অন্ধবিশ্বাস আৰু আমাৰ শৈশৱ

লেখক- নিখিল কুমাৰ ভট্টাচাৰ্য্য

মোৰ শৈশৱ কালৰ কথাৰে আৰম্ভ হোৱা এটা জীয়া কাহিনী এয়া ৷ অৱশ্যে ,কাহিনীটো আৰম্ভ কৰাৰ আগতে কিছুকথা কৈ ল’ব লাগিব। সেইসময়ত আমি গাঁৱলীয়া ল’ৰা ছোৱালীবোৰে আজিৰ দৰে আধুনিক খেলৰ সামগ্ৰী সমূহ কিনিব পৰাকৈ ঘৰৰ পৰা টকা পোৱা নাছিলো বা মাক দেউতাকে দিয়াও নাছিল ৷ আনকি আজিৰ পিতৃ – মাতৃয়ে সন্তানৰ পঢ়াশুনা আৰু খেলাধূলা কৰাবলৈ লগত লৈ ফুৰাৰ দৰে আমাক মা – দেউতাই মুঠেও সময় দিয়া নাছিল বুলি ক’লেও ভুল কোৱা নহ’ব চাগে। কাৰণ তেতিয়া পৰিৱেশেই আছিল তেনেকুৱা। ধনী দুখীয়াৰ ল’ৰা ছোৱালী বুলি কথা নাছিল, কথা আছিল সমনীয়া বুলিহে ৷ সকলোৱে মিলা – প্ৰীতিৰে খেলিছিলোঁ। আনৰ কথা নাজানোঁ , মোৰ দৰে বহুতেই চাগে পথাৰত টাংগুটি খেলি , চাইকেলৰ পুৰণা ৰিং নতুবা টায়াৰ এটাকে মাৰি এডালেৰে কোবাই কোবাই মটৰচাইকেলৰ দৰে মুখেৰে শব্দ কৰি দৌৰি দৌৰি আলিবাটত প্ৰতিযোগিতা কৰি , চাইকেলৰ চকাৰ স্প’কত বাঁহ গছৰ শুকান বাকলি ( বাঁহ গছত লাগি থকা ঢকুৱা সদৃশ ) গুঁজি দি মটৰচাইকেলৰ দৰে শব্দ কৰি চাইকেল চলাই , কঠালৰ পকা পাত চকৰিৰ দৰে কাটি বাঁহৰ মাৰিত সুমুৱাই লৈ চকৰি ঘূৰাই দৌৰি ফুৰি নতুবা কঁকালত গামোচাৰ দুটা মূৰ বান্ধিলৈ বাকিদুটা মূৰ দুইহাতেৰে দুই কান্ধৰ কাষত ধৰি দৌৰি দৌৰি অট’ৰিক্সা চলোৱা খেলবোৰ খেলিয়ে নিজৰ শৈশৱ তথা কৈশোৰ কাল পাৰ কৰা বুলি মই অনুভৱ কৰোঁ ৷ বাৰু যি কি নহওক এইখিনিতে মোৰ মনলৈ অহা ঘটনা সমূহৰ মাজৰ পৰাই আজি মই এটা ৰসাল ঘটনা বৰ্ণাবলৈ চেষ্টা কৰিছোঁ।

কোৱাটো অপ্ৰয়োজনীয় যদিও কওঁ যে ,আমিবোৰ বৰ্তমান যদিও বিজ্ঞানৰ যুগত বসবাস কৰি আছোঁ তথাপি মুকলিকৈ নক’লেও সকলোৱে নিশ্চয় সহমত প্ৰকাশ কৰিব যে সমাজত ঠাই আৰু সময় ভেদে কম বেছি পৰিমাণে “অন্ধবিশ্বাস” এতিয়াও চলি আছে। মোৰ ঘটনাটোও এনেকুৱা অন্ধবিশ্বাসৰ ভিত্তিতেই প্ৰতিষ্ঠিত ৷

পুনৰ উভতি গৈছোঁ কৈশোৰ কাললৈ ৷ সাধাৰণতে এনেকুৱা সময়ত অৰ্থাৎ শৈশৱৰ আলিদোমোজাত থকা ল’ৰাছোৱালীবিলাকৰ নিজৰ ওপৰত বিশ্বাস কম আৰু তাৰ বিপৰীতে আনে কোৱা কথাত গুৰুত্ব বেছি হয় । আৰু যদি কোনোবা ডাঙৰ মানুহে কৈছে তেনেহ’লেতো সেয়া একপ্ৰকাৰ শিলৰ ৰেখাৰ দৰেই হয় ৷ আকৌ কৈছোঁ কাহিনীটো আগবঢ়াই নিয়াৰ স্বাৰ্থত কিছু পৰিমাণে ঘটনাৰ আশেপাশে পৰিভ্ৰমণ কৰিবলগীয়া হৈছে।

আগতেই কৈছোঁ যে আমি আধুনিক সা – সৰঞ্জামেৰে খেল খেলিবলৈ পোৱা নাছিলোঁ আৰু তাৰ ফলস্বৰূপেই চাগে ক্ৰিকেটৰ সলনি আমাৰ গাঁৱৰ ল’ৰাবোৰে মানে সৰহভাগেই সেই সময়ত এবিধ বিশেষ খেল খেলিছিল। খেলবিধ বৰ আমোদজনক আছিল ৷ বিশেষকৈ মোৰ বাবে ৷ নাম আছিল “বৈঠা খেল” ( স্থানীয় নাম ) ৷ খেলবিধৰ বিষয়ে এইখিনিতে চমুকৈ আভাস এটা নিদিলে কাহিনীটোৰ পৰা আনন্দ নাপাব ৷

খেলবিধৰ সামগ্ৰিক বৰ্ণনা এনেধৰণৰ —

১/ নাৰিকলৰ শুকান পাতৰ গুৰিৰ পিনে কিছু পৰিমাণে এৰি আঢ়ৈ ফুটমানৰ (সমান জোখৰ ) দুটুকুৰা ঠাৰিৰে বঠা সদৃশকৈ নতুবা ক্ৰিকেটৰ বেটৰ নিচিনাকৈ দুপাত বৈঠা তৈয়াৰ কৰি লোৱা হয় (দুজন খেলুৱৈৰ হাতত এপাতকৈ থাকিব ) ৷

২/ পকা অমৰা ফল এটাৰ বাকলি আৰু সাহখিনি গুচাই লৈ ভিতৰৰ গুটিটো ৰ’দত শুকোৱাই লোৱাৰ পিছত তাক কাপোৰেৰে মেৰিয়াই বেজী সূতাৰে ভালকৈ চিলাই লোৱা হয় ৷

৩/ ধান কাটি নিয়াৰ পিছত শুকান পথাৰৰ কিছু অংশ চাফচিকুণ কৰি এটা চাৰিসীমা দি লোৱা হয় আৰু সেই চাৰিসীমাৰ ভিতৰত সমান দূৰত্বত দুটা সৰু সৰু গোলাকাৰ বৃত্ত সদৃশ চিহ্ন আঁকি লোৱা হয় ৷ঠিক যেন ক্ৰিকেটৰ দুই উইকেট ৷

৪/ খেলুৱৈৰ সংখ্যা দুটা দলত বিভক্ত কৰা হয় ( সমান সংখ্যক খেলুৱৈৰ দ্বাৰা )৷ খেলুৱৈৰ সংখ্যাৰ কোনো সীমাবদ্ধতা নাই।উপস্থিত সকলোৱে খেলিব পাৰিব ৷ মাত্ৰ দুই পক্ষৰ খেলুৱৈৰ সংখ্যা সমান সমান হ’ব লাগিব।

৫/ খেলপথাৰত ক্ৰিকেট খেলৰ দৰে এটা দলে বেটিং কৰাৰ বিপৰীতে আনটো দলে বলিং কৰিব ৷ বেটিং কৰা দুজন খেলুৱৈ গোলাকাৰ বৃত্ত দুটাৰ মাজত অৱস্থান কৰিব আৰু দুয়োজনৰ ঠিক পিছফালে বিপৰীত দলৰ এজন এজন খেলুৱৈয়ে অৱস্থান কৰিব ৷ তাৰ সমান্তৰালকৈ ফিল্ডিং কৰা দলৰ বাকীবোৰ খেলুৱৈ খেলপথাৰৰ নিৰ্দিষ্ট পৰিধিৰ মাজত আজিৰ ক্ৰিকেট দলৰ খেলুৱৈৰ দৰে বিভিন্ন স্থানত অৱস্থান ল’ব।

৬/ খেলৰ বাবে কোনো নিৰ্দিষ্ট সময় , অভাৰ নতুবা বলৰ সংখ্যা নাথাকে ৷ শেষৰজন খেলুৱৈ আউট নোহোৱালৈকে বলিং চলিয়ে থাকিব ৷

৭/ ক্ৰিকেটৰ দৰে চাৰি বা ছয় ৰাণ কৰা /হোৱাৰ নিয়ম নাই ৷ বলটো কোবোৱাৰ পিছত এক এককৈ (দৌৰি দৌৰি )ৰাণ কৰিব লাগিব ( ক্ৰিকেটৰ দৰে ) ৷

৮/ বেটিঙত থকা দুজনৰ পিছফালে থকা বিপৰীত দলৰ খেলুৱৈ দুজনে অমৰাৰ গুটিৰে বনোৱা বলটো সজোৰে ইজনে সিজনলৈ দলিয়াদলি কৰি থাকিব ( বেটিং কৰিবলৈ অহা দুজনৰ মূৰৰ ওপৰেৰে ) ৷ এনেকৈ দলিয়াই দিওঁতে বেটঙত থকা দুজনে বলটো কোবাবলৈ চেষ্টা কৰিব লাগিব ৷ যদি কোবোৱাৰ পিছত বলটো উৰিগৈ থকা অৱস্থাতে ফিল্ডিং কৰি থকা কোনোবা জনে ওপৰতে ধৰে তেতিয়া কোবোৱা খেলুৱৈজন আউট হ’ব ৷ অন্যথা মানে ধৰিব নোৱাৰিলে সুযোগ বুজি ৰাণ ল’ব পাৰিব ৷ এনেকৈ ৰাণ লওঁতে কোনোবাই যদি বেটিঙত থকা ( ৰাণ লোৱাৰ উদ্দেশ্যে দৌৰি থকা সময়ত ) বলটো দলিয়াই বৃত্তৰ ভিতৰত পেলাব পাৰে তেতিয়াও সেই দিশত দৌৰাজন আউট হ’ব ৷ ঠিক ক্ৰিকেটৰ দৰে ৷আনহাতে মনকৰিবলগীয়া কথা যে যদি বলটো দৌৰি থকা অৱস্থাত দলিয়াই দিওঁতে বেটিঙত থকা কোনোবা জনে সুবিধা পায় তেনেহ’লে তেওঁ দৌৰি থকা অৱস্থাতে নতুবা বৃত্তৰ মাজত অৱস্থান লোৱাৰ পিছতো বলটো পুনৰ প্ৰহাৰ কৰিব পাৰিব আৰু সুযোগ বুজি ৰাণ ল’ব পাৰিব ৷

৯/ বলটো মূৰৰ ওপৰেৰে দলিয়াই থাকোঁতে যদি বেটিঙত থকা কোনোবাজনে বঠাৰে কোবাবলৈ চেষ্টা কৰোঁতে বলটো বঠাত নালাগিল আৰু পিছৰ কীপাৰজনে বলটো শূন্যতে ধৰিলে তেতিয়াও তেওঁ আউট হ’ব ৷

এতিয়া আহোঁ মূল কথালৈ ৷ সচৰাচৰ ঘৰৰ ওচৰৰ কোনো এখন পথাৰত আমি এই খেলৰ বাবে খেলপথাৰ প্ৰস্তুত কৰি লওঁ। এবাৰ এটা ঘটনা হ’ল। মানে কোনো অসাধু লোকে এদিন( সন্ধিয়া অথবা ঢলপুৱাতেই) সেই নিৰ্দিষ্ট খেল পথাৰৰ সোঁ মাজত পাইখানা কৰি গ’ল। আবেলি খেলিবলৈ আহি সকলোৰে মনবোৰ বেয়া লাগিল ৷ পিছদিনা আন এখন খেলপথাৰ তৈয়াৰ কৰা হ’ল। ইয়াতো একেই ঘটনা। এইবাৰতো একেবাৰে বৃত্ত দুটাৰ ভিতৰতেই পাইখানা কৰি থৈ গ’ল ৷ আবেলি খেলিবলৈ অহাৰ পিছত অৱস্থা দেখি সকলোৰে এইবাৰ কিন্তু খং উঠিল। তথাপি আমি হাৰ নামানিলোঁ ৷ কোৰ আনি চাফচিকুণ কৰি এইবাৰ তাতেই খেলিলোঁ ৷ এই কথাই হয়তো সেই বিশেষ মানুহজনক বেছি খঙাল আৰু জেদী কৰি তুলিলে ৷ কাৰণ তাৰ প্ৰতিক্ৰিয়া হিচাপে “পুনৰ মুচিক ভৱ ” নে কি যে কথাষাৰ কয় ঠিক তেনেকুৱাই হ’ল ৷ অৰ্থাৎ পুনৰ মলত্যাগ ৷

দিন গৈ আছে ৷ ঘটনাও দীঘলীয়া হৈ গৈ আছে ৷ কোনো হাৰমনা বিধৰ নহয় ৷ আনহাতে বহু চেষ্টা কৰিও দুৰ্বৃত্তক ধৰিবলৈ আমি সক্ষম নহ’লোঁ। অৱশ্যে এই ঘটনাৰ চৰ্চা চলি থকাৰ সময়ত এজন মানুহৰ গতিবিধিৰ ওপৰত আমাৰ সকলোৰে সন্দেহ উপজিল। কিন্তু কেনেকৈ প্ৰমাণ কৰা যায় এতিয়া ! দৈৱক্ৰমে এদিন খেলি থকা সময়তে আনটো চুবুৰিৰ পৰা অহা ডাঙৰ ল’ৰা এজনে কাৰোবাৰ মুখত শুনি অহা কথা এটা ক’লে। কথাটো শুনি আমাৰ সকলোৰে আনন্দৰ সীমা নাই। সকলোৰে ধাৰণা যে এইবাৰ সি ধৰা পৰিবই। কাৰণ ল’ৰাজনে কোৱা মতে আমি যদি শৌচখিনি শুকান জলকীয়া আৰু শুকান নৰা জাপি জ্বলাই দিওঁ তেনেহ’লে মলত্যাগ কৰা মানুহজনে পোৰণিত থাকিব নোৱাৰিব আৰু খজুৱাই খজুৱাই বেজৰ ওচৰ পাবগৈ ৷ আনহাতে আমিও লগালগ গম পাই যাম যে সি বেটাই শাস্তি পাইছে বুলি।

এনেকুৱা কামত ভৱা চিন্তাৰ কথাই নাহে । সিদ্ধান্ত লগালগ হৈ যায়। মানে, কথা মতেই কাম ৷ গতিকে জলকীয়া অনাই জলকীয়া আনিলে , শুকান নৰাও অনা হ’ল ৷ তাৰপিছত ৰ’বলৈ সময় নাই ৷ মুঠৰ ওপৰত প্ৰমাণ লাগে। লগৰ এজনে জুইশলা মাৰি জ্বলায়ো দিলে ৷ এতিয়া মনত সকলোৰে উৎসুকতা আৰম্ভ হৈ গ’ল। এনেকৈ জ্বলাই দিয়াৰ ফলত পাইখানা কৰা মানুহজনৰ খজুৱাইছেনে নাই বুলি প্ৰতিক্ৰিয়া চাবলৈ আমি পলে পলে পহৰাৰ ব্যৱস্থা কৰিলোঁ । আৰু তাৰবাবে মোৰ লগতে আৰু দুজনমানে দৌৰি আহি মানুহজনক লক্ষ্য কৰিবলৈ তেওঁৰ অলক্ষিতে তেওঁৰেই সোঁৱে বাওঁৱে অৱস্থান কৰিলোঁ , একেবাৰে যেন সীমান্তত থকা বৰ্ডাৰ চিকিউৰিটি ফোৰ্চৰ একো একোজন অস্ত্ৰধাৰী চিপাহীহে।

পিছে “অন্ধবিশ্বাস” জানো কেতিয়া ফলিয়ায় ? হেঃহেঃহেঃ —

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments