মাছৰ জীয়েকৰ সাধু — যতিন বড়া
(এক)
কিমান কামাতুৰ হ’লে এজন পুৰুষে
সংগমৰ সংগী কৰিব পাৰে এজনী মাছ?
কিমান লোলুপ হ’লে এজন ৰজাই
গৰ্ভৱতী কৰিব পাৰে অলেখ জৰায়ু?
কাৰেঙৰ ৰাণী৷ পথৰ নাৰী৷ পানীৰ মাছ৷
এইখন কামাৰ্ত পুৰুষৰ দেশ৷
কাম শিখাই নাৰীৰ সু-কোমল বাগিছাবোৰ
ছাই কৰাৰ দেশ৷
এইখন দেশৰ বজাৰবোৰত কিনিবলৈ পোৱা যায়
পুৰুষৰ দেহৰপৰা স্খলিত
উত্তেজনা টোপোলা
নদীবোৰক ভক্ষণ কৰিবলৈ বাধ্য কৰোৱা হয়
সেয়েহে ইমান পৰিচয়বিহীন মঙহ৷
মাছৰ পেটত মানুহৰ জী৷
(দুই)
নদীখনৰ পাৰত কেচেমা কেচেম গোন্ধ
নাৱৰীয়া ছোৱালীজনীক দেখিলে
মানুহবোৰে দূৰতে নাক কোচায়
অকটা গোন্ধটোৰ বাবে৷
ৰাতিবোৰ ছোৱালীজনীৰ বাবে দীঘল হৈ পৰে
সেইবাবেই৷
কম কথানে!
পাটগাভৰু দেহ, মানুহ টনাৰ দেহ৷
নিপোটল ডেকাৰ টোপনি হৰা দেহ৷
উৰি ফুৰা চগা পোৰা দেহ৷
কথাবোৰ ভাবিলে
তাইৰ
হুমুনিয়াহবোৰ সৰিপৰে৷ যন্ত্ৰণাৰ৷
মানুহবোৰৰ চোক থকা কথাবোৰে
তাইৰ কলিজাৰ এচুকত সদায় বিন্ধে
ৰাতি ৰাতি তেজবোৰ বৈ আহি
গাৰুত গিলিপ মাৰে
শুকাই যায় তেজ৷ পাৰৰ মাটি৷
শিলৰ দৰে টান৷
কাকিনি তামোলৰ দৰে
বাঢ়ি আহে তাইৰ জেদ্
ভেঙুচালি কৰা মুখবোৰ
জ্বলাই দিয়াৰ জেদ্৷
তাইক এপাত অস্ত্ৰ লাগে
জেদবোৰে কিলবিলাই উঠে তাইৰ মূৰ৷
(তিনি)
সুগন্ধি বেচা বুঢ়া বেপাৰীজনৰ কথা
তাই শুনি আছে বহু দিনৰ পৰা
এইবাৰ দুবটল সুগন্ধি কিনিব
কেচেমা কেচেম গোন্ধটো নাইকিয়া হ’ব
এপাত অস্ত্ৰ বিচাৰি পাব৷
বুঢ়া বেপাৰীজনক তাই কথাতো কলে
নদীৰ মাজত,
সংগোপনে
হাতত ফুটাকড়ি এটিও নথকা বাবে
সেইদিনা বাৰে বাৰে ভিজাই আছিল
তাইৰ অসমতল ভূগোল৷
বুঢ়া বেপাৰীৰ কোমল মঙহৰ প্ৰতি
আসক্তি থকাৰ বাবে
তাই লাভ কৰিছিল দুবটল সুগন্ধি আৰু
এটুকুৰা তেজলগা মঙহ৷
(চাৰি)
বুঢ়া বাঘ জালত পৰিল
সুগন্ধিৰ জাল৷ সন্ধিয়া৷
নদীৰ পাৰত৷ পানীৰ মাজত৷ নাৱত৷
মাছৰ জীয়েক ৰাণী হ’ল
নদীখনৰ পানীবোৰ নীলাৰপৰা ৰঙা হ’ল
মাছৰ জীয়েকৰ আদেশ
জ্বলাই দিয়া হ’ল
নদীখন
পিছৰ মানুহে বিচাৰি পালে
নদীখনৰ পাৰৰ হাড়
এটি সভ্যতাৰ ছাই লগা কলপাত
বালি আৰু বালি
দূৰৈত নাৰীৰ কান্দোন
বুকুত পঁয়ালগা কিছুমান কেঁচুৱা৷