২.৩২ কোটি টকাত গণেশ পূজাৰ লাড্ডুৰ নিলামি

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

এটা মিঠাইৰ লাড্ডুৰ বাবে আপুনি কিমান টকা দিবলৈ সাজু বাৰু? পঞ্চাছ টকা? এশ টকা? আৰু যদি সেই লাড্ডুটো বিশেষ হয়, তেতিয়া? ভক্তিৰ বাবে মানুহে কিমান কি যে কৰিব পাৰে! মন্দিৰত কোটি টকাৰ দান দিয়ে; সোণ-হীৰাৰ অলংকাৰ পৰ্যন্ত ভগৱানলৈ আগবঢ়ায়। মন্দিৰ বা পূজাৰ প্ৰসাদো তেনেকৈ লাখ টকাৰ বিনিময়ত নিজৰ কৰি লয়। তেতিয়া তাত টকাৰ হিচাপ নহয়, বৰং ভক্তিৰ মূল্যহে দিয়া হয়। এয়া ভক্তৰ বিশ্বাস। আজি আপোনালোকক তেনে বিশ্বাসৰ ভেটিতে গঢ় লৈ উঠা এটা বিশেষ পৰম্পৰাৰ কথা ক’ব খুজিছো। প্ৰতি বছৰেই হায়দৰাবাদত গণেশ উৎসৱৰ সময়ত এই পৰম্পৰা চলি আহিছে।

গণেশ পূজা সমগ্ৰ তেলেংগানা আৰু বিশেষকৈ হায়দৰাবাদৰ এক মু্খ্য উৎসৱ। মুঠ দহদিন ধৰি এই পূজা চলে। ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থীৰদিনা এই পূজা আৰম্ভ হয় আৰু অনন্ত চতুৰ্দশীৰদিনা মূৰ্তি বিসৰ্জন দিয়া হয়। তেলেংগানাত গণেশক বিনায়ক বোলা হয়। এই দহদিন পূজা দিনে-ৰাতিয়ে চলি থাকে। এই পূজাৰ এটা বিশেষ আকৰ্ষণ হ’ল ভগৱান গণেশৰ হাতত থকা মিঠাইৰ সেই বিশেষ লাড্ডুটো। দহৰপৰা পঁচিছ কিলোগ্ৰামলৈকে হ’ব পাৰে ইয়াৰ ওজন। নিৰ্ভৰ কৰে কোনটো পূজা মণ্ডপত আছে। এই দহদিন সময় ইয়াক পূজা-পাতল কৰি ভক্তিৰে সুৰক্ষিত কৰি ৰখা হয়। বিসৰ্জনৰদিনা এই লাড্ডু ভক্তৰ কাষলৈ আহে। কিন্তু কেনেকৈ?

হায়দৰাবাদত বছৰি প্ৰায় আঢ়ৈ লাখ গণেশৰ মূৰ্তি বিসৰ্জন দিয়া হয়। এইবোৰ কেৱল পূজা মণ্ডপৰ মূৰ্তিহে। ঘৰে ঘৰে কৰা পূজাবোৰৰ কথা নক’লোৱেই বা। অৱশ্যে এই সকলোবোৰ মণ্ডপ সমানে উল্লেখযোগ্য নহয়। কিন্তু ইয়াৰে দুখন পূজা মণ্ডপ বিশেষভাৱে খ্যাত। তাৰে এখন হ’ল খাইৰাতাবাদ (Khairatabat)ৰ গণেশ মণ্ডপ। ৬৯ ফুট ওখ গণেশৰ মূৰ্তিৰে এইখন হায়দৰাবাদৰ আটাইতকৈ ওখ আৰু বিখ্যাত পূজা মণ্ডপ। ১৯৫৪ চনত মাত্ৰ ১ ফুট উচ্চতাৰ প্ৰতিমাৰে আৰম্ভ হোৱা এই পূজাৰ মূ্ৰ্তিৰ উচ্চতা প্ৰতি বছৰে এফুটকৈ বঢ়াই নি নি ২০১৪ চনত ৬০ ফুট হৈছিলগৈ। ২০২৪ চনত পূজা সমিতিৰ ৭০ বছৰ পূৰ্তি উপলক্ষ্যে মূৰ্তিটোও ৭০ ফুট ওখ কৰা হয়। কিন্তু বহুবোৰ ব্যাৱহাৰিক অসুবিধাৰ বাবে তাৰ পিছৰেপৰা ইয়াৰ উচ্চতা ৬৯ ফুটতে ৰাখি দিয়া হয়। এই বছৰো ইয়াৰ উচ্চতা ৬৯ ফুটেই ৰখা হৈছে। বিশ্বৰ আটাইতকৈ ওখ গণেশৰ মূৰ্তিবোৰৰ ভিতৰত নিঃসন্দেহে য়ো এটা। সেয়েহে এই পূজা বিশেষ। প্ৰতি বছৰে ভক্তৰ অগণন ভিৰ হয় ইয়াত।

