শূন্যতাহীন শূন্য: জীৱনৰ অপ্ৰমেয় পূৰ্ণতা
লেখক- জিতেন কলিতা
এই লেখাটোৰ আৰম্ভণি হৈছিল এক অদ্ভুত ধৰণেৰে। অসম্ভৱ ব্যস্ততাৰ বাবে বন্ধুবৰৰ সৈতে বেছিভাগ সময়ত দূৰভাষৰ ঠাইত হোৱাটছএপৰ জৰিয়তেই বাৰ্তালাপ চলে। বিশিষ্ট Endocrinologist, সুচিকিৎসক আৰু গৱেষক বন্ধুবৰ মোৰ কটন কলেজৰ একালৰ সহপাঠী। কেইদিনমান আগতে মই তেওঁক নিয়মীয়া বাৰ্তাত প্ৰকাশিত “জীৱনৰ সৰ্বনিম্ন বিন্দু আৰু ছাৰা দ্য লাগাৰ্ড” শীৰ্ষক লেখাটি পঢ়ি চাবলৈ দিছিলোঁ। ব্যতিক্ৰমী চিকিৎসক বন্ধুবৰৰ মোৰ লেখা পঢ়ি মন্তব্য দিয়াৰ শৈলীবোৰো ব্যতিক্ৰমী। কেতিয়াবা কেতিয়াবা মন্তব্য আহে এটি পূৰ্ণ কবিতাৰ ৰূপত। তাকো হাতেলিখা, ফটো মাৰি মোলৈ পঠিয়াই দিয়ে। লেখাটো পঠিওৱাৰ ১৪ মিনিট পাছতেই এইবাৰো ফটোৰ ৰূপতেই আহিল তেওঁৰ এশাৰীয়া মন্তব্য। তেওঁৰ গোট গোট অসমীয়া হাতৰ আখৰকেইটা মোৰ ম’বাইলত বিৰিঙি উঠিল, “কেতিয়াবা ‘শূন্যতাহীন শূন্য’ই কৰি তোলে জীৱন অপ্ৰমেয়, অপ্ৰমাদী।” ওপৰে ওপৰে চাবলৈ গ’লে আঠ শব্দ বিশিষ্ট এটা সাধাৰণ বাক্য, কিন্তু ইয়াৰ অন্তৰ্ভাগত যেন জীৱনৰ বহুতো গূঢ় সত্য সংগোপনে লুকাই আছে। বাক্যটোৰ গভীৰ ইতিবাচকতাই মোৰ মনত খলকনিৰ সৃষ্টি কৰিলে— শূন্য মানেনো কি? একো নথকা? অভাৱ? ব্যৰ্থতা? ই কোনো এক নতুন সৃষ্টিৰ পূৰ্ব মুহূৰ্তৰ নিটাল নিস্তব্ধতা নহয়তো? আৰু “শূন্যতাহীন শূন্য” নো আচলতে কি?
সেই চিন্তাৰ সোঁতে মোক উজাই লৈ গ’ল সৰু থাকোঁতে শুনা এক আমোদজনক কাহিনীলৈ। সময় অপব্যয় নকৰি লগে লগে মই বন্ধুবৰলৈ পুনৰাই লিখিলোঁ—
”তোমাৰ মন্তব্য পঢ়ি কাহিনী এটা মনত পৰিল। মোৰ পেহীৰ ছোৱালী শেৱালি বাইদেৱে স্কুলত পঢ়ি থাকোঁতে তেওঁৰ এগৰাকী সহপাঠী আছিল যাৰ দেউতাকৰ নাম আছিল শূন্য। ছয়মাহিলী পৰীক্ষাৰ অংকৰ বহী ঘূৰাই দিয়াৰ দিনা পৰীক্ষাত শূন্য পোৱা ছোৱালীজনীক হেনো শূন্যৰ জীয়েকে তাচ্ছিল্য কৰি সুধিছিল, ‘কিমান পালি এ।’
তাই খঙত তিঙিৰি তুলা হৈ উত্তৰ দিলে, ‘তোৰ বাইপেক পাইছোঁ।’ কি বা ভাবি তেওঁৰ মাক-দেউতাকে তেওঁৰ নাম শূন্য ৰাখিছিল? সকলোৰে জীৱনত অলপ হ’লেও পৰিপূৰ্ণতা থাকেই। শূন্যৰো নিশ্চয় আছিল। তুমি উল্লেখ কৰা ‘শূন্যতাহীন শূন্য’ বোধকৰোঁ তেওঁতেই বিচাৰি পোৱা গ’লহেঁতেন।”
এইবাৰ বন্ধুবৰৰ উত্তৰ আহিল ইংৰাজীত,
”True. What is ‘full’ can be the beginning of emptiness, and what is ‘empty’ may be the trigger for fullness.”
এটি নতুন লেখাৰ ভ্ৰূণ অংকুৰিত কৰাৰ বাবে তেওঁৰ এই বাক্যটোৱেই যথেষ্ট আছিল।
নলবাৰীৰ ভিতৰুৱা গাঁও এখনৰ শূন্য নামৰ পিতৃজনৰ কাহিনীটো শুনিলে তাৎক্ষণিকভাৱে হাঁহি উঠে ঠিকেই, কিন্তু ই এক গভীৰ ইঙ্গিতো বহন কৰে। পৰীক্ষাৰ বহীখনত “শূন্য” মানে ব্যৰ্থতা, বিফলতা, এক লজ্জাজনক কাণ্ড বা হতাশা। কিন্তু যদিহে ব্যক্তি এজনৰ নাম “শূন্য” হয়, তেন্তে সেই শব্দটো কেৱল সংখ্যা হৈ নাথাকে। সি হৈ পৰে এজন মানুহৰ পৰিচয়, কাৰোবাৰ দেউতাক, স্বামী, পুত্ৰ, বন্ধু অথবা সহযাত্ৰী। আমাৰ জীৱনটো যেনেদৰে হাঁহি, দুখ, আশা, ভালপোৱা আদি অলেখ উপলব্ধিৰ সংমিশ্ৰণ, তেৱোঁ নিশ্চয় তাৰ ব্যতিক্ৰম নাছিল। তদুপৰি তেওঁৰ আছিল এটি পৰিয়াল। জীৱনৰ কোনো এটা দিশ শূন্য হ’লেই যে কাৰোবাৰ সমগ্ৰ জীৱনটোৱেই শূন্য হৈ পৰিব, তাক কোনেও ন-দি ক’ব নোৱাৰে। ‘শূন্য’ৰ জীৱনতো নিশ্চয় কিছু হ’লেও পূৰ্ণতা আছিল। বন্ধুবৰক কোৱাৰ দৰেকৈ হয়তো “শূন্যতাহীন শূন্য”ৰ সন্ধান আমি তেওঁৰ মাজতেই কৰিব পাৰিলোঁহেঁতেন।
গণিতৰ ভাষাত শূন্য এক বিশেষ সংখ্যা। শূন্য ধনাত্মকো নহয়, ঋণাত্মকো নহয়; কিন্তু একে সময়তে ই অধনাত্মক, অঋণাত্মক। সংখ্যা-ৰেখাৰ এক কেন্দ্ৰীয় বিন্দু। সকলোবোৰ ধনাত্মক সংখ্যা শূন্যৰ সোঁফালে আৰু সকলোবোৰ ঋণাত্মক সংখ্যা ইয়াৰ বাওঁফালে অৱস্থিত। অৰ্থাৎ শূন্যৰ অৰ্থ ‘শেষ’ নহয়; ই দুটা বিপৰীত দিশৰ সোঁমাজৰ এক মূলবিন্দুহে। শূন্যৰ পৰা আগবাঢ়িবও পাৰি, পিছুৱাবও পাৰি। কোনো এক ফলনৰ গ্ৰাফত (graph of a function) সৰ্বনিম্ন বিন্দু থাকিবও পাৰে; কিন্তু সেই সৰ্বনিম্ন বিন্দুত উপনীত হ’লেই যে গ্ৰাফডাল থমকি ৰ’ব, তেনে নহয়। কেতিয়াবা কেতিয়াবা সেই বিন্দুৰ পৰাই ৰেখাডাল পুনৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে।
মানুহৰ জীৱনৰ গতিপথৰ গ্ৰাফডালো বহুক্ষেত্ৰত তেনেকুৱাই। কোনো গুৰুতৰ দুৰ্ঘটনা, প্ৰিয়জনৰ বিয়োগ, হৃত চাকৰি, আৰ্থিক বিপৰ্যয়, শাৰীৰিক অসুস্থতা, পৰীক্ষাত ব্যৰ্থতা বা সম্পৰ্কৰ ভাঙোনে ভুক্তভোগীক মানসিকভাৱে বিধ্বস্ত কৰি তোলাটো নিতান্তই স্বাভাৱিক। তেনে সময়ত তেওঁৰ এনে লাগে যেন তেওঁ জীৱনৰ একেবাৰে নিম্নতম বিন্দুত আহি উপনীত হৈছেহি—সকলোবোৰ যেন শূন্য। একালৰ অভ্যস্ত জীৱনটো ঘূৰাই পোৱাৰ কোনো অৱকাশ নাথাকে, ভবিষ্যৎ দিকবিহীন হৈ পৰে, আত্মবিশ্বাস ক্ৰমে কমিবলৈ লয় আৰু নিজেই নিজৰ অস্তিত্বক মূল্যহীন বুলি সাব্যস্ত কৰাৰ এক প্ৰৱণতা গঢ় লৈ উঠে। কিন্তু সেই অৱস্থাটো কেতিয়াও “শূন্যতা”ৰ সংজ্ঞা হ’ব নোৱাৰে। কাৰণ তাতো নিহিত হৈ থাকে সংগ্ৰাম, থাকে স্মৃতি, থাকে প্ৰতিৰোধ, থাকে ভালপোৱা, থাকে জীৱনক পুনৰ অৰ্থবহ কৰি তোলাৰ এক অদৃশ্য ক্ষমতা। এই কথাটো কিছুদিন আগতে ছাৰা দ্য লাগাৰ্ডৰ জীৱনসংগ্ৰাম আৰু পুনৰুত্থানৰ বিষয়ে লিখোঁতে বিশেষভাৱে অনুভৱ কৰিছিলোঁ। এক ভয়ংকৰ দুৰ্ঘটনাই তেওঁৰ জীৱনৰ গতিপথ সম্পূৰ্ণ সলনি কৰি মাত্ৰ এটি মুহূৰ্ততে আগৰ স্বাভাৱিক জীৱন, শাৰীৰিক সক্ষমতা, চলাফুৰাৰ স্বাধীনতা—সকলো কাঢ়ি লৈ গৈছিল। বাহিৰৰ পৰা চাবলৈ গ’লে জীৱনৰ উদ্ধৃত্ত পত্ৰ (balance sheet)ত তেওঁৰ বাবে ই এক বৃহৎ ঘাটি। কিন্তু তাতেই তেওঁৰ জীৱন শেষ হোৱা নাছিল। সুদীৰ্ঘ চিকিৎসা, অসহনীয় শাৰীৰিক তথা মানসিক যন্ত্ৰণা, পুনৰ্বাসন, কৃত্ৰিম অংগৰ সৈতে সহবাসৰ প্ৰশিক্ষণ আৰু নতুনকৈ ‘দৈনন্দিন জীৱন’ গঢ়ি তোলাৰ প্ৰয়াসেৰে তেওঁ জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল।
বোধকৰোঁ জীৱনৰ এই সংঘাতবোৰ আমাৰ বাবে শূন্যক নতুনকৈ মূল্যায়ন কৰাৰ এক চলহে। সেয়েহে কেতিয়াবা জীৱনত সৰ্বস্ব হেৰুৱালেও যাতে নিজকে কেতিয়াও হেৰুৱাই নেপেলাওঁ, তাৰ প্ৰতি আমি সদা সতৰ্ক হোৱা উচিত। মনৰ জোৰ থাকিলে যে শাৰীৰিক প্ৰত্যাহ্বান বা অংগহীনতাকো জয় কৰিব পাৰি, ছাৰা তাৰ জ্বলন্ত উদাহৰণ। পৰিস্থিতিয়ে (যেনে বাৰ্দ্ধক্য বা অসুখে) কাৰোবাৰ পূৰ্বৰ জীৱিকা বা কামৰ স্বাভাৱিক গতি ৰুদ্ধ কৰিব পাৰে। কিন্তু সি আন কাৰোবাক জীৱন-যুদ্ধত জয়ী হ’বলৈ অনুপ্ৰেৰণা যোগোৱাৰ হেঙাৰ হ’ব নোৱাৰে। এইখিনিতে এটা কথা স্পষ্টকৈ উল্লেখ কৰাটো প্ৰয়োজন। কষ্ট, বেদনা, ব্যাধি, দৰিদ্ৰতা বা হেৰুৱাৰ যন্ত্ৰণাক আমি কেতিয়াও মহিমামণ্ডিত কৰাটো (glorify) উচিত নহয়। দুখ নিজে কোনো আশীৰ্বাদ নহয়। গভীৰ যন্ত্ৰণাত ক্লিষ্ট হৈ থকা কাৰোবাক তৎক্ষণাত “ই তোমাক নিশ্চয়কৈ অধিক শক্তিশালী কৰি তুলিব” বুলি কোৱাটো চৰম সংবেদনহীনতাৰ পৰিচায়ক হ’ব পাৰে। আনহাতে আমাৰ অভ্যন্তৰত লুকাই থকা শক্তি ইমানেই প্ৰবল যে কেতিয়াবা অজানিতেই জীৱনলৈ অহা শূন্যতাৰ মাজতো মানুহে এক নতুন অৰ্থ বিচাৰি পায়। গতিকে দুখ-কষ্টৰ মাহাত্ম্য প্ৰকাশ কৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে দুখৰ মাজতো উজলি উঠা মানৱ-সত্তাৰ অপৰাজেয় স্থিতিস্থাপকতাহে।
আমাৰ দৈনন্দিন জীৱনো এনে বহু উদাহৰণেৰে ভৰি আছে। পৰীক্ষাত কম নম্বৰ পোৱা বা অনুত্তীৰ্ণ শিক্ষাৰ্থীগৰাকীয়ে সেই ফলাফলক নিজৰ জীৱনৰ শেষ ৰায় বুলি মানি ল’লে সেয়া শূন্যতা। কিন্তু সেই ব্যৰ্থতাক নিজৰ দুৰ্বলতা চিনাক্ত কৰাৰ সুযোগ বুলি গ্ৰহণ কৰিলে, অধ্যৱসায় আৰু নিয়মিত অনুশীলনৰ সহায়ত সি নতুন আৰম্ভণি হ’ব পাৰে। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ ষ্টাইলিছ অ’পেনাৰ মাৰভান আটাপাট্টুৰ কথা। জীৱনৰ প্ৰথম তিনিখন টেষ্টৰ ছটা ইনিংছত তেওঁৰ স্ক’ৰ আছিল যথাক্ৰমে ০, ০, ০, ০, ০ আৰু ১। কিন্তু পৰৱৰ্তী সময়ত কঠোৰ পৰিশ্ৰমেৰে তেওঁ নিজকে এজন বিশ্বস্তৰৰ ক্ৰিকেট খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। একেদৰে অতিবৃষ্টি, বান বা খৰাঙৰ ফলস্বৰূপে এজন কৃষকৰ বাবে সেই বছৰ উৎপাদিত ফচলৰ পৰিমাণ শূন্য হ’ব পাৰে। কিন্তু তেওঁৰ মৰমৰ খেতিপথাৰখন, অভিজ্ঞতা আৰু পৰিশ্ৰম কেতিয়াও শূন্য হ’ব নোৱাৰে। পৰৱৰ্তী বছৰত নতুন বীজ, নতুন পদ্ধতি বা সমবায়ৰ সহায় লৈ তেওঁ পুনৰ কৃষিকাৰ্য্য আৰম্ভ কৰিব পাৰে। সেয়ে শূন্য ফচল মানেই শূন্য কৃষক নহয়।
সাহিত্য আৰু কলাৰ জগততো শূন্যতা এক শক্তিশালী উপকৰণ। কবিতাৰ সকলো কথাই শব্দেৰে কোৱা নহয়; কেতিয়াবা দুটা পংক্তিৰ মাজৰ উকা কাগজৰ নীৰৱতাই শব্দতকৈও বেছি কথা কয়। কেনভাছৰ সকলো অংশ ৰঙেৰে বুৰাই পেলালেই যে সি অধিক অৰ্থবহ হৈ উঠে, তেনে নহয়। শিল্পীৰ দৃষ্টিত কেনভাছৰ শূন্য ঠাইটুকুৰাৰো বিশেষ মাহাত্ম্য আছে। সংগীততো সুৰৰ লগতে বিৰতিও থাকে; সেই বিৰতি অবিহনে সুৰৰ সৌন্দৰ্য সম্পূৰ্ণকৈ উপলব্ধি কৰিব নোৱাৰি। জীৱনৰ ক্ষেত্ৰতো হয়তো তেনেকুৱাই—কেতিয়াবা নোপোৱা, নথকা, থমকি ৰোৱা বা নীৰৱ হৈ থকা মুহূৰ্তবোৰেই আমাক নিজৰ সৈতে আলাপ কৰিবলৈ সুযোগ দিয়ে।
ভাৰতীয় দৰ্শন মতেও “শূন্য” আৰু “পূৰ্ণ” দ্বৈত নহয়, একেটা সত্যৰে দুটা ধাৰা। ঈশোপনিষদত এনেদৰে কোৱা হৈছে, “পূৰ্ণমদঃ পূৰ্ণমিদং, পূৰ্ণাৎ পূৰ্ণমুদচ্যতে। পূৰ্ণস্য পূৰ্ণমাদায়, পূৰ্ণমেৱাৱশিষ্যতে।” অৰ্থাৎ পূৰ্ণতাৰ পৰা পূৰ্ণতাৰ সৃষ্টি হ’লেও পূৰ্ণতাৰ কেতিয়াও ক্ষয় নহয়। গণিতৰ ‘অসীম’ (Infinity) ধাৰণাটোৰ সৈতে ইয়াৰ এক অপূৰ্ব সাদৃশ্য আছে— অসীম সংহতিৰ পৰা সসীম সংখ্যক উপাদান আঁতৰাই দিলেও সংহতিটো অসীম হৈয়েই থাকে। আনহাতে “শূন্য”কো কেতিয়াবা সমূলি নথকা অৰ্থত নহয়, সকলো সম্ভাৱনাৰ নিৰ্বাক আধাৰ বুলিহে ধৰা হয়। গছৰ বীজ এটাৰ ভিতৰত যেনেকৈ অদৃশ্য অৰণ্য এখন শুই থাকে, তেনেদৰে কেতিয়াবা জীৱনৰ শূন্য মুহূৰ্ত এটাৰ ভিতৰতো নতুন সম্ভাৱনাৰ বীজ লুকাই থাকে।
সেয়ে “শূন্যতাহীন শূন্য” বুলিলে মই বুজোঁ—এনে এক অৱস্থা যি বাহ্যিক দৃষ্টিত শূন্য, কিন্তু অন্তৰ্দৃষ্টিয়ে ৰিক্ততাৰ কোনো আভাস তাত বিচাৰি নাপায়। তাত হয়তো অগাধ সম্পদ নাই, স্বাচ্ছন্দ্য নাই, আগৰ সফলতা নাই; কিন্তু আছে আত্মমৰ্যাদা, ভালপোৱা, নতুনকৈ থিয় দিয়াৰ তৎপৰতাৰ লগতে অনাগত দিনৰ সম্ভাৱনা। সংখ্যাৰে জুখিব নোৱৰা এই শূন্যই আমাক কেতিয়াবা অধিক সাহসী, সংযমী আৰু সংবেদনশীল কৰি তোলে। ইয়াৰ বিপৰীতে পূৰ্ণতা কেতিয়াবা শূন্যতাৰ আৰম্ভণিও হ’ব পাৰে। প্ৰয়োজনতকৈ অধিক প্ৰাপ্তি, আৰাম আৰু আত্মতুষ্টিয়ে আমাৰ ভিতৰখন উদং কৰি তুলিব পাৰে। আনহাতে শূন্যতাৰ অনুভৱে আমাক প্ৰশ্ন কৰিবলৈ উৎসাহ যোগায়—আচলতে আমিনো বিচাৰোঁ কি? কিহে আমাক জীয়াই ৰাখে? এতিয়াও আমাৰ নিজা কিবা বাকী আছেনে? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰোঁতে জীৱনৰ পূৰ্ণতাই অধিক স্থায়িত্ব অৰ্জন কৰে।
হয়তো অদূৰ ভৱিষ্যতে এই পৃথিৱীত ‘শূন্য’ নামৰ লোকৰ সংখ্যা শূন্য হৈ পৰিব। মই নিশ্চিত যে তেতিয়াও এক গভীৰ শূন্যতাই আমাৰ জীৱদ্দশাত ক’ৰবাত নহয় ক’ৰবাত বিৰাজমান হৈয়েই থাকিব। ই ভিন ভিন ৰূপত প্ৰকট হ’ব পাৰে—হেৰুওৱা সুযোগ, অপূৰ্ণ ইচ্ছা, অসম্পূৰ্ণ সম্পৰ্ক, ব্যৰ্থতাৰ গ্লানি, বেদনাময় স্মৃতি অথবা এক অনিশ্চিত ভৱিষ্যৎ। সেই শূন্যতাক যদি আমি জীৱনৰ চৰম অন্ধকাৰ বুলি গণ্য নকৰোঁ, তেন্তে তাৰ মাজতেই এক নতুন পোহৰৰ সন্ধান পোৱাৰ সম্ভাৱনা থাকে। কিয়নো, কেতিয়াবা শূন্য মানে ‘অসম্ভৱ’ নহয়; বৰঞ্চ শূন্য মানে—‘এতিয়াও সকলো সম্ভৱ’হে।
হে পাঠকবৃন্দ, আপোনালোকেও কেতিয়াবা যুকিয়াই চাবচোন, জীৱনৰ এনে কোনবোৰ মুহূৰ্ত আছিল যি এসময়ত ‘শূন্য’ যেন লাগিছিল, অথচ সেইবোৰেই পৰৱৰ্তী সময়ত পৰিপূৰ্ণ আকাৰ ধাৰণ কৰি এতিয়া আপোনালোকৰ ‘বৰ্তমান’ৰ অনন্য পৰিচায়ক হৈছেহি? মোৰ দৃঢ় বিশ্বাস, আমাৰ মাজত এনে বহু ব্যক্তি আছে যাক সমাজে ‘শূন্য’ বুলি গণ্য কৰে, কিন্তু তেওঁলোক প্ৰতিজনেই গভীৰ পূৰ্ণতাৰে ভৰপূৰ। দৰাচলতে আমি সকলোৱেই একো একোটা শূন্যতাহীন শূন্য।
