অৰুণাচল প্ৰদেশত অসম আৰু অসমীয়া ভাষাৰ প্ৰভাৱ!

লেখক- প্ৰদীপ বৈশ্য

 মই অৰুণাচল প্ৰদেশতেই আৰম্ভ কৰা চাকৰি জীৱনৰ কাৰ্যকাল পঁচিছ বছৰৰো অধিক হ’ল। সেই সূত্ৰে অসম আৰু অসমীয়া ভাষাৰ প্ৰভাৱ ৰাজ্যখনত এতিয়াও যে বৰ্তি আছে, সেই বিষয়টোত অলপ আলোকপাত কৰাৰ চেষ্টা কৰিলোঁ। আগ্ৰহীসকলে পঢ়ি চালে ভাল পাম। 

   অৰুণাচল প্ৰদেশৰ(চমুকৈ অৰুণাচল) চিৰসেউজ পাহাৰ, বৰফেৰে আবৃত সুউচ্চ পৰ্বতমালা, গভীৰ অৰণ্য, জলপ্ৰপাত, স্ফটিকৰ দৰে উজ্জ্বলি থকা নদ-নদীৰ নিৰ্মল জলৰাশি আদিয়ে পৰ্যটকসকলক বাৰুকৈ আকৰ্ষিত কৰে। ৰাজ্যখনৰ মাটিকালি উত্তৰ পূবৰ ৰাজ্যসমূহতকৈ বেছি যদিও জনবসতিৰ ঘনত্ব অতি কম। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক পূৰ্বৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ সলনি এখন পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি দিয়া হয়। ১৯৭২ চনৰ ২০ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা পোৱাৰ আগলৈকে এই ৰাজ্যখন নেফা(নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি) বুলিয়েই জনাজাত আছিল। বৰ্তমান ২৮ খন(দুখন নতুনকৈ ঘোষিত জিলাক লৈ) সৰু-বৰ জিলাৰে গঠিত এই ৰাজ্যখনৰ পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰ ভূটান, পূৱত বাৰ্মা(ম্যানমাৰ) আৰু উত্তৰ দিশে তিব্বৰ্ত (চীনদেশ) অৱস্থিত। নেফাৰ অধীনত থকা সময়ত অসমৰ দৰে অৰুণাচলৰো শিক্ষাৰ মাধ্যম অসমীয়া ভাষাই ব্যৱহাৰ হৈছিল। অসমৰ বহু শিক্ষকে অৰুণাচলৰ অতি ভিতৰুৱা অঞ্চলত থাকি শিক্ষাপ্ৰদান কৰি এতিয়া অৱসৰ গ্ৰহণ কৰিছে। ৰাজ্যখনত শিক্ষাৰ ভেটি তৈয়াৰ কৰা সেই শিক্ষক-শিক্ষয়ত্ৰীসকলৰ কথা ইয়াৰ পুৰণি চামে এতিয়াও শ্ৰদ্ধাৰে সোঁৱৰে। অৱশ্যে আজিকালি ইয়াৰ চৰকাৰী বিদ্যালয়সমূহৰ মাধ্যম ইংৰাজী হ’ল। ইয়াত থকা ব্যৱসায়ীসকলৰ বেছিভাগেই অজনজাতীয় লোক আৰু তাৰো অধিকাংশ অসমৰেই হোৱা হেতুকে অসমীয়াও সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰে। 

কেইবাজনো অৰুণাচলী সাহিত্যিকে অসমীয়া ভাষালৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। তেওঁলোকৰ ভিতৰত লুম্বেৰ দাই, পদ্মশ্ৰীৰে সন্মানিত য়েছে দৰজে ঠংচি আদিৰ নাম বিশেষভাবে উল্লেখযোগ্য। 

অৰুণাচলৰ পুৰণি চামে অসমীয়া মাধ্যমত পঢ়া বাবে এতিয়াও অসমীয়াতেই কথা পাতে। ৰাজ্যখনত মূলত: ২৬ টাকৈ বিভিন্ন জনজাতি আছে। এটা জনজাতিৰ লোকৰ ভাষা আনটোৰ লগত নিমিলে। উদাহৰণস্বৰূপে আলঙৰ(এতিয়াৰ আলো) গালো জনজাতিৰ লগত ৰয়িঙৰ ইদু মিচিমি বা খুনচাৰ নক্টেসকলৰ ভাষা সম্পূৰ্ণ অমিল। এনে ক্ষেত্ৰত এটা জনজাতিৰ লোকে আনটো জনজাতিৰ লোকৰ লগত কথা পাতিবলৈ অসমীয়া আৰু হিন্দী ভাষা উভয়কে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে, নতুম চামে অসমীয়া ভাষাৰ সলনি হিন্দীতেই কথা-বতৰা পাতে। এনেদৰে কোৱা হিন্দীত অসমীয়া শব্দও মিহলি হৈ থকা দেখা যায়। উদাহৰণহিচাপে তেওঁলোকে কুমলীয়া, যেনে-তেনে, কোনো-মতে, লাহে-লাহে, ভাইটি, ভণ্টি আদি শব্দবোৰ সততে ব্যৱহাৰ কৰা দেখা পাওঁ। ব্যক্তিগত অনুভৱৰ পৰা কওঁ যে অৰুণাচলত অসম আৰু অসমীয়া ভাষাৰ প্ৰভাৱ এতিয়াও আছে। তলত দিয়া উদাহৰণবোৰৰ পৰা এই কথাৰ আভাস পাব: –

১) অৰুণাচল মানেই পাহাৰ-পৰ্বতেৰে ভৰা ঠাই নহয়। ইয়াৰ বহুতো ঠাই সমভূমি অঞ্চলত অৱস্থিত। ইয়াৰ ভিতৰত পাচিঘাট, ৰয়িং, তেজু, নামচাই, ডাম্বুক, পাগলাম আদি অঞ্চলৰ নাম উল্লেখ কৰিব পাৰি। পাহাৰৰ পাদদেশৰ দুখনমান জিলাত অসমৰ মিচিং, দেউৰী আদি জনজাতিৰ বহু লোক অতি পুৰণি কালৰ পৰা বাস কৰি আহিছে (অৱশ্যে এওঁলোকক অৰুণাচল চৰকাৰে জনজাতিৰ মৰ্যাদা এতিয়াও দিয়া নাই)। মিচিং লোকসকলৰ ভাষা অৰুণাচলৰ আদি ভাষাৰ লগত অলপ মিল থকা দেখা যায়। মিচিং, দেউৰী লোকসকলে অৰুণাচলৰ জনজাতি লোকসকলৰ লগত অসমীয়াতেই কথা পাতে। আদি গাভৰুই মিচিং বিহু নচা, ঠিক তেনেকৈ মিচিং গাভৰুৱে আদি জনগোষ্ঠীৰ পনুঙ নৃত্যত অংশ লোৱা নিজেই প্ৰত্যক্ষ কৰিছোঁ। তদুপৰি পূব প্ৰান্তত থকা তেজু, নামচাই, চাংলাং, খুনচা আদিৰ অৰুণাচলী লোকসকলে সম্পূৰ্ণ শুদ্ধ অসমীয়াত কথা ক’বলৈ জানে আৰু ভাষাটো বহুলভাৱে ব্যৱহাৰ কৰে। 

