সুধাকণ্ঠৰ ৰচনাত শব্দ নিৰ্বাচনৰ চমৎকাৰিতা

লেখক- পুষ্পাঞ্জলি শিৱম শৰ্মা

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত প্ৰতিটো সৃষ্টিতে এটি এটি শব্দ-নিৰ্বাচনৰ যি দক্ষতা পৰিস্ফুট হৈছিল সেইবোৰেই তেওঁৰ প্ৰতিটো ৰচনাক অতুলনীয় কৰি তুলিছে। প্ৰতিজন অসমীয়াৰ বুকুত খোদিত কালজয়ী যিবোৰ গীত তেওঁ ৰচনা কৰিছিল, আৰু তাক অতুলনীয় সুৰৰ মায়াজালেৰে এনেকৈ বান্ধিছিল যে প্ৰতিজন শ্ৰোতাক ই মন্ত্ৰমুগ্ধ কৰে। অনুকৰণীয় শৈলীৰে তেওঁ সেই গীতবোৰত স্বকণ্ঠৰে কণ্ঠদান কৰি আপ্লুত কৰিছিল সকলোকে। সেই গীতবোৰ ব্যাপকভাৱে জনতাৰ আদৰ লাভ কৰিছিল । জটিল, সহজ, কোমল, অতুলনীয় ইত্যাদি প্ৰায় সকলো প্ৰকাৰৰ শব্দ চয়নত তেওঁ আছিল সিদ্ধহস্ত। তেওঁ ৰচনা কৰা গীত আৰু কবিতাসমূহৰ যি সন্মোহিনী শক্তি সেয়া প্ৰতিজন অসমীয়াকে অহৰহ আপ্লুত কৰি ৰাখি সকলোৰে হৃদয়ত নিগাজীকৈ ঠাই লবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত যদি উনুকিয়াব লগা হ’য় বিভিন্ন ঋতু সম্পৰ্কীয় তেওঁৰ গীতবোৰৰ কথা কব পাৰি।
প্ৰধানকৈ অসমীয়াৰ বুকুৰ আপোন বাপটি সাহোন বিহু তিনিটাৰ অন্যতম “ব’হাগ’’ বিহুক লৈ ৰচনা কৰা তেওঁৰ গীতবোৰে এক সুকীয়া খ্যাতি লাভ কৰিছিল। তাৰ ভিতৰত তেনে এক উল্লেখনীয় এটি গীত হৈছে—
‘‘নৱ নৱ ব’হাগ আহে
সৰু ফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়। ’’
ব’হাগৰ আগমৰ লগে লগে সৰু-সৰু ফুলবোৰ মিচিকিয়া হাঁহিত তেওঁ বিচাৰি পাইছিল তেওঁৰ প্ৰিয়তমাৰ প্ৰতি থকা মিলনৰ হেঁপাহটোক। সেইবাবে তেওঁ লিখিছিল—
“নৱ নৱ মোৰ ৰচনাকে
শুনো তাই গুণগুণায়।
মনে তোমাক ধিয়ায়।
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালো
তুমিয়েই মোৰ আপোনৰ বৰ
সৰগৰ সুৰ সজালা।
নৱ নৱ মিলন নিশাৰ
সৰু তৰা জকেমকায়।
মনে তোমাক ধিয়ায়। ’’
ব’হাগৰ আগমনত তেওঁৰ সৰগৰ আৱাহনী সুৰৰো যেন সম্ভেদ পায়। মিলন পিয়াসী সৰু তৰাবোৰ আৰু উজ্জ্বল হৈ তিৰবিৰাই।
তেওঁ মনপ্ৰাণ ঢালি গাইছিল—
“ই যে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ল’লোঁ
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
অ’ লেখি লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে।
মনে তোমাক ধিয়ায়।
মূমূৰ্ষ ৰিক্ত গানে
কত নীৰৱে ভবায়
সেই দিন যে পাৰ হৈ যায়
যি সময় নাহে দুনাই
দেখে মিলন-বাসনা
অপৰূপ ৰূপ পিয়াসে
মনে তোমাক ধিয়ায়।’’
ব’হাগৰ আগমনৰ লগে লগে তেওঁৰ পাৰ কৰি অহা সেই দিনবোৰৰ স্মৃতিৰ সোঁৱৰণীৰ পৃষ্ঠাবোৰ লুটিয়াই যায় আৰু মিলন পিয়াসী মনে বাৰে বাৰে প্ৰিয়তমাক ধিয়ায়। ৰিক্ত গানৰ সুৰেও ভবাই তোলে তেওঁক যে বিচাৰিলেও সেই দিন আৰু ঘূৰি নাহে। ব’হাগৰ আলম লৈ ইয়াত ড° হাজৰিকাই এক বিৰহী ছবিক অতি কুশলতাৰে অঙ্কন কৰিছে। এই গীতটি তেতিয়াৰ সমানে আজিও জনপ্ৰিয়।

তেওঁৰ গীতবোৰত যে গৱেষণালব্ধ জ্ঞানৰ, দক্ষ হাতৰ পৰশ নিহিত হৈ আছে সেই কথা সহজেই অনুমেয়৷ গীতসমূহৰ প্ৰয়োগ কৰা এটি এটি শব্দই তাৰ উদাহৰণ। ড° হাজৰিকাই গদ্য ভংগীতো কিছুমান গীত ৰচনা কৰি অতি সাৱলীলভাৱে তাক ভিন্ন শৈলীৰ সুৰেৰে বান্ধি পেলাইছিল।
তদুপৰি গদ্য আকাৰত লিখা তেওঁৰ কিছু যাউতিযুগীয়া গীতে আমাক আশ্চৰ্যচকিত কৰি আহিছে। “ব’হাগ’’ক লৈ লিখা তেনে এটি গীত হৈছে, ‘বৰদৈচিলা’’।
“ডেকা: ককাই—অসমৰ আকাশত
সেয়া কাকতৰ চিলা নে, বৰদৈচিলা?
গীত: ডেকা: বৰদৈচিলা নে, সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা।
গাভৰু: চিলাৰায়ৰ চিলা নে? কাকতৰ চিলা নে
কাকতত থকা ভুৱা পৰিকল্পনা?
ডেকা: চিলা নে শেন নে ৰঙা নীলা চিলা
নে হাঁহিয়াতৰ পাত্ৰ ধোদৰ পচলা? সৌবোৰ ঠোঁট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা।
দুয়ো অসমীয়া এইবোৰ ভাবি চাবৰ
ব’হাগেই বতৰ কিজানি? বোলো হয় হয় হয় হয়— এ হয়নে?
বোলো হয় হয় হয় হয়।
বাঁহতল শুৱনি কেতেকীৰ বাৰীতে
ক’ৰবাৰ ফেঁটী সাপে বাহ ললে
গাভৰু:
ল’লে —
কেতেকী ফুলিলে তগৰৰ ফুলিলে ফেঁটী সাপে গপাগপ তাকেই গিলিলে,
ডেকা:
গিলিলে-তিল তিল কত তিল, তিল পিঠা নাই।
কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই
গাভৰু: অসমী আইৰে বৰঘৰ মজিয়াত
ডেকা: বৰখুঁটা এলাহৰ ঘুণে খাইছে
এটি ধোদৰ আলি গঢ়ি হাত সাৱটি
দুয়ো: অসমৰ ৰণুৱাই ৰং চাইছে, ৰং চাইছে।
ডেকা:
মূৰৰ ফুলাম গামোচাখনি দুয়ো ও ক’ৰবাৰ শেনে আহি নিলেহি টানি, ডেকা: গ’ল—গ’ল—গ’ল—গল।
এ’ গ ল গলৈ বুলি মাথোঁ চিঞৰিলে তাকে দেখি শেনহঁতে ৰগৰ কৰিলে অসমীয়াই এইবোৰ ভাবি চাবৰ ব’হাগেই বতৰ কিজানি বোলো হয় হয় হয় হয় এহিমানৰ কথাখিনি এহিমানে থওঁ
বৰদৈচিলাজনী কথাকে কওঁ।
বৰদৈচিলাজনী কথাকে কওঁ।
কথা: গাভৰু: বৰদৈচিলা মানে কি অ’ ককাইটি?
গীত: ডেকা:
বড়োৰ ভাষাৰে ‘বৰ’ মানে বতাহ ‘দৈ’ মানে পানী আৰু ‘চিখলা’ মানে হ’ল গোঁসানীজনী। এনে সাহসৰ বৰষুণ বোকোচাত লৈ চিলাজনী উৰিছিল ধুমুহা হৈ।
তাই অসমলৈ আগতে আহিছিলে
গাভৰু: হয়?
ডেকা: আহি হিল-দল ভঙা এটি মন দিছিলে আৰু নানা জাতি-উপজাতি একে কৰিছিলে; আজি বছৰেকৰ মূৰত তাই আহে আৰু যায় অসমীয়া মনটোত থিতাপি নলয়। এ’ এইবোৰ দেখি শুনি এনে ভাব হয়
গাভৰু: বোলো, কি ভাব হয়?
ডেকা: বৰদৈচিলাৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি অসমীয়া মনটোত সুমুৱাই দিবলৈ ব’হাগতেই বতৰ কিজানি বোলো হয় হয় হয় হয়—হয় নে? বোলো হয় হয় হয় হয়। সময়ৰ গতি আছে
গাভৰু: জানো জানো
ডেকা: অগতিৰ গতি আছে।
গাভৰু: তাকো জানো
ডেকা: সোঁৱৰাই দিলেই লাগে জগৰ দাং খাই উঠে দেখোঁ বিহুৱা নগৰ। ’’

ইয়াৰ জৰিয়তে হাজৰিকাদেৱে বৰদৈচিলাৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে এটি ব্যঙ্গাত্মক ইংগিতেৰে অসমীয়াৰ দুৰাৱস্থাৰো যেন কথা ক’ব বিচাৰিছে। আগতে “বৰদৈচিলা’’ আহি হিলদলভাঙি নানা জাতি-জনজাতিৰ মাজত একতাৰ ভাব জন্মাই তুলিছিল; কিন্তু এতিয়া যেন পাৰা নাই। সেয়েহে এতিয়া “বৰদৈচিলা’’ৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি অসমীয়া মনটোত সুমুৱাই দিবলৈ গীতটিৰ জৰিয়তেই যেন প্ৰকাশ কৰিছে। এনে কৰিবলৈও হাজৰিকাদেৱৰ ভয় কিজানিবা বিহুৱা নগৰত দায় দোষেই লাগে।
তেওঁ আৰু গাইছিল,
“দুয়ো: অসমৰ পথাৰৰ বিহু আহি নগৰৰ ৰভাতলীত ৰৈ আছেহি।
ডেকা: ঢোলৰ ছেৱে ছেৱে শুদা ভাত খাৱ শাও খাৱ থেকেঁচা খাই খাই যাৱ আৰু বছৰে বছৰে টুটিহে যাৱ। এইবোৰ দেখি-শুনি এলাই-এথানি, ক’বলৈ মন যায় কঁপাই ধৰণী
দুয়ো: নতুন পুৰুষে কিছু কাম কৰাৰ ব’হাগতে বতৰ কিজানি, বোলো হয় হয় হয় হয়—হয় নে? বোলো হয় হয় হয় হয় হয় নে? বোলো হয় হয় হয় হয়। ’’
নতুন পুৰুষলৈ তেওঁৰ আহ্বান ব’হাগতে যেন কিছু কাম হওক। অকল ঢোলত ছেও উঠালেই নহ’ব তাৰ লগে লগে তেওঁ অসমীয়া ডেকাক আহ্বান জনাইছে হাতে কামে লাগিবলৈ। প্ৰকৃত বহাগৰ ৰং ৰইচ তেতিয়াহে ফলপ্ৰসূ হ’ব যেতিয়া ধনে ধানে কামে কাজে প্ৰতিজন অসমীয়া নদনবদন হ’ব।
তেওঁৰ প্ৰতিটো গীতে কঢ়িয়াই এক শক্তিশালী বাৰ্তা; যিয়ে প্ৰতিগৰাকী অসমীয়াক উৎসাহ প্ৰদান কৰে আগুৱাই যাবলৈ; সমতাৰে আৰু বান্ধি লৈ একতাৰ এনাজৰীৰে ইজনে সিজনক।
বিনাদ্বিধাই ক’ব পাৰি যে তেওঁ শব্দৰ দ্বাৰা শাসিত নাছিল, বৰং তেওঁহে শব্দক সুনিপুণতাৰে শাসন বা নিয়ন্ত্ৰণ কৰি ভাবৰ লাস্যময়ী প্ৰকাশ ঘটাবলৈ সক্ষম আছিল। প্ৰতিটো গীততে তাৰ নিজা নিজা ভাব অনুযায়ী সঠিক শব্দ-প্ৰয়োগত তেওঁৰ তুলনা নাছিল। যেনেকৈ যিঠাইত দিলে ভাবৰ মুক্ত সঞ্চাৰ আৰু প্ৰকাশ সুন্দৰ হয়, সেইবোৰ শব্দ বাচি লৈ প্ৰয়োগ কৰে৷ অৱশ্যে কেতিয়াবা কঠিন শব্দৰো প্ৰয়োগ কৰিছিল যদিও তেওঁৰ অন্য এক দক্ষতাৰে সিবোৰক উপযুক্ত সুৰৰ বান্ধোনেৰে বান্ধি ওজ: গুণসম্পন্ন কৰি পেলাইছিল। সেইবাবে তাক গুণগুণাবলৈ বা আওৰাবলৈ সকলো স্তৰৰ মানুহে কষ্ট নাপাইছিল।
“চেনাই মোৰ ঐ ’’ত তেওঁ লিখিছে ব’হাগৰ আগমন আৰু তাৰ মাদকতাৰ বৈশিষ্ট্যবোৰক উনুকিয়াই —
“ৰৈ ৰৈ ৰৈ ৰৈ মাতে কুলি কেতেকী
ৰৈ ৰৈ ৰৈ ৰৈ মই নাচো হৈ ৰচকী?
সোণ তই ওলালিহি মিঠা ব’হাগত
খোপাতে কপৌফুল কঁপে উলাহত
অ’ কপৌফুলৰ লগতে
মোৰে কলাফুলতে
মৰম মৰম লগাকৈ
ঢৌবোৰে নাচিছে। । ’’
কেতকীৰ মাতত ৰচকী নাচনীৰ তৎ নাইকিয়া হয় কিয়নো প্ৰিয়জন আহিব বুলি। উধনিয়া খোপাত কপৌফুলে শুৱনি কৰিছে লগতে নাচনীৰ কলাফুলত ঢৌ বোৰে নাচিছে। আৰু এটা তেওঁৰ জনপ্ৰিয় গীত —
“দিখৌ নৈ এৰিবহে পাৰো মই লাহৰি(বিহুগীত) অ’ মোৰ সোণ সোণাই ঐ
ভূ: হা: হাতত গামৰ খাৰু
কোনে পিন্ধাই দিব
পুৰুষ: অ’ মোৰ সোণ সোণাই ঐ ..
ভূ: হা: হাতত জেতুকাৰ বোল
কোনে বোলাই দিব
পু: স: খোপাতে ঐ কপৌ ফুল
কোনে গুজি দিব
খোপাতে ঐ কপৌ ফুল
কোনে গুজি দিব
মোৰ সোণ সোণাই ঐ ..
বিহুতলি শুৱনি
বিহুতলি শুৱনি কৰি
নাৰী: মোৰ সোণ সোণাই ঐ ..
পাহাৰৰে পৰা
পু: স: আজৌ
নাৰী: কপৌ ফুল আনিবা
মোৰ সোণ সোণাই ঐ ..
বিহুৰে তলিতে
মোকে পিন্ধাই দিবা
পু: স: আয়ৈ
নাৰী: নাচৰ চেৱে চেৱে
তুমি ঢোল বজাবা
না: স: নাচৰ চেৱে চেৱে
তুমি ঢোল বজাবা
মোৰ সোণ সোণাই ঐ
বিহু তলি শুৱনি
বিহু তলি শুৱনি কৰি
পু: স: আয়ৈ /দেহি ঐ
পুৰুষ: ঐ মোৰ সোণ সোণাই ঐ
ভূ: হা: পাহাৰৰ জুৰিটি
বাগৰি বাগৰি
পুৰুষ: ঐ মোৰ সোণ সোণাই ঐ
ভূ: হা: তোমাৰে মৰমবোৰ
আহে যে নিগৰি
পু: স: অ’ মোৰে লাহৰি
নাযাবা পাহৰি
অ’ মোৰে লাহৰি
নাযাবা পাহৰি
মোৰ সোণ সোণাই ঐ
মোকে নো ঐ বলিয়া’’।
গীত হ’বলৈ কিছুমান বিশেষ উপাদানৰাজি থাকিব লাগে, যেনে শব্দ-চয়নৰ দিশত কোমলতা আৰু মধুৰতাৰ দৰকাৰ সেয়া হাজৰিকাদেৱৰ উপৰ্যুক্ত গীতটিত সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা গৈছে। তেওঁ ইমান সাৱলীলকৈ গীতৰ কথাত সুৰ আৰোপণ কৰিছিল যে প্ৰতিটো গীতেই শ্ৰুতি মধুৰ হৈ পৰিছিল।
সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে শব্দৰ ক্ষেত্ৰত থকা কিছুমান কঠিনতাৰ শৃংখলবোৰক উপযুক্তভাৱে ভাঙি তাক নিজৰ আয়ত্ত্বলৈ আনি গীতত সুন্দৰ প্ৰয়োগ কৰিছিল আৰু সেইবাবেই গীতিকাৰ আৰু সুৰকাৰ হিচাপে ভূপেন হাজৰিকাদেৱৰ গৰিমা অক্ষুণ্ণ আছিল।
ভূপেন হাজৰিকাদেৱে কিছুমান গীতৰ শব্দ-চয়ন সহজ কৰি ৰচনা কৰিছিল আৰু সেই গীতসমূহত যুক্তাক্ষৰ যুক্ত কঠিন শব্দৰ প্ৰয়োগ প্ৰায় কৰা হোৱা নাছিল। ব’হাগ সম্পৰ্কীয় তেওঁৰ তেনে এটি জনপ্ৰিয় গীত ‘মিঠা মিঠা ব’হাগৰ’ এক উল্লেখযোগ্য উদাহৰণ। যেনে—
“মিঠা মিঠা ব’হাগৰ
গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ,
তেনেতে চুচুক চামাককৈ কাষ চাপিলা
মই যেন ভাষা পালোঁ।
লুইতত তিওৱা আমাৰে দেহা,
মাহ আৰু হালধিৰ সুবাস ঘঁহা,
নিচেই কাষতে পোৱাৰ পিছত,
সুৰ যেন হাততে পালোঁ।
মোৰ ব’হাগ যেন এটি সৰু বিহুগীত
ক’ৰবাত হেৰাই যোৱা।’’
উপৰ্যুক্ত গীতটোত প্ৰয়োগ হোৱা ৬৬টা শব্দৰ মাজত কঠিন শব্দ প্ৰায় নাই বুলিবই পাৰি। সুন্দৰ শ্ৰুতিমধুৰ সাৱলীল শব্দৰ প্ৰয়োগৰে গীতটো অতি সুনিপুণভাৱে ৰচনা কৰা হৈছে। তেওঁৰ আৰু এটা গীতত ব’হাগৰ সুবাসত প্ৰিয়জনৰ অনুভৱবোধক প্ৰকাশ কৰিছিল এইদৰে—
“লুইতত তিওৱা আমাৰে দেহা,
মাহ আৰু হালধিৰ সুবাস ঘঁহা,
নিচেই কাষতে পোৱাৰ পিছত,
সুৰ যেন হাততে পালোঁ।
মোৰ ব’হাগ যেন এটি সৰু বিহুগীত
ক’ৰবাত হেৰাই যোৱা,
আজি যেন হঠাতে পোৱা।
এক জাক গাভৰুৱে হঠাতে হঁহা,
এক জাক বগলী বলিয়া হোৱা,
বিহুৱা আৱেশে আজি মোক জোকোৱাত,
মই যেন ধুমুহা হ’লোঁ।”

তেওঁৰ কালজয়ী গীত আৰু সংগীতৰ যি অনুপম সৃষ্টি, সেয়া অসমৰ কলা-সংস্কৃতিৰ বৰপথাৰত এক সোণোৱালী স্বাক্ষৰ হিচাপে সদায় জিলিকি থাকিব । বৃহত্তৰ অসমৰ কলা-সাহিত্যৰ লগতে সংগীত-সংস্কৃতিৰ ক্ষেত্ৰখনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ যিবোৰ অনবদ্য সৃষ্টি সেয়া আজিকোপতি অমূল্য সম্পদ বুলি পৰিগণিত হৈ আহিছে আৰু অনন্তকালযুৰি হৈয়েই থাকিব।
যিকোনো ভাষা এটাক সমৃদ্ধ কৰা অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে তাৰ জতুৱা প্ৰকাশভংগী। যাক ভাষাৰ কালিকা বুলি কোৱা হয়। ড° ভূপেন হাজৰিকাদেৱে এই দিশটোক অতিকৈ গুৰুত্ব দিছিল। সাধাৰণতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত জতুৱা প্ৰকাশভংগীৰ অনুবাদ বৰ সহজসাধ্য নহয়৷ কিন্তু এই ক্ষেত্ৰত হাজৰিকাদেৱৰ পাণ্ডিত্য প্ৰকাশ পাইছিল। তেওঁৰ মূল অসমীয়া গীতসমূহৰ কিছু গীত বাংলা আৰু হিন্দী ভাষালৈ অনুদিত হৈছে আৰু সেইবোৰতো প্ৰতিটো ভাষাৰে জতুৱা প্ৰকাশভংগী সাৱলীলভাৱে প্ৰকাশ পাইছে৷ বিভিন্ন কোমল কোমল তদ্ভৱ শব্দৰ সাৰ্থক প্ৰয়োগেৰে তেওঁ অমৰ সৃষ্টি উপহাৰ দি থৈ গৈছে জাতিটোক। তেওঁৰ এই বিনন্দীয়া সৃষ্টি আৰু ৰচনাৰাজিয়ে আমাৰ অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনক সদায়ে সমৃদ্ধ কৰি ৰাখিব অনন্তকাললৈ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!