ইংৰাজ কবি জেফ্ৰী চ’চাৰ আৰু প্ৰাক শংকৰীয় কবি মাধৱ কন্দলী

লেখক- কলচুম বিবি

 আন্তৰ্জাতিক ভাষা হিচাপে স্বীকৃতি লাভ কৰা ইংৰাজী ভাষাটোৰ এটা দীঘলীয়া ইতিহাস আছে। ইংৰাজসকলৰ ঔপনিৱেশিকতাবাদ আৰু ভাষাটোৰ প্ৰতি থকা গভীৰ আনুগত্যৰ বাবেই আজি ইংৰাজী ভাষাই সংযোগী ভাষা হিচাপে গুৰুত্ব লাভ কৰিছে। একাদশ শতিকাৰ আগলৈকে ইংলেণ্ডত প্ৰাচীন ইংৰাজী ভাষা প্ৰচলন আছিল। একাদশ শতিকাত নৰ্মানসকলে আক্ৰমণ কৰি ইংলেণ্ডক নিজৰ দখললৈ নিয়ে আৰু ফৰাচী ভাষা প্ৰচলনত গুৰুত্ব দিয়ে। প্ৰাচীন ইংৰাজী ভাষাৰ সলনি ফৰাচী ভাষাটো ৰাজভাষা হিচাপে স্বীকৃতি লাভ কৰে আৰু বহুলভাৱে প্ৰচলিত হ’বলৈ ধৰে। তাৰ সমান্তৰালভাৱে ইংলেণ্ডৰ উচ্চ শ্ৰেণীৰ লোকসকলে ফৰাচী ভাষাত সাহিত্য চৰ্চা কৰিবলৈ ধৰে। যাৰ বাবে ইংৰাজী ভাষাটোৰ প্ৰচলন লাহে লাহে কমি আহি থলুৱা লোকসকলৰ মাজত স্তিমিত হৈ ৰৈ যায়। দ্বাদশ শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ ফৰাচী ভাষাই আধিপত্য বিস্তাৰ কৰিছিল, যদিও চতুৰ্দশ শতিকাৰ শেষৰফালে লাহে লাহে ইংৰাজী ভাষা পুনৰুজ্জীৱিত হ’বলৈ ধৰে। তাৰ মূলতে হৈছে ইংৰাজী ভাষাত সৃষ্টি হোৱা সাহিত্যৰাজি। আমি জানো যে ভাষা এটা বিকাশৰ মূলতে থাকে সেই ভাষাত ৰচিত লিখিত সাহিত্যৰাজি। অসমতো এদিন অসমীয়া ভাষাক এলাগী কৰা হৈছিল। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকন, মিছনেৰীসকল, জোনাকী কাকতৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰপ্ৰসাদ আগৰৱালাকে আদি কৰি বহুতৰে প্ৰচেষ্টা আৰু তেওঁলোকে ৰচনা কৰা সাহিত্যৰাজিৰ বাবে অসমীয়া ভাষাটো পুনৰ জীৱিত হৈ উঠে আৰু আজিৰ অৱস্থা লাভ কৰে। 

 চতুৰ্দশ শতিকাৰ ইংলেণ্ডত পাঁচজন কবিৰ আৱিৰ্ভাৱ হৈছিল। সেইসকল ক্ৰমে লেংলেণ্ড, ৱাইক্লিফ, গ’ৱাৰ, মেনডেভিল আৰু জেফ্ৰী চ’চাৰ। এওঁলোকক ইংৰাজী সাহিত্যত একেলগে পঞ্চ কবি বোলা হয়। ইয়াৰ ভিতৰত চ’চাৰ শ্ৰেষ্ঠ কবি। জেফ্ৰী চ’চাৰৰ আৱিৰ্ভাৱে ইংৰাজী ভাষা তথা সাহিত্যলৈ এক জোৱাৰ আনিছিল। তেওঁৰ বিখ্যাত সৃষ্টিৰাজিয়ে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰিবলৈ আন এচাম সাহিত্যিকক অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিছিল। 

