বৰুৱানীৰ দাঁতৰ বিষ

লেখক- -পদ্মজা বৰুৱা মহন

বৰুৱানীৰ দাঁতৰ বিষ। বিষ মানে একেৰাতিতে অসহ্য বিষ। আগতেতো এনে হোৱা নাছিল। গুৰি দাঁতৰ পিনে ফাঁক এটা হোৱা যেন অনুমান হৈছিল কিছুদিন আগতে। কিবা খালে সেই ফাঁকটোতে লাগি ধৰে। টুথপিক এডাল বা ধূপকাঠি এটাৰে খুচি দিলেই এৰি যায়।
:”সেইকাৰণে মই এইবাৰ বস্তুৰে দাঁত খুচি নাথাকিবলৈ কওঁ নহয়। ক’লে নুশুনা।”
-বৰুৱাই ক’লে।
:”সেইবুলি মই দাঁতৰ ফাঁকত মাংসৰ টুকুৰা সোমাই থাকিলে তাতে থৈ দিলেহে হ’ব। আকৌ ইসাঁজৰ লগত খাবলৈ।” বিষোৱা ফালৰ গালখনত হেঁচি ধৰি ক’লে বৰুৱানীয়ে।
:”ক’লেও তেনেকৈ কোৱা। ইযালৈ ডেণ্টিচ এজন আহে। তিনি বজাৰ পিছত। আবেলিকৈ ওলাবা।”-বৰুৱাই সকাহ দিয়াৰ সুৰত ক’লে।
বেছি থনথনোৱাত বৰুৱানীয়ে লং তেল অকণ সামান্য কপাহত তিয়াই দাঁতৰ ফাঁকত লগাই বিষ কমালৈ বাট চোৱাৰ লগতে ন বজাৰ কাঁটাডাল তিনি বজা পোৱালৈ কিমান সময় লাগিব তাকো চালে।
তেনেতে আহক চুবুৰীৰে ফুকননী। তেওঁ এৰাল দি থোৱা পঠা ছাগলীটো চাবলৈ আহিছিল। বৰুৱানীয়ে কিনো কৰিছে, মাত এষাৰ লগাই যাওঁ বুলি সোমাল।
:”ইস্ ইমান দাঁতৰ বিষ যদি আমাৰ হেৰিৰ গুৰিলৈকে নাই যোৱা কিয়? তাই দাঁত পোকে খোৱা দৰৱ জানে নহয়। একেটা ফুতে থলথলকে সৰিব পোক।”
:”ধেই, মই সেইবোৰ বিশ্বাস নকৰোঁ। আবেলিকৈ ডাক্তৰৰ ওচৰলৈ যাম।”
বৰুৱানীয়ে সঁচাই জৰা-ফুকা এনেবোৰ কথা বিশ্বাস নকৰে।
:”বিশ্বাস নকৰিলেই হ’বনে। আমাৰ অমুকৰ দাঁতৰ বিষ হৈছিল নহয় তোৰ দৰেই। একো খাব নোৱাৰে। বিষত থাহনি নেপায় কান্দি থাকে‌। সেই দৰৱটো লৈ একেদিনাই ভাল হ’ল। এতিয়া বেঙেনা চেঙেনা চৱ খায়, একো নহয়।”
বৰুৱানীৰ মনত মিচিকিয়া হাঁহি এটা উঠে, যদিও মুখত প্ৰকাশ হ’বলৈ নিদি হয় নেকি বুলি শলাগে।
শলাগণিত উৎসাহ পাই ফুকননীয়ে আকৌ আৰম্ভ কৰে।
:”অমুকীৰো দাঁত পোকে খাই অল্প বিষ কৰিছিল নি‌। অমুকৰ ওচৰত জৰালে, অমুকৰ দৰৱ ল’লে, ডাক্তৰৰ ওচৰলৈ তিনিবাৰ চাৰিবাৰ গ’ল। ভাল নহয়হে নহয়। এইটো দৰৱ লৈ একেঁচাতে ভাল হ’ল। এতিয়া বিষ কোপ একোৱেই নহয়।”
:”অহ্ হয় নেকি।”
ইলেকট্ৰিক কেটলিটোত পানী অকণ বহাই বৰুৱানীয়ে বিশ্বাস-অবিশ্বাসৰ দোমোজাৰে ফুকননীয়ে চালে।
:”হয়তোন। সেইকাৰণে কৈছোঁ ডাক্তৰৰ ওচৰত গৈ হেজাৰ পোন্ধৰশ ভাঙি থৈ অহাতকৈ এইটো দৰৱকে লৈ চা। বেছি একো নেলাগে নহয়, কোটাহী বেঙেনাৰ গুটি পাঁচ ছয়টামান হ’লেই হয়। হেয়ীহঁতৰ বাৰীৰ পিছফালে অমুকৰ মৰিশালিটোৰ কাষতে আছে এজোপা গছ।”
বৰুৱানীয়ে এনেবোৰ কথা মানে জৰা ফুকা,
দাঁতত সঁচাসঁচি পোক থকা, দৰৱ পাই থলৰ থলৰ সৰা আদি কথা মুঠেও বিশ্বাস নকৰে। তথাপি দাঁতৰ বিষৰ লগতে ফুকননীৰ আগ্ৰহক উপেক্ষা নকৰি ক’লে-“ঠিক আছে। ইমানকৈ কৈছে যেতিয়া মই দৰৱটো লৈ চাম বাৰু।”
