বৰ্ষাস্নাতা অপৰূপা কেৰালা
লেখক- প্ৰিয়ংকা বৰুৱা
শাওণমহীয়া বাৰিষাৰ জলধাৰাত স্নান কৰি হেনো কেৰালাখন অধিক মোহনীয় হৈ পৰে। এই কথাটো এতিয়াৰপৰা প্ৰায় বাইশ বছৰমান আগতেই মোৰ ৰূমমেট এগৰাকীয়ে কৈছিল। তাই কেৰালাৰ এৰনাকুলামৰ জীয়ৰী আছিল। খ্ৰীষ্টধৰ্মী সেই ৰূমমেটগৰাকীৰ নিজৰাজ্যৰ ৰূপৰ বৰ্ণনাৰ পৰাই শ্যামলৰ সেউজীয়া লগতে সাগৰৰ নীলাৰে ভৰপূৰ কেৰালাৰ গঠন আৰু বৰণক মই মনচক্ষুৰে তেতিয়াই অংকন কৰি লৈছিলোঁ।
কেৰালাৰ সংস্কৃতি, পৰম্পৰা, খাদ্যসম্ভাৰ, বেশভূষা আদিৰো সম্যক ধাৰণা এটা ৰূমমেটজনীৰ পৰাই পাইছিলোঁ। প্ৰায় এশ শতাংশই সাক্ষৰতা থকা আৰু হিন্দু মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোকে সমিলমিলেৰে বসবাস কৰাৰ উপৰিও এটা ধৰ্মই আনটো ধৰ্মৰ উৎসৱ পাৰ্বণক আন্তৰিকতাৰে পালন কৰাৰ কথাবোৰ শুনি দক্ষিণ ভাৰতৰ এই ৰাজ্যখনৰ প্ৰতি ছোৱালী কালতে মোৰ মনত মোহ আৰু হেঁপাহ গোট খাইছিল। পিছে আনৰপৰা শুনা আৰু চকুৰে দেখি ৰূপ সুধা পান কৰাৰ মাজত জানো পাৰ্থক্য নাই? দস্তুৰমত আছে। কিন্তু হাজাৰ মন গ’লেও ভাগ্য সুপ্ৰসন্ন নহ’লে মনোবাঞ্ছা পূৰণ নহয় বুলি যে এষাৰ কথা আছে মোৰ লগতো ঠিক সেইটোৱেই হৈছিল। বিভিন্ন ঠাই ফুৰিছোঁ যদিও কেৰালা দেখা নাছিলোঁ। কিন্তু জুলাই মাহৰ শেষভাগত পৰম আকাংক্ষিত কেৰালাক চোৱাৰ ক্ষণ মিলি পৰিল।
দুহেজাৰ চনত আমি মেট্ৰিক দিছিলোঁ। সেই হিচাপত এই বছৰ মেট্ৰিক দিয়া পঁচিছ বছৰ পাৰ হ’ল মানে ৰূপালী জয়ন্তী। স্কুল এৰাৰ পঁচিছ বছৰক ৰোমন্থন কৰিবলৈ মই আৰু দুজনী বান্ধৱীয়ে কোনো এখন ঠাই ফুৰিবলৈ বুলি জুন মাহৰ শেষৰ ফালে থিৰাং কৰিলোঁ। ফ’ন আৰু মেছেজৰ জৰিয়তে হোৱা আলোচনা আৰু জল্পনা কল্পনাৰ অন্তত ঈশ্বৰৰ দেশ (God’s Own Country) কেৰালা আমাৰ বাছনিত উঠিল। ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে পেকেজ ট্যুৰটো ঠিক কৰা হ’লত প্ৰায় এমাহৰ পাছত জুলাই মাহৰ পঁচিছ তাৰিখে আমি কেৰালালৈ যাম বুলি খাটাং হ’ল।