জেফ্ৰী চ’চাৰৰ জন্ম হৈছিল ১৩৪৩/৪৪ খ্ৰীষ্টাব্দত লণ্ডনত আৰু মৃত্যু হৈছিল ১৪০০ খ্ৰীষ্টাব্দত। তেখেতক ইংৰাজী সাহিত্য তথা কবিতাৰ পিতৃ বুলিও কোৱা হয়। ‘ৱেষ্টমিণ্ষ্টাৰ এবি’ৰ ‘পয়েট কৰ্নাৰ’ত সমাধিস্থ কৰা তেৱেঁই প্ৰথমগৰাকী কবি। তেওঁৰ জীৱনৰ প্ৰথমভাগৰ কবিতাসমূহ ফৰাচী আৰু ইটালী সাহিত্যৰ প্ৰভাৱ পৰিছিল। ‘দ্য ৰোমাণ্ট অফ দ্য ৰ’জ’, ‘দ্য বুক অফ দ্য ডাচেচ’, ‘দ্য হাউচ অফ ফেম’ আদি কবিতাসমূহত ফৰাচী সাহিত্যৰ প্ৰতিফলন ঘটা দেখা যায়। 

জেফ্ৰী চ’চাৰ যেতিয়া ইটালীলৈ গৈছিল তেওঁ ডাণ্টে, ব’কাচিঅ’, পেট্ৰাৰ্ক আদি লেখকসকলৰ সাহিত্যৰাজিৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকৰ লেখাৰ দ্বাৰা তেওঁ বাৰুকৈয়ে প্ৰভাৱিত হৈছিল, বিশেষকৈ ডাণ্টেৰ ‘ডিভাইন কমেডি’ৰ দ্বাৰা। ‘হাউচ অফ ফেম’ত ‘ডিভাইন কমেডী’ৰ যথেষ্ট প্ৰভাৱ পৰিছে। ব’কাচিঅ’ৰ ‘II Filostrato’ ৰ আধা অনুবাদ কৰি আৰু আধা গ্ৰহণ কৰি আঠহাজাৰ শাৰীৰে ‘ট্ৰইলাচ এণ্ড ক্ৰিচিদা’ ৰচনা কৰিছিল। তেওঁৰ ‘কেণ্টাৰবেৰী টেলচ’ নামৰ সোতৰ হাজাৰ শাৰীৰে ৰচিত বিখ্যাত কবিতাটিত চতুৰ্দশ শতিকাৰ ইংলেণ্ড আৰু সমাজৰ বিভিন্ন স্তৰৰ শ্ৰেণীৰ চিত্ৰ অংকন কৰা হৈছে। ‘কেণ্টাৰবেৰী টেলচ’ৰ সাধু কথনৰ ধাৰণাতো তেওঁ ব’কাচিঅ’ৰ পৰা গ্ৰহণ কৰা। এই কবিতাটিত চ’চাৰে তেওঁৰ লগতে ২৯জন তীৰ্থযাত্ৰী আৰু ‘টাবাৰ্ড ইন’ৰ গৰাকীৰ চৰিত্ৰ অংকন কৰিছে। তেওঁলোকে কেণ্টাৰবেৰীত থকা থ’মাচ এ বেকেটৰ সমাধিলৈ যাত্ৰা কৰিবলৈ ‘টাবাৰ্ড ইন’ত গোট খাইছিল। তাতে তেওঁলোকে সিদ্ধান্ত লৈছিল যে তীৰ্থযাত্ৰাৰ একঘেয়ামীৰ পৰা সকাহ পাবলৈ যাওঁতে দুটা আৰু উভতি আহোঁতে দুটাকৈ সাধু ক’ব। তেওঁ এশটাৰো অধিক সাধুৰ লক্ষ্য বান্ধি লৈছিল, যদিও বিশটাহে সমাপ্ত কৰিব পাৰিলে আৰু চাৰিটা আধৰুৱা হৈ থাকিল। ইয়াৰ ভিতৰত দুটা গদ্যত ৰচিত সাধু আছিল। তাৰে এটা তেওঁৰ নিজৰ আনটো পাৰ্ছন নামৰ চৰিত্ৰটিৰ। এই সাধুসমূহ সেইসময়ত কেণ্টাৰবেৰীৰ লোকসমাজত মৌখিক ৰূপত প্ৰচলিত হৈ আছিল। 

