সভ্য সমাজৰ বিভীষিকা – মায়া শৰ্মা
[১] কংক্ৰীট মহানগৰীৰ ব্যস্ত সময়ৰ ব্যস্ত ৰাজপথ প্ৰতিযোগিতাৰ দৌৰত যান্ত্ৰিক মানৱ। [২] সভ্যতাৰ দেৱালত অসভ্যতাৰ মকৰাজাল আপোনে আপোনক কাটে আপোনে আপোনক মাৰে আপোনৰ তেজেৰে ৰাঙলী হয় ধৰা। [৩] পৰিত্যক্ত মৰাশত ভেনামাখিৰ খঁক কাষেৰে পাৰ হয় মানুহৰূপী অমানুহ আজিৰ সমাজ হায় নিকৃষ্ট মানৱ। [৪] ক্ষুৰ্ধাত দুচকুত আশাৰ ৰেঙণি ডাষ্টবিনেই হ'ল খাদ্যৰ থলী পাগলী হোৱাৰ দোষত পাগলীও হয় মাতৃ মাজনিশা মাতাল হয় নগৰী ৰাগিৰ ৰাগীত সৃষ্টি হয় বিভীষিকা অশ্লীল হয় নিষিদ্ধ গলি অথবা বন্ধ শোৱনিকোঠা ॥☆★☆
সুন্দৰ লিখনি ।