আমি তিনিওজনী বান্ধৱী তিনি ঠাইত থাকোঁ। মই বেংগালুৰু, আৰু বাকী দুজনীৰ এজনী মুম্বাই আৰু আনজনী হাইদৰাবাদত। এই যাত্ৰা আমাৰ বাবে অতি আনন্দৰ আছিল। সংসাৰ আৰু চাকৰিৰ ব্যস্ততাৰপৰা আঁতৰি স্কুলীয়া বান্ধৱীকেইজনী বছৰ বছৰৰ পাছত কেইটামান দিন একেলগে থাকিম। পুনৰ এবাৰ সেই দশম শ্ৰেণীৰ বেঞ্চখনত বহি পুৰণি সোণালী দিনবোৰক উভতি চাম। তাতে গন্তব্যস্থান হেঁপাহৰ কেৰালা। উফ্! আমাৰ মনবোৰ যেন মণ্টেছৰী শ্ৰেণীৰ চাৰিবছৰীয়া কণমানি একোজনীৰ দৰে পখিলা পখিলা হৈ পৰিল। অথচ বাস্তৱত আমি জীৱনৰ আধা বয়স পাৰ কৰা একোগৰাকী পূৰ্ণ নাৰী।
পঁচিছ তাৰিখে পুৱা আঠ বাজি ত্ৰিশ মিনিটত বেংগালুৰুৰপৰা আকাশমাৰ্গেৰে মই ক’চিনলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। বেংগালুৰু আৰু ক’চিনৰ মাজত আকাশীদূৰত্ব প্ৰায় পনচল্লিশ মিনিট যদিও সেইদিনা বিমানখনে আগতীয়াকৈ আধা ঘণ্টাতে কেৰালাৰ ভূমি স্পৰ্শ কৰিছিল। এইখিনিতে এটা কথা কিছু ৰোমাঞ্চকৰ হৈ পৰিছিল। বিমানখনে অৱতৰণ কৰিবৰ সময়ত ঠিক সাগৰখন চুও চুওকৈ আছিল। যেন ভূমি নহৈ ফেনিল জলৰাশিকহে স্পৰ্শ কৰিব। সাগৰৰ পানীত ওপঙি থকা ফেৰী, জাহাজ আৰু স্পীড বোটৰ দিশেহে যেন বিমানখন নামি গৈছে। বিমানৰ খিৰিকী কাষৰ চিটত বহি এই দৃশ্য মই বেছ উপভোগ কৰিছিলোঁ যদিও পেটে পেটে ভয়ো খাইছিলোঁ। বিমানৰ চকাই মাটিত নহৈ পানীত ভৰি থ’ব নেকি? চকু মুদি খন্তেকলৈ নেদেখাজনক স্মৰণ কৰিলোঁ। এবাৰ চকু মেলোঁতে পানী আৰু মাটিৰ মাজৰ সীমাৰেখাডাল দেখিলোঁ। এফালে সুনীল সাগৰ আৰু আনটো পাৰে নাৰিকল গছৰ শেষ নোহোৱা শাৰী। ওপৰৰপৰাই অনুভৱ কৰিছিলোঁ মাটিতেই নামিম আৰু হেৰাই যাবলৈ উপক্ৰম হোৱা উশাহটো ঘূৰি আহিছিল।
ইতিমধ্যে পোন্ধৰ বিশ মিনিটৰ অগা পিছাকৈ বান্ধৱী দুজনীও ক’চিন আহি পাইছিল। তিনিওজনীয়ে যেতিয়া লগ পালোঁ কি যে ভাল লাগিছিল। এয়াৰপোৰ্টৰ ভিতৰতে আমি এটা সৰু সুৰা ফটো চেশ্যনেই আৰম্ভ কৰি দিলোঁ। এই যাত্ৰাক অধিক স্মৰণীয় কৰিবলৈ আমি তিনিওজনীয়ে একেই আৰ্হিৰ টি চাৰ্ট লৈছিলোঁ আৰু সেইটোকে পিন্ধি গৈছিলোঁ। এয়াৰপোৰ্টত গোটেইকেইজনীৰ দেহত সেয়ে একেই পোছাক। টি চাৰ্টত আছিল সৰু ল’ৰা ছোৱালীয়ে ভালপোৱা কাৰ্টুন। কোনোবাই আমাক ঘূৰি ঘূৰি চাইছে যদিও আমাৰ সেইবোৰলৈ কাণসাৰ নাই। আচলতে সেইকেইদিন আমাৰ বয়সো একেবাৰে কমি চাৰি পাঁচ বছৰীয়া অকণমানি ছোৱালীকেইজনীৰ দৰেই হৈ পৰিছিল।