 চ’চাৰৰ সময়ত ইংলেণ্ডত চাৰিটা উপভাষা প্ৰচলিত আছিল। ইয়াৰ ভিতৰত চ’চাৰে ইষ্ট মিডল্যাণ্ড ডায়েলেক্ট বাছনি কৰিছিল, যিটো লণ্ডনৰ কথিত ভাষা আছিল। কালক্ৰমত এই ইষ্ট মিডল্যাণ্ড ডায়েলেক্টেই মান্য ৰূপ পায়, আৰু আধুনিক ইংৰাজী ভাষালৈ ৰূপান্তৰিত হয়। 

 সুদূৰ ইংলেণ্ডত জেফ্ৰী চ’চাৰে সাহিত্য চৰ্চা কৰি থকা সময়তে, অসমতো তেওঁৰ দৰে এগৰাকী কবিয়ে সাহিত্য চৰ্চা কৰি লোকসমাজত জনপ্ৰিয় হৈছিল। তেওঁ হৈছে মাধৱ কন্দলী। মাধৱ কন্দলীৰ হাতত প্ৰথম অসমীয়া লিখিত সাহিত্য তথা অনুবাদ সাহিত্য বিকশিত হৈছিল। তেওঁৰ যুগটোক অসমীয়া লিখিত কবিতা তথা সাহিত্যৰ উদ্ভৱৰ যুগ বুলি কোৱা হয়। এইগৰাকী প্ৰাকশংকৰীয় যুগৰ কবিৰ জন্ম ১২৯৯ খ্ৰীষ্টাব্দৰ পৰা ১৩২৯ খ্ৰীষ্টাব্দৰ ভিতৰত হৈছিল বুলি অনুমান কৰা হয়। তেখেতক লোকসমাজে ‘কবিৰাজ’, শংকৰদেৱে অপ্ৰমাদী কবি আৰু ‘আদি কবি’ বুলি স্বীকৃতি দিছিল। বিশিষ্ট সমালোচক শশী শৰ্মাই ‘পহিলা কবি’ বুলি অভিহিত কৰাৰ লগতে ‘প্ৰাকশংকৰী’ যুগটোক তেওঁৰ নামেৰে ‘কন্দলি যুগ’ বুলি নামকৰণ কৰি তেখেতক এক বিশেষ স্থানত উপৱিষ্ট কৰিছে। প্ৰাকশংকৰী যুগত মাধৱ কন্দলিৰ লগতে আন চাৰিজন কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলি, কবিৰত্ন সৰস্বতীয়ে সাহিত্য চৰ্চা কৰিছিল। মাধৱ কন্দলি এওঁলোকৰ ভিতৰত শ্ৰেষ্ঠ। শংকৰদেৱ, মাধৱদেৱৰ লগতে অনন্ত কন্দলি, ৰঘুনাথ মহন্ত আদি কবিসকলৰ সাহিত্যৰাজি মাধৱ কন্দলীৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষকতাতে বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। তেখেতৰ ৰামায়ণখন উত্তৰ-পূব ভাৰতৰ প্ৰান্তীয় ভাষাৰ ভিতৰতেই প্ৰথম অনূদিত ৰামায়ণ। তেওঁৰ ৰচিত ৰামায়ণখনত আদি আৰু উত্তৰকাণ্ড বিচাৰি নোপোৱাত মাধৱদেৱ আৰু শংকৰদেৱে দুয়োটা কাণ্ড ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণখন সম্পূৰ্ণ কৰিছিল। মাধৱ কন্দলীৰ নামত ৰামায়ণখনৰ বাহিৰে ‘দেৱজিত’ নামৰ কাব্য এখন প্ৰচলিত আছে, যদিও সেইখনৰ ৰচনাশৈলীৰ বাবে বহুতে ৰচক মাধৱ কন্দলী নহয় বুলি কব খোজে। জেফ্ৰী চ’চাৰক ‘কেণ্টাৰবেৰী টেলচ’ এ ইংৰাজী সাহিত্যত এক সুকীয়া আসন প্ৰদান কৰাৰ দৰে বাল্মিকীৰ ৰামায়ণখনে মাধৱ কন্দলীক অসমীয়া সাহিত্যত প্ৰতিষ্ঠিত কৰিছিল। 

