শ্ৰীযুত অনুৰাগ মহন্তৰ--সাক্ষাৎকাৰ
লেখক- ৰাজশ্ৰী শৰ্মা
’সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা সাক্ষাৎকাৰ ল’বলৈ এইবাৰ কাষ চপা হৈছিল লেখক, সমাজ-সেৱক তথা সাংস্কৃতিক জগতৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি শ্ৰীযুত অনুৰাগ মহন্তক। জাতীয় চেতনাৰে অনুপ্ৰাণিত হোৱা শ্ৰীযুত মহন্তৰ বৰ্ণিল জীৱন আৰু সাহিত্য-সৃষ্টিৰ উপৰিও তেখেতৰ সামাজিক দায়বদ্ধতাই তেখেতক এগৰাকী প্ৰকৃত অসমীয়া বুলি চিহ্নিত কৰিছে। ১৯৮৭ চনত স্থাপিত ‘আমগুৰি বান্ধৈ’ নামৰ সংগঠনটিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীযুত মহন্তৰ মানৱ দৰদী মনটোৰ পৰিচয় দিছে তেখেতৰ জনকল্যাণমুখী কৰ্মই।
’সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী ৰাজশ্ৰী শৰ্মা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা গোট’ৰ আন এগৰাকী সদস্য শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে গোটৰ সদস্য ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: সাক্ষাৎকাৰ অনুষ্ঠানটিৰ আৰম্ভণিতেই আপোনাৰ শৈশৱৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ।
অনুৰাগ মহন্ত: মোৰ জন্ম হৈছিল গ্ৰামাঞ্চলত। গাৱঁৰ সহজ-সৰল পৰিস্থিতি আৰু পৰিবেশে মোক সামাজিক হ’বলৈ অনুপ্ৰাণিত কৰিছিল। গাঁৱৰ মানুহৰ মাজত থকা সৰলতা তথা নিভাঁজ আৰু আত্মিক সম্পৰ্কই মোক মানুহৰ বাবে কাম কৰিবলৈ সদায়েই প্ৰেৰণা যোগাইছিল। মই জন্মলাভ কৰা ঘৰখন আছিল গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত। গাঁৱৰ নাম আছিল সেই পুখুৰীৰ নাম। অৰ্থাৎ গাওঁখনৰ নামো আছিল গৌৰীসাগৰ। চকু মেলিলেই মই বৰ পুখুৰীটো দেখা পাইছিলোঁ। পুখুৰীটোৰ লগতে গাৱঁৰ নৈসৰ্গিক পৰিবেশে মোক সদায়েই উদ্বেলিত কৰি তুলিছিল।
মোৰ পিতৃ গকুল চন্দ্ৰ দেৱগোস্বামী আছিল গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক। তেখেত এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত আছিল। ব্যাকাৰণ শাস্ত্ৰী উপাধি লাভ কৰা দেউতাৰ সৈতে বিশ্বনাৰায়ণ শাস্ত্ৰী, মনোৰঞ্জন শাস্ত্ৰী আদিৰ সৈতে এক সুসম্পৰ্ক আছিল। সত্ৰীয়া-সংস্কৃতি সাধনা কৰা দেউতাই সেই সৰুকালৰপৰাই মোৰ মনত প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰ বীজ ৰোপণ কৰিছিল, সাংস্কৃতিক চেতনা এটা সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। শান্তি সাধনা আশ্ৰমৰ প্ৰতিষ্ঠাতা হেমভায়েও আমাৰ দেউতাৰপৰাই সংস্কৃত শিকিছিল। ভাষা-সাহিত্যৰ চৰ্চা থকা এনে এটি পৰিয়ালত জন্মগ্ৰহণ কৰি ভাষা, সংস্কৃতি আদি বিষয়ৰ প্ৰতি মই আকৰ্ষিত হৈ পৰিছিলোঁ। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মোৰ জ্যেষ্ঠ ভাতৃ পঞ্চানন দেৱগোস্বামীয়েও মোক প্ৰভাৱিত কৰিছিল আৰু ভাষা, সাহিত্য, সংস্কৃতি আদি বিষয়ত সেৱা আগবঢ়াবলৈ মোক প্ৰেৰণা যোগাইছিল।
সাহিত্য ডট অৰ্গ: আপোনালোকৰ অনুষ্ঠান ‘আমগুৰি বান্ধৈ’ৰ জন্ম কাহিনী সম্পৰ্কে আমাক অলপমান জনাবনে?
অনুৰাগ মহন্ত: নিশ্চয়। ‘আমগুৰি বান্ধৈ’ৰ গুৰি শিপাডাল জড়িত হৈ আছে অসম আন্দোলনৰ পৰা। সেই সময়ত বৃহত্তৰ আমগুৰি অঞ্চলৰ ১০খন আঞ্চলিক ছাত্ৰ সন্থা লগ হৈ আমগুৰি ছাত্ৰ সন্থা সমন্বয়ৰক্ষী সমিতি গঠন কৰা হৈছিল। এই সমিতিৰ অন্তৰ্গত সদস্যসকলৰ মাজত এক সুসম্পৰ্ক গঢ় লৈ উঠিল। এসময়ত অসম আন্দোলন সমাপ্ত হ’ল। আন্দোলনকাৰীসকলৰ বহুজনে ৰাজনীতিত যোগদান কৰিলে। বহুকেইগৰাকী আকৌ পঢ়া-শুনাত লাগিল। বহুকেইজনে ব্যৱসায়ত নামিল। পিছে সকলোৰে আত্মিক সম্পৰ্কবোৰ একে থাকিল। এসময়ত এই সমূহ লোকক লৈ এটি সংগঠন আৰম্ভ কৰিবলৈ আমি মন মেলিলোঁ। আমাৰ সতীৰ্থ তথা ডুমডুমাত অৱস্থিত বীৰ ৰাঘৱ মৰাণ গৱৰ্ণমেণ্ট মডেল কলেজৰ অধ্যক্ষ ডঃ অমৰজিৎ শইকীয়া তথা চাৰিঙ নিবাসী শ্ৰী অজিত শইকীয়াৰ উদ্যোগত আমি একেলগ হ’লোঁ। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখে আজান পীৰৰ দৰগাহ থকা দিখৌমুখৰ শৰাগুৰি চাপৰিত আমি একেলগ হ’লোঁ। আমাৰ সম্পৰ্ক পুনৰ নিকপকপীয়া হৈ পৰিল। যিহেতু আমগুৰি ছাত্ৰ সন্থা সমন্বয়ৰক্ষী সমিতিৰ পুৰণি সদস্যসকলৰ উপস্থিতিত আমি সতীৰ্থসকল একেলগ হ’লোঁ, সেইবাবে আমি সংগঠনটিৰ নাম থ’লোঁ ‘আমগুৰি বান্ধৈ’। আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী প্ৰহ্লাদ খনিকৰ সংগঠনটিৰ সভাপতি হ’ল। সম্পাদক হ’ল শ্ৰী অজিত শইকীয়া। পিছলৈ ‘আমগুৰি বান্ধৈ’ৰ সভাপতি পদত শ্ৰী ৰবীন গগৈ সভাপতি হ’ল আৰু মই আৰু ড° ৰঞ্জিত বৰুৱা সংগঠনটিৰ যুটীয়া সম্পাদক হ’লোঁ। বিভিন্নজন সক্ৰিয় কৰ্মীৰ মাজৰ অন্যতম যদুমনি গোস্বামীয়ে এই সংগঠনটিৰ কাৰ্যকৰী সভাপতিৰূপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে।
আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। আমাৰ সংগঠনৰ কোনো লিখিত সংবিধান বা বিধি নাই। আমাৰ সংগঠনৰ তৰফৰপৰা সাহিত্য, ক্ৰীড়া, সংস্কৃতি আৰু কৃষিৰ ক্ষেত্ৰত আমি ‘ৰঙামুৱা বীৰ’ বঁটা প্ৰদান কৰি আহিছোঁ। ধ্বনিকবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘ৰাঙলী বুঢ়ীৰ দান’ কবিতাটোৰ ৰঙামুৱা বীৰ চৰিত্ৰ টোৰপৰাই আমি এই বঁটাৰ নামকৰণ কৰিছোঁ। সাহিত্য, সংস্কৃতি আদি ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা লোকসকললৈ বুলি আমি এই বঁটা আগবঢ়াই আহিছোঁ।
