যমৰ‌ সংকেত

লেখক- অনুপ শইকীয়া

নিজ ৰাজ্যত থাকি যমৰ আমনি লাগিছে৷ কামৰ ভৰত ৰক্ষা পোৱা নাই৷ সেয়ে পৰিৱৰ্তন এটাৰ বাবে কিছুদিন ৰাজ্যৰ বাহিৰলৈ যাবলৈ মন কৰি পৃথিৱী পালেহি৷ যেনিয়ে-তেনিয়ে ঘূৰি ফুৰি এদিন সন্ধ্যা বেলা যম পাণপুৰ ঘাটে পাৰ হৈ হাবিৰপাল নামৰ গাঁও এখন পালেহি৷ গাঁওখন তহল দি দেখে যে প্ৰায়বোৰ ঘৰতে চাকি একোটা জ্বলি আছে৷ তাৰে কিছুৰ ঘৰত হাতত কাগজৰে বন্ধা মগু বুটৰ টোপোলা একোটা লৈ মুনিহ বোৰ টুল, পিৰা, কঠ আদিত বহি আছে৷ তেওঁলোকৰ মাজতে এটা মজলীয়া আকাৰৰ ঘটি৷ মাহ কেইটা মান গলিয়াই সকলোৱে ঘটিৰ পৰা এঢোক মাৰি মুখখন বিকটাই দিয়ে৷ বুট মাহৰ যোগাৰ নথকা একো ঘৰত নিমখ জলকীয়া এচেলেক মাৰিয়েই কাম ফেৰা চলাই আছে ৷ যমে কি হৈছে ধৰিব পৰা নাই৷ নিশাও হৈ আহিছে; ভাগৰো লাগিছে৷ ঢিমিক ঢামাক পোহৰত মানুহ বোৰো ভালকৈ মনিব পৰা নাই৷ বেছি ভাগ ঘৰতেই কোৰ্হাল৷

      ৰাতিটো কটাবলৈ সুবিধা জনক ঘৰ এখন বিচাৰি থাকোঁতেই নাতি দূৰৈত নিশকতীয়া, অকলশৰীয়া মানুহ এজন চকুত পৰিল৷ একেই কাৰবাৰ৷ তেৰাও চোতালত বহি একোঢোক মাৰি আছে কলপাতৰ পৰা আঙুলিৰে কিবা এটা চেলেক মাৰি মাৰি৷

    নঙলা খুলিয়েই -“অভাজন কলিয়াবৰৰ পৰা আহিছো৷ নিশাটোৰ বাবে আশ্ৰয় পামনে? “ বুলি পৰিচয় গুপুতে ৰাখি যঁম আগবাঢ়িল৷

     “কৃষ্ণ, সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ৷ নিঃকিন হলেও তেৰাৰ কৃপাত সেইকণ সামৰ্থ্য আমাৰ আছে৷“ বুলি গৃহস্থ পূৰ্ণই আলহীক পানী লোটাৰ সৈতে গামোছাখন আগ বঢ়াই দিলে৷ যমে হাত-মুখ মচি হোৱালৈ কাষতে কঠ পাৰি অতিথিক বহুৱাই কলহৰ পৰা ভৰ্তি কৰি অনা লোটা এটা সাষ্টাংগে আগবঢ়ালে৷ সেৱকীৰ কায়দাতে কলপাতৰ উপকৰণ বিধ আঙুলিৰে চেলেক মাৰি ততা-তৈয়াকৈ ঘটিৰ দ্ৰব্যবিধ এঢোক মাৰি যমেও মুখ বিকতালে যদিও জ্বলাৰ কোবত দ্বিতীয় ঢোক মাৰিহে তত পালে৷

    পূৰ্ণই থৰক বৰক খোজেৰে অতিথিলৈ চাউলকঠা সিজাবলৈ আখলত সোমাল৷ ঘৰৰে লাও বিলাহী, ঘিলাধাৰীৰ বৰিয়লা মাছৰ জোল, ভজা মাছ, পোৰা আলু বেঙেনা পিটিকা, হাঁহ কণী বাবৰিৰ ভাজি আৰু জহা চাউলৰ ভাতৰে সুন্দৰকৈ খোৱালে৷

      নিশকতীয়া পূৰ্ণৰ আতিথ্যত আৱেগিক হৈ যমে নিজ পৰিচয় বেকত কৰিলে৷ পূৰ্ণই যমৰ আচল পৰিচয় পাই বৰ ভয় খালে৷ যমে তাৰ শেঁতা পৰা মুখ দেখি অভয় দি কলে -“ভয় নাখাবা পূৰ্ণ; মই ধৰ্মৰাজ বুলিও জনাজাত, যম বুলিলেই এনেদৰে ভয় খাব নালাগে৷ এতিয়া মোৰ শোৱাৰ ব্যৱস্থা কৰা৷ বৰ ভাগৰ লাগিছে৷“ পূৰ্ণই শেতেলীৰ সকলো যোগাৰ ইতিমধ্যে কৰিছিলেই, শোৱাপাটীত বাগৰ দিয়া মাত্ৰকে দুয়ো ঘোৰ নিদ্ৰাত পৰিল৷

    পুৱাতে উঠি গা-পা ধুই যমৰাজ যাবলৈ সাজু হ’ল৷ পূৰ্ণই সুন্দৰকৈ লাল চাহ এবাতি আৰু কুকিচ বিস্কুটৰে চাহ দি জলপান সাজু কৰিলে৷ কোৰোকা পথাৰৰ ককুৱা বৰা চাউল সিজোৱা, মহেখাটিৰ গুৰ আৰু চামধৰাৰ এঠা দৈৰে যমক জল-পান দিলে৷

    গুৱা-পাণ ভাগ মুখত লৈ যম যাবলৈ ওলাল৷ পূৰ্ণৰ আতিথ্যত ধৰ্মৰাজ বৰ আনন্দিত৷ পূৰ্ণই যমৰ উৎফুল্ল মুখ দেখি লাহেকৈ মুখ খুলিলে- “ধৰ্মৰাজ, মোৰ মৃত্যুৰ বতৰাটো দুদিন মান আগতিয়াকৈ জনাবছোন৷ মৃত্যুৰ আগে আগে জীৱনৰ আধৰুৱা কাম বোৰ যিমান পাৰি শেষ কৰি যাম৷“ যমেও হব বুলি কৈ নিজৰ ফোন নম্বৰ দি পূৰ্ণক দহাই দহাই নিজ ৰাজ্যলৈ নিমন্ত্ৰণ কৰি কেনেকৈ যাব লাগে তাৰ বিতং বাট-পথ বুজাই বিদায় ললে৷

    এনেকৈ বহু দিন পাৰ হ’ল। লাহে লাহে পূৰ্ণকো বেমাৰ-আজাৰে দেহা পেলাই নিলে৷ যমে দিয়া নম্বৰত মাজে মাজে ফোন কৰে যদিও, যমেহে ফোন নধৰে৷ এবাৰ অলপ টান নৰিয়াত পৰি যমলৈ দিনটোত কেইবাবাৰো ফোন কৰিও পূৰ্ণ বিফল হ’ল৷ কিছুদিনৰ পাছত গা তঙাই যমৰ ৰাজ্যলৈকে যোৱাৰ সিদ্ধান্ত লৈ যমে বুজাই দিয়া মতে পূৰ্ণ তেওঁৰ ৰাজ্য ওলালগৈ৷ যমপুৰীৰ দুৱাৰমুখত পালি-পহৰীয়াৰ ৰেহ ৰূপ দেখি পূৰ্ণৰ জীৱ যোৱাৰ লেখিয়া হ’ল৷ সাহ-পিত গোটাই দুৱৰীক হাবিৰপালৰ পূৰ্ণ অহাৰ খবৰটো যমৰাজক দিবলৈ কলে৷ দুৱৰীয়ে খবৰ দিয়াত ধৰ্মৰাজ নিজেই আহি আথে বেথে পূৰ্ণক ৰাজসভালৈ লৈ গল৷ যম ৰাজ্যৰ সকলো পালি পহৰীয়াই এইটো হাবিৰপালৰ কোন ভি ভি আই পি আহিল বুলি ভয় খাই বু-বু বা-বা কৰাত লাগিল৷

   সুন্দৰ ফল-মূল আৰু যম ৰাজ্যৰ সুস্বাদু সোম ৰসৰে আপ্যায়িত কৰি যমে পূৰ্ণৰ কুশল মঙ্গল সুধিলে৷ পূৰ্ণই সকলো খবৰ-বতৰা দি যমে ফোন নুঠুৱাৰ বাবে আক্ষেপ কৰিলে৷ লগতে এইটো বেকত কৰিবলৈ নেৰিলে যে ধৰ্মৰাজে নিজৰ কথা ভঙ্গ কৰিছে৷ অত দিনে তাৰ মৃত্যু সম্পৰ্কত একো নজনালে কাৰণে নিজেই বাটকুৰি বাই যমপুৰী ওলালহি৷