জেফ্ৰী চ’চাৰ আৰু মাধৱ কন্দলীৰ জন্ম দুখন ভিন্ন মহাদেশত হৈছিল। এগৰাকী আছিল পশ্চিমৰ আৰু আনগৰাকীৰ পূবৰ। দুয়োৰে মাজত ভৌগোলিক অৱস্থানৰ পাৰ্থক্য আছিল, যদিও বহুক্ষেত্ৰত সাদৃশ্য আছিল। অসমীয়া সাহিত্যত মাধৱ কন্দলীৰ সময়ছোৱাক যিদৰে ‘কন্দলী যুগ’ বোলা হয়, ঠিক তেনেদৰে জেফ্ৰী চ’চাৰৰ সময়ছোৱাক ‘চ’চাৰ যুগ’ বুলি কোৱা হয়। জেফ্ৰী চ’চাৰ ইংৰাজী লিখিত সাহিত্যৰ আদি কবি আছিল, তেওঁ ৰাজপৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰাৰ লগতে ৰাজকাৰ্যত অংশগ্ৰহণ কৰিছিল। অনুবাদৰ লগতে মৌলিক সাহিত্য ৰচনা কৰিছিল। মাধৱ কন্দলীও অসমীয়া লিখিত সাহিত্যৰ আদি কবি আছিল আৰু তেৱোঁ ৰাজপৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ অনুবাদ সম্পূৰ্ণ মৌলিক আছিল। তেওঁ বাল্মীকি ৰামায়ণৰ সাৰ গ্ৰহণ কৰি কাহিনীভাগ থলুৱা ভাষাত ৰচনা কৰিছিল, যিয়ে অসমৰ কথিত ভাষাক কাব্যৰ ভাষা হিচাপে প্ৰতিষ্ঠিত কৰিলে। চৰিত্ৰ আৰু পৰিবেশৰ উপস্থাপনত থলুৱা লোকসমাজখন প্ৰতিফলিত হোৱা দেখা যায়। আনকি ভাষা ব্যৱহাৰৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁ অসমীয়া জতুৱা-ঠাঁচ, প্ৰবাদ প্ৰবচন, অসমীয়া লোকোক্তি, যোজনা-পটন্তৰ আদিৰ সুব্যৱহাৰ কৰিছিল। তেওঁ তৎসম শব্দৰ লগতে তদ্ভৱ, অৰ্দ্ধ-তৎসম আৰু দেশী শব্দৰ বৰ সুন্দৰকৈ ব্যৱহাৰ কৰিছে। সাধাৰণ লোকে বুজিব পৰাকৈ অতি সহজ সৰল ৰূপত বাল্মিকীৰ ৰামায়ণখন সংস্কৃতৰ পৰা অনুবাদ কৰিছিল। ৰাম আৰু সীতাক গাঁৱলীয়া যুৱক-যুৱতীৰ ৰূপত চিত্ৰিত কৰিছে। তেওঁৰ পৰৱৰ্তী কবিসকলেও তেওঁৰ এই ভাষা-শৈলীকে গ্ৰহণ কৰিছিল। মাধৱ কন্দলী বিৰচিত ৰামায়ণখন অধ্যয়ন কৰিলে অৰ্থালংকাৰ, শব্দালংকাৰ আদি প্ৰয়োগৰ ক্ষেত্ৰত যে তেওঁ বৰ সচেতন আৰু পাকৈত আছিল সেই কথা কব বুজিব পাৰি। ৰূপক, উপমা, উৎপ্ৰেক্ষা আদিৰ লগতে তেওঁ দুলড়ী, ছবি আৰু ঝুমুৰী ছন্দ ব্যৱহাৰ কৰিছিল। চতুৰ্দশ শতিকাৰ অসমীয়া সমাজখনৰ বহুখিনি তেওঁৰ ৰচনাত প্ৰতিফলিত হোৱা দেখা যায়। সমসাময়িক অসমীয়া সমাজত প্ৰচলিত বৰ্ণ, উপবৰ্ণ, বৃত্তি আদিৰ বিষয়ে জনাৰ লগতে ক্ষত্ৰীয়, বৈশ্য, কায়স্থ, নট-ভাট, তেলী, তান্তী, বনিয়া, চমাৰ, কমাৰ, সূতাৰ, ধোৱা, কুম্ভকাৰ, চণ্ডাল আদিৰ কথা উল্লেখ কৰা দেখা যায়। অসমৰ কৃষিভিত্তিক সমাজখন প্ৰতিফলিত হোৱাৰ লগতে অসমীয়া হিন্দু সমাজত প্ৰচলিত কিছু ৰীতি-নীতিৰ বৰ্ণনা দাঙি ধৰিছে। ইয়াৰ লগতে ধৰ্মৰ আভাস দিয়াৰ লগতে লোকাচাৰ, লোকবিশ্বাসৰ লগতে খেল-ধেমালি, আ-অলংকাৰ, উৎসৱ-পাৰ্বন আদিৰ বিৱৰণো পোৱা যায়। 

একেদৰে ইংৰাজ কবি জেফ্ৰী চ’চাৰৰ লেখাত মধ্যযুগৰ ইংলেণ্ডৰ সমসাময়িক সমাজখন প্ৰতিফলিত হোৱা দেখা যায়। তেওঁৰ উল্লেখযোগ্য কবিতা ‘কেণ্টাৰবেৰী টেলচ’ত গাঁৱলীয়া ছবি এখন পোৱা যায়। কবিতাটোত অংকন কৰা প্ৰতিটো চৰিত্ৰ লোকসমাজৰ পৰা লোৱা, যিয়ে সমাজৰ বিভিন্ন শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছিল। চ’চাৰে ৰোমাঞ্চ, এলিগৰী, বেলাড বা মালিতা আদি ইংৰাজী সাহিত্যত নতুনকৈ পৰিচয় কৰাই দিছিল। অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰত চ’চাৰৰ কৌশল মনকৰিবলগীয়া। তেওঁৰ প্ৰায়বোৰ লেখাত স্বপ্ন দৰ্শন কৌশল ব্যৱহাৰ কৰিছিল। তেৱেঁই ইংৰাজী সাহিত্যত পোন প্ৰথমবাৰৰ বাবে ‘ৰাইম ৰয়েল’ নামৰ সাত শাৰীৰ স্তৱক আৰু ‘হেৰয়িক কাপলেট’ বা ‘বীৰ দোহা’, ‘পঞ্চপদী কাব্য’ উদ্ভাৱন কৰিছিল। তেওঁক ইংৰাজী ‘বীৰ দোহা’(Heroic couplet) ৰ জনক বুলি কোৱা হয়। 

যিটো সময়ত ইংলেণ্ডত ফৰাচী ভাষাৰ আধিপত্য আছিল, সেই সময়ত চ’চাৰে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰি ইংৰাজী ভাষাটোক ফৰাচী ভাষাৰ সমানে সাহিত্য চৰ্চাৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰিছিল, যাৰ বাবে জেফ্ৰী চ’চাৰৰ অৱদান আজিও লেখত লবলগীয়া। ঠিক তেনেকৈ মাধৱ কন্দলীয়েও থলুৱা ভাষাত সাহিত্য চৰ্চা কৰি আধুনিক অসমীয়া ভাষা তথা সাহিত্যৰ বাটকটীয়া হৈ পৰিছিল। তেওঁৰ অনূদিত ‘ৰামায়ণ’ৰ পৰাহে অসমীয়া লিখিত সাহিত্যৰ বুৰঞ্জী আৰম্ভ হৈছিল। সেইবাবে তেওঁ অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য কবি। 

তথ্যঃ ১। অসমীয়া সাহিত্যৰ ৰূপৰেখা-মহেশ্বৰ নেওগ

২। স্ব-মূল্যায়ন সামগ্ৰী(অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু English Poetry)-কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

৩। English Literature- William J. Long

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!