’আমগুৰি বান্ধৈ’ আন এক বিশেষ কৰ্মৰ বাবে আমাৰ সকলোৰে আদৰৰ হৈ পৰিছে। এই সংগঠনৰ সৈতে বৰ্তমান ৮০জন লোক আৰু তেওঁলোকৰ পৰিয়াল জড়িত হৈ আছে। সদস্যসকল কিবা বিপদ-আপদত পৰিলে আন আন সদস্যসকলে পাৰ্যমানে সহায় কৰে। চিকিৎসাধীন সদস্যসকলৰ আৰু আৰোগ্যৰ বাবে আন আন সদস্যসকলে সকলো ধৰণৰ সহায় আগবঢ়ায়। একেদৰে সদস্যসকলৰ সন্তানৰ পঢ়া-শুনাতো সমৰ্থৱান সদস্যসকলে সহায় আগবঢ়ায়। আমি আৰু এটা হেঁপাহ পুহি ৰাখিছোঁ। বৃদ্ধ বয়সত আমি সকলোৱে একেলগে থাকিম। তাৰবাবে কোনো এটুকুৰা ঠাইত আমি আমাৰ বাবে এক আৱাস নিৰ্মাণ কৰিবলৈও বৰ্তমান মন মেলিছোঁ। এনেধৰণৰ বিভিন্ন পাৰস্পৰিক দায়বদ্ধতাৰ দ্বাৰা ‘আমগুৰি বান্ধৈ’ পৰিচালিত হৈ আছে আৰু এনেধৰণৰ কাৰ্যই আমাৰ মাজত থকা আত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিছে।
সাহিত্য ডট অৰ্গ: আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে কেনেদৰে জড়িত হৈ পৰিল? আপোনাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ আৰু গ্ৰন্থসমূহৰ লগত জড়িত হোৱা কাহিনীসমূহ সম্পৰ্কে আমি আপোনাৰ পৰা অলপ জানিব বিচাৰিম।
অনুৰাগ মহন্ত: আচলতে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ কলেজীয়া জীৱনৰ পৰাহে। সেই সময়ত মই কবিতা লিখিছিলোঁ। পিছে এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ প্ৰজন্মই প্ৰচুৰ পৰিমাণে অধ্যয়ন কৰিছিল। সেই প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ময়ো অধ্যয়ন কৰিছিলোঁ। মুক্তি বাহিনীত থকাৰ সময়ত মই ‘স্বাধীনতা’ আলোচনীত গেৰিলা যুদ্ধ আৰু অন্যান্য বিষয়ৰ ওপৰত লিখিছিলোঁ। মই কাৰাৰুদ্ধ হোৱাৰ সময়ত মোৰ অতীতক সংৰক্ষণ কৰাৰ বাবে লিখিবলৈ ল’লোঁ। তেনেদৰেই