শ্ৰীমতী কণিকা তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ
লেখক- শ্ৰী চন্দামিতা শৰ্মা
সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰটিৰ বাবে নলবাৰী জিলাৰ অন্তৰ্গত বৰমাৰ নিকটৱৰ্তী গাওঁ বৰঝাৰ নিবাসী শ্ৰীমতী কণিকা তালুকদাৰৰ সৈতে কথা-বতৰা পতা হৈছিল। কেঁচুসাৰ উৎপন্ন কৰি তেওঁ ইতিমধ্যে যথেষ্ট খ্যাতি অৰ্জন কৰিছে। বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত শ্ৰীমতী তালুকদাৰৰ সৈতে হোৱা এই কথা-বতৰাত অংশগ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী চন্দামিতা শৰ্মা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে গোটৰ আন এগৰাকী সদস্য শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়া কথা বতৰা গোট’ৰ সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: সাক্ষাৎকাৰৰ আৰম্ভণিতেই আপোনাৰ শৈশৱৱ বিষয়ে জানিব বিছাৰিছোঁ।
কণিকা তালুকদাৰ: হয়। মোৰ জন্ম হৈছিল সৰ্থেবাৰীত। পিছে দেউতাৰ চাকৰিসূত্ৰে আমি সৰুৰে পৰাই নলবাৰী জিলাৰ বৰমাৰ ওচৰৰ বৰঝাৰত বাস কৰোঁ। মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰোঁ বৰঝাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰোঁ বৰঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত শিক্ষা গ্ৰহণ কৰোঁ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
সাহিত্য ডট অৰ্গ: আপুনি কেঁচুসাৰ উৎপাদনৰ লগত জড়িত হোৱাৰ ক্ষেত্ৰত কিবা বিশেষ কাৰণ জড়িত হৈ আছে নেকি?
কণিকা তালুকদাৰ: হয়। মোৰ বিয়া হৈছিল ২০০৫ চনত টিহু নগৰৰ প্ৰায় দাঁতিকাষৰীয়া গাওঁ নান্নাটাৰীত। বিয়াৰ প্ৰায় দুবছৰ পাছতেই মোৰ স্বামীৰ মৃত্যু হয়। কোলাত চাৰিমহীয়া ছোৱালী সন্তানটিৰ সৈতে দেউতা আৰু ভাইটিয়ে পুনৰ মোক মাৰ ঘৰলৈ লৈ আহে। সেইসময়ত মই মানসিকভাৱেও যথেষ্ট ভাগি পৰিছিলোঁ। কিবা এটা কৰিবলৈও হাতত সম্বল নাছিল। সেইসময়ত কিবা এটা কৰাৰ পৰিৱেশেই নাছিল। এনেদৰেই সময়বোৰ পাৰ হৈছিল। ছোৱালীজনী লাহে লাহে ডাঙৰ হ’ল। ২০১৪ চনত আমাৰ ওচৰৰে সোণালী আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মই ‘নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ’ত এটি পাঁচদিনীয়া প্ৰশিক্ষণ লওঁ। এই প্ৰশিক্ষণত আমাক বিভিন্ন বিষয়ৰ ওপৰত যেনে- হাঁহ-কুকুৰা পালন, মাছ পালন, কেঁচুসাৰ উৎপাদন আদিৰ প্ৰশিক্ষণ দিছিল। ইয়াৰ ভিতৰত মই কেঁচুসাৰ উৎপাদনটোহে বাছি লৈছিলোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ মানসী চক্ৰৱৰ্তী বাইদেৱে কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে আমাক শিকাইছিল।
সাহিত্য ডট অৰ্গ: আপুনি জনালে যে কৃষি বিজ্ঞান কেন্দ্ৰত আপোনালোকক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিছিল। পিছে আপুনি কেঁচুসাৰ উৎপাদন কৰাৰ বিষয়েহে ভাবিলে কিয়? ইয়াৰ কিবা বিশেষ কাৰণ আছিল নেকি?
