হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞানৰ কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি? -

লেখক- বুলজিৎ বুঢ়াগোহাঁই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সাধাৰণতে প্ৰায়বোৰ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভৰ্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্ৰহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে। কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্ৰমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থীসকলে যদি কেৰিয়াৰ নিৰ্বাচন কৰি ল’ব পাৰে, তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে আগুৱাই যাব পাৰিব। এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব। ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি, যেনে – বাস্তৱধৰ্মী (Realistic), অনুসন্ধানী (Investigative), শৈল্পিক (Artistic), সামাজিক (Social), উদ্যমী (Enterprising), গতানুগতিক (Conventional) ব্যক্তিত্ব আদি। ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ সহায়ো ল’ব পাৰে। 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্ৰেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে। 

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত কি কি পঢ়িব পাৰি: সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্ৰম। 

স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল – স্নাতকোত্তৰ (এম.এচ.ছি.) আৰু পি.এইচ.ডি.। 

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ Combined Competitive Examination পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা(Civil Services Examinations), বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। 

ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। 

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই., বি.আৰ্ক, এম.বি.বি.এছ., বি.ফাৰ্ম, বি.এছ.চি. নাৰ্ছিং, আয়ুৰ্বেদিক, হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ, কৃষি, মীন, গাৰ্হস্থ্যবিজ্ঞানৰ, ৰেচমবিদ্যা, উদ্যান শস্য স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। 

‘গণিত’ৰ শিক্ষা গ্ৰহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল – চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট; ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান; টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ; দি ইনষ্টিটিউট অৱ মেথেমেটিকেল ছায়েন্স ; ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এডোকেচন এণ্ড ৰিচাৰ্চ আদি। 

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পাছত শিক্ষাৰ্থীসকলে ‘ফৰেনছিক ছায়েন্স’ৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব বাবে শিক্ষাৰ্থীসকলে সাধাৰণতে পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান(Chemistry), প্ৰাণীবিজ্ঞান (Zoology), উদ্ভিদ বিজ্ঞান(Botany), জৈৱৰসায়ন (Biochemistry), মাইক্ৰ’বায়’লজী (Microbiology), বি.ফাৰ্ম.(B. Pharm.), এম.বি.বি.এছ. (M.B.B.S.), বি.ডি.এছ. (B.D.S.), প্ৰায়োগিক বিজ্ঞান (Applied Science) আদি বিষয়ত প্ৰথম বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰিও ‘ফৰেনছিক ছায়েন্স’ত চাৰ্টিফিকেট, ডিপ্লমা, এম.ফিল., পি.এইচ.ডি. আদি পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে। 

সমুদ্ৰ বিজ্ঞান(Oceanography)ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব বাবে শিক্ষাৰ্থীসকলে সাধাৰণতে প্ৰাণী বিজ্ঞান (Zoology), উদ্ভিদ বিজ্ঞান (Botany), ৰসায়ন বিজ্ঞান (Chemistry), কৃষি বিজ্ঞান (Agriculture), মীন বিজ্ঞান (Fishery Science), Earth Science, পদাৰ্থ বিজ্ঞান ( Physics), মাইক্ৰ’বায়’লজী (Microbiology), প্ৰায়োগিক বিজ্ঞান (Applied Sciences) আদি বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। 

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান( আই আই এছ ই আৰ) সমূহে চাৰি বছৰীয়া বি এছ প্ৰগ্ৰেম আৰু পাঁচ বছৰীয়া বি এছ- এম এছ দ্বৈত ডিগ্ৰী প্ৰগ্ৰেম আগবঢায় আৰু বিষয়বোৰ হৈছে – জৈৱ বিজ্ঞান (Biological Sciences); ৰসায়নিক বিজ্ঞান(Chemical Sciences); পৃথিৱী আৰু জলবায়ু বিজ্ঞান/পৃথিৱী আৰু পৰিৱেশ বিজ্ঞান(Earth & Climate Sciences/Earth & Environmental Sciences); অৰ্থনৈতিক বিজ্ঞান(Economic Sciences); অভিযান্ত্ৰিক বিজ্ঞান (ৰসায়নিক অভিযান্ত্ৰিকী, তথ্য বিজ্ঞান আৰু অভিযান্ত্ৰিকী, বৈদ্যুতিক অভিযান্ত্ৰিকী আৰু কম্পিউটাৰ বিজ্ঞান)( Engineering Sciences (Chemical Engineering, Data Science & Engineering, Electrical Engineering & Computer Science)); ভূতাত্ত্বিক বিজ্ঞান(Geological Sciences); সংহত আৰু আন্তঃশাখা বিজ্ঞান (জৈৱ বিজ্ঞান, ৰসায়নিক বিজ্ঞান, তথ্য বিজ্ঞান, গাণিতিক বিজ্ঞান, ভৌতিক বিজ্ঞান)( Integrated & Interdisciplinary Sciences (Biological Sciences, Chemical Sciences, Data Sciences, Mathematical Sciences, Physical Sciences)); গাণিতিক বিজ্ঞান(Mathematical Sciences) আৰু ভৌতিক বিজ্ঞান (Physical Sciences)। 