অলপ পিছত বৰুৱানীয়ে বৰুৱাক কৈ কোটাহী বেঙেনাৰ গুটি কেইটামান আনি ফুকননীৰ ঘৰত পৌচাই দিয়ালে। আৰু তামোলপাণ এযোৰ, গুৰু মান এটা দি দৰৱ ল’বলৈ গ’ল।
ইতিমধ্যে ফুকননীৰ জায়েকে দৰৱ সাজু কৰিছিল।
বৰুৱানী গৈ পোৱাৰ লগে লগে তেওঁ দৰৱ দিবলৈ সাজু হ’ল। ফুকননীয়ে উৎকণ্ঠাৰে চাই থাকিল।
তেওঁ এখন ষ্টীলৰ কাঁহীত পানী অলপ লৈ মাজতে চাকি এখন জ্বলাই লৈ কোটাহী বেঙেনাৰ গুটি কিছুমান সৰু খৰিকা এডালত লগাই লৈ বৰুৱানীক ক’লে-“তুমি মুখখন মেলি দিয়া। বেঙেনাৰ গুটিবোৰ জুইত পুৰি ধোঁৱাবোৰ মুখলৈ যাবলৈ দিম তাৰ পিছত চাবা।”
বৰুৱানীয়ে সেইমতে কৰিলে।
তেওঁ কোটাহী বেঙেনাৰ গুটিবোৰ চাকিখনত জ্বলাই ধোঁৱাবোৰ মুখৰ ভিতৰলৈ যাবলৈ দিলে। বৰুৱানীয়ে মুখখন বহলকৈ মেলি দিলে। ধোঁৱা বোৰ যেই মুখৰ ভিতৰত সোমাল খন্তেক পিছতে সৰু সৰু কৃমিৰ দৰে বগা বগা পোক কিছুমান টপৰ টপৰকৈ কাঁহীৰ পানীত সৰি পৰিল।
চিঞৰি উঠিল ফুকননী।
:”সেয়া দেখিছ দেখিছ, বিশ্বাস নকৰ নহয়। এইবোৰ চা তোৰ মুখৰ পৰা ওলাইছে। থলৰ থলৰ সৰি পৰিছে। কৈছিলোঁ নহয় একেটা ফুতে গোটেই পোক সৰি পৰিব বুলি।”
বৰুৱানীয়ে চাই দেখে সঁচাকৈয়ে কাঁহীত মৃত অৰ্ধমৃত কৃমিৰ দৰে সৰু সৰু অসংখ্য পোক।
:”এইবোৰেই তোৰ দাঁতৰ ভিতৰত কামুৰি থাকে। কেনেকৈ তৎ পাবি ক।”-ফুকননীয়ে ক’লে।
পুনৰ বিশ্বাস-আবিশ্বাসৰ দোমোজাৰে ফুকননীলৈ চালে বৰুৱানীয়ে।
:”এইবাৰ চাবি ভাল পাবিয়েই পাবি। কাইলৈ আৰু এপালি লৈ দিবি।”
পোকৰ সৈতে কাঁহীৰ পানীখিনি দূৰলৈ পেলাই ক’লে তেওঁ।
:”বাৰু ঠিক আছে তেনে। মই যাওঁ।” বুলি বৰুৱানী ঘৰমুৱা হ’ল।
ঘৰলৈ আহি বৰুৱানীয়ে চিন্তাত পাৰ পোৱা নাই। সঁচাকৈয়ে দাঁতৰ ভিতৰত এনেকুৱা পোক থকা সম্ভৱনে। নাই যদি থলথলকে সৰা পোকবোৰ পিছে ক’ৰপৰা ওলাল…
তেওঁ ভাবি ভাবি ইফাল সিফাল কৰি থাকোঁতে দেখা পালে অথনি বৰুৱাই অনা কেইটামান কোটাহী বেঙেনা এতিয়াও খৰাহিতে পৰি আছে। তেওঁ কিবা ভাবি বেঙেনা কেইটা কাটি গুটিবোৰ উলিয়াই ল’লে। তাৰ পিছত কাঁহী এখনত পানী দি ঠিক আগৰ দৰেই গুটিবোৰ খৰিকা এডালত লগাই মাত্ৰ মুখখন নপতাকৈ জ্বলাই চালে। যেই ফটফটকৈ গুটিখিনি জ্বলিব ধৰিলে থলথলকে পোক কিছুমান সৰি পৰিল কাঁহীখনত।
বৰুৱানী অবাক হ’ল। একেই বগা বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃমিৰ দৰে পোক। আগৰ পোকখিনি যেনিবা দাঁতৰ পৰা ওলাইছিল এইখিনি একা!
সাইলাখ আগৰ পোকবোৰৰ দৰেই অথচ তেওঁ মুখখন মেলাও নাই।
উত্তৰটো আপোনালোকেই দিয়কচোন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!