অসম গ্ৰন্থমেলা ২০২৩-২০২৪ৰ আঁত ধৰি - এটি অনুভৱ

লেখক- ভগৱান বৰ্মন

২০২৩ চনৰ ২৯ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ৯ জানুৱাৰীলৈকে গুৱাহাটীৰ চানমাৰিৰ খেল পথাৰত “অসম গ্ৰন্থ মেলা-Assam Book Fair”অনুষ্ঠিত হৈছিল। উদ্যোক্তা আছিল যৌথভাৱে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশন সংস্থা। মেলাৰ বাকৰিত এটা বিপনীৰ সহযোগত মেলা চলি থকা দিনকেইটাত মেলাত উপস্থিত থকা সুবাদত গ্ৰন্থ মেলাখন ওচৰৰ পৰা চোৱাৰ সুযোগ পাইছিলো আৰু মেলাৰ বিষয়ে কিছু অভিজ্ঞতা সঞ্চয় কৰাৰ সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতাৰ কিয়দংশ ভাগ বতৰা কৰিব বিচাৰিছোঁ। 

অইন মেলা আৰু গ্ৰন্থমেলাৰ মাজত এক মৌলিক পাৰ্থক্য আছে। গ্ৰন্থমেলাৰ এক বিশেষ ধৰণৰ মাদকতা, গাম্ভীৰ্য আৰু আকৰ্ষণ আছে। কথা এষাৰ আছেই— “কিতাপৰ সমান বন্ধু নাই।” কিতাপ জ্ঞানৰ আধাৰ। কিতাপে আমাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। কিতাপে মানসিক খোৰাক যোগায়। কিতাপ পঢ়া অবিহনে জ্ঞান সীমিত। কিতাপৰ মেলাত একত্ৰে ভালমান কিতাপ উপলব্ধ হয়। নানা ধৰণৰ, নানা বিষয়ৰ কিতাপ একেটা ঠাইতেই নিজৰ ৰুচী আৰু পচণ্ড মতে সংগ্ৰহ কৰাৰ সুযোগ কিতাপৰ মেলাত সহজে পোৱা যায়। দেশ বিদেশৰ কিতাপো গ্ৰন্থমেলাত উপলব্ধ হয়। 

আজিৰ এই ইণ্টাৰনেট আৰু ডিজিটেল যুগত গ্ৰন্থমেলাৰ এটা অনন্য প্ৰাসংগিকতা আছে। 

এইবাৰৰ গ্ৰন্থমেলাত যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমী মানুহৰ সমাগম হয়। সন্ধিয়া মেলাৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰে। সকলো বয়সৰ উভয় লিঙ্গৰ মানুহেৰে মেলাৰ বাকৰি ভৰি পৰে। মেলাৰ বাকৰি হৈ পৰে কিতাপ কিনাৰ লগতে বন্ধু-বান্ধৱৰ মিলন স্থলী। অভিভাৱকৰ লগত কণ কণ ল’ৰা ছোৱালীবোৰো মেলালৈ গৈ কিতাপৰ লগত পৰিচয় হোৱাটো আছিল গ্ৰন্থমেলাৰ এটা ইতিবাচক দিশ। 

 

নৱযুগ প্ৰকাশনৰ বিপনী আৰু মাৰ্ক্সীয় সাহিত্যৰ আকৰ্ষণ

মেলাৰ বাকৰিত নৱযুগ প্ৰকাশনৰ এখন বিপনী আছিল। ইয়াত মাৰ্ক্সীয় সাহিত্য উপলব্ধ আছিল। এই বিপনীত যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ হৈছিল। বিশেষকৈ ড০ হীৰেন গোহাঁই ছাৰ, কবি নীলিম কুমাৰ আদিৰ দৰে উল্লেখনীয় সদাশয় ব্যক্তিয়েও নৱযুগ প্ৰকাশনৰ বিপনীত সোমাই কিতাপ চাইছিল আৰু কিনিছিল। উল্লেখনীয় কথা আছিল নৱ প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ যথেষ্ট সংখ্যকে নৱযুগ প্ৰকাশনৰ বিপনীত ভিৰ কৰিছিল আৰু বিচাৰি বিচাৰি মাৰ্ক্সীয় সাহিত্যৰ কিতাপ কিনিছিল। যিটো আছিল এটা ইতিবাচক উল্লেখনীয় দিশ। 

 

সাহিত্য-আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান

মেলাৰ বাকৰিৰ নিৰ্দিষ্ট প্ৰেক্ষাগৃহত নিতৌ সাহিত্য আলোচনা, কবি সন্মিলন, কিতাপ উন্মোচন, পুথি সমালোচনা, কুইজ আদি নানা তৰহৰ বাচক-বনীয়া অনুষ্ঠান হৈছিল। প্ৰেক্ষাগৃহ মানুহে ভৰি পৰিছিল। 

তদুপৰি নিতৌ সন্ধিয়া নানা তৰহৰ বাচক-বনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন হৈছিল আৰু অনুষ্ঠানসমূহত মানুহ ঠাহ খাই পৰিছিল। আকাশবাণী গুৱাহাটীৰ আৰু কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান আছিল অতি মনোগ্ৰাহী। কটন বিশ্ববিদ্যালয়ৰ অনুষ্ঠানৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰখাৰ যি প্ৰয়াস আছিল তাকেই তুলি ধৰি সমাজলৈ এটা ইতিবাচক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছিল। যিটোৱে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিছিল।  আকাশবাণীৰ অনুষ্ঠানেও শ্ৰোতাক মনৰ খোৰাক দিবলৈ সক্ষম হৈছিল। 

 

চেলফি পইণ্ট 

বিৰাট কলেৱৰৰ ৰংমনৰ হাতত কিতাপ তুলি দি চেলফি পইণ্ট বনোৱা হৈছিল আৰু প্ৰায় ভাগেই হেঁপাহেৰে ফটো উঠিছিল যিটো মেলাৰ বাকৰিত লক্ষণীয় বিষয় হৈ পৰিছিল। 

 

মেলাৰ আন্তঃগাঁথনি 

গ্ৰন্থমেলাৰ নিচিনা এটা অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ অনুষ্ঠান হিচাপে আন্তঃগাঁথনি আছিল অতি দুৰ্বল। বিপনীবোৰ খুব সাধাৰণ ধৰণে বনোৱা হৈছিল। বিপনীবোৰৰ ভাড়াও আছিল অত্যধিক। ১০×১০ফুটৰ এটা বিপনীৰ ভাড়া ২১০০০টকা ধাৰ্য্য কৰাটোৱেই বহুতোৰ বাবে অত্যধিক বোজাৰ কাৰণ হৈ পৰিছিল। উদ্যোক্তাসকলে এই দিশটোক ব্যৱসায়ৰ দিশেৰে বিবেচনা নকৰি জনহিতকৰ দিশেৰে চোৱা উচিত। চৰকাৰেও দিশটোৰ প্ৰতি গুৰুত্ব সহকাৰে দৃষ্টি দিয়া উচিত।

 

মেলাৰ বাকৰিত অনাময় ব্যৱস্থা

ই এটি অতি গুৰুত্বপূৰ্ণ দিশ। বাৰ দিন ধৰি মেলা চলে। লাখ লাখ মানুহৰ সমাগম হয়। কিন্তু অনাময় ব্যৱস্থা অতি পুতৌ লগা। প্ৰস্ৰাৱাগাৰ, শৌচাগাৰ পৰ্যাপ্ত নহয়। পৰিষ্কাৰ নহয়। সুচল পানীৰ ব্যৱস্থা নাই। উদ্যোক্তাসকলৰ এই দিশটোৰ প্ৰতি যেন কোনো নজৰ নাই! কোনো গুৰুত্ব নাই! 

 

সামৰণি 

বৰ্তমান ডিজিটেল যুগত, এণ্ড্ৰইড মোবাইলৰ যুগত গ্ৰন্থমেলাৰ দৰে এটা অনুষ্ঠানত লাখ লাখ গ্ৰন্থপ্ৰেমীৰ ভিৰ হোৱাটো এটা অতি ইতিবাচক কথা। সমাজলৈ য়ে এটা প্ৰেৰণাদায়ক বাৰ্তা প্ৰেৰণ কৰে। কৌটি টকাৰ হিচাপত কিতাপ বিক্ৰী হোৱাতো এটা অতি গুৰুত্বপূৰ্ণ আৰু উৎসাহজনক কথা। য়ে সমাজলৈ ইতিবাচক বাৰ্তা পঠিয়াই। মানুহৰ ব্যস্ততা বাঢ়িছে। মোবাইল ফোনে সময়ৰ সিংহভাগ আবৰি ৰাখে। তাৰ মাজতো কিতাপৰ প্ৰতি পঢ়ুৱৈৰ আস্থা কমা নাই। আকৰ্ষণ কমা নাই। বাৰদিন ধৰি মেলাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকি সেই উপলব্ধিয়েই হৈছে। কিতাপ জ্ঞানৰ ধাৰক বাহক; ইয়াৰ আদৰ থাকিবই; জ্ঞানপিপাসু মানুহে কিতাপৰ ওচৰলৈ যাবই; কিতাপ কিনিবই। কিতাপ জ্ঞানৰ উৎস হিচাপে চিৰ প্ৰৱহমান হৈ থাকিব। এই সত্য চিৰদিন অম্লান হৈ থাকিব। 





Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!