কণিকা তালুকদাৰ: হয়। ইয়াৰ লগতো এটা কথা জড়িত হৈ আছিল। সেয়া হ’ল মূলধন আৰু উৎপাদন আৰম্ভ কৰিবলৈ দৰকাৰ হোৱা অন্যান্য সামগ্ৰীসমূহ। তেতিয়া আৰ্থিক দিশত মই একেবাৰে দুৰ্বল আছিলোঁ। আনহাতে কেঁচুসাৰ উৎপাদনৰ বাবে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবোৰ আমাৰ ঘৰতে আৰু ওচৰে-পাজৰে পোৱা বিধৰ সামগ্ৰী। আমাৰ ঘৰখন খেতি-বাতিৰ লগত জড়িত। সেইবাবে সেইসময়ত কেঁচুসাৰ উৎপাদনৰ বাবে প্ৰয়োজন হোৱা গোবৰ ঘৰতেই পৰ্যাপ্ত আছিল। মেটেকা, কলগছ, জাঁৱৰ-জোথৰ আদি ঘৰতে আৰু ওচৰতে পাম বুলি ভাবিও কেঁচুসাৰ উৎপাদন কৰা কামটো হাতত লৈছিলোঁ। লগতে সেই সময়ৰ চিন্তাধাৰাটো এনেকুৱা আছিল যে যিহেতু মই এগৰাকী মহিলা, গতিকে ঘৰৰ পৰা বেছি বাহিৰ নোলোৱাকৈ ঘৰতে থাকি মোৰ কাম-কাজ চলাই নিব পাৰিম।
সাহিত্য ডট অৰ্গ: কেঁচুসাৰ উৎপাদন কৰাৰ বাবে সকলো জাতৰ কেঁচু ব্যৱহাৰ কৰিব পাৰি নেকি? নে ইয়াৰ বাবে কিবা বিশেষ জাত আছে? অকণমান জনাওকচোন।
কণিকা তালুকদাৰ: হয় নিশ্চয়। কেঁচুসাৰ উৎপাদন কৰাৰ বাবে সকলো জাতৰ কেঁচু ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হয় কিছুমান বিশেষ জাতৰ কেঁচু। মই জনাত কেঁচুৰ ১০৮টা প্ৰজাতি আছে, যদিও সকলোবোৰ কেঁচুৱেই কেঁচুসাৰ উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ ভিতৰত অসমৰ জলবায়ুৰ লগত খাপ খোৱা Eisenia fetida, Eudrillus Eugenia আদি অতি উন্নত জাতৰ। ইহঁতৰ বাবে কেঁচুসাৰ উৎপাদন বাঢ়ে, লগতে কেঁচুৰ সংখ্যাও যথেষ্ট সংখ্যক বাঢ়ে। এইবোৰ যথেষ্ট জাতৰ কেঁচু।
সাহিত্য ডট অৰ্গ: উৎপাদিত কেঁচুসাৰৰ পেকেজিং কেনেকৈ কৰে অকণমান জনাওকচোন।
কণিকা তালুকদাৰ: আমাৰ ফাৰ্মত উৎপাদন হোৱা কেঁচুসাৰবিলাক ১কেজিৰ পৰা ৫০কেজিৰ বেগত ভৰোৱা হয়। পেকেজিঙৰ কামটো আমি আমাৰ ফাৰ্মতে কৰোঁ। আচলতে আমি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি এনেদৰে পেকেজিং কৰোঁ।
সাহিত্য ডট অৰ্গ: কেঁচুসাৰৰ বজাৰ দখলৰ বিষয়ে জনাওকচোন।
কণিকা তালুকদাৰ: আৰম্ভণিতে মানে মই যেতিয়া এই কেঁচুসাৰ উৎপাদনৰ লগত জড়িত হৈ কেঁচুসাৰ উৎপাদন কৰিবলৈ লৈছিলোঁ, তেতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। মানে বিক্ৰী কেনেকৈ কৰিম, ক’ত কৰিম আদি। তেতিয়া তেনেকৈ পেকেজিঙৰ কথাও জনা নাছিলোঁ। সাধাৰণভাৱে প্লাষ্টিকৰ পেকেটত ভৰাই বা বস্তাত ভৰাই নলবাৰীৰ আশে-পাশে থকা বজাৰ, যেনে- বৰমা বজাৰ, নাথকুছিৰ বজাৰ আদি থলুৱা বজাৰত বিক্ৰীৰ বাবে লৈ গৈছিলোঁ। তেনেদৰেই চলি চলি থাকি এটা সময়ত আমাৰ ফাৰ্মত উৎপাদন বাঢ়িল। লাহে লাহে অলপ অভিজ্ঞতাও বাঢ়িল। যেতিয়া অলপ লাভৰ মুখ দেখিলোঁ, তেতিয়াই পেকেজিঙৰ কথাও মনলৈ আহিল। ২০১৯ চনত নলবাৰী জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক প্ৰফুল্ল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈ এই বিষয়ত পৰামৰ্শ লওঁ। বৰ্তমান খানাপাৰাৰ পশু মহাবিদ্যালয়, বিভিন্ন চৰকাৰী বিভাগলৈ মই সপ্তাহত তিনিবাৰকৈ আমাৰ উৎপাদিত সামগ্ৰী পঠাওঁ। লগতে বিভিন্ন বেচৰকাৰী সংস্থাইও আমাৰ পৰা সামগ্ৰী কিনি নিয়ে।
সাহিত্য ডট অৰ্গ: কেঁচুসাৰ উৎপাদনৰ দ্বাৰা পৰিয়াল এটি পোহপাল যাব পাৰে নে?
কণিকা তালুকদাৰ: নিশ্চয় পাৰে। কাৰণ মোৰ পৰিয়ালটোৰ লগতে আমাৰ প্ৰকল্পত কাম কৰা দুগৰাকী গাড়ী চালক, ছয় গৰাকী মহিলা আৰু ফাৰ্মৰ অন্যান্য কামকাজ কৰা দুজন লোকৰ সৈতে মুঠ দহজনৰ পৰিয়াল ভালকৈ চলি আছে। ইয়াৰোপৰি এই ফাৰ্মৰ পৰা উৎপাদিত কেঁচুসাৰ বিক্ৰী কৰি পোৱা লাভেৰে এখন ব’লেৰ’ পিক আপ ভান আৰু এখন গাড়ী কিনিবলৈ সক্ষম হৈছোঁ৷এই গাড়ী দুখন নিজাকৈ কিনিবলৈ সক্ষম হোৱা বাবে আমি উৎপাদিত সামগ্ৰী সৰবৰাহ কৰিবলৈ যথেষ্ট সহজ হৈছে৷
সাহিত্য ডট অৰ্গ: আপোনাৰ ফাৰ্মত উৎপাদন হোৱা সামগ্ৰী কেৱল অসমতে নে বিক্ৰী হৈ আছে নেকি? নে আন আন ঠাইতো বিক্ৰী হৈছে?
কণিকা তালুকদাৰ: আমাৰ ফাৰ্মত উৎপাদন হোৱা কেঁচুসাৰ অসমৰ কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী আদি নামনি অসমৰ প্ৰায়বোৰ জিলাৰ লগতে উজনি অসমত বিক্ৰী হোৱাৰ উপৰিও অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ ৰাজ্যতো বিক্ৰীৰ বাবে যায়। সেইবোৰ ৰাজ্যত আমাৰ ফাৰ্মৰ উৎপাদিত কেঁচুসাৰৰ বজাৰ খুব ভাল।
সাহিত্য ডট অৰ্গ: নিশ্চিতভাৱেই এইটো বৰ উৎসাহজনক খবৰ। আপোনাৰ ফাৰ্মত উৎপাদন হোৱা কেঁচুসাৰ কেনেকৈ সেইবোৰ ৰাজ্যলৈ প্ৰেৰণ কৰে?
কণিকা তালুকদাৰ: ধন্যবাদ। অৰুণাচল প্ৰদেশৰ পৰা বেপাৰী আহি আমাৰ ফাৰ্মৰপৰা লৈ যায়। একেদৰে অন্যান্য ঠাইৰপৰাও এই সাৰ ক্ৰয় কৰিবলৈ আমাৰ ওচৰলৈ ক্ৰেতাসকল আহে।
সাহিত্য ডট অৰ্গ: কোনোবাই যদি উপাৰ্জন কৰাৰ মাধ্যমৰূপে কেঁচুসাৰ উৎপাদনক ল’ব বিচাৰে, তেন্তে ইয়াৰ জৰিয়তে সচ্ছল অৱস্থা এটা পাব পাৰি নে?
কণিকা তালুকদাৰ: নিশ্চয়। ই এক কম মূলধনৰ সুন্দৰ ব্যৱসায়। বৰ্তমান সময় বহুলোকে ৰাসায়নিক সাৰৰ অপকাৰৰ বিষয়ে সজাগ হৈছে। তেখেতসকলে জৈৱিক সাৰক অধিক গুৰুত্ব দিছে। গতিকে কেঁচুসাৰ উৎপাদন কৰি এটা পৰিয়াল সুন্দৰকৈ চলিব পাৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। মোৰ মতে এইটো এটা ভাল ব্যৱসায়।
সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত অসমত কেঁচুসাৰৰ বজাৰ কেনেধৰণৰ?
কণিকা তালুকদাৰ: যথেষ্ট ভাল। বৰ্তমান সময়ত বহু লোকৰ কৃষিৰ প্ৰতি আগ্ৰহ বাঢ়িছে। দোকান, ব্যক্তিগত ঘৰ, অফিচ, নাৰ্জাৰী আদিত এতিয়া যথেষ্ট ইয়াৰ সমাদৰ। বহুলোকেই নগৰ, মহানগৰত থাকিও ফুলৰ খেতি আদি কৰে। টাবত বিভিন্ন ফুল ৰোৱে। অফিচ, হোটেল আদিতো যথেষ্ট ফুল ৰোৱে। ছাদত খেতি কৰে। এইবোৰৰ বাবে তেখেতসকলে জৈৱিক সাৰক অধিক গুৰুত্ব দিয়ে। গতিকে কেঁচুসাৰৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে।
সাহিত্য ডট অৰ্গ: আপোনাৰ ফাৰ্মত অকল কেঁচুসাৰ নে অইন সামগ্ৰীও বিক্ৰীৰ বাবে উৎপাদন কৰে?
কণিকা তালুকদাৰ: হয়, আমাৰ ফাৰ্মত কেঁচুসাৰৰ উপৰিও ভাৰ্মিৱাছ(vermiwash), এনৰিচ্
ভাৰ্মিকম্পোস্ট(enriched vermicompost) আৰু টপচইল (topsoil) বিক্ৰী কৰোঁ। অ’, আৰু এটা কথা আমি বছৰি প্ৰায় ৩০০ কেজি কেঁচু বিক্ৰী কৰোঁ।
সাহিত্য ডট অৰ্গ: বৰ্তমান সময়তো আমাৰ সমাজত খুব কম সংখ্যক মহিলাহে এনেকুৱা ধৰণৰ উদ্যোগ বা উৎপাদনৰ কামত লগত জড়িত। আপুনি বাৰু এই ক্ষেত্ৰত কিবা অসুবিধা বা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল নেকি?
কণিকা তালুকদাৰ: হৈছিলোঁ। যথেষ্ট। প্ৰথম অৱস্থাত নানা অসুবিধাৰ সন্মুখীন হৈছিলোঁ। বিশেষকৈ পেকেজিঙৰ আগত। ক’ত বিক্ৰী কৰিম, কেনেকৈ কৰিম একো বুজিব পৰা নাছিলোঁ। আচলতে কথাটো এনেকুৱা যে মই কিবা অলপ সাৰ উৎপাদন কৰিছোঁ, কিন্তু কি সাৰ, ভাল নে বেয়া, এইবোৰ কেনেকৈ জানিব? কেনেকৈ প্ৰচাৰ কৰিব লাগে সেইটোও নাজানো। লাহে লাহে উৎপাদন বাঢ়িল, কিন্তু লগে লগে বাঢ়ি আহিল বিক্ৰীৰ চিন্তা। লাহে লাহে মই কৃষি বিভাগ, নলবাৰী, নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰ আদিকে ধৰি আৰু দুটামান বিভাগৰ লগত যোগাযোগ আৰম্ভ কৰিলোঁ। তেখেতসকলে এই ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে। তেখেতসকলে মাজে মাজে মোৰ বিষয়ে প্ৰচাৰো কৰিছিল। ২০১৮ চনত মই সামাজিক মাধ্যম ফেচবুকৰ একাউণ্ট এটা খুলিলোঁ। বহুতৰ বাবে এইটো এটা অতি সৰু কথা, কিন্তু মোৰ বাবে এটা ডাঙৰ কথা কিয়নো ইয়াৰ দ্বাৰা মই প্ৰচাৰ কৰিব পাৰিলোঁ। যেনে- বিভাগীয় কোনোবা বিষয়া আহিল, তেখেতক মই মোৰ ফাৰ্মত উৎপাদন হোৱা কেঁচুসাৰৰ বিক্ৰীৰ ফটো আপলোড কৰিলোঁ। মাজে সময়ে বিক্ৰীৰ বাবে ৰখা কেঁচুসাৰৰ পেকেটৰ ফটো দিওঁ, এনেকৈ আৰু। ইতিমধ্যে মোক ৰেডিঅ’ ত টক শ্ব’ৰ বাবে মাতিলে, দুই এখন বাতৰি কাকতত মোৰ বিষয়ে লেখাও প্ৰকাশ হ’ল। তাৰপাছত আৰু ঘূৰি চাব লগা হোৱা নাই। ভালকৈ কোৱালিটি বজাই ৰাখি অধিক উৎপাদনত গুৰুত্ব দিলোঁ।
সাহিত্য ডট অৰ্গ: কথাখিনি জানি বৰ ভাল লাগিল । এতিয়া সুধিব বিছাৰিছোঁ আপোনাৰ এই যাত্ৰাত পৰিয়ালৰ সহায় সহযোগিতা কেনেধৰণৰ?
কণিকা তালুকদাৰ: হয়। মোৰ পৰিয়ালটোৰ পৰা মই যথেষ্ট সহায় পাইছোঁ। মোৰ পৰিয়াল বুলিলে মা, মোৰ একমাত্ৰ সন্তান অৰ্থাৎ মোৰ ছোৱালীজনী, ভাইটি, ভাইবোৱাৰী আৰু ভতিজা এজন। ছোৱালীজনী এতিয়া ডাঙৰেই হৈছে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। মই যেতিয়া কামত ঘৰৰ বাহিৰ ওলাব লগা হয়, তেতিয়া পৰিয়ালটোৰ প্ৰতিজনে কামবোৰ চোৱাচিতা কৰে। ফাৰ্মত কামত নিয়োজিত হোৱা লোকসকলৰ কামৰ তদাৰক কৰে। মই ফাৰ্মত থকা অৱস্থাতো পৰিয়ালৰ লোকে বিভিন্ন কামত সহায় কৰে। সেয়হে মই সদায়েই পৰিয়ালৰ প্ৰতি কৃতজ্ঞ।
সাহিত্য ডট অৰ্গ: বৰ্তমান বিভিন্ন সামগ্ৰীৰ বজাৰখন বহু পৰিমাণে অনলাইন ব্যৱস্থাৰ যোগেদি হয়। আপুনিও এনেকুৱা কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি?
কণিকা তালুকদাৰ: হয় কৰিছোঁ। বৰ্তমান সময়ত ময়ো জানো যে বহু ক্ষেত্ৰত অফলাইন ব্যৱস্থাতকৈ অনলাইনত বেছি সামগ্ৰী বিক্ৰী হয়। সেয়েহে আমিও ফাৰ্মত উৎপাদিত সাৰ ফ্লিপকাৰ্ট, এমাজন আদিৰ যোগেদি বিক্ৰী কৰি আছোঁ। ইতিমধ্যেই মই GeM প’ৰ্টেলতো ৰেজিষ্টাৰ কৰিছোঁ। আমাৰ ফাৰ্মত উৎপাদিত সামগ্ৰী “JAY VERMICOMPOST” ব্ৰেণ্ডৰ নামেৰে অনলাইন মাধ্যমত বিক্ৰী হৈ আছে।
সাহিত্য ডট অৰ্গ: জানি বৰ ভাল লাগিল। আপোনালৈ শুভকামনা জনালোঁ। এতিয়া জানিব বিচাৰিছোঁ যে আপোনাৰ ফাৰ্মত উৎপাদন হোৱা সামগ্ৰীৰ নামটো “JAY” দিয়াৰ কিবা বিশেষ কাৰণ আছে নেকি?
কণিকা তালুকদাৰ: ধন্যবাদ। আচলতে “JAY” নামটো দিয়াৰ লগত তেনে কোনো কাৰণ নাই। ব্ৰেণ্ডৰ নাম কি দিম? এই প্ৰশ্নটো মনলৈ আহোঁতই প্ৰথমে অহা নামটো, এইটোৱেই আছিল। সেয়েহে এইটোৱেই দিলোঁ।
সাহিত্য ডট অৰ্গ: আপুনি এতিয়ালৈ বহুবাৰ পুৰস্কৃত হৈছে। বৰ্তমানলৈ কি কি সন্মান তথা পুৰস্কাৰ লাভ কৰিছে?
কণিকা তালুকদাৰ: হয়, এতিয়ালৈকে বিভিন্ন পুৰস্কাৰ লাভ কৰিছোঁ। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য পুৰস্কাৰ লাভ কৰিছিলোঁ ২০২১ বৰ্ষত ICR(ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ)পৰা, সন্মানীয় পদ্ম পুৰস্কাৰ, IIM(ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট), কলিকতাৰ innovation পাৰ্কত দেশৰ আন পাঁচগৰাকী কৃষিৰ লগত জড়িত ব্যক্তিসকলৰ সৈতে বিশেষভাৱে সন্মান লাভ। ইয়াৰ উপৰিও অসম চৰকাৰৰ কৃষি বিভাগ, উদ্যোগ বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও পুৰস্কাৰ লাভ কৰিছোঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ এই যাত্ৰাত আপুনি বিশেষভাৱে কোনোবা ব্যক্তিবিশেষৰ নাম ল’ব বিচাৰিব নেকি ?
কণিকা তালুকদাৰ: হয়। পৰিয়ালটোৰ উপৰিও মোক এনেকুৱা কিছুমান ব্যক্তিয়ে সাহস দিছে আৰু মোৰ এই যাত্ৰাত পথপ্ৰদৰ্শকৰূপে উল্লেখযোগ্য ভূমিকা পালন কৰি আগুৱাই নিছে। ড৹.মানসী চক্ৰৱৰ্তীৰ ভূমিকা উল্লেখযোগ্য। বেটেৰী যেনেকৈ চাৰ্জ লয় তেনেদৰে বাইদেউৱে মোক সাহস দি মোক চাৰ্জ কৰাৰ দৰে কৰিছিল। তেখেত বৰ্তমান সহকাৰী অধ্যাপিকা, ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য মহাবিদ্যালয়, নলবাৰী। ড. মৃদুল ডেকা , সহযোগী বিজ্ঞান গুৰু, উদ্যান শস্য মহাবিদ্যালয়, নলবাৰী, মই কেঁচুসাৰ উৎপাদন আৰম্ভ কৰাৰ সময়ত আৰু বিভিন্ন সময়ত লক্ষী দত্ত আৰু কুমুদ হালৈ নলবাৰীৰ মহকুমা কৃষি বিষয়াৰূপে কৰ্মৰত হৈ আছিল। এখেতসকলে মোক যথেষ্ট সাহস আৰু সহায় কৰিছিল। ইয়াৰোপৰি হোমেশ্বৰ মজুমদাৰ, বিষয়বস্তু বিশেষজ্ঞ, উদ্যান শস্য বিভাগ, এখেতৰ সহায় মই পাহৰিব নোৱাৰোঁ।
সাহিত্য ডট অৰ্গ: আপুনি অনুভৱ কৰে নেকি যে বিদ্যালয়ত মাধ্যমিক পৰ্যায়তে কেঁচুসাৰ উৎপাদন আদিকে কৰি কৃষিক্ষেত্ৰৰ লগত আন আন সামগ্ৰীৰ উৎপাদনৰ বিষয়ো অন্তভুৰ্ক্ত কৰাৰ প্ৰয়োজনীয় আছে?
কণিকা তালুকদাৰ: হয়। কেঁচুসাৰ উৎপাদন আদিকে কৰি কৃষিক্ষেত্ৰৰ লগত আন আন সামগ্ৰীৰ উৎপাদনৰ বিষয়েও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আছে। এনে কৰিলে নিবনুৱা সমস্যাটো কিছু পৰিমাণে উপশম ঘটিব। একেদৰে কেঁচুসাৰ সম্পৰ্কে পাঠ্যক্ৰমৰ জৰিয়তে ভৱিষ্যতৰ নাগৰিক অৰ্থাৎ আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰিলে কৃষিক্ষেত্ৰত সতেজ উৎপাদন সম্ভৱ হ’ব।
সাহিত্য ডট অৰ্গ: আপুনি আপোনাৰ ক্ষেত্ৰ সম্পৰ্কে প্ৰশিক্ষণৰ দিহা কৰিছে নেকি?
কণিকা তালুকদাৰ: হয়। মই আমাৰ ক্ষেত্ৰ সম্পৰ্কে প্ৰশিক্ষণৰ দিহা কৰিছোঁ। বছৰেকত মই দুটা বা তিনিটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। কেতিয়াবা আকৌ কৃষি আৰু অন্যান্য বিভাগৰ সহযোগতো মই প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। বিভিন্ন প্ৰতিষ্ঠান, যেনে- উদ্যমিতা বিকাশ কেন্দ্ৰ আদিৰ যোগেৰেও মই প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। সুবিধা অনুযায়ী মই অসমৰ বিভিন্ন ঠাইত প্ৰশিক্ষণ দিছোঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ ব্যৱসায়িক পৰিকল্পনা সম্পৰ্কে আমাক অলপ জনাবনে?
কণিকা তালুকদাৰ: নিশ্চয়। মোৰ এই ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিবলৈ এটি হেঁপাহ আছে। মই অনাগত দিনত কেঁচুসাৰ অধিক উৎপাদন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিম। মোৰ এই সপোন সাৰ্থক হ’ব বুলিও মোৰ বিশ্বাস আছে।
সাহিত্য ডট অৰ্গ: আলোচনী, ই-মেগাজিন আদিয়ে অধিক মহিলা উদ্যোগী তৈয়াৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা লোৱা উচিত বুলি আপুনি ভাবে?
কণিকা তালুকদাৰ: আলোচনী, ই-মেগাজিন আদিয়ে অধিক মহিলা উদ্যোগী সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিয়েই আছে। উদাহৰণস্বৰূপে, মই এই কাৰ্য আৰম্ভ কৰাৰ পিছতেই বাতৰি কাকতত এই বিষয়ে এটা লেখা প্ৰকাশ পাইছিল। সেই লেখাই মোক উৎসাহিত কৰিছিল। মই ভাবোঁ যে এনেবোৰ কথা আলোচনী, ই-মেগাজিন আদিত প্ৰকাশ হোৱাৰ লগে লগে এনেধৰণৰ কাৰ্যৰ প্ৰতি অধিক সংখ্যক লোক আকৰ্ষিত হ’ব।
সাহিত্য ডট অৰ্গ: ইমানপৰে আপুনি আমাক কেঁচুসাৰ উৎপাদন তথা ইয়াৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সম্পৰ্কে জনালে। আপোনাক এগৰাকী উদ্যমী মহিলা বুলিও আমি জানিব পাৰি আহ্লাদিত হ’লোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।
কণিকা তালুকদাৰ: মোৰ প্ৰকল্প তথা কথাবোৰ প্ৰকাশ কৰিবলৈ সুবিধা কণ দিয়া বাবে আপোনালোককো আন্তৰিক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।