মোৰ প্ৰথমখন উপন্যাস ‘আউলিঙৰ জুই’ প্ৰকাশ পালে। এই কিতাপখন মামণি ৰয়ছম গোস্বামী বাইদেৱে পঢ়ি বৰ ভাল পালে। তেখেতৰ উদ্যোগতেই কিতাপখন ‘Remains of Spring’ নামেৰে ইংৰাজীলৈ অনূদিত হ’ল। অক্সফ’ৰ্ডৰ দ্বাৰা প্ৰকাশিত এই কিতাপখনে ভাৰতবৰ্ষৰ বাহিৰতো সমাদৰ লাভ কৰিলে। পিছলৈ মোৰ আন এখন উপন্যাস ‘কংলিয়াঙৰ মাত’ প্ৰকাশ পালে। সু-সাহিত্যিক ডঃ ৰীতা চৌধুৰী বাইদেউৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই এই উপন্যাসখন ৰচনা কৰিলোঁ। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে মোৰ তৃতীয়খন উপন্যাসৰ কাম ছপাশালত ক্ষিপ্ৰ গতিত আগবাঢ়িছে। অচিৰেই এই উপন্যাসখনো প্ৰকাশ পাব। আনহাতে আমাৰ সংগ্ৰামৰ ওপৰতো মই আন এখন উপন্যাস লিখি আছোঁ। অৱশ্যে এই উপন্যাসখন প্ৰকাশ হ’বলৈ অধিক সময়ৰ আৱশ্যক হ’ব।
সাহিত্য ডট অৰ্গ: আপোনাৰ উপন্যাস ‘আউলিঙৰ জুই’ আৰু ‘কংলিয়াঙৰ মাত’ৰ বিষয়বস্তু সম্পৰ্কে অলপ জনাব নে?
অনুৰাগ মহন্ত: আউলিঙৰ জুই’ উপন্যাস খনৰ পৃষ্ঠভূমি হৈছে ভাৰত-ম্যানমাৰ সীমান্তত বসবাস কৰা কন্যাক নগা লোকসকলৰ জীৱন। তেওঁলোকৰ জীৱনটো দুখন দেশত দ্বিখণ্ডিত কৰা নিচিনা। যিগৰাকী ব্ৰিটিছ বিষয়াই সীমা নিৰ্ধাৰণ কৰিছিল তেওঁ মেপত আঁচ টানি সীমা নিৰ্ধাৰণ কৰি থৈ গ’ল কিন্তু বাস্তৱত এই কন্যাক নগা মানুহখিনিৰ ঘৰবোৰ দুভাগ কৰি থৈ গ’ল। আনকি তেওঁলোকৰ যিগৰাকী তদানীন্তন ৰজা আছিল, তেখেতৰ ঘৰৰ সোঁমাজেৰে ৰাষ্ট্ৰদুখনৰ সীমা গৈছে। তাৰ পাছত আকৌ নগালেণ্ডৰ আন্দোলনৰ সময়ত সেইখিনি ঠাই বিদ্ৰোহীসকলে লুকাই থাকিবলৈ বাছি ল’লে। ফলত ভাৰতীয় সেনা আৰু ম্যানমাৰ সেনা উভয় দেশৰে ৰোষৰ বলি হ’ল এই দ্বিখণ্ডিত নগা কন্যাক মানুহখিনি। তেওঁলোকৰ জীৱনৰ সংঘৰ্ষ তথা জীৱনধাৰণৰ শৈলীক লৈয়েই ‘আউলিঙৰ জুই’ উপন্যাসখন ৰচনা কৰা হৈছে।
‘কংলিয়াঙৰ মাত’ উপন্যাসখন ৰচনা কৰিছিলোঁ নগা পাহাৰৰ মানুহখিনিৰ ইতিহাস আৰু সমাজ ব্যৱস্থা লৈ। প্ৰথমতে তাত এন এচ চি এন গোট স্থাপন হ’ল, তাৰ পাছত এন এচ চি এন খাপলাং আৰু ইছাক মুইভা দুটা গোট হ’ল। আদৰ্শৰ বিভেদ হোৱাৰ লগে লগে আত্মধ্বংসী ৰক্তক্ষয়ী বিপ্লৱৰ সূচনা হ’ল, নিজৰ মাজতেই তেওঁলোকে বহুত মানুহ হেৰুৱালে। এই সংঘাতৰ পৰিস্থিতিৰ মাজত সাধাৰণ ৰাইজৰ মাজৰ প্ৰেম, পৰিয়াল আদিৰ ওপৰত ভিত্তি কৰিয়েই ‘কংলিয়াঙৰ মাত’ উপন্যাসখন লিখা হ’ল। ‘কংলিয়াঙ’ আচলতে এটা নগা সাধুকথা। সেই সাধুকথাটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই উপন্যাসখন লিখা হৈছে।
সাহিত্য ডট অৰ্গ: এসময়ত আপুনি সংযুক্ত মুক্তি বাহিনীৰ সদস্য আছিল। পিছলৈ আপুনি সেয়া পৰিত্যাগ কৰি স্বাভাৱিক জীৱন যাপন কৰিলে আৰু সমাজৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ ল’লে। সাহিত্যিক হিচাপেও আপুনি আত্মপ্ৰকাশ কৰিলে। আপোনাৰ জীৱনৰ এই বিভিন্ন স্তৰ সম্পৰ্কে আমাক অলপ জনাওক।
অনুৰাগ মহন্ত: আচলতে অসম আন্দোলনৰ পিছত গঠন হোৱা চৰকাৰখনে আমাক অলপ হতাশ কৰি তুলিলে। পিছলৈ এই হতাশা বৃদ্ধি হ’ল। লাহে লাহে মোৰ মনত বিপ্লৱী সত্তা এটা গা কৰি উঠিল। সেই সময়তেই মোৰ জাতীয় চেতনাইও বিপ্লৱৰ যোগেৰে সমাজখনৰ উন্নতি সাধিবলৈ প্ৰেৰণা যোগালে। ১৯৮৭ চন মানত সংযুক্ত মুক্তি বাহিনী অসমৰ লগত মোৰ যোগাযোগ হ’ল। ১৯৮৯ চনত মই অৰণ্যগামী হ’লোঁ। মুক্তি বাহিনীৰ জি এইছ কিউ কামাণ্ডাৰৰ দায়িত্বতো মই নিয়োজিত হ’লোঁ। প্ৰশিক্ষণ শিবিৰ চলোৱাৰ দায়িত্বও মোৰ ওপৰত ন্যস্ত কৰা হ’ল। পিছে ২০০৩ চনত অপাৰেশ্যন অল ক্লিয়াৰ আৰম্ভ হোৱাৰ সময়ত আমি ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত হ’লোঁ। আমাক অসমলৈ ঘূৰাই অনা হ’ল। কাৰাবাসৰপৰা মুক্ত হোৱাৰ পিছত মই আকৌ সামাজিক, সাংস্কৃতিক তথা সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলোঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ বৰ্ণিল জীৱনত আপুনি উগ্ৰবাদ, মূলসুঁতি, অসমৰ ৰাজনীতি ইত্যাদি সকলো অভিজ্ঞতা লাভ কৰিলে। এই সকলো দিশ চালি জাৰি চাই আপুনি আমাৰ উঠি অহা প্ৰজন্মক কি উপদেশ দিব বিচাৰে?
