰু ছাতিবোৰ সৰু ল’ৰা-ছোৱালীবোৰৰ বৰ প্ৰিয় কিন্তু ডাঙৰকৈ বৰষুণ দিলে এই ছাতিবোৰৰ একো কাম নাই। পাঠশালা স্কুলত পঢ়োতে প্ৰায় ল’ৰা-ছোৱালীয়ে স্কুললৈ যোৱা বাটত হঠাতে বৰষুণে পালে বাটৰ কাষৰ ডাঙৰ কচুপাত এখন চিঙি মূৰটো অন্ততঃ ঢাকি লৈছিল। খেনোৱে ঘৰৰ পৰাই পলিথিনৰ ডাঙৰ মোনা এটা এফালৰ জইন্টত কেচিৰে দীঘলকৈ কাটি মূৰ আৰু শৰীৰৰ ওপৰৰ অংশ ঢাকি-ঢুকি আহিছিল আৰু স্কুলত উপস্থিত হৈ মোনাটো সযতনে সামৰি থৈছিল। এনে ধৰণৰ পলিথিনেৰে বনাই লোৱা যতনবোৰ আমাৰ দিনৰ শৈশৱৰ “ৰেইন কোট” বুলিব পাৰি। ফলি-পুথিবোৰ সাধাৰণতে পিঠিত নিয়া ৰেকছিনৰ বেগ বা কাপোৰৰ মোনাত ভৰোৱা হৈছিল আৰু বৰষুণৰ দিনত ওপৰুৱাকৈ প্লাষ্টিক বা পলিথিনৰ বেগ এটাত মেৰুৱাই লোৱা হয়। কেতিয়াবা বৰষুণত তিতিলে কিতাপ-বহীবোৰ ৰ’দত মেলি শুকাবলৈ দিছিলো। বাৰিষা কেতিয়াবা স্কুললৈ যোৱা পৰত হুৰহুৰাই বৰষুণ দিলে বা বাটত ডবা পিটা বৰষুণে পালে ছাতি, কচুপাত, পলিথিন কভাৰ এই সকলোবোৰ কবচ বিফল হৈ বেয়াকৈ তিতি-বুৰি স্কুলত উপস্থিত হওঁ; চাৰ আৰু বাইদেউ সকলৰো একে অৱস্থা হৈছিল। হেড চাৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অৱস্থা চাই কেতিয়াবা লগে লগে বা প্ৰথম পিৰিয়ডৰ পিছতে স্কুল ছুটীৰ ঘোষণা কৰিছিল। এনে ধৰণৰ অপ্ৰত্যাশিত ছুটী পালে আমি আনন্দত কিৰিলি পাৰি পুনৰ বৰষুণৰ মাজেৰেই ঘৰলৈ উভতিছিলো। কেতিয়াবা আকৌ এনে ধৰণৰ ছুটী পাবলৈ আমি কিছু কৌশলো অৱলম্বন কৰিব লগা হৈছিল। যদি দেখোঁ যে শ্ৰেণীৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই বৰষুণত তিতি বুৰি আহিছে তেতিয়া ছুটীৰ বাবে আবেদন কৰি হেড চাৰলৈ আমি দৰখাস্ত এখন লিখিছিলো। শ্ৰেণীৰ বৰ্গমন্ত্ৰীৰূপে এনে দৰখাস্ত লিখাৰ ভাৰ প্ৰায় মোৰ ওপৰতে পৰিছিল। দ্বিতীয় মান নে তৃতীয় শ্ৰেণীত থাকোঁতে এনে এখন দৰখাস্ত লিখা মনত পৰে। সঠিক মনত নাই যদিও কথাখিনি আছিল এনে ধৰণৰ –

মহামহিম শ্ৰীল শ্ৰীযুক্ত প্ৰধান শিক্ষক মহোদয় সমীপেষু,
মহেন্দ্ৰ বৰুৱা প্ৰাইমেৰী স্কুল, নগাওঁ
বিষয়ঃ বেয়া বতৰৰ বাবে ছুটীৰ আবেদন, তৃতীয়মান শ্ৰেণী

শ্ৰদ্ধেয় মহোদয়,
আমাৰ বিনীত নিবেদন এই যে ৰাতিপুৱাৰে পৰা দি থকা নেৰানেপেৰা বৰষুণজাকৰ বাবে সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী আজি শ্ৰেণীত অনুপস্থিত। উপস্থিত থকা সকলৰো বৰষুণত তিতি-বুৰি বৰ বেয়া অৱস্থা। ভিজা কাপোৰ-কানিৰে শ্ৰেণীত গোটেই দিন থাকিব লগা হ’লে বহুতৰে জ্বৰ-বেমাৰ হোৱাৰ সম্ভাৱনা অতি প্ৰবল। দয়ালু মহোদয়ে সেইবাবে আজিৰ দিনটো আমাক ছুটী দি বাধিত কৰে যেন।
