অসমীয়াত কথা-বতৰা গোটৰ পৰা অসম লোকসেৱা আয়োগলৈ – এক যাত্ৰা

লেখক- প্ৰদ্যুৎজ্যোতি শইকীয়া

2010 চনৰ ডিচেম্বৰৰ শেষৰফালৰ কথা।ম‍ই ইতিমধ্যে চাৰে তিনিবছৰীয়া চিকি্ত্‍সা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি “ৰুৰেল হেল্থ প্ৰেক্তিচনাৰ” (জনপ্ৰিয় নাম গ্ৰাম্য চিকিত্‍সক) হিচাবে কৰিমগঞ্জৰ বদৰপুৰৰ সমীপৱৰ্ত্তী শ্ৰীগৌৰি সামূহিক স্বাস্থ্য কেন্দ্ৰত যোগদান কৰোঁ। দিন ৰাতি একাকাৰ কৰি ৰোগীৰ সেৱা শুশ্ৰূষা কৰি থকাৰ মাজতে চাৰি বছৰীয়া সম্পৰ্ক এটাত প্ৰতাৰিত হলোঁ৷ কাজেই দুখৰ অথাই  সাগৰত ককবকাবলৈ ধৰিলোঁ৷ প্ৰতাৰিত প্ৰেমিকৰ তেতিয়াৰ প্ৰথম আশ্ৰয়স্থল হৈ পৰিল নিচা আৰু  দ্বিতীয় আশ্ৰয়স্থল হ’ল সংগীত৷ ৰোগী চোৱাৰ কামটোও সমান্তৰালভাৱে চলি থাকিল।তেতিয়াৰ ’চুপাৰহিট ট্ৰেজেদী চং” “এম্পটিনেছ” ’লুপ’ত অবিৰতভাৱে হেজাৰবাৰৰো অধিক চলিল৷ ’পেচেঞ্জাৰ’ বুলি বগা চাহাবসকলৰ এজনে গোৱা ’লেট হাৰ গ’ বোলা গীতটোত গংগা-যমুনা বোৱাই শোক সাগৰত ডুব গ’লোঁ৷ সেই সময়ৰ একেবাৰে শেষৰ আশ্ৰয়স্থলটো আছিল  ফেচবুকৰ নিজা দেৱালখন৷ শ্যেলী, কীটছ, দেৱকান্ত বৰুৱা আদি দেশী বিদেশী সকলো কবিকে চেৰ পেলাই  ডুবন্ত প্ৰেমিকৰ দুৰ্দান্ত দুখৰ অসমীয়া কবিতা ৰোমান লিপিত বাহিৰ হ’বলৈ ধৰিলে।এইখিনি সময়তে সেই শোক সাগৰৰ পৰা চুলি কোছাত ঠাপ মাৰি ধৰি দেবব্ৰত গগৈ ওৰফে আমাৰ দেবুদাই মোক এই অসমীয়াত কথা-বতৰা গোটত ভৰ্তি কৰাই দিলে৷ কাজেই কেইবাবাৰো নিয়ম উলংঘা কৰি লাহে লাহে নিয়মলৈ আহিলোঁ৷ কলমৰ অলপ ধাৰ বাঢ়িল। কৰিমগঞ্জৰ চৰকাৰী বাসভৱনত অকলশৰীয়া ঘৰ-সংসাৰ চলাৰ লগতে এই গোটত ধাৰাবাহিকভাৱে “ঘৰ-সংসাৰ” চলিল। কোৱাৰ্টাৰৰ কেৰাহীত হেতা , হস্পিতালত ’ষ্টেথ’স্ক্প’ আৰু অ.ক.বত কলম চলি থাকিল। ’মোৰ শ্মূতিৰ গৰ্ভৰ পৰা’ শামুক, খোলাকটি,নাৰিকলৰ খোলা আদি ওলাল। ৰাইজে নিজা সুবিধামতে মোক তীখৰ, কচুগুটি আদি উপনাম দি ল’লে। যিহেতু সেই সময়খিনিত অ.ক.বত লিখা মেলা কৰাসকলৰ ভিতৰত ম‍য়েই বয়সত সৰু আছিলোঁ। কেইবাজনো ’সঙী-ভকত’ গোট খালে। ফেচবুক আদিকে ধৰি আন্তজালিকা মঞ্চবোৰত অসমীয়া ভাষাৰ প্ৰচাৰ আন্দোলনৰ সক্ৰিয় সেনানী হ’লোঁ। জনাই জানে, সেই সময়ত ৰোমান লিপিৰ বিৰুদ্ধে একপ্ৰকাৰ বিদ্ৰোহেই সূচনা হ’ল। ঠিক ’কা’ আন্দোলনৰ দৰে , কিন্তু ’ডিজিটেলী’৷ যি কি নহওক এই অভাজনৰ কান্ধত সাহিত্য ডট অৰ্গৰ ২০১২ চনৰ ফেব্ৰুৱাৰী (?) সংখ্যাৰ সম্পাদনাৰ দায়িত্ব পৰিল। কিমান কি হ’ল আজিও বিচাৰ কৰা নহ’ল, কিন্তু কাৰ্য সম্পাদন কৰা গ’ল।

 

    এইবোৰৰ মাজত প্ৰতাৰিত প্ৰেমিকজন ক’ৰবাত হেৰাই থাকিল। অলপ বুজন হ’লোঁ। সেই সময়খিনিৰ মাজতে নাটকৰ বাবে মৃনালদাই ( মাননীয় মৃনালজ্যোতি গোস্বামী, মোক নাটকৰ জগতখনলৈ অনা বাবে মোৰ গুৰু) মানুহ বিচাৰি আছিল।মই সুযোগটো এৰি নিদিলোঁ। বোলো কৰা যাওক গুৰুদেব।এইদৰে প্ৰথমবাৰৰ বাবে দিল্লী পালোঁগৈ। তাত আমাৰ অ.ক.বৰ ৰাইজক লগ পালোঁ। বহুকেইটা বছৰ নিজ কৰ্তব্যৰ মাজে মাজে নাটক কৰি থাকিলোঁ৷ ভাৰত ৰংগ মহোত্‍সৱ, বাল নাট্য উত্‍সৱ, উত্তৰ-পূৱ নাট্য উত্‍সৱ আদিৰ দৰে উত্‍সৱত নাটক কৰিলোঁ, জীৱন চলি থাকিল। মাজতে এখন চিনেমাৰ কামো কৰিলোঁ। যদিওবা সেইখনে এতিয়ালৈকে মুক্তি লাভ কৰা নাই। আকৌ মাজতে শ্ৰীলংকাত নাটক , কলম্বো আন্তঃৰাষ্ট্ৰীয় নাট্য মহোত্‍সৱত। মুঠতে জীৱন জিন্দাবাদ।

 

 হঠাতে মোৰ বদলিৰ নিৰ্দেশ আহিল। পোনে পোনে জনমভূমি শিৱসাগৰলৈ। আকৌ আইৰ ওচৰলৈ।আগ পিছ নুগুনি পোনচাটেই চুঁচৰি গুচি আহিলোঁ। নাটকৰ কাম কমিল,কলমো স্থবিৰ হ’ল।পিছে হাত ভৰি ৰৈ থকা নাই ।এইবাৰ বন্ধা কবিৰ খেতিয়ক হ’লোঁ।দিনৰ ভাগত স্বাস্থ্য কৰ্মী , পুৱা গধূলি খেতিয়ক।মাজতে আকৌ ৰৈ দিলোঁ। এনেকুৱা দিন এটাতে লগৰ এটাই লগ ধৰি মটৰ চাইকেলেৰে নি লাদাখ পোৱালেগৈ। সিও এক দীঘল কাহিনী , ’340 ফুটৰ পৰা 18380 ফুটলৈ,৷ লোকৰ অজানা ঠাইত জ্ঞান চক্ষু খোল খায় , মোৰ আকৌ লাডাখত্বহে প্ৰাপ্তি হ’ল কিজানি।মনতে এগালমান সংকল্প লৈ উভতি আহিলোঁ।তাৰ পাছতে ক’ৰণা মহামাৰী আহিল৷ নাটকৰ কামত দিল্লীলৈ যাওঁতেই হ’বলা সত্যকাম দত্তদাক লগ পাইছিলোঁ৷ তাৰ পাছতে অ.ক.বৰ প্ৰতিস্থাপক পংকজদাৰ (পংকজ বৰা) লগত গুৱাহাটীত কিবা কামত লাগি থাকোতে সত্যকামদাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ লিখিত মূল পৰীক্ষাত উত্তীৰ্ণ  হৈ সাক্ষাত্‍কাৰত অৱতীৰ্ণ হোৱাৰ খবৰটো দিছিল। পাছত এই খবৰ অসমৰ সকলোৱে পাইছিল। এই কথাটোৱে মোক লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। বাৰু সেইবোৰ বাদ। ক’ৰনাৰ মাজে মাজে প্ৰথমবাৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাও।প্ৰথম পদক্ষেপতে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হলোঁ। আত্মবিস্বাস বাঢ়িল। উস্তাদি মাৰি অসমীয়াক বিকল্প বিষয় হিচাপে বাছি ল’লো ( যিহেতু আগতে অলপ অচৰপ লিখা-মেলা কৰিছিলোঁ)৷ ক’ভিদ চেণ্টাৰ , কিতাপ, ঘৰ , খেতি সকলো চলি থাকিল।পৰীক্ষা দিলোঁগৈ।সাতে সোতৰ‍ই মিলি মূল লিখিত পৰীক্ষাত ফেইল কৰিলোঁ। মোৰ অসফলতাৰ বাবে ‘ক’ৰণা’ক সম্পূৰ্ণ দোষাৰোপ কৰি মনক সান্ত্বনা দিলোঁ। পুনৰ নতুন উদ্যমেৰে অসম লোকসেৱা আয়োগৰ 2022 চনৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিলোঁ।মনত এটাই সংকল্প, অসমীয়া বিকল্প বিষয় হিচাপে লৈ যোৱাবাৰ ফেইল কৰিলোঁ ,গতিকে অসমীয়া মাধ্যমত লিখিয়েই লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ভাবিলোঁ যোৱাবাৰৰ দৰে কেৱল মাটি ’এচা’ হাল বায়েই নুৰুও।’কঁহাম’ প্ৰথমে , তাৰ পাছত ’সমাৰি্ম’, ’ৰুৱতী চা’ বায় শেষত ’সামৰণী চা’ বায় কঠীয়া ৰুম। দৰকাৰ পৰিলে মৈও দিম৷ কথামতে কাম।’লোৰ ফলীয়া’,’ফাং ফলীয়া’ সকলো লগাই দিলো।অসমৰ ইতিহাস , ভুগোল, ৰাজনীতি আদিৰ সকলো চুক কান কোৰি পেলালোঁ৷ গংগাৰ পৰা ভল্গালৈ সাঁতুৰিলোঁ , আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্লুটু – প্ৰক্সিমা চেণ্টাউৰীলেকে দূৰবীণ লগালোঁ,মেকমোহনৰ পৰা ৰেডক্লিফলৈকে চাৰিসীমা বান্ধিলোঁ৷ অৱশেষত প্ৰাৰম্ভিক পৰীক্ষাৰ দিনটো আহিল৷ দিলোঁ, আশানুৰূপ ফলাফল। উত্তীৰ্ণ হ’লোঁ। মূল লিখিত পৰীক্ষাৰ বাবে একেধৰণে প্ৰস্তুতি অব্যাহত ৰাখিলোঁ। কাম-কিতাপ-কলম বৰাবৰ চলি থাকিল।মূল লিখিত পৰীক্ষাৰ এমাহ আগতে বাওঁভৰিৰ ঘিলাটো ভাঙি ল’লোঁ , তথাপিও উত্‍সাহ কমাই নিদিলোঁ। মূল পৰীক্ষাটো বাওঁ ভৰি মেলি বিষে কোপে দি আহিলোঁ। ৰিজাল্ট ওলাল। উত্তীৰ্ণ। স্বস্তিৰ নিস্বাস এটা এৰিলোঁ।  সাক্ষাত্‍কাৰত কিছু ভয়ে ভয়ে কিন্তু সন্তুলিত উত্তৰ প্ৰদান কৰি ৰিজাল্টলৈ বাট চাই চকু বিষালগৈ। তথাপি আয়োগে বিহু ভালকৈ খাবলৈ দি দুদিন পাছতহে ৰিজাল্টটো দিলে। অৱশেষত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ অসম গাণনিক সেৱাৰ সহকাৰী গাণনিক বিষয়া হোৱাৰ যোগ্যতা অৰ্জন কৰিলোঁ। মই অ.ক.ব. গোটত অন্তৰ্ভুক্ত হোৱাৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱালৈকে মোৰ অনুপ্ৰেৰণা আছিল এই গোটটোৰ সৈতে জড়িত বিশেষকৈ আমি লিখা মেলা কৰি থকা সময়ৰ সদস্যকল। অ.ক.বত অন্তৰ্ভুক্তি নোহোৱা হ’লে হয়তো আজি এই পৰ্য্যায়ত উপনীত হ’ব নোৱৰিলোঁহেঁতেন।বৰ্তমান ইমান সক্ৰিয় সদস্য নহয় যদিও অ.ক.বৰ উত্তৰোত্তৰ সদায় কামনা  কৰোঁ আৰু কৰি থাকিম।এই আপাহতে সকলোকে ধন্যবাদ জনালোঁ।



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!