মাছৰ টেঙা
লেখক- মানসী গোহাঁই
এতিয়ালৈ কথাই কথাই এনে হৈছেগৈ যে মাছৰ আগে-পিছে টেঙা শব্দটো নলগালে আধৰুৱা যেন লাগে। কিবা এটা যেন নাই। কিন্তু নাইনো কি? টেঙাটো নিজেও শব্দ। অথচ মাছৰ টেঙাৰ কথাই সুকীয়া। মানে আৱেগ আৰু। খাৰখোৱাৰ আৱেগ মাছৰ টেঙা। অথচ খাৰে টেঙাই একেপাতত নবহা বেথা।
আমাৰ অসমখনক প্ৰকৃতিয়ে যেন মাছৰ টেঙা খাবলৈকে বিবিধ টেঙা গছবোৰ দিছে। সৰুতে অৱধাৰিত ধাৰাৰ দৰেই মাছৰ প্ৰতি ৰাপ নাছিল। এনেকি ডাঙৰৰ ৰঙা চকু দেখিলেহে অকণমান গিলি থৈছিলোঁ। ভিটামিন, প্ৰটিন নহ’লে ল’ৰা কেনেকৈ ডাঙৰ হ’ব বুলি পাপাই মাছ ভাজি সুদাকৈয়ে খাবলৈ দিছিল। তেনেকৈ ভালেই লাগিছিল। কিন্তু মাছৰ টেঙাৰ সোৱাদৰ মোল বুজা নাছিলোঁ। মাছৰ টেঙা আৱেগে শেহতীয়াকৈহে খুন্দিয়াইছে।
কোনোবা এটা বিহুত ঘৰ ঘৰুৱাল লগ হোৱাৰ এদিন এসাঁজ কেৱল মাছৰ আইটেমেৰে খোৱা যাওক বুলি ডাঙৰে সিদ্ধান্ত ল’লে। মাছ পোৰা পিটিকাৰ পৰা, পাটত দিয়ালৈকে মাছৰ বিবিধ ব্যঞ্জন আগত লৈ সকলোৱে খাবলৈ বহে। মাছৰ সোৱাদৰ ৰস নোপোৱা আমি ভাত লিৰিকি-বিদাৰি বোলো ব্ৰইলাৰ মাংস অকণমান নহ’লে বাকী সব মিছা। তাৰপাছত বিহুৰ দিন বুলিও সাৰি নোযোৱাকৈ যিষাৰ গালি শুনিলোঁ, সেইদিনাৰপৰা মাছৰ বদনাম নোগোৱা হ’লোঁ। পাৰিলে ক’লা চাহৰ লগতো মুখৰুচক হিচাপে ভজা মাছৰ টুকুৰা এটা ল’ম বুলি সেইদিনাই একপ্ৰকাৰৰ সংকল্পবদ্ধ হ’লোঁ। বিহুদিনাই খোৱা গালিত শোকে খুন্দা মাৰি ধৰিছিল। তাৰেই সুবাদত হওক বা নহওক লাহে লাহে মাছৰ সোৱাদ আৱিষ্কাৰ কৰাত লাগি গ’লোঁ। এনে হয় যে ঘৰখনত কিবা কাৰণে এজন বা দুজন মাংস নোখোৱা লোক থাকে। পৰাপক্ষত মাংস আঞ্জা ৰন্ধা দিনা তেওঁলোকৰ বাবে মাছৰ আঞ্জা এখনো হয়। আৰু মাংস খোৱা আমাৰ ওপৰত মাছৰ জোল অকণ হ’লেও খাবলৈ পৰোক্ষ হেঁচা এটা পৰে। হেঁচাত পৰি মাংসৰে ভাতকেইটা খাই মাছৰ জোল অকণ বাতি এটাত লৈ হাৰৌপকৈ সোহা মাৰি থওঁ। সাপো মৰক লাঠিও নাভাঙক। যিহেতু মাছৰ সোৱাদ আৱিষ্কাৰত মত্ত হৈ আছিলোঁ, লাহেকৈ মাছৰ জোলেৰেও ভাত খোৱা আৰম্ভ কৰোঁ। কিন্তু কথা হ’ল, মাছৰ আঞ্জা খাই প্ৰিয় মাংসৰ সোৱাদত হেৰফেৰ পাওঁ। চিৰ পৰিচিত মাংসৰ সোৱাদটো বিচাৰি লোৱাত জিভা অসফল হয়। লক্ষ্য কৰিলোঁ, মায়ে আমাৰ বিপৰীতটো কৰে আৰু মাছৰ আগত মাংসক বৰ এক গুৰুত্ব নিদিয়ে। দেখি আমিও এদিন তেনে কৰিলোঁ। প্ৰথমে মাংসৰে খাই পিছত মাছ আৰু মাছৰ জোলেৰে সোৱাদ ল’বলৈ ধৰোঁ। বুদ্ধিটো বেছ ভাল লাগিবলৈ ধৰে। ক্ৰমাৎ মাৰ দৰে মাছৰ আগত মাংসক গুৰুত্ব নিদিয়া হৈ পৰিলোঁ। লাহে লাহে মাছ চিনিবলৈও ধৰোঁ। ৰৌ, বৰালি, ভাঙন, কুৰি, মিৰিকা, পাভ আদি। পুঠি, বৰিয়লা, খলিহনা, কাৱৈ, গৰৈ, শিঙি, শিঙৰাকে ধৰি কেইবিধমান সৰুৰেপৰা চিনি পাওঁ। এতিয়া সৰুতে ভবা গৰৈ মাছ ডাঙৰ হ’লে শল মাছ, শিঙি মাগুৰ, শিঙৰা বৰালি, খলিহনা কাৱৈ মাছ হোৱা ভুল ধাৰণাটোও ভাঙিল।
এতিয়া কথা এনে হ’ল যে মাছ থকা দিনা ভাতকেইটা প্ৰসন্ন মনেৰে খোৱা হ’লোঁ। লগতে সোৱাদৰ সন্ধানত দহো বন কাটি কৰি সাজু। বেপাৰীয়ে মাছ দি উভতি পাক ল’লে কি নল’লে মাৰ লগত মেন্যুখন ঠিক কৰিবলৈ লাগি যাওঁ। বোলে আজি বতৰ এনেকুৱা, এনেকৈহে ভাল লাগিব। ডাঙৰ ভাঙনৰ পেটুকণ সদায় পিয়াঁজ, জলকীয়াৰে জ্বলা ৰন্ধা হয়। চাটনিৰ দৰে হয় আৰু। বাকী মাছৰ জুতি দেধাৰ।
আন নহ’লেও মাছ ভজা তেলতে মেথি গুটি, শুকান জলকীয়া দুটামান ফুটাই মিহিকৈ কটা মধুসোলেং অলপ সময় খৰমৰাই সিদ্ধ আলু এটা ভাঙি পানী উতল অহাৰ পাছত আধা ভজা মাছকেইডোখৰ দি কম জুইত সিজিবলৈ দিয়ক আৰু। এনেহেন ভেজালৰ দিনতো সেইকণ মাছৰ জোল খাই মনপ্ৰাণ প্ৰফুল্ল হয়।
জিকা, ভোল, চটপটিক বিলাহীৰে টেঙা কৰি কুৰি মাছৰ টুকুৰাকেইটা কেৰাহিলৈ গহীনতে এৰি দিলেই আন এখন আদৰৰ মাছৰ টেঙা হৈ পৰে। টাবৰ জলকীয়া কেইজোপাৰ লগতে হোৱা জিলিমিলি বা খুতৰাকেইডাল উভালি পাকতে ধুই মিহিকৈ কুটি ঔটেঙা দুবাকণিৰ লগত ৰন্ধা গৰৈ মাছৰ জোলকণেই যদি অমৃত নহয়, তেনেহ’লে অমৃত বুলিবলৈ বেলেগ একো নাই। পুঠি মাছ ভজা মহমহীয়া গোন্ধতে হেনো একাঁহি ভাত হজম কৰিবলৈ পাৰি। আটকীয়াত চেনিপুঠি এটা হাত লাগিলে টেঙা দিয়া দাইলৰ অতি সাধাৰণকৈও অসাধাৰণ চেনেহৰ সাঁজ।
আকৌ লাই বা লফা শাকেৰে ৰন্ধা কাৱৈ, পুঠি, খলিহনাৰ জোলকণত টেঙা এফাল চেপি দিয়াটো শাকত লোণ দিয়াৰ লেখীয়াই গুৰুত্বপূৰ্ণ। অতি সহজভাৱেই পকা ঔটেঙা দিয়া দাইলত মেলি দিয়া পুঠি, দৰিকণা, মুৱাকেইটাই কম জুতি লগোৱাই নে। শাকে, ভাতে কাঁহিৰ কাষত ভোট জলকীয়া এটি লৈ খোৱাহে কথা।
জেঠ আহাৰমহীয়া কুমলীয়া ঔটেঙাকেইটাৰ জুতিও উলাই পৰা বিধৰ নহয়। ঢেকীয়া, ঔটেঙা, গৰৈ মাছৰ টেঙাখনো অতুলনীয় আৱেগ। গৰমত সেইবাতি টেঙাৰ সমান আন জুতি নাই।
সেই মাছৰ তেলতে মাছ ভজা কায়দাটো! লগৰ এজনী আহিছিল। তাই মাছ ভজা তেলখিনি পেলাই নতুনকৈ তেল দিহে জোল ৰান্ধে। কৰবাত পঢ়িবলৈ পাইছিল, স্মুকিং পইণ্টলৈকে গৰম হোৱাৰ পাছত তেলখিনি ক্ষতিকাৰক হৈ পৰে। মায়ে একেবাৰে ভেকাহিহে সোধালে বোলে উদৰ কেঁচা মাছ খাওঁতেই সাত পুৰুষ….
মাছভজা তেলখিনিতে আচল সোৱাদ থাকে। সেইখিনি পেলাই দিলে কিটো হ’ল আৰু।
ইলিচ মাছৰ তেলেৰে বঙালীয়ে উগাৰ মাৰি ভাত খায়। তাই আক’ ক’ত এইবোৰ এইবোৰ পঢ়িছে।
বাৰু যি কি নহওক। এতিয়ালৈকে আৱিষ্কাৰ কৰিলোঁ আটাইতকৈ versatile মাছবিধেই হ’ল ৰৌ। ইয়াৰ আটাইতকৈ সদ্ ব্যৱহাৰটো হ’ল জাতিলাও বিলাহীৰ টেঙাখন। ঘৰৰে জাতিলাও এটা হ’লেতো সোণত সুৱগা চৰে। কুমলীয়া হ’লে বাকলিখিনি মিহিকৈ কাটি বুটৰ লগত ভাজি খাব পাৰি। দীঘটো জুইশলা কাঠিটোৰ সমানেই বহলটো কিছু ডাঙৰকৈ কৰি কাটক। নিমখ দিলেই গলি যোৱাকৈ সিজা অভেজাল বিলাহী দুটা পালে কথাই নাই। মাছভজা তেলত নহৰুৰ ফোৰণ। দেখা আৰু শুনা মতে টেঙাত পিয়াঁজ নিদিয়াই শ্ৰেয়। টেঙা ৰান্ধিছোৱেই যেতিয়া পিয়াঁজৰ মিঠা কিয় লগায়? ফোৰণ দিলে নে? লাহেকৈ হালধিকণো দি দিয়ক, তাৰপাছত বিলাহী। বিলাহী একেবাৰে নাভাঙিব। মুখত অকণমান গোটাকৈ পৰিলেহে ভাল লাগিব। তাৰপাছত জাতিলাও দি ভাপতে সিজিবলৈ লগাই আয়তন কমিলে পানী দিয়ক। জোল উতলিবলৈ ধৰিলেই আধাভজা মাছ দি সম্পূৰ্ণকৈ সিজাওক। তাৰ পাছত খাব আৰু তপালি।
আমি শুনা মাছৰ লগত জড়িত কাহিনীও ঢেৰ। মাছৰ প্ৰতি অতিকৈ লোভ থকা আমাৰ এজন সম্বন্ধীয় দ’তি আছিল। ডাঙৰ মাছ অৱশ্যে তেওঁ নাখাইছিল। মাছৰ আঞ্জাৰ বাতিটোত আঙুলি সোমোৱাব নোৱাৰাকৈ মাছ নিদিলে হেনো আইতাক সুৰ লগাই ৰিঙিয়াইছিল,
”আজি মাছ মেকুৰীয়ে নিলে নেকি অ?”
সেইজন দ’তিয়েই ধেৰ কাহিনী শুনাইছিল। তেওঁ মাছ খাই যিদৰে ভালপাই ধৰি তাতকৈও ভালপায়। পথাৰৰ ৰোৱাতোলাৰ দিনত বোলে ৰাতিপুৱাই মাকক মাছ আছে নাই সুধিছিল। নাই বুলি ক’লে জাকৈখন লৈ চিধা ওলাই যায়। আইতাই বাৰীত শাকপাত বিচাৰে। যি পাই উঠাই আনি থেকেৰা, ঔটেঙা কিবাৰে ৰান্ধে। কেৰাহিত জোল উতলি থাকে। সেইফালে দ’তিয়ে মাছ ধৰি আনি বাছি-কুছি, ধুই মাকক দিয়ে। তেওঁ চিধাই জোল উতলি থকা প্ৰকাণ্ড কেৰাহিটোত দিয়েগৈ। বকবকাই উতলি থকা জোলত মাছ সিজে মানে দ’তিয়ে গা-পা ধুই ভাত খাবলৈ আহে। মিহলি মাছৰ সেইকণ জোলেৰে দ’তিয়ে উহোৱা চাউলৰ এগামলা ভাত খাইছিল। তেওঁ ভাত মুখলৈ নিয়া সাৰৌপ সাৰৌপ মাত বাৰীত কাম কৰি থকা দেউতাকেও শুনিছিল বোলে।
আজিকালি আমি জোল ৰান্ধিলে মাছ নভজাকৈ দিবলৈ বেয়া পাওঁ। আমাৰ আইতাহঁতে প্ৰায়েই মাছ নভজাকৈ জোলতে সিজাইছিল। মাছৰ সম্পূৰ্ণ সোৱাদ জোলখনত বিয়পি বেলেগ এটা মিঠা সোৱাদ আনে। যিদৰে সিদ্ধমাছ স্বাস্থসন্মত বুলি কয়।
আটাইতকৈ সোৱাদলগা, নিৰ্বোধ যেন লগা মাছবিধেই হ’ল বৰিয়লা। এইবিধ মাছ মাছক গুৰুত্ব নিদিয়াৰ দিনতো হেঁপাহেৰে খাইছিলোঁ। এইবিধ মাছ দাইলত দিলে দাইলৰ সোৱাদো সলনি হৈ যায়। লগত সৰু মানিমুনি দুডালমান হ’লে বেছি ভাল। আমি কওঁ দাইলকণ মিঠা লাগিছে! এইটো বেলেগ মিঠা। মাছে জোলত বিয়পোৱা মিঠা। চেনি মিঠা নহয়। সেই মিঠা কুৰি, লাচিমেও বিয়পায়। বিলাহী দিয়া দাইলৰ বাতিত হেলনীয়াকৈ চাহাবী কায়দাত ডুব গৈ থকা কুৰি মাছটিৰ সোৱাদো অতুলনীয়।
ভেদাইলতা আৰু শিঙি, মাগুৰৰ জোৰাটো পাভজোৰা। হাততে পোৱা টেঙাবিধ মিলাই দিলেই হ’ল। যদিও পাভই ভাবিব, মোকনো কেলে টানিছে লোকৰ মাজলৈ। পাভক পিছে টেঙাকৈ ইমান সোৱাদ নালাগে যিমান আফু, সৰিয়হ গুটি বটাৰ লগত লাগে।