অনুৰাগ মহন্ত: কথাটো এনেকুৱা যে আমাৰ ভাল-বেয়া সকলো ধৰণৰ অভিজ্ঞতা হ’ল। শোভাযাত্ৰাৰ পৰা শ-যাত্ৰালৈকে, মুখাগ্নিৰপৰা হোমাগ্নিলৈকে সকলো কথাই দেখিলোঁ। অসমৰ নতুন প্ৰজন্মক যদি আমি ক’ব বিচাৰোঁ, যে কেৱল পুথিগত বিদ্যাৰে ডাঙৰ ডিগ্ৰী লাভ কৰাৰ পাছত আঙুলিৰ মূৰত গণিব পৰা লোকেহে ডাঙৰ বিষয়া হয়গৈ। জাতিটোৰ মেৰুদণ্ড হৈছে নতুন প্ৰজন্মৰ কৰ্মস্পৃহা আৰু আত্মনিৰ্ভৰশীলতা। আত্মনিৰ্ভৰশীল জাতি এটাইহে নিজৰ ঐতিহ্য, সংস্কৃতি, ভাষা ইত্যাদি ধৰি ৰাখিব পাৰে। আমাৰ নতুন প্ৰজন্মই এই দায়িত্ব বহন কৰিবলৈ সাজু হ’ব লাগিব। যদিহে অসমীয়া জাতিটো আগন্তুক কেইবাশ বছৰলৈ নিষ্কণ্টকভাৱে জীয়াই থাকিব লাগে তেন্তে নৱপ্ৰজন্মই কৰ্মক্ষেত্ৰৰ কোনো বিভাজন নোহোৱাকৈ জাতিটোৰ হকে একগোট হৈ কাম কৰিব লাগিব। মূলতঃ আমাৰ সমাজৰপৰা এই কৰ্মৰ বিভাজনৰ বিষয়টো নিৰ্মূল হ’ব লাগিব। সকলো কৰ্মকে সমানে সন্মান দিলেহে আমি জাতি হিচাপে আগুৱাই যাব পাৰিম। পঢ়ি শুনি হাল বাব লোৱা ল’ৰাজনকো ভাল কাম বুলি উৎসাহিত কৰিব পাৰিব লাগিব।
সাহিত্য ডট অৰ্গ: অসমীয়া জাতীয়তাবাদ, অসমীয়া সত্তা, অসমীয়া সংজ্ঞা নিৰূপণ ইত্যাদি প্ৰশ্নৰ আজিও কোনোধৰণৰ সামগ্ৰিক যথোচিত উত্তৰ নাই। হয়তো সেই অৰ্থ বিচাৰিয়ে আপুনি জীৱনত ছাত্ৰ সন্থাৰপৰা সংযুক্ত মুক্তি বাহিনী হৈ মূলসুঁতিলৈ ঘূৰি আহিছিল। এই অসমীয়া সংজ্ঞা বিচাৰোঁতে অসমখন প্ৰতিবাৰেই ব্যৰ্থ হোৱা বুলি আপুনি ভাবে নেকি?
অনুৰাগ মহন্ত: এইটো একেবাৰেই মৌলিক কথা যে এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ সংগঠন। অসমত আজিৰ দিনত বহুত শ সংগঠন আছে। একোটা জনগোষ্ঠীৰ মাজত পোন্ধৰ-বিছটা সংগঠন। আমাৰ অসমৰ জাতীয়তাবাদী চিন্তাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে যে আমি কাম কৰি গৈ থাকোঁতেই নিজৰ মাজতে বিভাজনৰ বীজটো নিজেই ৰোপণ কৰি গৈ থাকোঁ। তাক লালন-পালন কৰি আগবাঢ়ি গৈ থাকোঁতে আমি মূল লক্ষ্যৰপৰা ফালৰি কাটি অহাও বহুত ক্ষেত্ৰত দেখা গৈছে। এটা কাম সমাপন কৰোঁতে ত্ৰিশটা চল্লিছটা গোট থকাটো আচলতে গৌৰৱৰ বিষয় নহয়, লাজৰ হে কথা। অসমত ক’বলৈ গ’লে মৌলিক প্ৰশ্ন একে কেইটাই, ভাষা, সংস্কৃতি, বহিৰাগতৰ আগ্ৰাসন, আমাৰ সম্পদ, আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত আৰু খিলঞ্জীয়াৰ অধিকাৰ আদি বিষয়ৰ ওপৰতেই মূলতঃ আমাৰ সকলো সমস্যা। এই ছয়-সাতটা মৌলিক সমস্যাৰ সমাধানৰ পথত যদি ত্ৰিশ-চল্লিছটা সংগঠনৰ জন্ম হয়, তেতিয়া সমস্যা সমাধানৰ পথ কোনফালে যাব, সেইটো সকলোৱে অনুমান কৰিব পাৰিব। এই বিভ্ৰান্তিৰ বাবেই এটাৰ পিছত এটাকৈ সংগ্ৰাম চলি থকা সত্ত্বেও সমাধান ওলোৱা নাই। এখন মূল জাতীয় অভিৱৰ্তন পাতি তাত সকলো জাতি জনজাতিৰ প্ৰতিনিধি আহি সকলোৰে সন্মতি সাপেক্ষে সমস্যাৰ সমাধানৰ পথ মুকলি কৰা যাওক। এনেকুৱা ধৰণৰ সিদ্ধান্ত যদি লোৱা নহয় তেন্তে এই বিভ্ৰান্তিবোৰ থাকি যাব আৰু সমাধান সম্ভৱ নহ’ব।
সাহিত্য ডট অৰ্গ: আপুনি ছাত্ৰ সন্থাৰ দিনৰপৰা এতিয়ালৈকে প্ৰায় চল্লিছ বছৰ অসমৰ সামাজিক ক্ষেত্ৰখন দেখিলে। আজিৰ অসমত জ্বলন্ত সমস্যাও বহুত বেছি বা ৰাজনৈতিক ক্ষেত্ৰখনো আগতকৈ জটিল। এই ক্ষেত্ৰত আপুনি ভাবেনে যে বৰ্তমানৰ পৰিস্থিতিত এই মৌলিক সমস্যাসমূহৰ সমাধান হোৱাটো সম্ভৱপৰ?
অনুৰাগ মহন্ত: বৰ্তমানৰ পৰিস্থিতিত নিশ্চিতভাৱে সম্ভৱ নহয়। আজিৰ পৰিস্থিতিত এইকাৰণেই সম্ভৱ নহয় কাৰণ আমাৰ যিটো সামাজিক বিস্তৃতি সেয়া একেবাৰেই অনুকূল নহয়। অসমীয়া মানুহৰ সামগ্ৰিক চৰিত্ৰ আজিৰ তাৰিখত যথেষ্টভাৱে সুবিধাবাদী। যিখিনি মানুহকেই জাতিটোৱে আগবঢ়াই দিছে, তেওঁলোকেই জাতিটোক বিশ্বাসঘাটকতা কৰিছে। এই কথাটোৰ বাবেই সাধাৰণ মানুহৰ মনতো সুবিধাবাদী চৰিত্ৰৰ বীজ ৰূপিত হ’ল আৰু এইটোৱেই জাতিটোক মাৰাত্মকভাৱে ক্ষতি কৰিলে। এই কথাটোৰ বাবে ঘাইকৈ জগৰীয়া আমাৰ ৰাজনৈতিক দলসমূহ। এই দলসমূহে সমগ্ৰ মানুহখিনিৰেই নৈতিকতাৰ বিচ্যুতি ঘটালে।
সাহিত্য ডট অৰ্গ: আপোনাৰ সাহিত্য কৃতি, সামাজিক দায়িত্ববোধ, ৰাজনৈতিক আৰু সামাজিক চেতনা আৰু অভিজ্ঞতাই আমাকো সমৃদ্ধ কৰি তুলিলে। আপোনাক লগ পাই আমিও কৃতাৰ্থ হ’লোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰপৰা আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
অনুৰাগ মহন্ত: হয়, বহুদিনৰ মূৰত এনেবোৰ কথা বিতংকৈ পাতি মোৰো বৰ ভাল লাগিল। আপোনালোকে মোক এই সুবিধাকণ দিয়া বাবে আপোনালোককো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।