আৰু এখন বিখ্যাত পূজা আছে ইয়াত। বালাপুৰ নামেৰে হায়দৰাবাদৰ উপকণ্ঠীয় অঞ্চল এটাত ইয়াৰ উদ্‌যাপন হয়। ওপৰত কৈ অহা পূজাৰ সেই বিশেষ লাড্ডুটোৰ ইয়াতে হয় নিলামি। ১৯৯৪ চনত একেবাৰে সাধাৰণভাৱে আৰম্ভ হোৱা এটা সৰু প্ৰচেষ্টাই লাহে লাহে বিকশিত হৈ বৰ্তমান গণেশ পূজাৰ ই এক বিশেষ আকৰ্ষণ আৰু পৰম্পৰাত পৰিণত হ’ল।

সেই বছৰ মাত্ৰ ৪৫০ টকাৰ মুকলি দৰত প্ৰথমবাৰৰ বাবে বালাপুৰৰ গণেশৰ লাড্ডুটো নিলাম কৰা হৈছিল। লাড্ডুটো কিনিছিল কোলান মোহন ৰেড্ডী নামৰ এজন স্থানীয় খেতিয়কে। পূজাৰ প্ৰসাদ হিচাপে তেওঁ লাড্ডুটোৰ কিছু অংশ পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াৰ মাজতো বিলাই দিছিল। আৰু বাকী থকা ইয়াৰ গুড়িবোৰ এনেই পেলাই নিদি নিজৰ খেতিপথাৰত ছটিয়াই দিছিল। কাকতালীয়ভাৱে সেই বছৰ তেওঁৰ খেতিৰ উৎপাদন খুউব ভাল হ’ল। মনতে বিশ্বাস কৰি ল’লে যে এই লাড্ডুটোৰ আশীৰ্বাদতে শস্য ভাল হৈছে আৰু তেওঁৰ জীৱনলৈও সৌভাগ্য আৰু সমৃদ্ধি আহিছে। এই বিশ্বাসৰ আধাৰতে পৰৱৰ্তী বছৰো ইয়াৰ দহ গুণ বেছি দাম দি নগদ ৪৫০০ টকাত তেওঁ লাড্ডুটো আকৌ এবাৰ নিলামত কিনি ল’লে।

কথাটো লাহে লাহে বালাপুৰত বিয়পি পৰিল। যি বিশ্বাসত তেওঁ লাড্ডুটো ঘৰলৈ লৈ গৈছিল, সেই বিশ্বাসেই আনসকলৰ মনতো কৌতূহল আৰু আস্থাৰ সৃষ্টি কৰিলে। আৰু তাৰপৰাই আৰম্ভ হ’ল এক নতুন পৰম্পৰাৰ— গণেশ পূজাৰ লাড্ডুৰ নিলামি। বছৰ বাগৰাৰ লগে লগে এই নিলামৰ মূল্যও দ্ৰুতগতিত উৰ্ধগামী হ’বলৈ ধৰিলে। ১৯৯৪ চনৰ সেই ৪৫০ টকাৰ প্ৰথম নিলামৰপৰা যাত্ৰা আৰম্ভ কৰি মাত্ৰ কেইবছৰমানৰ ভিতৰতে লাড্ডুৰ দৰ হাজাৰৰ সীমা পাৰ হৈ লাখৰ ঘৰত স্পৰ্শ কৰিলে। ২০১৯ চনত ১৭.৬০ লাখ টকালৈকে ইয়াৰ দৰ উঠিল। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে ২০২০ চনত এই নিলাম প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰা হ’ল। কিন্তু পৰৱৰ্তী বছৰৰপৰা উৎসৱ পুনৰ আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ দৰো আকাশলংঘী হ’বলৈ আৰম্ভ কৰিলে। শেহতীয়াকৈ ২০২৫ চনত বালাপুৰৰ এই লাড্ডুটোৰ চূড়ান্ত দৰ গৈ অবিশ্বাস্যভাৱে ৩৫ লাখ টকাত ৰ’লগৈ। আচৰিত লাগিছেনে বাৰু?