    ৰাজকীয় পিয়লাৰ সোম ৰসত ওঁঠ তিয়াই যঁমে কলে -“পূৰ্ণ মই সময়ে সময়ে সকলোকে মৃত্যুৰ বতৰা দি আছোঁ৷ তোমাৰ ক্ষেত্ৰটো কোনো কৃপণালি কৰা নাই৷ তুমি মিছাকৈ মোক খং কৰিছা৷ মই তোমাৰ ঘৰৰ পৰা অহাৰ আজি কেইবা বছৰো হ’ল৷ তোমাৰ তেতিয়াৰ চুলি আৰু এতিয়াৰ চুলি একে আছেনে? তোমাৰ গাল সোমাই হনু ওলাল! খোজ কাটলটো আগৰ সেই জোৰ নাই!”

    ভেবা লাগি চাই থকা পূৰ্ণক যমে আকৌ ক’লে- “এইবোৰ জানো একো একোটা খবৰ নহয়! সেইদিনা তোমাৰ ঘৰত আমি হাটীখুজীয়া বাটিত এবাটিকৈ জলপান খাইছিলো৷ আজিকালি কিমান খোৱা?”

    “এইবাৰ পূৰ্ণই মুখ খুলিলে- “কথাখিনি নুই কৰিব নোৱাৰি যমৰাজ৷ আজিকালি আগৰ দৰে খাব নোৱাৰো৷ দাঁতো নাইকিয়াই হ’ল৷ মঙহ চোবাবই নোৱাৰো৷ আগৰ সেই ভাত কাঁহী এতিয়া তেনেই কমিল৷ জলপান খাবলৈকো হাটীখুজীয়া বাটিৰ দৰ্কাৰ নাই৷ চকুৰ ৰশ্মিও কমিল৷ আঁঠুৰ বিষেও কাহিল কৰি তুলিছে৷“

     হা– হা– হা– কৈ হাঁহি মাৰি যমে ক’লে – “এইবোৰেই মৃত্যুৰ খবৰ৷ মই সময়ে সময়ে সকলোকে দিওঁ৷ খবৰ পাই সাৱধান হোৱা সকলৰ ক্ষেত্ৰত মৃত্যুৰ তাৰিখৰ এক্সটেনচন এপ্ৰ’ভ কৰোঁ৷ যি সকলে খবৰবোৰ পায়ো বিন্দাচ থাকি নিজৰ স্বাস্থ্যৰ যতন নলয় তেনে ক্ষেত্ৰত এক্সটেনচনৰ এপ্ৰভেল প্ৰক্ৰিয়াটো অধিক জটিল হৈ পৰে৷

      পূৰ্ণৰ খঙাল মুখত পৰিৱৰ্তন আহিল৷ কৰযোৰে যমক ক’লে- “হয় প্ৰভু বুজি পালো৷“

    ধৰ্মৰাজৰ ব্যস্ততাৰ অন্ত নাই৷ চন্তৰী এজনক পূৰ্ণৰ ৰাজকীয় আপ্যায়নৰ নিৰ্দেশ দি ক’লে-এখেতৰ মৃত্যুৰ দিনটোও চাই দিবা৷

     চন্তৰীয়ে পূৰ্ণক লৈ যম‌ৰ সচিবালয়ৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বোৰ দেখুৱাই গ’ল৷ গৈ গৈ সিহঁত এটা বিশাল ৰূম পালেগৈ৷ কেউফালে কেৱল ফাইলৰ পাহাৰ৷ সকলো কৰ্মচাৰী তাত ভীষণ ব্যস্ত৷ চন্তৰীয়ে পূৰ্ণৰ চিনাকি দি সকলোকে যমৰ নিৰ্দেশ জনালে ৷ লগে লগে সকলোৱেই পূৰ্ণৰ ফাইল বিচৰাত লাগিল৷ বহুত বিচাৰ খোচাৰৰ মুৰত অসম মুলুকৰ হাবিৰপালৰ ফাইল ওলাল৷ খুলি চাই দেখে পূৰ্ণৰ নাম সকলোৰে ওপৰত৷ মৃত্যুৰ বাবে মাথোঁন দুমাহ হে বাকী৷ পূৰ্ণৰ মনত বৰ দুখ লাগিল৷ ভালেমান কৰিবলগা কাম থাকি গ’ল৷ মৃত্যুৰ দিনটো পিচুৱাবৰ বাবে কাৰোবাক মেনেজ কৰিব পাৰি নেকি বুলি চেষ্টা কৰিছিল যদিও সকলোৱে একে মুখে না কৰিলে৷ পূৰ্ণই দুখৰ হুমুনিয়াহ এটা এৰোঁতেই লাঞ্চ ব্ৰেক হোৱাত কৰ্মচাৰী সকলৰ লগতে চন্তৰী জনো হুৰমুৰকৈ কেণ্টিনলৈ বুলি ঢাপলি মেলিলে৷ এইহেন সোণালী সুযোগ গ্ৰহণ কৰি পূৰ্ণই হোৱাইটনাৰ লৈ‌ নিজৰ নামটো শেষলৈ নি শেষৰ জনৰ নামটো নিজৰ ঠাইত লিখি ফাইলটো জপাই থলে৷

