বৰ্ষা সিক্ত জোনাক (ইন্দুকল্প শ‍ইকীয়া)

InduKalpa Saikia


_____________

শেতেলীৰ স্বচ্ছন্দতা আৰু নিদ্ৰাৰ আকুলতাই যেতিয়া
মোৰ লগত যুজ-বাগৰ কৰি আছিল
মোক সপোন ৰাজ্যৰ চোতাললৈ নিবলৈ,
নিৰৱতাৰ বুকুত
হঠাৎ নিৰ্দ্দয় ভাৱে আঘাত কৰিছিল
দুৱাৰত প্ৰাণ পায় উঠা কেইটিমান টোকৰে…

কোনে টুকুৰিয়ালে এই নিজম ৰাতি ?

দুৱাৰখন খুলি দিয়াত জোনাক এজাক সোমাই আহিল,
বৰষুণত জুৰুলি-জুপুৰি হোৱা এজাক জোনাক ।
দূৰৈৰ আমজোপাক জোকাৰি বতাহজাকে দি থৈ গৈছিল
দুৱাৰত টুকুৰিৱাৰ সম্ভেদ ।

কোঠাৰ বেৰেদি বগাইগৈ তেতিয়ালৈ
মোৰ শেতেলীত শুই পৰিছিল জোনাকীজাক….।
হয়তো বৰ্ষাৰ ধৰ্ষণে দুৰ্ব্বল কৰা জোনাকীজাকক
নিদ্ৰাৰ আকুলতাই শিথিল কৰি পেলাইছিল..।

আকাশখনৰ দুচকুত তেতিয়াও লাগি আছিল কিছু বিষণ্ণতা ।

মই দুৱাৰখন জপাই নিদিলো,
জোনাকীজাকক আলফুলে সাৱতি ধৰি
শেতেলীৰ স্বচ্ছন্দতা আৰু নিদ্ৰাৰ আকুলতাৰ ওচৰত
পৰাজয় বৰণ কৰিলো

সমীৰণ জাকে মাজে মাজে আমাক চাই গৈছিল
উদং দুৱাৰদলি পাৰ হৈ আহি…..।।।।।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!