ফটো তুলি শেষ হোৱাৰ পাছত আমি ওলাই আহি চালক নীতিনৰ লগত এজেঞ্চিয়ে পঠোৱা গাড়ীত বহিলোহি। নীতিন মালায়ালী যুৱক। হাঁহিমুখেৰে তেওঁ আমাক কেৰালালৈ স্বাগতম জনালে। নীতিনেই সেইকেইদিন আমাক কেৰালা ফুৰোৱা মানুহ। আগদিনা নিশা ক’চিনত মুষলধাৰ বৰষুণ হৈছিল। কিন্তু পুৱা বতৰ বেছ ফৰকাল। ঠায়ে ঠায়ে ভিজি থকা পথ বেলিৰ পোহৰত জিকমিকাই উঠিছে।
ক’চিনৰপৰা আমাৰ যাত্ৰা একা বেঁকা পথেৰে মুন্নাৰ চহৰলৈ আৰম্ভ হ’ল। মুন্নাৰ কেৰালাৰ চাহ খেতিৰে ভৰপূৰ এখন অতি বিতোপন পাহাৰীয়া চহৰ। বাটত যিফালেই চাওঁ সেইফালেই গছ গছনিৰে ভৰা প্ৰচুৰ সেউজীয়া, মাজে মাজে ওখ ওখ পাহাৰ আৰু তাৰপৰা নামি অহা ঝৰ্ণাৰ ধাৰা। কেৰলাৰ প্ৰাকৃতিক পৰিৱেশটো অসমৰ লগত যথেষ্ট মিলে বুলি কেৰালালৈ যোৱা বহুতৰ মুখত শুনিছোঁ। নিজেও সেই কথা হৃদয়ংগম কৰিলোঁ যেন অসমতহে আছোঁ। কিন্তু যেতিয়াই চাইন ব’ৰ্ড বা দোকানৰ সমুখত অকোঁৱা পকোৱা লিপিত লিখা শব্দবোৰ আৰু আঁঠুৰপৰা ওলোটাই বগা লুঙী পিন্ধা পুৰুষসকলক দেখোঁ তেতিয়াই বৰ্তমানলৈ আহোঁ যে এয়া আমাৰ অসম নহয়।
ক’চিনৰ সমতলৰপৰা যিমানেই পাহাৰীয়া ঘন কেঁকুৰিবোৰেদি ওপৰলৈ উঠিলোঁ বাটত কেইবাটাও সৰু বৰ জলপ্ৰপাত দেখা পালোঁ। তাৰ ভিতৰত চ্চিয়েপাৰা আৰু ভালাৰা উল্লেখযোগ্য। পাহাৰৰ চূড়াৰপৰা ক’লা শিলক চুমি খৰশ্ৰোতা গাখীৰতী সোঁত তললৈ নামি আহিছে। সেইসময়তে ৰিমঝিমকৈ বৰষুণ এজাকো আৰম্ভ হৈছিল। লগতে ফিৰফিৰিয়া বতাহ। তেনেকুৱা বৰষুণত তিতি কুলু কুলু শব্দেৰে গাখীৰৰ দৰে বৈ অহা জলপ্ৰপাত চোৱাৰো মজা সুকীয়া।
বৰষুণৰ বেগ লাহে লাহে বাঢ়িছিল। ড্ৰাইভাৰক ক’লোঁ যে আমি সম্পূৰ্ণ কেৰালাৰ থলুৱা পদ্ধতিৰে ৰন্ধা আহাৰ খাবলৈ বিচাৰো। কেৰালাৰ প্ৰায়বোৰ আমিষ ৰেষ্টুৰেণ্টতে গো মাংস সহজলভ্য কাৰণ তাত মুছলিম আৰু খ্ৰীষ্টধৰ্মীসকলৰ লগতে বেছিভাগ হিন্দুৱেও এই খাদ্য গ্ৰহণ কৰে। আমি সেইদিনা দুপৰীয়া এখন ধাবাত নিৰামিষ কেৰালা ঠালি খালোঁ। সোৱাদ অপূৰ্ব। কলপাতত বৰ সুন্দৰকৈ পোন্ধৰ ষোল বিধমান নাৰিকল তেলত ৰন্ধা ৰং বিৰঙী ব্যঞ্জনবোৰ এটি এটিকৈ সজাই গ’ল। ৰচম, চাম্বৰ আৰু দৈৰ কাৰী আছেই। লগতে তিনিবিধমান ভিন্ন পায়সম মানে পায়স। খাদ্য আগবঢ়াই দিয়া মহিলাগৰাকীয়ে আমাক অসমীয়াত কথা পতা শুনি আমি অসমৰ কোন ঠাইৰ বুলি অসমীয়াত সুধিলে। তেওঁৰ ঘৰ গোলাঘাটৰ সৰুপথাৰত।
কলপাতখনত পৰিপাটিকৈ সজোৱা ইমানবোৰ খাদ্যসম্ভাৰ দেখিয়েই আমাৰ ভোক উজাই আহিল। ভাতখিনি আমাৰ উখোৱা চাউলৰ দৰেই কিন্তু ফটফটিয়া বগা।
তৃপ্তিৰে ভাতখাই আমি এখন স্পাইছ গাৰ্ডেন চাবলৈ সোমালো। মা মচলা, শুকান ফল, ঔষধি গুণসম্পন্ন উদ্ভিদ আৰু দৰৱৰ বাবে কেৰালা বিখ্যাত। এজনী কম বয়সীয়া গাইডে আমাক গোটেই বাগিচাখন দেখুৱাই প্ৰতিজোপা উদ্ভিদৰ নাম আৰু গুণাগুণ বুজাই গ’ল। বাগিচাত প্ৰৱেশ মূল্য এশ টকা। মই গাইডজনীৰ শকত ক’লা দীঘল চুলিকোঁচাহে চাই ৰ’লো। কেৰালাৰ নাৰীৰ চুলিৰ গঠন অতি সুন্দৰ। বৰ ডাঠ আৰু বেছিভাগৰ কেঁকুৰা। বাগিচাৰ লগতে ভিন্ন ঔষধিযুক্ত তেল, চাবোন, দৰৱ, মচলা আদিৰ এখন বিপনীও আছে। কেওজনীয়ে আমাৰ প্ৰয়োজনীয় বস্তু কেইবিধমান ক্ৰয় কৰিলোঁ।
লাহে লাহে পাহাৰীয়া পথৰ বুকুলৈ সন্ধিয়া নামি আহিছিল। পাতলীয়া বৰষুণে মুন্নাৰক স্পৰ্শ কৰি থকাৰ বাবে কিছু ঠাণ্ডা অনুভৱ হৈছিল। সেই সময়তে ড্ৰাইভাৰে ক’লে, কেৰালাৰ লোকনৃত্য মোহিনীয়াত্তম, কথাকলি আৰু সমৰ কলা কলাৰীৰ দুঘণ্টাৰ এটা শ্ব’ হয়। আমি চাবলৈ ইচ্ছুক নেকি? লগে লগেই হয় ভৰ দিলোঁ। কাৰণ যিখন ঠাইলৈ ফুৰিবলৈ আহিছোঁ সেই ঠাইখনৰ সংস্কৃতিক জানিবলৈ আমি অতি আগ্ৰহী। এহেজাৰ টকাৰ টিকটৰ সেই অনুষ্ঠান দুটা যে কি সুন্দৰ আছিল। একেবাৰেই পইচা ৱচুল বুলি ক’ব পাৰি। চাই চকু মন জুৰ পৰিছিল। শিল্পী সকলৰ কি বিস্ময়কৰ প্ৰতিভা। বিশেষকৈ কলাৰী(কলাৰিপায়াত্তু) প্ৰদৰ্শন কৰা যুৱক কেইজনৰ প্ৰতিভা দেখি তবধ মানিছিলোঁ। তৰোৱালৰ যুদ্ধ প্ৰদৰ্শন, জুইৰ লগত খেল দেখুৱাৰ উপৰিও শৰীৰটোক কেনেকৈ যে ভিন্ন ভাঁজ কৰে! টিকটৰ দাম তেওঁলোকৰ কষ্ট আৰু প্ৰতিভা দেখি কম হৈছে যেনহে লাগিল। আটাইতকৈ ভাললগা কথা আছিল যি কেইজন যুৱকে টিকেট কাউণ্টাৰত বহি টিকেট বিক্ৰী কৰিছিল তেওঁলোকেই এই কলাবোৰ প্ৰদৰ্শন কৰিছিল। ইমান নিৰহংকাৰী আৰু কোনো কামকে ক্ষুদ্ৰ বুলি নভবা শিল্পী। তেওঁলোকলৈ মনত মোৰ শ্ৰদ্ধা জাগিছিল। বুকু ভৰি উঠা অনুষ্ঠানটো চাই আমি নিশা আঠ মান বজাত হোটেলত প্ৰৱেশ কৰিলোঁ। ক’চিনৰপৰা মুন্নাৰলৈ চাৰি ঘণ্টামান সময় লাগিল।
পিছদিনা হোটেলতে ব্ৰেক ফাষ্ট কৰি ন বজাৰ আগে আগে আমি মুন্নাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য চাবলৈ ওলালোঁ। সেইদিনা মুন্নাৰৰ বতৰ পুৱাৰেপৰাই ডাৱৰীয়া। মাজে মাজে নেৰানেপেৰা বৰষুণ পাম বুলি নীতিনে আগজাননী দিলে। যিমানেই ওপৰলৈ গ’লোঁ বতাহৰ পৰিমাণ বাঢ়ি আহিল। পাহাৰৰ তলিৰপৰা ওপৰলৈকে চাহগছৰ খেতি দেখি অভিভূত হৈ পৰিছিলো। এনেও আমি চাহৰ দেশৰ মানুহ বাবে সদায় চাহ বাগিচাৰ প্ৰেমত পৰোঁ। চকুৰে মণিবপৰা দূৰত্বলৈকে কেৱল সেউজীয়া দলিছা। বৰষুণত ভিজা এঢলীয়া দলিছা বতাহত কঁপি উঠিছে। আমাৰ ছাতি কেইটাকেই নহয়, বৰষুণ বতাহে যেন আমাকো উৰুৱাই নিব। সেইখিনি ঠাইক ফটো পইণ্ট বুলি কয়। পৰ্য্যটক তেতিয়াও ভৰি আছিল আৰু তাৰ মাজতে সকলোৱে হাঁহি স্স্ফূৰ্তিৰে ফটো তুলিছিল। জুইৰ অঙঠাত সেকা গৰম গৰম মাকৈ আৰু চাহো বহুতে খাইছিল।
তাৰপৰা আমাক ড্ৰাইভাৰে লৈ গ’ল ইদ্দুকি জিলাত থকা মাট্টুপেট্টী বান্ধ আৰু কুণ্ডালা হ্ৰদ চাবলৈ। চাহ বাগিচাৰ পাহাৰৰপৰা তললৈ নামি আহোঁতে বৰষুণ আৰু বতাহৰ পৰিমাণ লাহে লাহে কমিল। ইয়াৰ পৰিবেশো অতি সুন্দৰ। বান্ধৰ দলঙত থিয় হওঁতে এনে লাগিছিল যেন এখন ধুনীয়া বহল নৈক চাই আছোঁ। বান্ধ চাই আমি চাবলৈ গ’লো ইক’ পইণ্ট। ইক’ পইণ্টৰ প্ৰাকৃতিক দৃশ্য ইমানেই বিশাল আৰু সুন্দৰ যে সেয়া কেমেৰাৰ লেন্সত ধৰি ৰখা সম্ভৱ নহয়। চকুৰে চাই থাকিও হেঁপাহ নপলায়। তলত গভীৰ পানী আৰু কাষত গাঢ় সেউজীয়াৰে আবৃত ওখ পাহাৰ। ডাঙৰকৈ মৰা চিঞৰবোৰৰ প্ৰতিধ্বনি হয় বাবেই এই ঠাইক ইক’ পইণ্ট বুলি কয়। আমিও অসম বুলি চিঞৰি কৈছিলোঁ। পাহাৰত বুকুত ঠেকা খোৱা আমাৰ মাতবোৰৰ পাহাৰৰ সিটো পাৰৰপৰা অহা প্ৰতিধ্বনি শুনিছিলোঁ।
ইক’ পইণ্টৰপৰা ইৰাভিকুলাম ৰাষ্ট্ৰীয় অভয়াৰণ্য চাবলৈ গ’লো। সেইসময়ত বৰষুণৰ বেগ যথেষ্ট বঢ়াত আমি ইমান বৰষুণত অৰণ্যৰ ভিতৰলৈ নোযোৱাটো থিৰাং কৰিলোঁ। অৱশ্যে ৰেইনকোট পিন্ধি আৰু ছাতি লৈ বহুত মানুহ বিশেষকৈ পুৰুষসকল গৈয়েই আছিল। আমি অভয়াৰণ্যৰ গেইটত থকা ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ খাই পোন্ধৰ মিনিটৰ ৩৬০ ডিগ্ৰী কোণত দেখুওৱা ভি আৰ(ভাৰ্চুৱেল ৰিয়েলিটি) চালোঁ। ইৰাভিকুলামৰ উপৰিও মুন্নাৰৰ সৌন্দৰ্য্যক তেনেদৰে চায়ো বেছ আমোদ পালোঁ।
আবেলি হোটেললৈ ওভতাৰ বাটত এখন স্পা চেণ্টাৰত সোমাই কেৰালাৰ বিখ্যাত শিৰোধাৰা আয়ুৰ্বেদিক থেৰাপি ল’লো। প্ৰায় দুঘণ্টাৰ এই থেৰাপিয়ে দেহ, মন সতেজ কৰি পেলালে।
পিছদিনা ৰাতিপুৱা হোটেল এৰাৰ পাছত আমাৰ যাত্ৰা আৰম্ভ হ’ল এল্লেপি বা আলাপুঝালৈ। বতৰ সুন্দৰ। পাহাৰৰপৰা নামনিলৈ যিমান নামিছো ৰ’দটো লাহে লাহে টান হৈছিল। বেক ৱাটাৰত(সাগৰে ঠেলি উলিয়াই দিয়া পানী) হাউচ বোটত থকাৰ উত্তেজনাত উল্লসিত হৈ পৰিছিলোঁ। ঘাটত বান্ধি থোৱা নাৱত আমি বয় বস্তু লৈ উঠিলোঁ। নীতিন পাৰত থকা কোঠাত থাকিব। এল্লেপিৰ নাৱতো বৰপেটা আৰু মাজুলীৰ তিনিজন ল’ৰাক কৰ্মচাৰীৰূপে পালোঁ। আমাৰ নাওখনৰ নাম আছিল আন্না ক্ৰুজ ন’টিকা। অসমীয়া ল’ৰা কেইজনে আমাক পাই বৰ ভাল পাইছিল আৰু খোৱা বোৱাত বিশেষ যত্ন লৈছিল। নাওখন দুমহলীয়া। তলত তিনিটা আৰু ওপৰত এটা কোঠা। আমি ওপৰৰ কোঠাটোত আছিলোঁ। দুপৰীয়াৰ আহাৰ নাৱত খোৱাৰ পাছত পানী ফালি নাও ধীৰে ধীৰে চলিবলৈ ধৰিলে। মাজে মাজে সৰু সৰু দ্বীপ। দ্বীপৰ গছ আৰু বেক ৱাটাৰৰ পানীৰ সংমিশ্ৰণত বলা দেহ জুৰ পেলোৱা ৰিব ৰিব সমীৰণ আমাৰ গাত লাগিছিল। পশ্চিম আকাশৰপৰা লহিয়াবলৈ লোৱা হেলনীয়া বেলিৰ বিচ্ছুৰিত পোহৰ দ্বীপৰ নাৰিকল গছৰ চিৰিলি পাতৰ মাজেৰে সৰকি আহিছিল। এই বেক ৱাটাৰ ভেমৱানাদ হ্ৰদত আছে। কেৰালাত অৱস্থিত ভেমৱানাদ হ্ৰদ ভাৰতৰ সৰ্ববৃহৎ আৰু দীৰ্ঘতম বেক ৱাটাৰ হ্ৰদ যিটো ৯৬.৫ কিঃমিঃ বহল আৰু ২০৩৩ বৰ্গ কিঃ মিঃ অঞ্চল সামৰি লয়। পানীৰ মাজত বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু বহুত পানীকাউৰী দেখিলো। আবেলি আকৌ এটা ঘাটত নাও বান্ধি টুলুঙা নাৱত ফুৰাব বুলি জনালে। গাইপতি তিনিশ টকাকৈ দি আমি কেইজনী আৰু আমাৰ নাৱত থকা আন মানুহবোৰ টুলুঙা নাৱত উঠিলোঁ। সৰু সৰু খালৰ মাজেৰে আৰু কেইবাখনো পকী দলঙৰ তলেৰে নাৱৰীয়াই নাও চলাই নিলে। কিছুমান দলং ইমান চাপৰ যে আমি নাওৰ তলত বহি মূৰটো একেবাৰে তললৈ কৰি দিওঁ। নহ’লে চিধাই দলঙত খুন্দিয়াম। পানীত ডুবি থকা বহুত পকী ঘৰ চকুত পৰিল। তলৰ মহলবোৰ একেবাৰে ডুব যোৱাত মানুহবোৰে ওপৰত আৰু এটা তলা তুলি লৈছে। ইমান পানীৰ মাজত সদায় কেনেকৈ বাৰু সেই মানুহবোৰ থাকে ভাবি আচৰিত হ’লোঁ। নাৰিকলৰ লগতে কঁঠাল, আম আৰু বিভিন্ন ডাঙৰ ডাঙৰ গছ দ্বীপবোৰত আছে। নাৱত গৈ থাকোঁতে এঠাইত বৰ ধুনীয়া নাৰিকলৰ বৰফৰ সোৱাদ ল’লো। যেতিয়া হাউচ বোটলৈ উভতিলোঁ তেতিয়া বৰপেটাৰ ল’ৰাজনে সকলোকে চাহ আৰু পিঁয়াজী খুৱাই সতেজ কৰি তুলিলে। ৰাতি নাও ঘাটত বান্ধি থয়। শাৰী, মেখেলা চাদৰ আমাৰ প্ৰিয়সাজ। সন্ধিয়া সেয়েহে কেৰালা শাৰী ৰূপে খ্যাত বগাত সোণালী পাৰি থকা কাচাভু শাৰী পিন্ধিলোঁ আৰু মূৰত মল্লিকা ফুলৰ গজৰাও লগালো। নাৱখনত সহযাত্ৰীৰূপে থকা কেৰালাৰ দুজনী ছোৱালীয়ে আমাক তেনেকৈ দেখি বৰ ভাল পালে। আমিও জানো অনা অসমীয়া মহিলাই আগ্ৰহ কৰি মেখেলা চাদৰ বা অসমীয়া গহনা পিন্ধিবলৈ বিচাৰিলে সুখী হৈ নপৰো? সিহঁতে আমাক বিভিন্ন প’জত ফটোও তুলি দিলে।
পিছদিনা পুৱা ন বজাত আমি নাও এৰিব লাগিব। ইডলি, চাম্বৰ আৰু নাৰিকলৰ চাটনিৰে ব্ৰেক ফাষ্ট কৰি এল্লেপি এৰিলোঁ। নাও এৰাৰ আগতেও এপাক আকৌ তেওঁলোকে ফুৰালে। গতিকে আমি মৃদু লয়ত দুলি দুলিৱেই পুৱাৰ আহাৰ খালোঁ। ঘাটত গাড়ী লৈ নীতিন হাজিৰ। অসমীয়া ল’ৰাহঁতক বিদায় দি আমাৰ গাড়ী মাৰাৰী বীচ্চ্ অভিমুখে চলিল।
