শপত কিয় ভাঙিম
লেখক- নিখিল কুমাৰ ভট্টাচাৰ্য্য
নিগনি: তোক যে আজি ঘৰত খুব পিটিলে কিয় বাৰু?
হাতী: ইংৰাজী পৰীক্ষাৰ বহী দিছে কালি। বহীত আশী নম্বৰ পোৱা দেখি দেউতাৰ বিশ্বাস হোৱা নাছিল। সেই কাৰণে মোক বাৰে বাৰে সুধিছিল মই শূন্যটো নিজে লগাইছোঁ নেকি?
নিগনি: তাৰপাছত?
হাতী: মই নাই লিখা বুলি ক’লোঁ। বিদ্যাত ধৰিলোঁ, মৰা মাৰ শপত খালোঁ তথাপি দেউতাই নামানিলে আৰু বহুত পিটিলে।
নিগনি: কিয় নামানিলে?
হাতী: দেউতাই জানে মই আশী নম্বৰ পোৱা ল’ৰাই নহয়।
নিগনি: তাৰমানে দেউতাই সন্দেহ কৰাটো হয়? মানে তই নিজে নিজে নম্বৰ বঢ়োৱাতো হয়?
হাতী: উমম হয়।
নিগনি: তেনেহ’লে তই মাৰ খাই থকাতকৈ সঁচা কথাটো কৈ নিদিলি কিয়?
হাতী: সঁচা কথাইতো কৈছিলোঁ।
নিগনি: মানে?
হাতী: দেউতাই সুধিছিল যে মই শূন্যটো আঠৰ সোঁফালে লগাইছিলোঁ নেকি?
নিগনি: তাৰপাছত?
হাতী: মই ক’লোঁ নাই লগোৱা।
নিগনি: তাৰপাছত?
হাতী: ননষ্টপ পিটন।
নিগনি: কিয়?
হাতী: দেউতাই জানে মই আশী নম্বৰ কোনোপধ্যে পাব নোৱাৰোঁ। কাৰণ ইংৰাজীত মই তেনেই দুৰ্বল।
নিগনি: কিন্তু অলপ আগতে তয়েতো কৈছিলি যে তই নম্বৰটো বঢ়োৱাতো হয় তেনেহ’লে পিটন খোৱাতকৈ মানি নল’লি কিয়?
হাতী: মিছা কথা কিয় মানি ল’ম?
নিগনি: মানে?
হাতী: দেউতাই সুধিছিল যে মই শূন্যটো আঠৰ পিঠিত নিজে লগাইছিলোঁ নেকি? গতিকে মানি লোৱাৰ প্ৰশ্নই নুঠে যিহেতু মই কামটো কৰাই নাই।
নিগনি: তাৰমানে?
হাতী: হাৰে মই শূন্যটো লিখাই নাই যেতিয়া লিখা বুলি কোৱাৰ প্ৰশ্নই ক’ৰ পৰা উঠিব! শপত খাই মই শপত কিয় ভাঙিম?
নিগনি: বাপৰে! তেনেহ’লে তই কৰিছিলি কি?
হাতী: শূন্যটো আগৰেপৰাই আছিল বুলি কৈছোৱে দেখোন। মই মাত্ৰ কাষত আঠটোহে লিখিছিলোঁ। বুজিলি?