যি আপোনাক ভাল পায়, তেওঁৰ বাবে আপুনি সদায় মূল্যৱান(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )
………………………………………………………..
এজন জনপ্ৰিয় বক্তাই এদিন হাতত ১০০ টকাৰ নোট এখন লৈ তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে৷ কোঠাটোত থকা ২০০ জন ব্যক্তিক উদ্দেশ্যি তেওঁ ক’লে – “কোনে কোনে এই ১০০ টকাটো ল’ব বিচাৰিব?” সকলোৱে হাত দাঙিবলৈ ধৰিলে৷
তেওঁ ক’লে- “মই আপোনালোকৰ ভিতৰৰ যিকোনো এজনকে এই ১০০ টকাটো দিম৷ কিন্তু তাৰ আগতে মোক কিবা এটা কৰিবলৈ দিয়ক৷” তেওঁ প্ৰথমে ১০০ টকাৰ নোটখন হাতেৰে মোহাৰি, ভাজ কৰি নষ্ট কৰি পেলালে আৰু পুনৰ সুধিলে- “কোনে কোনে এতিয়াও ল’ব বিচাৰিব?” তেতিয়াও সকলোৱে হাত দাঙিলে৷
…
“ভাল কথা, যদি মই এনে কৰোঁ?” সেই বুলি তেওঁ ১০০ টকাৰ নোটখন মাটিত পেলালে আৰু তেওঁৰ জোতাৰে মোহাৰিবলৈ ধৰিলে৷ তাৰপিছত তেওঁ হাতত তুলি ল’লে আৰু বালিৰে সৈতে জাপিলে আৰু সুধিলে- “কোনে কোনে এতিয়াও ইয়াক ল’ব বিচাৰিব?” তেতিয়াও সকলোৱে হাত দাঙিলে৷
মোৰ বন্ধুসকল, আমি সকলোৱে এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলোঁ৷ মই টকাটোৰ লগত কি কৰিলোঁ সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয়, নোটখন এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে৷ কাৰণ এনে কৰাৰ ফলতো ইয়াৰ মূল্য হ্ৰাস হৈ যোৱা নাই৷ এতিয়াও ইয়াৰ মূল্য ১০০ টকাই হৈ আছে৷ আমাৰ জীৱনতো বহু সময়ত এনে ঘ্টনা ঘটে, কিছুমান সিদ্ধান্তৰ দ্বাৰা আমাক তললৈ নমোৱা হয়, আমাক কলঙ্কিত কৰা হয় বা পৰিৱেশত পৰি আমি অপমানিত হওঁ৷ সেইবাবে আমি কেতিয়াবা ভাবো আমি আনৰ বাবে মূল্যহীন হৈ পৰিছোঁনেকি?
কিন্তু আপোনাৰ জীৱনত কি হৈছে বা কি হ’ব সেইটো কেতিয়াও গুৰুত্বপূৰ্ণ নহয়, আপুনি কলঙ্কিতই হওঁক বা নিষ্কলঙ্কই হৈ থাকক, আপুনি আপচু বা সুন্দৰ যিয়েই নহওঁক, যদিহে আপোনাৰ নিজস্ব মূল্য আছে তেন্তে আপুনি আপোনাৰ মূল্য কেতিয়াও নেহেৰুৱাই৷ আপোনাক ভাল পোৱাজনৰ ওচৰত আপুনি সদায়েই মূল্যবান হৈ থাকিব৷
………………………………………………………..