শান্তিঃ মাছুমা বেগম

 

বিশ্বৰ বজাৰত বিচাৰিও
নাপালো শান্তি,
মানৱতাৰ বোকোচাত
তন্ন তন্নকৈ চালো,
তাতো নাই শান্তি৷
ৰংচঙীয়া পোছাকধাৰী
অভিজাত্যৰ মুখতো বিচাৰিলো
নাই নাই তাতো নাই,
টকাৰ জোলোঙাটো খেপিয়াই চালো
কিজানিবা পাওয়েই
তাতো চোন নাই!
যেতিয়াই শান্তিক বিচাৰি
মনত অশান্তিৰ জোৱাৰ তুলিলো
তেতিয়াই বগাকৈ
উৰণীয়া পখীয়ে কৈ গ’ল
শান্ত হোৱা,
শান্তি আছে,
মানৱৰ অজ্ঞানতাত অৱহেলিত হৈ
অৱচেতন জগতৰ
এটি চুকত শুই৷
আহিব এদিন
কলুসিত আঁতৰাই
ৰামধেনুৰ বাটেৰে,
জগতৰ বিশুদ্ধ ৰঙত
ৰঙীন হবলৈ…৷

মাছুমা বেগম
জ্যোতিনগৰ
গুৱাহাটি-২১

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!