২) আমাৰ জাতীয় সম্পদ গামোচাখনৰো ইয়াত বৰ আদৰ আছে। এতিয়াও অৰুণাচলী পুৰুষ বা মহিলাই কোনো উৎসৱ-পাৰ্বণ নতুবা ৰাজহুৱা অনুষ্ঠানলৈ গ’লে ডিঙিত গামোচাখন পৰিধান কৰে। অসমীয়া লোকসকলে ব্যৱহাৰ কৰাৰ দৰে আনকি কোনো কোনো লোকে নিজ গাড়ীখনতো গামোচাখন আৰি লোৱা দেখা যায়। অসমীয়া কেইবাগৰাকীও প্ৰখ্যাত গায়কে অৰুণাচলৰ আদি, গালো আদি ভাষাত গীত গাই ৰাজ্যখনত জনপ্ৰিয় হৈছে। আনকি অসমীয়া গীতৰ আদি, গালো ৰূপান্তৰণ অৰুণাচলৰ জনগোষ্ঠীৰ স্থানীয় ভাষাবোৰত শুনিবলৈ পোৱা যায়। ভূপেন হাজৰিকাৰ গীতৰ লগতে আধুনিক অসমীয়া গীত, বিহু(অসমীয়া আৰু মিচিং উভয় ভাষাৰ) অৰুণাচলী মানুহে নিজৰ ঘৰৰ লগতে গাড়ীত থকা ষ্টেৰিঅ’ চিষ্টেমত প্ৰায়েই শুনা দেখা যায়। মোৰ বমডিলাত কৰ্মৰত বন্ধু টাইপোডিয়াৰ সৈতে অলপতে তেজপুৰলৈ যাওঁতে তেওঁৰ গাড়ীত থকা ষ্টেৰিঅ’ চিষ্টেমত যাত্ৰাপথৰ সময়ছোৱাত মাথোন অসমীয়া গীতকেই বজায় শুনালে। সকলোবোৰ গীতেই আধুনিক অসমীয়া গায়ক-গায়িকাৰ আছিল। এই বন্ধুজনে আনকি অসমীয়া গীত গাবও জানে। ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ অৰুণাচলৰ পূব প্ৰান্তৰ প্ৰায়বোৰ লোকৰ ঘৰত শুনা দেখা যায়। উল্লেখ্য যে, এই কেন্দ্ৰযোগে ৰাজ্যখনৰ পূব প্ৰান্তৰ কেইবাটাও জনগোষ্ঠীৰ স্থানীয় ভাষাৰ(যেনে- নক্টে, তাংচা, চিংফু, মিচিমি আদি) অনুষ্ঠানসমূহ নিয়মিতভাবে প্ৰচাৰ হয়। 

৩) দুজনমান জ্যেষ্ঠ অৰুণাচলী সহকৰ্মীয়ে নিজৰ ভাব ব্যক্ত কৰি কয় যে – পূৰণৰ নেওতাবোৰ তেওঁলোকে অসমীয়া ভাষাত শিকা বাবে সেইবোৰৰ উচ্চাৰণসমূহ বৰ ভাল পায়। ইংৰাজী ভাষাত একেই নেওতাখিনি আওৰালে হেনো তাৰ স্বৰখিনি তেওঁলোকৰ মনপুত নহয়। কথাখিনি শুনি ময়ো সহমত পোষণ কৰিলোঁ। সিদিনা মোৰ এসময়ৰ সককৰ্মী টিম্বা নামৰ টাগিন সম্প্ৰদায়ৰ বিষয়াজনে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ গৈ ইংৰাজী ফলকখন (তাত Ophathalmology Unit বুলি লিখা আছিল) দেখি চকুৰ বিভাগ বুলি সৈমান হ’ব নোৱাৰিলে। পাছত “চকু বিভাগ” বুলি অসমীয়াতে লিখা কথাখিনি দেখিহে বিভাগটো চিনি পালে। 

৪) অৰুণাচলৰ নিকটৱৰ্তী অসমৰ চহৰ যেনে- তেজপুৰ, বালিপৰা, লখিমপুৰ, চিলাপথাৰ, তিনচুকীয়া, বান্দৰদেৱা আদি ঠাইলৈ অৰুণাচলী লোকসকলে সততে আহ-যাহ কৰিবলগীয়া হয়। কিয়নো এইবোৰ ঠাইৰ পৰা খাদ্য সামগ্ৰী, কাপোৰ-কানি, নিৰ্মাণ কাৰ্য আদিত ব্যৱহৃত সকলো সামগ্ৰী অৰুণাচলৰ বিভিন্ন ঠাইলৈ পৰিবহণ হয়। উন্নত চিকিৎসাৰ বাবেও বহুতো লোকে অসমলৈ আহিবলগীয়া হয়। সেই সূত্ৰে, যিসকল অৰুণাচলী যুৱক-যুৱতী ব্যৱসায়ত ব্ৰতী হৈছে, তেওঁলোকে অসমীয়া ক’বলৈ বা শিকিবলৈ বাধ্য। যিসকল অৰুণাচলী যুৱক-যুৱতীয়ে অসমত থাকি শিক্ষাগ্ৰহণ কৰি আছে, তেওঁলোকেও সলসলীয়াকৈ নহ’লেও বুজিব পৰাকৈ অসমীয়াতে কথা ক’ব পাৰে। অলপতে গুৱাহাটীৰ এখন শ্বপিং মলত দুগৰাকী অৰুণাচলী গাভৰুয়ে শুদ্ধ অসমীয়াতে কথা-বতৰা পতা শুনি সুখী অনুভৱ কৰিছিলোঁ। 