এতিয়া প্ৰশ্ন হয়, ইমান অধিক দাম দি কিনা এই লাড্ডুটোৰ আঁৰত আছে কি আৰু কিনে কোনে? ইয়াৰ প্ৰস্তুত প্ৰণালীও বৰ ৰাজকীয়। আনহাতে এই নিলামত অংশগ্ৰহণ কৰিবলৈও অংশগ্ৰহণকাৰীসকলৰ যোগ্যতা থাকিব লাগিব। যিকোনো এজনে গৈ হঠাতে যোগদান কৰিব নোৱাৰে। অংশগ্ৰহণৰ নিয়মাৱলীও বিচিত্ৰ। শুনিলে আপোনাৰ চকু কপালত উঠিব আৰু তেতিয়াই গম পাব ইয়াৰ দামৰ আচল কাৰণ কি। জানো আহক —

প্ৰথমে লাড্ডুটোৰ বিশেষত্ব আৰু ইয়াৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে অলপ কৈ লওঁ। প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ এই বিশাল লাড্ডুটো বজাৰত পোৱা কোনো সাধাৰণ মিঠাইৰ দৰে প্ৰস্তুত কৰা নহয়। ইয়াক এই উৎসৱৰ বাবেই অতি নিষ্ঠাৰে আৰু বিশেষভাৱে প্ৰস্তুত কৰা হয়। দীৰ্ঘদিন ধৰি হায়দৰাবাদৰ এক আগশাৰীৰ মিঠাই প্ৰতিষ্ঠান ‘হানী ফুডছ’ (Honey Foods) ৰ স্বত্বাধিকাৰী ডি. উমা মহেশ্বৰ ৰাৱে প্ৰতি বছৰে এই লাড্ডুটো প্ৰস্তুত কৰি উৎসৱ সমিতিৰ উদ্দেশ্যে দান কৰি আহিছে। বিশুদ্ধ ঘিউ, গাখীৰ আৰু প্ৰচুৰ পৰিমাণে শুকান ফল-মূল ব্যৱহাৰ কৰি ইয়াক তৈয়াৰ কৰা হয়। সেয়েহে সহজে ই বেয়া হৈ নাযায়। পূজাৰদিনা লাড্ডুটো বালাপুৰৰ গণেশ মণ্ডপলৈ অনা হয় আৰু এখন ৰূপৰ থালত সজাই গণেশ দেৱতাক অৰ্পণ কৰা হয়। পূজাৰ দহদিন ইয়াক মণ্ডপতে ৰখা হয়। অনন্ত চতুৰ্দশীৰদিনা পুৱাৰ পূজা সম্পূৰ্ণ হোৱাৰ পিছত বিসৰ্জনৰ শোভাযাত্ৰা আৰম্ভ হয়। ইও এক বিশাল আয়োজন। তেলেংগানাত ইয়াক ‘নিমাৰ্জনম’ বোলা হয়। এই নিমাৰ্জনমলৈ ওলোৱাৰ আগে আগেই সেই বিশাল আশীৰ্বাদ পুষ্ট লাড্ডুটোৰ নিলামি আৰম্ভ হয়। তেতিয়ালৈ পূজা মণ্ডপ ভক্ত, নিলামত অংশগ্ৰহণ কৰা লোক আৰু দৰ্শকেৰে লোকাৰণ্য হৈ পৰে। সম্পূৰ্ণ প্ৰস্তুতিৰে নিলাম আৰম্ভ হয়।

মই আগতেই কৈ আহিছো যে কেৱল পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা অংশগ্ৰহণকাৰীসকলেহে নিলামত অংশ ল’ব পাৰে। এই পঞ্জীয়ন তেওঁলোকৰ যোগ্যতাৰ প্ৰমাণ। এতিয়া এই পঞ্জীয়ন প্ৰক্ৰিয়াৰ কথা কওঁ শুনক। যিহেতু এই লাড্ডুটোৰ দৰ আৰু চাহিদা দিনক দিনে বাঢ়ি গৈ আছে, সেয়েহে এই নিলামত অংশগ্ৰহণ কৰাৰ প্ৰক্ৰিয়াও পূৰ্বতকৈ আৰু বহু বেছি কঠোৰ আৰু সুশৃংখলিত কৰা হৈছে। ইয়াত পঞ্জীয়ন কৰিবলৈ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়েই আগৰ বছৰৰ সৰ্বোচ্চ বিজয়ী দৰৰ সমান টকা জামিন ধন (Security Deposit) হিচাপে জমা দিবলগীয়া হয়। উদাহৰণ স্বৰূপে যদি যোৱা বছৰ ৩০ লাখ টকাত লাড্ডুটো নিলাম হৈছিল তেনেহ’লে সিমানখিনি টকা প্ৰতিজনে আগধন হিচাপে জমা দিব লাগিব। ইয়াৰ উপৰি অতিৰিক্তভাৱে ৫,০০০ টকাৰ এটা অফেৰতযোগ্য (Non-refundable) পঞ্জীয়ন মাচুলো জমা দিব লাগিব। এই কঠোৰ নিয়ম আৰু জামিন ধন ৰখাৰ মুখ্য উদ্দেশ্য হ’ল যাতে অংশগ্ৰহণকৰীৰ সংখ্যা কমে আৰু কেৱল গুৰুত্বসহকাৰে অংশ ল’ব বিচৰা আৰু নিৰ্ধাৰিত দৰ পৰিশোধ কৰিব পৰা প্ৰকৃত ভক্তসকলেহে ইয়াত অংশগ্ৰহণ কৰে। নিলামৰ শেষত বিজয়ীজনে সৰ্বোচ্চ দৰটো উৎসৱ সমিতিক পৃথকে পৰিশোধ কৰিব লাগে। আনহাতে পৰাজিত বাকীসকল অংশগ্ৰহণকাৰীক ৫০০০ টকাটোৰ বাহিৰে বাকীখিনি জামিন ধন সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হয়। ২০২৫ চনত নগদ ৩৫ লাখ টকাত এই লাড্ডুৰ নিলাম হয় আৰু মুঠ ৩৮ জন লোকে ইয়াত অংশগ্ৰহণ কৰে।

লাড্ডুটো জিকাৰ পিছত বিজয়ীজনে অৱশ্যে ইয়াক কোনো ট্ৰফীৰ দৰে কেৱল নিজৰ বাবেই আছুতীয়াকৈ ৰাখি নথয়। পৱিত্ৰ প্ৰসাদ হিচাপে ইয়াক পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু ভক্তগণৰ মাজত বিলাই দিয়া হয়। ইয়াৰে কিছু অংশ নিজৰ খেতিপথাৰতো ছটিয়াই দিয়ে। আনহাতে, এই নিলামৰ জৰিয়তে সংগ্ৰহ হোৱা বিপুল ধনৰাশি সমাজৰ কল্যাণমূলক কামত ব্যয় কৰা হয়। বালাপুৰৰ আয়োজক সমিতিয়ে জনোৱা অনুসৰি, এই সমগ্ৰ ধন গাঁৱৰ উন্নয়ন, স্থানীয় মন্দিৰৰ পৰিচালনা আৰু বিভিন্ন সামাজিক কাম-কাজত ব্যৱহাৰ কৰা হয়। সেয়ে এই নিলামক কেৱল মাত্ৰ এক ব্যক্তিগত ধৰ্মীয় বিশ্বাস বুলি নকৈ সামূহিক পুঁজি সংগ্ৰহৰ এক শক্তিশালী মাধ্যম বুলিও ক’ব পৰা যায়।

বালাপুৰত আৰম্ভ হোৱা এই অনন্য পৰম্পৰা পিছে কেৱল সেই ঠাইতে আবদ্ধ হৈ নাথাকিল। লাহে লাহে হায়দৰাবাদৰ অন্যান্য গণেশ মণ্ডপসমূহতো এই লাড্ডু নিলামৰ কাৰ্যসূচী আৰম্ভ হ’বলৈ ধৰিলে। বালাপুৰৰ পাৰম্পৰিক লাড্ডু নিলামক অতিক্ৰম কৰি এইবাৰ হায়দৰাবাদৰে বান্দলাগুড়া নামৰ ঠাই এখনে এক অভিলেখ গঢ়িলে। ২০২৪ চনত বান্দলাগুড়া অঞ্চলৰ ‘কীৰ্তি ৰিচমণ্ড ভিলাছ’ (Keerthi Richmond Villas) নামৰ আৱাসিক এলেকাটোত এটা ১০ কিলোগ্ৰাম ওজনৰ গণেশৰ লাড্ডু ১.৮৭ কোটি টকাত নিলাম হ’ল। আৰু তাৰ ঠিক পিছৰ বছৰটোতেই অৰ্থাৎ ২০২৫ চনত এই আৱাসিক সমাজখনে নিজৰেই পূৰ্বৰ অভিলেখ ভাঙি ২.৩২ কোটি টকাৰ এক অবিশ্বাস্য দৰত পুনৰবাৰ তাক কিনি ল’লে।

কেৱল সেয়াই নহয়। সময়ৰ লগে লগে এই পৰম্পৰাই আজি ভাৰতৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়কো স্পৰ্শ কৰিছে। বৰ্তমান বিদেশত বসবাস কৰা প্ৰবাসী তেলুগু সম্প্ৰদায়ৰ লোকসকলৰ উদ্যোগত গণেশ উৎসৱৰ লাড্ডু নিলামৰ খবৰো পোৱা গৈছে। কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশসমূহতো অতি উচ্চ দামত ইয়াৰ নিলাম হ’বলৈ ধৰিছে। ঠিক তেনেকৈ নৱৰাত্ৰিৰ পূজাৰ দেৱীৰ শৰীখনৰো নিলামি হয়। কিন্তু ইমান বেছি দৰ ইয়াত নুঠে। অৱশ্যে গণেশ পূজাৰ এই পৰম্পৰাৰ আভিজাত্যই বেলেগ। এই লাড্ডু অতি মূল্যৱান। ইয়াৰ মূল্য কেৱল লাড্ডুটোৰ বস্তুগত উপাদানেৰে জোখা নহয়; বৰং বিশ্বাস আৰু আস্থাইহে ইয়াৰ মূল্য নিৰূপণ কৰে। সেয়েহে ইয়াক নিজৰ কৰি লোৱাৰ প্ৰতিযোগিতা চলে। লগতে প্ৰাপ্তজনৰ বাবে ই এক গৌৰৱৰো বিষয় হৈ পৰে। সেয়েহে ইয়াৰ মূল্য সদায় উৰ্ধগামী হয়। তদুপৰি ইয়াৰ জৰিয়তে হোৱা সমাজকল্যাণৰ সদ্ভাৱনাইও এই পৰম্পৰাক বিশেষ আৰু অনন্য কৰি তুলিছে।

হায়দৰাবাদৰ গণেশ উৎসৱ পৃথিৱী বিখ্যাত। গগনচুম্বী গণেশ প্ৰতিমা, অতি বৈভৱশালী মণ্ডপ আৰু বিসৰ্জনৰ আড়ম্বৰপূৰ্ণ শোভাযাত্ৰাৰ বাবে পৰিচিত এই মহানগৰীত গণেশ পূজা বছৰটোৰ এক বহু আকাংশিত উৎসৱ। এতিয়াও এই উৎসৱ চলি আছে। অহা তাৰিখে ইয়াৰ বিসৰ্জন হ’ব। এটা আনন্দমুখৰ আৰু বিশাল শোভাযাত্ৰাৰ লগতে পূজাৰ প্ৰসাদৰ বাবে বাট চাই আছো। আৰু লগতে জানিবলৈও উৎসুক হৈ আছো এইবছৰৰ নিলামৰ দৰ কিমান দূৰলৈ যাব। আপোনালোকক নিশ্চয় জনাম।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments