লিমাৰিক
লেখক- মৰমী ওজা ৰয়
( ১ )
“এইবেলি দেওধনী নাচিবিনে বাই ?”
টিপামৰ তৰাদৈক সোধে দেবেৰাই।
“ভাল কথাটো সুধিছ
কেউফালে নেদেখিছ
বঁটা বিনে অমুকীও লৰচৰ নাই।”
(২)
আমাৰ ধনটিয়ে পিছে মেগীহে খায়
ভাত খাবলৈ মাতিলে নাকটি কোঁচায়
বহী – কলম হাতত
মনটি মোবাইলত
‘ৰিজাল্ট’ নাহিলতহে কান্দিছে বিনাই।
(৩)
গুৰুবাৰে গুণেশ্বৰে ‘গুণমালা’ গায়
ৰাগীয়াল বস্তু বাবে চাহেই নাখায়
লোভ – মোহ নাই আশা
সন্ধিয়াহে পানী পাশা
প্ৰতিদিনে উপবাসৰ অন্ত পেলায়।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
