শৰ্মাজ স্পেশ্যেল চিকেন ড্ৰাই ফ্ৰাই ৱিথ চিছেম এণ্ড চিক্ পি (-মৃদুল কুমাৰ শৰ্মা)

০যোগাৰ: সৰুকৈ কটা ব্ৰইলাৰ মুৰ্গীৰ মাংস আধাকেজি, পিয়াঁজ চাৰিটামান, কেঁচা
জলকীয়া চাৰিটা, নহৰু বিশফোটামান, কেঁচা মটৰ দুমুঠি, মধ্যমীয়া আকাৰৰ আদা
এটুকুৰা, তিল দুমুঠি, গোটা জালুক এমুঠি, তেজপাত এখিলা, ইলাচি দুটা৷
০প্ৰস্তুতি: মাংসখিনি খুউব ভালদৰে ধুই চেপি চেপি পানী নোহোৱা কৰি ৰাখক৷
পিয়াঁজখিনি সৰু সৰুকৈ কুটি ল’ব৷ নহৰুখিনি বাকলি গুচাই ধুই বটি ল’ব৷ কেঁচা মটৰখিনিও ধুই পানীখিনি যাবলৈ দিব৷ আদাৰ টুকুৰাটো ৰুকি ল’ব৷ তিলখিনি
আগতীয়াকৈ ধুই পানী নোহোৱা কৰি থ’ব৷ জালুকখিনিও ধুই পানী নোহোৱা কৰি থ’ব৷
এতিয়া ধুই থোৱা তাৱা এখন জুইত গৰম হ’বলৈ দি তাত জালুকখিনি দি লৰাই থাকক৷ যেতিয়া দুই এটা ফুটো ফুটো যেন কৰিব তেতিয়া নমাই গৰমে গৰমে মিক্সাৰ
গ্ৰাইণ্ডাৰ বা খুন্দনাত গুৰি কৰি ল’ব৷

sarmas-special-chicken_mridul-kumar-sarmah
এতিয়া কেৰাহী এটা ভালদৰে গৰম হ’বলৈ দি তাত মিঠাতেল বা চানফ্লাৱাৰ তেল অলপ দিয়ক৷ তেলখিনি গৰম হ’লে তাত ইলাচি দুটা দি দিব৷ এতিয়া তেলত কেঁচা
মটৰখিনি দি দিয়ক৷ এইখিনি কৰোঁতে অলপ সাৱধান হ’ব৷ মটৰ তেলত দিলে এনেয়ো ফুটে, গতিকে তাত যাতে পানী লাগি নাথাকে মন কৰিব৷ ঢাকনি এখন দি তাৰ ফাঁকেৰে মটৰখিনি অলপ লৰাই দিব৷ মটৰখিনি আধাভজা হ’লে এখন জেজেৰাৰে নমাই তাত এচিকুট নিমখ দি লৰাই থ’ব৷এতিয়া কেৰাহীটোত আৰু অলপ তেল দি ভালকৈ গৰম হ’বলৈ দিব, তাত তেজপাত দি পিয়াঁজখিনি ঢালি লৰাই থাকক৷ অলপ পিছত জলকীয়াকেইটাও দি দিব৷ দুবাৰ লৰাই তাত তিলখিনি দি লৰাই থাকিব৷ তিল ফুটে, গতিকে অলপ সাৱধান হ’ব৷ পিয়াঁজখিনি ভালদৰে ভাজ খাই ৰঙচুৱা হ’লে তাত নহৰু বটাখিনি দি লৰাই দিয়ক৷ আধামিনিট পিছত তাত মাংসখিনি দি ভালদৰে লৰাই থাকক৷ মিশ্ৰণটো পূৰা ভজা নোহোৱালৈকে কিন্তুু লৰাই থাকিব লাগিব,ঠিক মাহ কৰাই ভজাৰ দৰেই৷ ঢাকোন দিব নালাগে, নহ’লে পানী উঠি যাব৷ এনেকৈ লৰাই থাকিব যাতে তলিত লাগি নধৰে। প্ৰয়োজন হ’লে জুই অলপ কমাই দিব৷ ভালদৰে ভজা হোৱা যেন পালে তাত প্ৰথমে নিমখ দি জালুকৰ গুড়িখিনি দি দিব৷ পুনৰ লৰাই থাকিব৷ এতিয়া আদাখিনি দি লৰাই থাকক৷ মাজতে এবাৰ অলপ চাকি চাই পূৰাকৈ ভজা হোৱা যেন পালে জুইকুৰা নুমুৱাই দিয়ক আৰু তাত আগতে ভাজি থোৱা মটৰখিনি দি এবাৰ ভালদৰে লৰাই বেলেগ এটা পাত্ৰত নমাই গৰমে গৰমে পৰিৱেশন কৰক৷ দুটোপালমান গোলাপজলো ছটিয়াই দিব পাৰে৷
মনত ৰাখিব, অনবৰত লৰাই থাকিব লাগিব৷০

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!