৫) অৰুণাচলৰ কেইবাখনো পুৰণি জিলাত চাকৰি বা ব্যৱসায়ৰ সূত্ৰে থাকি যোৱা অসমীয়া লোকসকলে বহু বছৰ আগেয়ে নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ইয়াৰ ভিতৰত ইটানগৰ, নাহৰলগুণ, জিৰো, ৰয়িং, তেজু আদিৰ নামঘৰসমূহ এতিয়াও সক্ৰিয় হৈ আছে। পশ্চিম প্ৰান্তত থকা চেপাৰ দৰে দুই এটা নামঘৰ অসমীয়া লোকৰ অভাৱত অস্তিত্বৰ সংকটত পৰা বুলি শুনিবলৈ পাইছোঁ। দ্বৈত ৰাজধানী চহৰ ইটানগৰ আৰু নাহৰলগুণ দুয়োখন চহৰতে সক্ৰিয় হৈ থকা “নাহৰলগুণৰ কৃষ্টি সংঘ”ই অৰুণাচলত অসমীয়া ভাষাৰ উত্তৰণত এতিয়াও সক্ৰিয় ভূমিকা লৈ আছে। বিহু, মহাপুৰুষৰ দুজনাৰ জন্মোসৱ, তিৰোভাৱ তিথি, জন্মাস্তমী আদি এতিয়াও ৰাজধানী চহৰ দুখনত থকা অসমীয়া লোকসকলৰ লগতে বিভিন্ন জিলাত থকা নামঘৰসমূহত এতিয়াও উদ্‌যাপন কৰা হয়। 

 

সামৰণি: চুবুৰীয়া ৰাজ্যখনত অসম আৰু অসমীয়া ভাষাৰ প্ৰভাৱ ক্ৰমাম্বয়ে কমি আহিলেও এটা কথা স্বীকাৰ কৰিব লাগিব যে দুয়ো ৰাজ্যৰ অৰ্থনীতিৰ ঘনিষ্ঠ সম্বন্ধ আছে। আমাৰ ৰাজ্যখনৰ বহুতো লোক চাকৰি, ব্যৱসায়, পৰ্যটন আদিৰ সূত্ৰে অৰুণাচলত থাকিয়েই পেট প্ৰৱৰ্তাই আছে। গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষ্মীমপুৰ, তেজপুৰ আদি অঞ্চললৈ চলাচল কৰা অৰুণাচলৰ যাত্ৰীবাহী বাহনসমূহে(ইয়াৰ ভিতৰত অৰুণাচল চৰকাৰৰ যাত্ৰীবাহী বাছবোৰো আছে) অসমৰ বহুতো যুৱকক সংস্থাপন দিছে। এই বাহনবোৰে দুই ৰাজ্যৰ যোগাযোগ আৰু সম্প্ৰীতিৰ লগতে অসমীয়া ভাষাৰ সম্প্ৰসাৰণতো উল্লেখযোগ্য অৰিহণা যোগাইছে। অৰুণাচলৰ দৰে অসম চৰকাৰেও পৰিবহণ নিগমৰ চৰকাৰী বাছসেৱা অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলালৈ সম্প্ৰসাৰণ কৰাৰ যথেষ্ট থল আছে। 

  ইয়াৰ উপৰি উত্তৰ পূব ছাত্ৰ সন্থা, অসম সাহিত্য সভা আদিৰ দৰে আগশাৰীৰ অনুষ্ঠানেও দুই ৰাজ্যৰ সাহিত্য, সংস্কৃতিৰ লগতে সম্প্ৰীতিৰ ভাবধাৰা অক্ষুণ্ণ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ প্ৰয়োজন আছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!