আৰৱ সাগৰৰ পাৰৰ আলেপ্পিত থকা মাৰাৰী বীচ্চখন বৰ শান্ত আৰু পৰিষ্কাৰ। দুচকু মুদি দুহাত মেলি সাগৰৰ দিশে মুখ কৰি আকাশলৈ চাই সাগৰৰ গভীৰতা আৰু আকাশৰ বিশালতাৰ উমান ল’বলৈ চেষ্টা কৰিলোঁ। সুন্দৰ বীচ্চত আমি ভালেমান সময় কটালোঁ। মাৰাৰীৰপৰা আমি ক’চিন পাবলৈ প্ৰায় ডেৰ ঘণ্টা সময় লাগিল। ক’চিনত যান জঁটৰ সমস্যা নেদেখিলোঁ। ৰাস্তাবোৰ মসৃণ আৰু বেছ পৰিষ্কাৰ। মোৰ গুৱাহাটীলৈ মনত পৰিছিল। ভিৰ, ধোঁৱা, প্ৰদূষণ, ফ্লাই অ’ভাৰ, ক্ৰমান্নয়ে বাঢ়ি অহা ট্ৰেফিক জাম, কৃত্ৰিম বানপানী ইত্যাদি কত কি সমস্যা! আমি ফ’ৰ্ট ক’চিন নামে খ্যাত ঠাইখিনি ফুৰিলোঁ। ডাচ্চ, পতুৰ্গীজ আৰু ব্ৰিটিছ ঔপনিবেশৰ স্থাপত্য কলাৰ সুন্দৰ নিদৰ্শন থকাৰ উপৰিও এই ঠাইত বৃহৎ বৃহৎ চীনা মাছধৰা জালবোৰ আছে। কেইবাটাও আটকধুনীয়া গীৰ্জাঘৰেও ঠাইখিনিক আকৰ্ষণীয় কৰি তুলিছে। আমি ক’চিনৰ বিখ্যাত মাতানচ্চেৰী প্ৰসাদ আৰু সংগ্ৰাহালয়ো চালোঁ। প্ৰসাদটোৰ ওচৰত এখন বৰ সুন্দৰ বজাৰ আছে। আমিও বজাৰত পাক মাৰি দুই এপদ সামগ্ৰী কিনিলোঁ। কেৰালা লান্স হ’মত আমি কেৰালা আৰ্হিত ৰন্ধা সুস্বাদু মাছ আৰু মুৰ্গী মাংসৰে উদৰ পুৰাই হেঁপাহেৰে এসাজ খালোঁ।
শেষ আবেলিলৈ ক’চিন বিমান বন্দৰত নমাই নীতিনে আমাৰপৰা বিদায় ল’লে। আমি সুখী যে আমাৰ যাত্ৰা সফল আৰু অতি সুখদায়ক হ’ল। সেমেকা চকুৰে সাৱটি ইজনীয়ে সিজনীক বিদায় দি নিজৰ নিজৰ ব’ৰ্ডিং গেইটৰ দিশে আগুৱাই গৈছিলোঁ। আকৌ কেতিয়া এনেকৈ গোটেইকেইজনী লগ হৈ পুনৰ নতুন ঠাই এখনলৈ যাম মাথোঁ তাৰ অপেক্ষাত ৰ’লোঁ। বিমানৰ খিৰিকীৰ কাষত বহি মই বেংগালুৰুলৈ যেতিয়া উৰা মাৰিছিলোঁ তেতিয়া ক’চিনৰ ভূমিত জ্বলা বিজুলী বাতিবোৰে যেন অন্ধকাৰত এখন টুনি লাইটৰ বহল জাল মেলি দিছে তেনেকুৱা লাগিছিল। একে সময়তে কেৰালাৰ আকাশতো তৰা জিলিকিছিল।
কেৰালা, তুমি সঁচাই অপৰূপা…