    দুদিনমান যম ৰাজ্যত সুখে শান্তিৰে খাই বৈ পূৰ্ণ ঘৰলৈ উভতিল৷ ব্যস্ততাৰ বাবে ধৰ্মৰাজে সাক্ষাৎ নিদিলে৷

     ঘৰ পাই পূৰ্ণৰ মনত অপাৰ আনন্দ৷ যমপুৰীৰ সকলোবোৰ আয়োজনেই ভাল আছিল যদিও সোমৰসে হে পূৰ্ণক সন্তুষ্ট কৰিব নোৱাৰিলে৷ মিঠা হলে কি হ’ব ৰাগীহে বৰ কম৷ ঘৰৰ কলহটোৰ দুঢোক মাৰিহে পূৰ্ণই শান্তি পালে। মনৰ আনন্দত তাৰ খোৱা-লোৱা ভাল হ’বলৈ ধৰিলে৷ বিন্দাচ পূৰ্ণক আৰু পাই কোনে! যম ৰজাৰ খাটাৰ শেষ নম্বৰ আহিবলৈ কমেও দহ বছৰ বাকী! পিছে যমপুৰীৰ পৰা অহা দুমাহ মান হওঁতেই পূৰ্ণ টান নৰিয়াত পৰিল৷ বেজ-বৈদ্য ডাক্টৰ সকলো আহিল যদিও নৰিয়াৰ হেৰ ফেৰ নহল৷ সকলোৱে পূৰ্ণৰ সময় হল বুলিহে ক’লে৷ বিন্দাচ পূৰ্ণই কিন্তু কোনোপধ্যেই নামানে৷ পিচ দিনাই সি যমলৈ ফোন কৰিলে৷ এইবাৰ যমে একেবাৰতে ফোনটো ধৰি যমৰাজ্যৰপৰা ঘূৰি অহাৰ সময়ত পূৰ্ণক নিজে লগ কৰি বিদায় দিব নোৱাৰাত দুখ প্ৰকাশ কৰি পূৰ্ণৰ বা-বতৰা ললে৷ পূৰ্ণই সেহাই সেহাই নৰিয়া গাৰেই কলে – “ধৰ্মৰাজ; ডাক্টৰ, বেজ-বৈদ্যৰ মতে মোৰ আজিৰ দিনটোয়েই হেনো শেষ দিন! “

    যঁমে আশ্বাস দিলে-“ভয় নকৰিবা পূৰ্ণ ৷ মোক তোমাৰ ঘৰত থকা দিনটোত ইমান আতিথ্য কৰিছিলা; তেনে আতিথ্য মই ক’তো পোৱা নাছিলো৷ তোমাৰ কথা মই কেনেকৈ পাহৰিম৷ তোমাৰ মৃত্যুৰ তাৰিখটো আজি বুলি মোৰ খুউব ভালকৈ মনত আছে৷ সেয়ে তুমি মোৰ ৰাজ্যৰ পৰা যোৱাৰ পিচৰ দিনাই মই নিজ ৰাজ্য পাই হাবিৰপালৰ ফাইলটো শেষৰ ফালৰ পৰা ধৰিবলৈ তেতিয়াই কাঢ়া নিৰ্দেশ দি থৈছিলো৷ একেবাৰেই চিন্তা নকৰিবা“ বুলি কৈ যমে ফোনটো কটি দিলে৷

    ‘হেল্লৌ’– হেল্লৌ’– অ’ অ’ অ’–হেহেহেলল্লৌ’ বুলিয়েই বিন্দাচ পূৰ্ণই চিৰদিনৰ বাবে চকু মুদিলে!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!