সম্পাদকীয় – ৰাণা গগৈ
“Once a year, go some place you’ve never been before.“ -Dalai Lama
গাষ্টাৱ ফ্ল’বাৰ্ট নামৰ ফৰাচী ঔপন্যাসিকজনে কৈছিল যে ভ্ৰমণ অভিজ্ঞতাই মানুহক বিনয়ী কৰি তোলে৷ লগতে কৈছিল, ভ্ৰমণ নকৰালৈকে আমি অনুভৱ কৰিব নোৱাৰোঁ যে আমি আচলতে এই বিশাল ধৰাৰ তেনেই সৰু ঠাই এডোখৰতহে বাস কৰোঁ৷ আধুনিক যুগৰ ’মেনেজমেণ্ট’ সম্বন্ধীয় বহুতো সূত্ৰৰ উদ্ভাৱক ষ্টিফেনে ক’ভেও ঠিক যেন একেটা কথাকে কৈছিল৷ তেখেতে কৈছিল, “জীৱনটো ঘড়ীৰে নহয় বৰং কম্পাছেৰেহে জুখিব লাগে৷”
ভ্ৰমণ ভাল নোপোৱা লোক পৃথিৱীত নোলাব যেনেই লাগে৷ কেনেবাকৈ ওলালেও ইয়াৰ সংখ্যা হ’ব তেনেই তাকৰ৷ কম-বেছি পৰিমাণে ভ্ৰমণ সকলোৰে প্ৰিয়৷
প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক ভ্ৰমণৰ উপকাৰিতাও যথেষ্ট৷ সৰ্বপ্ৰথমে ক’ব লাগিব যে, ভ্ৰমণে প্ৰতিজন ব্যক্তিৰ মনৰ দিগন্ত উন্মেষিত কৰে৷ নানান ঠাই দেখি, অনেক ব্যক্তিক লগ পাই, বিভিন্ন সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ চাক্ষুষ অভিজ্ঞতাই এই কথা গভীৰভাৱে অনুভৱ কৰায় যে, জীৱন জীয়াই থকাৰ উপায় এক নহয় অনেক৷ অভিজ্ঞতাপুষ্ট আমাৰ মনৰ দিগন্তত থিতাপি লোৱা সমস্ত কথা বা সিদ্ধান্তবোৰ যে চূড়ান্ত নহয়, ইয়াৰ বিপৰীতে আৰু বহু কথা থাকিব পাৰে এই কথা পলে পলে অনুভৱ কৰায়৷ সেয়ে বোধহয়, গাষ্টাৱৰ ভাষাত, ভ্ৰমণে মানুহক বিনয়ী কৰি তোলে৷
কাহানিবাই ক’ৰবাত পঢ়িছিলোঁ যে, ভ্ৰমণ হেনো এক প্ৰকাৰ ’Crash Course’ যাৰ পাঠ্যক্ৰমত ভূগোল, বুৰঞ্জী আৰু সমাজবিদ্যাৰ অমূল্য পাঠ অন্তৰ্ভুক্ত হৈ থাকে৷ প্ৰত্যকটো স্থান বা গন্তব্যস্থানে ভ্ৰমণকাৰীক এক নতুন কথাৰ সন্ধান দিয়ে৷ ’বিন্দু বিন্দু মিলি সিন্ধু’ হোৱাৰ দৰে এই নিত্য নৱ অভিজ্ঞতাবোৰে ভ্ৰমণকাৰীৰ মন-মগজুত নিজস্ব জীৱন, নিজ মাতৃভাষা-সংস্কৃতি, আপোন মাতৃভূমিৰ প্ৰতি প্ৰেমৰ বীজ প্ৰোথন কৰে৷ এই বীজ সময়ত অংকুৰিত হৈ জীয়াই থকা দুৰ্বাৰ হেঁপাহ সঞ্চাৰ কৰে৷ অভিজ্ঞতাৰ ভেঁটিত লহপহকৈ বাঢ়ি অহা বৃক্ষজোপাত, ন ন আশা-আকাংক্ষাৰ ফলে-ফুলে জাতিস্কাৰ হৈ পৰে৷ জীৱন এনেদৰেই হৈ পৰে মহীয়ান৷
এনে বহুলোক আছে যিসকলৰ দৈনন্দিন কামৰ হেঁচাত জৰ্জড়িত হৈ পৰে মানসিক স্থিতি; আৰু এনেদৰে পাৰ হৈ যায় দিন-মাহ-বছৰ৷ সময়ত গৈ দেহ-মনক বাৰুকৈ আৱৰি ধৰে অৱসাদে৷ নিৰুদ্যম, নিৰুৎসাহ এটি বিমৰ্ষ মন লৈ যন্ত্ৰবৎ মাথোঁ কাম কৰি যায়৷ ই তেনেই স্বাভাৱিক৷ কাৰণ মানুহ কেতিয়াও ’যন্ত্ৰ’ নহয়৷ মানুহৰ নিজা সুখ-দুখ-আলস্য আৰু আৱেগ-অনুভূতি থাকে যি কথাই মনুষ্যক পৃথক কৰিছে আন জীৱজন্তুৰ পৰা৷ এনে অৱসাদৰ পৰা নিস্তাৰ পাবলৈ মানুহে, দৈনন্দিন কামৰ পৰা সাময়িক বিৰতি লয়৷ ভ্ৰমণ কৰে৷ কৰ্মহীন অৱকাশৰ এই ভ্ৰমণ সময়ছোৱাত, দেহ আৰু মনৰ অৱসাদ দূৰ হৈ মনলৈ আহে বুজাব নোৱাৰা এক অবিমিশ্ৰ আনন্দ৷ এনেদৰেই দেহ-মন দুনাই জীপাল হৈ উঠে৷ শৰীৰত অফুৰন্ত শকতি পোৱা যায়, আৰু পোৱা যায় দুনাই কাম কৰাৰ উৎসাহ৷
সাধাৰণতে ভ্ৰমণৰ আগে আগে থূলমূলকৈ হ’লেও এটি আঁচনি প্ৰস্তুত কৰা হয়৷ কিন্তু ভ্ৰমণ সময়ছোৱাত কথাবোৰ সদায় এই আঁচনি অনুসৰি হ’ব তেনে কথা নহয়৷ অবাঞ্ছনীয়ভাৱে কিছুমান সমস্যা আহি পৰিবও পাৰে৷ অপৰিচিত লোকৰ মাজত অথবা এখন নতুন ঠাইত সন্মুখীন হোৱা এনে অবাঞ্ছনীয় সমস্যাক সমাধান কৰি বা অপ্ৰীতিকৰ পৰিস্থিতিক নেওচি, ইয়াৰ পিছত যি আত্মবিশ্বাস পোৱা যায় ই সঁচাকৈ অতুলনীয়৷ ভ্ৰমণৰ পিছত এক প্ৰকাৰ নিজকে নিজেই আৱিষ্কাৰ কৰা হয় নতুন ৰূপত৷ নিজকে নিজে নতুন ৰূপত আৱিষ্কাৰ কৰা এনে আত্মপ্ৰত্যয় ভ্ৰমণৰ আন এটা ইতিবাচক ফল৷
ভ্ৰমণ কালত আমি অচিনাকি বহু মানুহ লগ পাওঁ৷ আনকি সৰু-বৰ অসুবিধাত কেতিয়াবা এনে অচিনলোকে সহায়ো কৰে৷ এনে ধৰণৰ আচৰণে আমাৰ মনতো আনক যে পাৰ্যমানে সহায় কৰিব লাগে এই কথাৰ প্ৰতি প্ৰৱণতা বঢ়ায়৷ এনেদৰেই লোক হৈ পৰে উদাৰ৷ এনে মহানুভৱতা ভ্ৰমণৰ আন এটা যোগাত্মক দিশ৷
এনে অচিনাকি লোকসকলৰ ভিতৰত আকৌ কেতিয়াবা কোনোবাজন ভাল বন্ধু বা বান্ধৱী হৈ পৰে৷ যাত্ৰা পথত চিনাকি হোৱা এনে বন্ধু-বান্ধৱী সময়ত গৈ এই বন্ধুত্ব আজীৱন নিবিড় হৈ পৰাও দেখিছোঁ৷ এনে বন্ধু-বান্ধৱী বিপদে-আপদে আহি ওচৰত উপস্থিত হোৱাৰ নজিৰো আছে৷
ভ্ৰমণত গঢ়ি উঠা এনে বন্ধু বা বান্ধৱীৰ মাতৃভাষা যদি আপুনি কোৱা মাতৃভাষাতকৈ পৃথক হয় পৰোক্ষভাৱে ইও সহায় কৰে — তেওঁৰ পৰা তেওঁৰ ভাষাটো শিকাৰ ক্ষেত্ৰত৷ নাই বুলি অতি কমেও ’নমস্কাৰ’, ’সুপ্ৰভাত’, ’শুভৰাত্ৰি’, ’আপুনি কেনে আছে’ আদি শব্দ কিছুমান৷ ইয়াতো এক মাদকতা আছে৷
ব্যক্তি এজনৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা এটা ভ্ৰমণ সময়ছোৱাত (বা পিছত) উদ্ধুদ্ধ হৈ উঠাৰ বহুতো উদাহৰণ আছে৷ কোনোবাই যদি ভাল ’ফটোগ্ৰাফী’ কৰে এই কথাৰ ভ্ৰমণত উমান পাই, আত্মবিশ্বাস বাঢ়ি পৰৱৰ্তী কালত এজন সফল ’ফটোগ্ৰাফাৰ’ হোৱাৰ বহুতো কাহিনী আছে৷ ঠিক তেনেকৈ কোনোবাজন লেখক বা ভ্ৰমণ ’ব্লগাৰ’, আনকি ভ্ৰমণ কাহিনীৰ ’ভিডিঅ’গ্ৰাফী’ কৰি সুপ্ৰতিষ্ঠিত “ভ্লগাৰ“ (vlogger) হৈ সুনাম অৰ্জন কৰাৰ বহুতো উদাহৰণ আছে৷ প্ৰতিভা বিকাশ কৰা এনেবোৰ ঘটনা, ভ্ৰমণৰ আন এক ইতিবাচক দিশৰ কথা নুই কৰিব নোৱাৰি৷
এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে, এনে বহুলোক দেখিছোঁ যিসকল আৰ্থিকভাৱে টনকিয়াল অথচ ভ্ৰমণ কৰিবলৈ ভয় কৰে৷ ভ্ৰমণত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে সঁচা কিন্তু ভয় কৰিবলগীয়া তেনে কোনো কথা নাই৷ অনৰ্থক চিন্তা-ভাবনা কৰি ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে ভ্ৰমণ আচলতে খুবেই সহজ৷
ভ্ৰমণ বুলি কওঁতে কেৱল পৰৰাজ্য বা পৰদেশৰ কথা কোৱা হোৱা নাই৷ দালাই লামাই কোৱাৰ দৰে যিকোনো এখন ঠাই য’লৈ আপুনি কাহানিও যোৱা নাই৷ সেইখন নতুনকৈ চিনাকি হোৱা বন্ধু এজনৰ গাঁও হ’ব পাৰে৷ নতুবা হ’ব পাৰে আপোনাৰ কোনো আত্মীয়-কুটুম ঘৰ য’লৈ আপুনি যাম যাম বুলি যাব পৰা নাই৷ সেইখন হাই-উৰুমিৰে ভৰা লোকে লোকাৰণ্য এখন চহৰ হ’ব পাৰে৷ নতুবা শান্ত-সমাহিত ৰহস্যময় এখন অটব্য অৰণ্যও হ’ব পাৰে৷ চতুৰ্দিশ-বিস্তৃত বিশাল দৃশ্যপট দেখা এটা পাহাৰৰ শিখৰো হ’ব পাৰে৷ তৰংগায়িত ঢৌৱে মুহুৰ্মুহুঃ চুম্বিত এখন উত্তাল সাগৰৰ পাৰো হ’ব পাৰে৷ মুঠতে এখন ঠাই, আপুনি কাহানিও নোযোৱা, বছৰেকত অন্ততঃ এবাৰ৷
শেষত, ব্ৰিটিছ লেখক চাইমন ৰাৱেণৰ এষাৰ কথাৰ সুৰৰ লগত ময়ো সুৰ মিলাই মোৰ এই সম্পাদকীয় সামৰণি মাৰিব বিচাৰিছোঁ-
“জীৱনটো তেনেই চুটি
আৰু এই ধৰা বিশাল,
যিমান সোনকালে আৰম্ভ কৰিব পাৰি
সিমানেই ভাল!“
ৰাণা গগৈ
সম্পাদক
(জেঠ, ১৯৪১ শক সংখ্যা)
সাহিত্য ডট্ অৰ্গ
“সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!“
একমাত্ৰ ভ্ৰমণকে লৈ এনে সুন্দৰ সম্পাদকীয় অসমীয়া ভাষাত বিৰল। বৰ ভাল লাগিল আৰু বহু নজনা কথা জানিলোঁ। ৰাণা গগৈ সহিত সাহিত্য দট্অৰ্গৰ সকলোলৈ আন্তৰিক অভিনন্দন জনালো।
সম্পাদকীয়টোৰ লগতে ময়ুৰ বৰা আৰু দেৱকান্ত সন্দিকৈৰ প্ৰৱন্ধ দুটাওঁ পঢ়িলো ৷ ভাল লাগিল ৷