মোক যাযাবৰ হৈ থাকিবলৈ দে (-বুবুল কলিতা)
”মোক যাযাবৰ হৈ থাকিবলৈ দে”
বুবুল কলিতা
মোৰ গানৰ শ্রোতা যদি হ তই
কিহৰ বাবে সাতভাগ
নতুন যুগৰ অসম
বড়ো ,কছাৰী,অসমীয়া বঙালী ইত্যাদি ইত্যাদি
কিহৰ যুজঁ ক?
কাৰ বাবে এই টনা আজোৰা ?
জুই জ্বলি শেষ হ’ল ঘৰ বাৰী পথাৰ
নুনুমাৱ কিয়?
বানে শেষ কৰিলে গাওঁ
ওলাই নাহ কিয়?
মোৰ গান যদি ভাল পাৱ
পণ ল নতুন
সুন্দৰ চিৰ শান্তি,সাম্যৰ অসম
অনুভৱ কৰ মোৰ চাইবাৰহীন পৃথিৱী
কিদৰে পালেগৈ মোৰ দুভৰি
লুইতৰ পৰা মিচিচিপি
কিদৰে ঘৰ হ’ল–ধৰাৰ দিহিঙ দিপাঙ
যদি আজিও নাই কোনো তোৰ পণ
‘একতাৰ এখন অসমৰ’
অসার্থক তোৰ মাল্যর্পণ
মিছা তোৰ চকুলো
যদি এতিয়াও নহ’ল তোৰ
কোনো সাগৰসম সোনালী মন
তেতিয়া হ’লে নজ্বলাবি মোৰ অক্লান্ত মৃতদেহ
মোক যাযাবৰ হৈ থাকিবলৈ দে
মোক যাযাবৰ হৈ থাকিবলৈ দে