ইতি
আপোনাৰ একান্ত বাধ্য
তৃতীয়মান শ্ৰেণী
তাং …/ ……/……

দৰখাস্তখন কাউৰী ঠেঙীয়া আখৰেৰে কাগজ এখনত যেনে তেনে লিখি হেড-চাৰৰ টেবুলত থৈ আহিলো। ইতিমধ্যে তিতি-বুৰি শ্ৰেণীলৈ নহা দুই-তিনিজনমানে স্বেচ্ছাই বাহিৰলৈ গৈ বৰষুণত তিতি আহিল,উদ্দেশ্য – বৰষুণত বেয়াকৈ আক্ৰান্ত হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই যাতে নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে। আমি ভবামতে হেড-চাৰে কিছু সময়ৰ পাছতে অইন এজন চাৰক আমাৰ শ্ৰেণীলৈ পঠালে। চাৰে আমাৰ অৱস্থা প্ৰত্যক্ষ কৰি আৰু শ্ৰেণীত উপস্থিত থকা তাকৰীয়া ছাত্ৰ-ছাত্ৰীলৈ চাই আমাক ঘৰলৈ যাবলৈ অনুমতি দিলে। আমি আমাৰ পৰিকল্পনাত সফল হ’লোঁ। এনেদৰে বৰষুণৰ দিনত স্কুল ছুটী দিলে আমি কিনো কৰি সময় কটাইছিলো? ঘৰলৈ উভতি গৈ পুনৰ বৰষুণতহে খেলি-ধুলি সময় কটোৱা হৈছিল। জহকালি বৰষুণত ভিজি পথাৰত বল খেলা বা ক’ৰবাৰ খালে-ডোঙে বৰশী বাই ফুৰা দিনবোৰৰ সোঁৱৰণি অতি অপূৰ্ব। এটা কথা ঠিক যে ৰ’দে-বৰষুণে বা অলৌ-তলৌকে ঘূৰি-ফুৰিও খুব কমেহে আমি বেমাৰ-আজাৰত পৰিছিলো।
          ওমানৰ মাস্কাটলৈ অহা আমাৰ ২০ বছৰৰো ওপৰ হ’ল। ওমান বা অন্যান্য পাৰস্য উপসাগৰীয় দেশবোৰত বৰষুণ বৰ কম বাবে বাট-পথবোৰ বৰষুণ দিয়া দেশবোৰৰ দৰে নিৰ্মিত নহয়। বাটৰ আশে-পাশে নলা-নৰ্দমা তেনেকৈ নাথাকে। এনেবোৰ কাৰণত কেতিয়াবা হঠাত জোৰে বৰষুণ দিলে অলপ সময়ৰ ভিতৰতে আকস্মিক বন্যা বা ‘Flash Flood’ৰ সৃষ্টি হয়। ওমান এখন পাহাৰীয়া দেশ, বৰষুণৰ সময়ত পাহাৰৰ পৰা বন্যাৰ ঢল নামি বাট পথবোৰ অকস্মাতে বুৰাই পেলাব পাৰে। চহৰৰ ‘ৱাদী’ বা অলপ দ ঠাইবোৰৰ মাজেদি অকস্মাতে সাপৰ নেগুৰ ছিগা সোঁতেৰে খৰস্ৰোতা নদীৰ সৃষ্টি হয়। বৰষুণ দি থকা সময়ত এনেবোৰ ৱাদীৰ মাজেৰে খোজ কাঢ়ি পাৰ হৈ যোৱা বা গাড়ী চলাই পাৰ হ’ব খোজা খুবেই বিপদ জনক। বৰষুণৰ সময়ত বা ধুমুহাৰ আগজাননী পালে পুলিচ আৰু প্ৰশাসনৰ ফালৰ পৰা বাৰে বাৰে সতৰ্ক বাণী শুনোৱা হয় যাতে কোনো লোকে বৰষুণ/ধুমুহাৰ সময়ত ৱাদীবোৰ খোজ কাঢ়ি বা গাড়ী চলাই পাৰ হ’বলৈ নাযায়। সতৰ্ক বাণীলৈ আওকাণ কৰি ৱাদী পাৰ হ’ব খোজা বহুতো সৰু/ডাঙৰ গাড়ী আৰু মানুহ চকুৰ পচাৰতে খৰস্ৰোতা নদীত পৰি বিলীন হৈ গৈছে। বৰষুণে প্ৰত্যাহাৰ কৰা মধ্যপ্ৰাচ্যৰ দেশবোৰত এজাক-দুজাক বৰষুণ নিশ্চয় আদৰণীয় কিন্তু ওমানৰ দৰে এখন পাহাৰীয়া দেশত বৰষুণ মানেই এক অনামী আতঙ্ক। বৰষুণৰ বতৰত বাটে পথে গাড়ী চলাই যাওঁতেও অতি সাৱধানতাৰে যাব লাগে যাতে অকস্মাতে কোনো ৱাদী বা খৰস্ৰোতা পানীৰ সোঁতত নপৰোগৈ!
          কেইবছৰমানৰ পূৰ্বে সচৰাচৰ বৰষুণ নিদিয়া মাস্কাটত কেইদিনমান খুব বৰষুণ দিছিল। সাধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বতৰ অলপ বেয়া হয়। সেই কেইদিনৰ দৰে ইমান বেয়া বতৰ কেতিয়াও ইয়াত দেখা নাই। আগবেলা বৰষুণ নিদিলেও দুপৰীয়া ১২ মান বজাৰ পৰা আকাশ ক’লা-ম’লা হৈ ঠিক দেৰ-দুই বজাৰ পৰা পেনপেনীয়া বৰষুণ আৰম্ভ হয়। বৰষুণ গোটেই নিশা থাকে আৰু ৰাতিপুৱা এৰে। বতৰ অসমৰ লেখীয়া হ’ল। ইপিনে অফিচত হাহাকাৰ; ইমান বেয়া বতৰত মানুহ অফিচলৈ অহা-যোৱা কৰে কেনেকৈ? তাতে কিছু সংখ্যক কৰ্মচাৰী অলপ দূৰৈৰ ভিতৰুৱা ঠাইৰ পৰা গাড়ী চলাই অহা-যোৱা কৰে; কেইবাটাও ৱাদী বা ৱাদী সদৃশ ঠাই পাৰ হৈ আহিব লাগে। প্ৰথম দিনা দুপৰীয়া ঘৰলৈ আহি খাই বৈ পুনৰ অফিচলৈ উভতিছো অথোন এনেতে এডমিন ডিপাৰ্টমেন্টৰ পৰা সকলোকে উদ্দেশি এখন ই-মেইল আহিল। বতৰ বিজ্ঞান বিভাগৰ পৰা বতৰ অধিক বেয়া হৈ পৰাৰ আগজাননী পোৱা গৈছে; যি সকলৰ ঘৰ দূৰৈত বা বৰষুণৰ বাবে বাটত বিঘিনি অতিক্ৰম কৰিব পৰা সম্ভাৱনা বেছি, তেওঁলোকে অনতিপলমে অফিচ এৰি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে। চাওঁতে চাওঁতে গোটেই অফিচ খালি হৈ পৰিল। মোৰ ঘৰ অফিচৰ তেনেই ওচৰত যদিও অকলে অফিচত থাকি কিনো কৰিম? মইয়ো বেয়া বতৰৰ পূৰ্ণ সুযোগ লৈ ঘৰলৈ উভতিলো। কিছু সময় মেগাজিন আৰু কিতাপ পঢ়ি উঠি মৰুভূমিত বৰষুণৰ আমেজ ল’বলৈ লেপ-কম্বল লৈ দিবানিদ্ৰাত পৰিলো।  
          অকল এদিনেই নহয়, তাৰ পাছৰ তিনিদিনো বৰষুণ বতৰৰ বাবে মুঠতে চাৰিদিন অফিচৰ পৰা অৰ্দ্ধ ছুটী লাভ কৰিলো। চাৰিদিন বৰ মজা হ’ল। সৰুতে বৰষুণত জুৰুলি-জুপুলি হৈ পাঠশালা স্কুলত উপস্থিত হওঁতে হেড-চাৰে আমাক ছুটী দিছিল; বহুত বছৰৰ মূৰত সেই একেটা ঘটনাৰে যেন আকৌ পুনৰাবৃত্তি হ’ল। এইবাৰ অৱশ্যে বৰষুণত অলপো নিভিজাকৈয়ে ছুটী পালোঁ ! সঁচাকৈয়ে সেই কেইদিন সোণোৱালী অতীতলৈ উভতি যোৱাৰ দৰে এটা ভাৱ হৈছিল।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments