ৰিদিপ কুমাৰ নাথৰ ৰংদেউ (২)
বানাসুৰৰ তাণ্ডৱ
( সেইদিনাৰ ঘটনাটোৰ পিছত ৰংমনে নিয়মিত ’যমৰ হাবি’লৈ গৈ ৰংদেউৰ ৰূপ ধাৰণ কৰি নিজৰ শক্তিসমূহৰ পৰীক্ষাৰ লগতে কচৰত্ কৰিবলৈ আৰম্ভ কৰিলে / অসমী আইক অনাগত দূৰ্যোগসমূহৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ হ’কে নিজকে সাজু কৰি ল’লে / ৰংদেউৰ উচ্চতা ৬ ফুট ২ ইঞ্চিমান হ’ব / মটীয়া বৰণৰ পেশীবহুল, শক্তিশালী দেহ / মূৰত ফুলাম গামোচাৰ পাগুৰি আৰু ককালত গামোচাৰ টঙালি, ডিঙিতো এখন ফুলাম গামোচা / পিন্ধনত বগা ধূতি, মুগা বৰণৰ এটি চোলা, চোলাটোৰ আগপিনে আৰু পিছপিনে ডিঙিৰ পৰা ককাললৈকে ক’লা বৰণৰ চেক আছে / ৰংদেউৱে এইকেইদনত দুটামান নতুন শক্তিৰ উমান পালে / এদিন সপোনত দেখামতে ঠাই এটুকুৰাত এখন কাপোৰৰ মোনা আৰু এটা দীঘল মটীয়া বৰণৰ ছাতি পালে / পানীৰ উপৰিও জুই, বজ্ৰপাত আদি প্ৰতিৰোধ কৰিব পৰা এটা অতি শক্তিশালী ছাতি (ৰংছাতি(, যিটো জপোৱা অৱস্থাত অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি / ৰংদেউৱে নিজৰ ইচ্ছাশক্তিৰে ক্ষিপ্ৰতাৰে ৰংছাতিটো মেলা–জপোৱা কৰিব পাৰে / মোনাখনত ম’হৰ শিঙৰ এটা পেঁপা আছে যিটো ৰংদেউৱে বজালে এদল গঁড় সৈন্যবাহিনী ক’ৰবাৰ পৰা তাত্ক্ষণিকভাৱে হাজিৰ হয় / এটা কথা সি লক্ষ্য কৰিলে যে মুখেৰে নিৰ্গত কৰা ভুত–জলকীয়াৰ গুৰি)ভুত–গুৰি( য’তেই পৰেগৈ তাতেই অগ্নিসংযোগ হয় / আঠু কাঢ়ি সেৱা লোৱাৰ লেখিয়াকৈ মাটিত হাত দুখন থলেই ৰংমনে ৰংদেউৰ ৰূপটো ধাৰণ কৰিব পাৰে(
ভৰ দূপৰীয়া | ভাতমুঠি খাই উঠি তামোল কাটি দিবলৈ ভনীয়েক শেৱালীক খাটনি ধৰি আছিল ৰংমনে | এনেতে বাহিৰত কাৰোবাৰ বিকট চিঞৰ এটা শুনি লগে লগে বাহিৰলৈ ওলাই আহিল সি | দেখে সকলোৱে নমিতাহঁতৰ ঘৰৰ পিনে দৌৰিছে | সিও লৰ দিলে নমিতাহঁতৰ ঘৰলৈ বুলি | ভিৰ ফালি ঠেলি গৈ দেখে যে চোতালৰ কাষতে থকা তাঁতশালৰ ওচৰত মাটিত পৰি কঁপি কঁপি ভ্ৰম বকি আছে নমিতাই | মাজে মাজে নাক আৰু মুখৰ পৰা হোলোককৈ পানী ওলাই আহে |
“সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে | পলা…পলা…সকলো পলা তহঁত | আকৌ আহিব সি | কোনেও সাৰি নেযাৱ | পলা..পলা…..খাই পেলাব…পানীত ডুবাই ডুবাই…পলা…..পানী খুৱাই খুৱাই..পলা পলা……”
কোনেও ধৰিব পৰা নাই, কি বকি আছে নমিতাই ! কেইজনমানে দাঙি ভিতৰলৈ লৈ গৈ বিচনা এখনত শুৱাই দিলে তাইক | সৰু-সৰু পেনপেনীয়া ল’ৰা-ছোৱালীবোৰক তাৰ পৰা খেদি পঠিওৱা হ’ল | ৰমিলা নামৰ সিহঁতৰ গাঁৱৰে ধাইজনীয়ে পৰীক্ষা কৰি দেখে যে তীব্ৰ জ্বৰত আক্ৰান্ত নমিতা | লগে লগে গাঁওৰ চৰকাৰী চিকিত্সাললৈ প্ৰেৰণ কৰা হ’ল |
তিনিদিন অতিক্ৰম কৰিলে | নমিতাৰ জ্বৰ নমাৰ নামেই নাই | কেৱ্ল সেইটোক লৈয়ে নহয়, তাতকৈয়ো ডাঙৰ এটা বিষয়েহে চিন্তিত কৰি ৰাখিছে সমগ্ৰ ৰংপুৰবাসীক | সময় তেতিয়া ভৰ দূপৰীয়া | যমৰ হাবিৰ ওচৰৰ আঁহত এজোপাৰ তলত চিন্তিত ৰূপত ৰংমন | সি ভাবি পোৱা নাই কেনেকৈ একেটা ঘটনাৰ পুনৰাবৃত্তি হৈ আছে | যোৱা এসপ্তাহত গাঁওখনৰ ১২ জন মানুহ একেটা বেমাৰত আক্ৰান্ত হ’ল | সবাতোকৈ আচৰিত ঘটনাটো হ’ল আক্ৰান্ত আটাইকেইজন মানুহে ভ্ৰম অৱস্থাত বকা কথাখিনি | সেই একেই কথা সকলোৰে মুখত, “সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে | পলা…পলা…সকলো পলা তহঁত | আকৌ আহিব সি | কোনেও সাৰি নেযাৱ | পলা..পলা…..খাই পেলাব…পানীত ডুবাই ডুবাই…পলা…..পানী খুৱাই খুৱাই..পলা পলা……”
হঠাত্হাবিৰ ফালে কিবা এটা কলকলনি শুনি ঘূৰি চাইয়েই চক্খাই উঠিল ৰংমন | দেখিলে, এটা মানুহৰ আকৃতিৰ চেহেৰা, কিন্তু চেহেৰাটো অকল পানীৰে ভৰি আছে | মূৰৰ পৰা ভৰিলৈকে পানীৰ তীব্ৰ সোঁত | প্ৰতিটো খোজত খলক্-খলক্শব্দ কৰি গৈ আছে গাঁৱৰ দিশে | ৰংমনে সংগোপনে পিছ ললে সেই আকৃতিৰ | এনেতে হঠাত্বাটত পৰি থকা কাঁইট এডালত খোজ পৰাত বেদনাত চিঞৰি উঠিল ৰংমন | ৰংমনৰ চিঞৰ শুনি সেই আকৃতিটোৱে পিছলৈ উভতি চালে | ৰংমনক দেখি তাৰ পিনে চোঁচা ল’লে | তৰা-নৰা চিঙি ৰংমনে হাবিৰ পিনে দৌৰ মাৰিলে | হাবিৰ অলপ জোপোহা গছ এজোপাৰ আঁৰ লৈ ৰংমনে ৰংদেউৰ ৰূপ ধাৰণ কৰি সেই আকৃতিৰ সম্মুখত হাজিৰ হ’ল |
–কোন তই ? কি উদ্দেশ্য লৈ ৰংপুৰলৈ আহিছ ?
–হাঃ হাঃ হাঃ…বানাসুৰ মই, শেষ কৰি পেলাম সকলোকে | কোনো সাৰি নেযাৱ | বানাতংক কৰি পেলাম চবকে | কোনোৱে সাৰি নাযাৱ | হাঃ হাঃ হাঃ
–কি পাবি বা পাইছ তই এইবোৰ কৰি ?
–হাঃ হাঃ হাঃ কূটাসুৰ মোৰ ’আকা’ৰ নাম | ’আকা’ই হৈছে মোৰ জন্মদাতা | বানপানীৰ পৰা সৃষ্টি কৰিছে মোক | সমগ্ৰ মানৱ জাতিক ধংস কৰাই ’আকা’ৰ উদ্দেশ্য | ’আকা’ৰ উদ্দেশ্য মানেই মোৰ উদ্দেশ্য | বুজিলি মুৰ্খ প্ৰাণী ?
–কিন্তু তহঁতে পাবি কি এইবোৰ কৰি ? কি লাভ হ’ব তহঁতৰ ?
–মানৱ জাতিৰ মাজত যিমানেই সমস্যাৰ সৃষ্টি হ’ব, সিমানেই বাঢ়ি যাব ’আকা’ৰ শক্তি | কোনো সাৰি যাব নোৱাৰে | হাঃ হাঃ হাঃ
–তোৰ দুৰাচাৰী ’আকা’ৰ বাবে এটা দুখৰ খবৰে অপেক্ষা কৰি আছে | তাৰ সৃষ্ট এটা কুচৰিত্ৰৰ আজি অপমৃত্যু ঘটিব | তাৰ বাবে মই আগতীয়াকৈ দুঃখ প্ৰকাশ কৰিছোঁ |
–হাঃ হাঃ হাঃ…ভাল জমনি কৰিব জান দেই তই | মানৱ যেন লগা নাই দেখোন তোক | চেহেৰাটোৱেই তোৰ জমনিছোন !!! হাঃ হাঃ হাঃ….পিছে কোন হয় ভাই তই?
–তহঁতৰ নিচিনা পাপীবোৰক সংহাৰ কৰাৰ বাবেই মোৰ জন্ম | মানৱ জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত তহঁতৰ নিচিনা পাপীবোৰৰ সম্মুখত এখন ডাঙৰ প্ৰাচীৰ বুলি ধৰি ল’ব পাৰ, ৰংদেউ নাম মোৰ |
–হাঃ হাঃ…মুৰুখ প্ৰাণী, মোৰ লগত ’পাংঙ্গা’ লৈ জীৱনৰ ডাঙৰ ভুল এটা কৰিলি তই | তই হয়তো উমান পোৱা নাই মোৰ শক্তিৰ !
এই বুলি কৈয়েই বানাসুৰে হাত দুখনেৰে কিবা ঠেলাৰ নিচিনা কৰি পানীৰ প্ৰৱল ঢৌ ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ঘটনাৰ আকস্মিকতাত একো ধৰিব নোৱাৰি পানীৰ প্ৰৱল ঢৌত চাৰি হাতমান দূৰত গৈ চিটিকি পৰিল ৰংদেউ | নিজকে চম্ভালি থিয় হ’বলৈ লওতেই মূখত বৰফৰ নিচিনা হাতৰ এটা তীব্ৰ ঘোচা পৰিল তাৰ | পুনৰ মাটিত বাগৰি পৰিল সি | ইয়াৰ পিছতেই বানাসুৰে ঘূৰি ঘূৰি নিজৰ দেহত চাকনৈয়াৰ সৃষ্টি কৰিলে | ঘূৰি ঘূৰি ঘূৰ্ণিবতাহৰ লেখিয়াকৈ ৰংদেউৰ পিনে আগবাঢ়ি আহিল | কথা বিষম যেন দেখি লগে লগে ৰংদেউৱে ওচৰতে থকা বিজুলী বাটিৰ খুটা এটালৈ গামোচা-ৰছী মাৰি পঠিয়ালে আৰু তাৰ সহায়ত তৰিত্গতিৰে সেই ঠাইৰ পৰা আঁতৰি দিলে | কোনোমতে চাকনৈয়াৰ কবলত নপৰাকৈ সাৰিল |
–বহুত হৈ গ’ল বানাসুৰ, এইবাৰ মোৰ পাল |
ৰংদেউৱে ভুত-গুৰি মাৰি পঠিয়ালে বানাসুৰক লক্ষ্য কৰি | কিন্তু বানাসুৰে লগে লগে নিজৰ দেহটো বৰফলৈ ৰূপান্তৰিত কৰিলে যত ভুত-গুৰিয়ে কোনো প্ৰভাৱ পেলাবলৈ সক্ষম ন’হল | ৰংদেউৱে ওচৰতে থকা শুকান পাতৰ দম এটাত ভুত-গুৰিৰে অগ্নিসংযোগ কৰি গমোচা-ৰচীৰ সহায়ত বানাসুৰক সেই জুইত পেলাই দিলে | অলপ সময়ৰ বাবে বানাসুৰ চটফটাই থাকিল যদিও পিছমুহূৰ্ততেই নিজৰ শৰীৰৰ আয়তন ডাঙৰ কৰি ল’লে | তাৰ দেহৰ বৰফ গলি গলি পানীলৈ ৰূপান্তৰিত হ’ল আৰু সেই পানীয়ে ৰংদেউৱে সৃষ্টি কৰা জুই নুমাই পেলালে | বানাসুৰে পুনৰ নিজৰ ৰূপ ধাৰণ কৰিলে |
পুনৰবাৰ বানাসুৰে পানীৰ প্ৰৱল ঢৌ ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ৰংদেউৱে এইবাৰ ৰংছাতি মেলি সেই ঢৌ প্ৰতিৰোধ কৰিলে | তীব্ৰ খঙত হুংকাৰ কৰি তৰিত্গতিৰে বানাসূৰে ৰংদেউৰ পিনে চোঁচা ল’লে | ৰংদেউ মুখলৈ লক্ষ্য কৰি এটা প্ৰচণ্ড ঘোঁচা দিবলৈ লওতেই ৰংদেউৱে তললৈ হাউলি বানাসুৰৰ পেটত এটা পূৰ্ণহতীয়া ঘোঁচা বহুৱালে | কিন্তু এয়া কি !! বানাসুৰৰ পেটৰ মাজেৰে ৰংদেউৰ হাতৰ মুঠি পাৰ হৈ গ’ল, কিন্তু বানাসুৰৰ দেহত একো প্ৰভাৱ নপৰিল | মহা সমস্যাত পৰিল ৰংদেউ | সি পাহৰিয়েই গৈছিল যে পানীৰ মাজেৰে সকলো ধৰণৰ গোটা বস্তু সৰকি যায় | বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি থাকোতেই তাৰ হাত আৰু ভৰিৰ প্ৰহাৰত থকা-সৰকা হ’ল ৰংমন | বানাসুৰে এইবাৰ নিজৰ মূৰটো কেইবাৰমান জোকাৰি দিলে | তাৰ মূৰৰ পৰা ভালেমান জোক,ভেকুলী,মহ আদি নিৰ্গত হৈ ৰংদেউৰ দেহত পৰিল | এইবোৰৰ কামোৰত যন্ত্ৰনাত চিঞৰি উঠিল | শেষ চেষ্টা হিচাপে পুনৰ এবাৰ ৰংদেউৱে ভুত-গুৰি মাৰি পঠিয়ালে বানাসুৰৰ দেহলৈ | বানাসুৰে এনেকুৱা অৱস্থাতো ৰংদেউৱে প্ৰহাৰ কৰিব বুলি কল্পনা কৰা নাছিল বাবে নিজৰ দেহতো বৰফলৈ ৰূপন্তৰিত কৰিবলৈ এইবাৰ সময়েই নাপালে | ভুত-গুৰিৰ যন্ত্ৰণাত টেঁটুফালি চিঞৰিবলৈ ধৰিলে | ৰংদেউৱে আশাৰ ৰেঙণি দেখা পালে যদিও পিছমূহুৰ্তত অপেক্ষা কৰি থকা ঘটনাটোৱে হতাশ কৰিলে তাক | সি দেখিলে যে বানাসূৰে নিজৰ দেহটো নৰ্দমাতকৈ শতগুণ ঘোলা কৰি তুলিছে যত কেৱল দূষিত পদাৰ্থৰে ভৰি আছে | সেই দূষিত পানীৰ দেহত ভুত-গুৰিৰ প্ৰভাৱো লাহে লাহে কমি আহিল | তাৰোপৰি সেই সময়ত বানাসুৰৰ দেহৰ পৰা এনেকুৱা দুৰ্গন্ধ নিৰ্গত হৈছিল যে ৰংদেউৰ বমি হোৱাৰ উপক্ৰম হ’ল | জোক,মহ আদিৰ কামোৰৰ ওপৰত সেই দুৰ্গন্ধই ৰংদেউক লেবেজান কৰি পেলালে | উপায় নাপাই তৰা-নৰা চিঙি ৰংদেউৱে গাঁৱৰ পিনে লৰ দিলে | পিছে পিছে বানাসুৰেও খেদি গৈ থাকিল তীব্ৰ গতিৰে |
ৰংমনহঁতৰ গাঁওৰ কন্দৰ্প মহাজনৰ গৰুৰ এখন ডাঙৰ ফাৰ্ম আছিল | বিশাল আকাৰৰ সেই ফাৰ্মখনত গৰুৰ দানা গৰম কৰিবলৈ এটা বহুত ডাঙৰ পাত্ৰ ঢাকনিৰে সৈতে আছিল | সেই ফাৰ্মৰ দায়িত্বত থকা কন্দৰ্প গৰখীয়াই তেতিয়ালৈকে উতলি উঠা গৰুৰ দানা জুইৰ পৰা নুমুৱাত ব্যস্ত | ঢাকনিখন খুলিবলৈ পাইছিলহে মাথোন, এনেতে হঠাত্গৰুবোৰৰ অগতানুগতিক হেম্বেলনি শুনি মূৰ তুলি চায়েই শিল পৰা কপৌৰ লেখীয়া হ’ল সি | দুটা অদ্ভুত আকৃতিৰ প্ৰাণীৰ এটাই আনটোক খেদি অহা দেখিলে কন্দৰ্প গৰখীয়াই | জীৱনত দেখি নোপোৱা এই কিম্ভুত-কিমাকাৰ প্ৰাণী দুটা দেখি য’ৰ বস্তু ততেই এৰি থৈ তাৰ পৰা ভিৰাই লৰ মাৰিলে |
ৰংদেউৱে বানাসুৰৰ পৰা পলাই দৌৰি আছিল যদিও দৌৰি থকা সময়্ত তাৰ তীক্ষ্ণ মগজুৰে বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি আছিল | অৱশেষত সি অলপ আগলৈকে কন্দৰ্প গৰখীয়া বহি থকা ঠাইডোখৰত থিয় হ’ল | ৰংদেউৱে ৰৈ দিয়া দেখি বানাসুৰে ফূৰ্ত্তিত নাচিবলৈ ধৰিলে |
–এতিয়া বুজি পালি ? মই কৈছিলোৱেই নহয়, কোনো সাৰি যাব নোৱাৰে এই বানাসুৰৰ পৰা | শেষ কৰি যাম চবকে এপিনৰ পৰা | হাঃ হাঃ হাঃ হুঃ হুঃ
–হেঃ হেঃ তোৰ এই অহংকাৰেই তোৰ কাল হ’ব | এটা কথা চাগে তোৰ নিচিনা বুৰ্বকৰ বোধগম্য নহয় যে এই পৃথিৱীত সত্যৰেই সদায় জয় হয় |
ৰংদেউৰ এই কথা শেষ হোৱাৰ লগে লগেই বানাসূৰে তৰিত্ গতিৰে ৰংদেউৰ পিনে চোঁচা ললে | ৰংদেউৰ দেহৰ ওপৰত জপিয়াই পৰিল | লগে লগে ৰংদেউৱে তাৰ পৰা ফালৰি কাঁটি দিলে আৰু বানাসুৰ গৈ দানা উতলি থকা টৌটোতে পৰিল | বিদ্যুত গতিৰে ৰংমনে পাত্ৰটোৰ সাঁফৰখন মাৰি দিলে আৰু গামোছা-ৰচীৰ সহায়ত টানকৈ বায়ু প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি দিলে | ফাৰ্মত থকা আটাইবোৰ গৰু এৰি দিলে | গৰুবোৰেও এই ঘটনাবোৰ দেখি ভয় খাই আছিল | মুকলি কৰি দিয়াৰ লগে লগে আটাইবোৰ গৰু তাৰ পৰা পলাল | কন্দৰ্পই গৈ গাঁওৰ মানুহবোৰক সি দেখা প্ৰাণীদুটাৰ কথা কওতে গাঁওৰ ভালেমান মানুহ আহি সেই ঠাইত ৰংদেউ-বানাসুৰৰ ৰণ চাই আছিল | ৰংদেউৱে সকলোকে সেই ঠাইৰ পৰা অলপ আঁতৰ হ’বলৈ ক’লে | সিহঁতে ৰংদেউৰ গৰু এৰি দিয়া কাৰ্য্য দেখি নিশ্চিত হৈছিল যে দেখাত কিম্ভুত-কিমাকাৰ যদিও এই প্ৰাণীটোৱেই নিশ্চয় ৰংপূৰৰ ট্ৰাণকৰ্তা | ৰংদেউৰ আদেশ অমান্য নকৰি সিহঁত সকলো সেই ঠাইৰ অলপ পৰা আঁতৰলৈ গুচি গ’ল | ৰংদেউৱে সিহঁতক আঁতৰিব কোৱাৰ সময়ত নিৰ্ভয় প্ৰদান কৰি কৈছিল যে যেতিয়ালৈকে ৰংদেউ থাকিব কোনো দুৰ্যোগে এই ৰংপুৰত ক্ৰিয়া কৰিব নোৱাৰিব | ফাৰ্ম খালি হোৱাৰ পিছত ৰংদেউৱে জুইত ভুত-গুৰি মাৰি জুইৰ উত্তাপ বঢ়াই দিলে আৰু তৰিত্গতিৰে তাৰ পৰা অন্তৰ্ধান হ’ল |
কিছু সময় পিছত এটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গ’ল | টৌৰ ভিতৰত বাষ্প হোৱা বানাসুৰৰ দেহ ছিন্ন বিছিন্ন হৈ বায়ুৰ সৈতে মিহলি হৈ গ’ল | গাঁওৰ সকলোৱে ৰংদেউ ৰংদেউ ধ্বনিৰে কঁপাই তুলিলে | বানাসুৰৰ পতনৰ পিছতেই যিবোৰ গাঁৱৰ মানুহ বানাতংকত আক্ৰান্ত হৈছিল সকলো আৰোগ্য হৈ গ’ল | সকলোৰে মুখত তেতিয়া ৰংদেউৰ জয়গান | এনেতে কাৰোবাৰ মাত শুনি সকলোৱে সেইপিনে ঘূৰি চালে |
–পালোঁ পালোঁ পালোঁ….আমাৰ গাঁৱত চলি থকা মহামাৰীৰ কাৰণ বিচাৰি পালোঁ | সকলো সাজু হ আৰু মোৰ লগত আহ |
–কি হ’ল ঐ ? কিহৰ কাৰণ বিচাৰি পালি তই ?…. শৰ্মা দোকানীয়ে সুধিলে
–আৰে….আমাৰ গাঁওত যে নতুনকৈ অদ্ভুত ধৰণৰ বেমাৰটো আহিছে তাৰ কাৰণটো বিচাৰি পালোঁ | মই গৰু চাৰি আছিলোঁ | এইমাত্ৰ সেইপিনে এটা অদ্ভুত আকৃতিৰ প্ৰাণী যোৱা দেখিলোঁ | দেখিবলৈ মুখখন গঁড়ৰ নিচিনা, কিন্তু দেহটো মানুহৰ নিচিনা | এইটো নিশ্চয় তাৰেই কাম হ’ব | যমৰ হাবিৰ পিনে যোৱা দেখিছোঁ তাক | সকলো ওলাই আহ, মোৰ লগত ব’ল | তাক নিধন কৰিব পৰিলেই নিশ্চয় মহামাৰী আঁতৰ হ’ব |
–ঐ ৰংমন, পাগল হৈছ নেকি তই ? মোক চা, মোৰ বেমাৰ নাইকিয়া হৈ গ’ল | আচলতে সেইটো অসুৰ নহয় ,সি আমাক বচালে হে | বানাসুৰ নামৰ অসুৰ এটাহে য’ত দুষ্কাৰ্যৰ মোল আছিল যাক ৰংদেউৱে নিধন কৰিলে |….নমিতাই মিচিকিয়াই ক’লে|
–ৰংদেউ !! কোন ৰংদেউ ?
–আৰে গাধা….যাক তই এইমাত্ৰ দেখি আহিছ তেওঁৰ নামেই ৰংদেউ | তেওঁৱেই আমাক বচালে…বুজিলি মুৰ্খ ?
–ও হয় নেকি ? মই আকৌ…..ধেত্তেৰি
মই ঠিকেই দেখিলোঁ | আপোনালোকৰ চকুত বাৰু ধৰা পৰিলেনে নাই, ৰংমনে এইমাত্ৰ মিচিকিয়াই মৰা চকুটিপটো ? 😉
ক্ৰমশঃ…..