এটা ঘৰুৱা বিশেষ থাকে যে। আমাৰ বিধ হ’ল, উৰহী, বিলাহীৰে মাছৰ টেঙা। এইবাৰ উৰহী তেনেই জুইশলা কাঠিৰ দৰে কুটিব লাগিব। আচলতে সেইখন আঞ্জা সৰুতে আমি শাক-পাচলি খাবলৈ অমুৰি কৰাৰ প্ৰতিকাৰ হিচাপে মায়ে আৱিষ্কাৰ কৰিছিল। বাৰু যি কি নহওক মিহিকৈ কুটি বিলাহী, আলুৰ সৈতে ৰন্ধা মাছৰ টেঙাখন এতিয়া মনৰ অতিকৈ আদৰৰ, জিভাৰ সাদৰৰ। আমাৰ এনাইৰ বিশেষ এবিধ আছিল। মায়ে প্ৰায়ে সোঁৱৰে। গোটা কচু আৰু ঔটেঙা একেলগে আধা সিদ্ধ হোৱাৰ পাছত জাকৈত উঠা মিহলি সৰু মাছ দি সম্পূৰ্ণকৈ সিজায়। তাৰপাছত পাঁচফোৰণ, নহৰুৰে ফোৰণ মাৰে। সতেজ মিহলি মাছৰ সেইখন মাছৰ টেঙাক মায়ে খুব মনত পেলায়। এতিয়া মায়ে যিমান চেষ্টা কৰিলেও সেই সোৱাদটো আনিবলৈ নোৱাৰে। আমি পিছে পাওঁ। সেইকণ মাছৰ টেঙা অতিকৈ প্ৰিয়। একাঁহি ভাত কেতিয়ানো শেষ হয় ক’বই নোৱাৰি।
আগতে আইতাই ৰন্ধা খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাদি চাই থাকিছিলোঁ। আইতাই মাছৰ জোলত আদা পিয়াঁজ কেতিয়াও নিদিছিল। লাইশাকৰ লগত ৰন্ধা মাছৰ টেঙাত ঔটেঙা দিছিল। ইয়াত তেলৰ কাম নাই। জোল উতল আহোঁতে মাছ দিয়ে। ঔটেঙা পতাত থেতেলিয়াই দিয়ে। যিটো আজিলৈকে মা, খুড়ী, আপাহঁতক কৰা নেদেখিলোঁ। আইতাৰ সেইটো নিজা সূত্ৰ আছিল। আইতাহঁতে শলে মূলে ৰান্ধোতে বিলাহী দিয়া নাছিল। খুড়ী আইতাই এতিয়াও নিদিয়ে। ঘাই উপকৰণ দুটাৰ সোৱাদক কিয় বিজতৰীয়া কৰে? নামেই যিহেতু শলে মূলে। মূলাৰো নিজা টেঙা গুণ আছে বুলি কয়।
গোলনেমু চেপি প্ৰস্তুত কৰা পোৰা গৰৈ মাছৰ পিটিকাকণ কিহবাৰ লগত তুলনা হয় নে? যেন গৰৈ মাছ আৰু গোল নেমুৰ মিলন হ’বলৈকে এই অসম মুলুকত প্ৰকৃতিয়ে উভৈনদীকৈ দিছে। লোহাৰ কেৰাহিত ঔটেঙা, গোটা কচুৰ লগত এখন ৰমক-জমক মিলন মেলা পাতিবলৈকে যেন গৰৈ, শ’ল, বৰালিকেইটা উজানমুখী হয়।
কচু কেৱল জালুকীয়াই নে? কচু টেঙাও। কণ বিলাহীয়েই হওক ঔটেঙাই হওক আহিনীয়া কচুৰ সুকীয়া সোৱাদকণ নাপালে কিন্তু বুজিব নোৱাৰি।
চেঙা চেঙেলী পাবলৈকে নাই। পালে কিন্তু দাইলতে পেলাই নমাবৰ সময়ত আমাৰ কাজি নেমু অকণ চেপি দিবলৈ পাহৰিব নালাগে।
শীতৰ ফুলকবি, ওলকবিকেইটাক ৰৌ, বাহু, চন্দাৰ লগত মিলন নকৰোৱালে হ’ব নে? অনুঘটক বিলাহী কিন্তু লাগিবই। বাৰীৰপৰা উভালি অনা সতেজ ধনীয়াকেইডাল এইকণ টেঙাৰ শিৰৰ মুকুট। পিঠিত দুপৰীয়া ৰ’দটো পেলাই একাঁহি খাওঁতে তই আৰু মই নে মই আৰু মাছৰ টেঙা পাহৰি যোৱা হয়।
বিলাহীৰে চিতল, ভকুৱা, পিঠিয়াৰ টেঙাখন পাহৰিলে হ’ব নে? এইকণ বিলাহী টেঙাত পিছে পিয়াঁজ, আদা, নহৰু লাগেই। তাতে এইখনেইতো আলহীক আপ্যায়নত বেছি আদৰ পায়। ৰঙাকৈ জোলকণত আহল-বহল মাছৰ টুকুৰাকেইটা আড়ম্বৰেৰে আধাডুব গৈ থকা অৱস্থাত পালে কোনোবাই সোৱাদ নোলোৱাকৈ পাৰিব নে? শুকান দিনৰ মটৰ দুটামান থাকিলেতো চৰৈৱেতি চৰৈৱেতি।
অকালত লাগিব বুলি শুকুৱাই থোৱা থেকেৰাকেইডোখৰক মাছৰ লগত পিটিকা-মোহৰা নকৰিলে মাছৰ টেঙা আখ্যান অন্ত পৰিব নে? আজিকালি দেখাক দেখি ‘কৌকম মকটেইল’ বুলি কিবাকিবি বনাবলৈ সাঁচতীয়া থেকেৰাকেইডোখৰত হাত দিলেও আৱেগতে দুডোখৰ থৈ দিয়া হয়, ফাগুনৰ তেলাল আৰি, শিলঘৰিয়া নহ’লেও বৰালিৰ লগত জুতি বান্ধিবলৈ। তেল বিৰিঙা জোলকণ একেসোহাই পি প্ৰশান্তিৰ বাহিৰে কিটোনো অনুভৱ হয়? বোলে পেটে অশান্তি দিব, পিছদিনালৈ চিন্তা এইবোৰতো একো নাই এই হেঁপাহৰে টেঙা জোলবোৰত। ইমান জঞ্জালহীন আমাৰ আৱেগৰ মাছৰ টেঙাবোৰ! তাকৰ উপকৰণকেইবিধ সময় বুজি দিলেই কাম শেষ। নিজৰ মাজত সোৱাদ লগা হৈ সিজি থাকে নীৰৱে নিতালে।
নাই নাই। ভিন্ন ৰকমৰ নতুন নতুন মাছৰ ব্যঞ্জন ৰন্ধন বিধি বা শৈলী প্ৰয়োগ কৰি ক্ৰিমী টেক্সাৰে যিমানে ছ’ফিছটিকেটেড অনুভৱটো দিয়াওক, মাছৰ টেঙাই দিয়া প্ৰশান্তি, ওহোঁ নোৱাৰে কিহেৰেও নোৱাৰে। জিভাৰ টকালিটো মাছৰ টেঙাই দিয়ে। সাৰৌপকৈ সোহা মাৰি আহ্ বুলি দিয়া দীঘলীয়া উল্লাসটো মাছৰ টেঙাই দিয়ে। টকালিটো পাৰিবলৈ জিভাই কিবা এটা জিকাৰ পাব লাগিব, সেইটো মাছৰ টেঙাইহে দিব পাৰে। মাছৰ টেঙা খাই মৰা টকালি, বিহুত কৰা ধেমালি কোনোটোৱে কেতিয়াও নলগাই বেমেজালি।