মালগাড়ী (ৰাজেন্দ্র ডেকা)

  • পৃথিৱীৰ আটাইতকৈ দীঘল যন্ত্ৰটো এখন মালগাড়ী
  • মৈমনসীঙাৰ ছলিৰ দৰেগণি শেষ নোহো্ৱা দবা
  • এটা, দুটা, দহটা, বিছটা
  • মোৰ গা্ৱৰ ধনেশ্বৰে কয়–এয়া যাদু
  • নহ’লে ইমান বল কেনেকে দিব
  • ডেকাদ’লৰ সকলো ধান একে টানে নিব

  • মালগাড়ী মানে চতুৰ্থ শ্ৰেণী
  • সকলোকে কাটি দিয়ে পথ
  • ধনেশ্বৰৰ ঋণৰ দৰে
  • বুকুত মালৰ বোজা
  • দবাৰ শেষত টঙী ঘৰ
  • তাতেও কোনো ধনেশ্বৰ
  • কলমতীয়াই পাৰ কৰে দিন আৰু ৰাতি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!