পিএইচডি যাক Doctor of Philosophy (ডক্তৰ অৱ ফিলোচফি) বুলিও কোৱা হয় সেইটো হৈছে এক গৱেষণা কাৰ্যসূচী যাক সাধাৰণতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত অধ্যয়ন কৰে। পিএইচডি কাৰ্যসূচীবোৰ প্ৰায়ে পাঠ্যক্ৰমৰ কামৰ (coursework) পৰ্যায়ৰ সৈতে আৰম্ভ হয়। এই পাঠ্যক্ৰমৰ কামে এজন শিক্ষাৰ্থীৰ প্ৰয়োজনীয় বিশেষ বিষয় আৰু গৱেষণা দক্ষতা সক্ৰিয় কৰাৰ বাবে জ্ঞান প্ৰদান কৰে। এই পাঠ্যক্ৰমৰ কামৰ উপাদানটো সাধাৰণতে এটা বছৰত সম্পূৰ্ণ হ’ব লাগে। (এইটো কম হ’ব পাৰে যদি শিক্ষাৰ্থীৰ ইতিমধ্যে প্ৰাসঙ্গিক শিক্ষাগত অৰ্হতা আৰু প্ৰশিক্ষণ আছে স্নাতকোত্তৰ স্তৰত)। ইয়াৰ পিছত শিক্ষাৰ্থীয়ে গৱেষণাৰৰ প্ৰকল্পৰ এটা সাৰাংশ প্ৰস্তুত কৰিব লাগে আৰু শিক্ষাৰ্থীগৰাকীক গৱেষণা নিৰ্দেশনা কৰিবলৈ এজন উপযুক্ত চুপাৰভাইজাৰ নিয়োগ কৰা হয়। সাধাৰণতে পিএইচডি অধ্যয়নত তিনি বছৰ অতিবাহিত কৰিব পাৰে কিন্তু কিছুমান বিশ্ববিদ্যালয়ই পিএইচডি অধ্যয়নৰ বাবে সৰ্বাধিক পঞ্জীয়ন ম্যাদ নিৰ্ধাৰণ কৰি দিয়ে। এই পিএইচডি পাঠ্যক্ৰম দুটা পদ্ধতিৰ দ্বাৰা কৰিব পাৰে, যেনে – পূৰ্ণকালীন (Full time) আৰু অংশকালীন (Part time)। পিএইচডি নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সাধাৰণতে যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে। কিন্তু Integrated PhD পাঠ্যক্ৰমৰ বাবে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। পিএইচডি পাঠ্যক্ৰম নাম ভৰ্তি প্ৰক্ৰিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সাধাৰণতে শিক্ষানুষ্ঠানবোৰে পিএইচডি পাঠ্যক্ৰমৰ বাবে প্ৰৱেশ পৰীক্ষা আয়োজন কৰে। পিএইচডি প্ৰৱেশ পৰীক্ষাত সাধাৰণতে দুটা অংশ থাকে। এটা অংশত- গৱেষণা দক্ষতা (গৱেষণা দক্ষতাত যুক্তিগত যুক্তি, সংখ্যাগত ক্ষমতা আৰু ভাষা দক্ষতাৰ প্ৰশ্ন থাকে) আৰু আনটো অংশত- বিষয় নিৰ্দিষ্ট (নিৰ্দিষ্ট বিষয়টোত কাৰিকৰী প্ৰশ্ন থাকে)। শিক্ষাৰ্থীসকলে GATE, CEED, CSIR-NET(JRF), UGC-NET আদি পৰীক্ষাত উত্তীৰ্ণ হৈ পিএইচডি পাঠ্যক্ৰম নাম ভৰ্তি কৰিলে জলপানি (scholarship) লাভ কৰিব। 

অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ Combined Competitive Examination পৰীক্ষা যোগেদি Assam Civil Service (Jr.Grade), Assam Police Service(Jr.Grade), Labour Officer, Superintendent of Taxes, Superintendent of Excise, District Transport Officer, Assam Finance Service (Jr. Grade II), Block Development Officer, Inspector of Taxes, Inspector of Labour, Inspector of Excise, Assistant Employment Officer, Sub Registrar, Assistant Audit Officer (Assam Audit Service), Assistant Accounts Officer (Assam Accounts Service) আদি পদৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰে। 

বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নিম্নতম অৰ্হতা সম্পন্ন স্নাতকসকলে আৱেদন কৰিব পাৰে। 

বেংক কেৰাণীৰ বাবেও যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নিম্নতম অৰ্হতা সম্পন্ন স্নাতকসকলে আৱেদন কৰিব পাৰে। 

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাসকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে। পেৰামেডিকেল পাঠ্যক্ৰমৰ বিভিন্ন বিভাগত ডিপ্ল’মা শিক্ষা গ্ৰহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল: ১। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, ডিব্ৰুগড়; ২। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, গুৱাহাটী। ; ৩। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, শিলচৰ; ৪। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট ; ৫। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, বৰপেটা। ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত পেৰামেডিকেলৰ বিভিন্ন বিভাগত অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসমৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইটত চাব পাৰে। 

কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা, ভাৰতীয় বন সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা, সংযুক্ত প্ৰতিৰক্ষা সেৱাৰ পৰীক্ষা, সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা ; ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা, সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষা, ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘চি’ আৰু ‘ডি’ পৰীক্ষা, কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি) পৰীক্ষা, দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পৰীক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি), এছ এছ এফ, অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত চিপাহী পৰীক্ষা, কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদক পৰীক্ষা, মাল্টি টাস্কিং (নন-টেকনিকেল) ষ্টাফ আৰু হাভালদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা ; বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউ জি চি)’ পৰিচালনা কৰা ৰাষ্ট্ৰীয় যোগ্যতা বাছনি পৰীক্ষা ; বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সংযুক্ত প্ৰশাসনিক সেৱা পৰীক্ষা ; কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (চিটিইটি); অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ; বিভিন্ন মণ্ডলৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডে বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, বেংকিং খণ্ড আৰু অন্যান্য ইঞ্চিউৰেঞ্চ কোম্পানীৰ পৰীক্ষা বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, মেনেজমেণ্ট টেষ্ট (এম.এ.টি., চি.এ.টি. আদি), গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং(জি.এ.টি.ই.), লগতে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (এনইইটি), যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইই) আদি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বিজ্ঞাপন ৱেবছাইট লগতে বাতৰি কাকত/আলোচনীত প্ৰকাশ হয়। শিক্ষাৰ্থীসকলেবিজ্ঞাপনৰ প্ৰতিটো শব্দ প্ৰথমৰ পৰা শেষৰলৈকে পঢ়িব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ শেহতীয়া তথ্যৰ বাবে অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব। 

প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতেশিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্ৰী সংগ্ৰহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে। শিক্ষাৰ্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। এই অভ্যাস পৰিহাৰ কৰিব লাগে। পাঠ্যপুথিৰ প্ৰতিটো শাৰী পঢ়িব লাগিব, ধাৰণাসমূহ বুজি ল’ব লাগিব আৰু মুখস্থ কৰিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ কোচিং লোৱাটো প্ৰয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায়। কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কোচিং ল’বই লাগিব বুলি কোনো কথা নাই। শিক্ষাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্ৰশ্নকাকত সমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব। 

ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষাৰ্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব। শিক্ষাৰ্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিলেও উপকৃত হ’ব। 

ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। মক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্ৰত্যাহ্বানজনক। শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে। 

এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কিছুমানত সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয়। সাধাৰণ জ্ঞান দুই প্ৰকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্ৰসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্ৰতিক ঘটনা প্ৰবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। তদুপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), গাণিতিক সক্ষমতা (Mathematical ability), বিচাৰ-বুদ্ধিৰ সক্ষমতা (Reasoning), ভাষা বুজা (Language Comprehension), মৌখিক সক্ষমতা (Verbal Ability), পৰিমাণগত সক্ষমতা(Quantitative ability), বিশ্লেষণাত্মক দক্ষতা(Analytical Skills) আদি বিষয়সমূহৰ অনুশীলনো কৰাটো দৰকাৰ। প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে। গতিকে শিক্ষাৰ্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে। শিক্ষাৰ্থীসকলে দীঘলীয়া সময়ৰ প্ৰস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে এই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব। 

ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি প্ৰদান কৰা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে নিজা “ৱেবছাইট”ত প্ৰচাৰ কৰা বৃত্তি সমূহৰ সবিশেষ খবৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাখিব লাগে। বৃত্তিপ্ৰাপ্ত সকলৰ বিষয়ে বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ কৰা হয়। তেনে ব্যক্তি ছাত্ৰ-ছাত্ৰীসকলে ব্যক্তিগত ভাৱে সাক্ষাৎ কৰিলেও বিশেষ ভাবে লাভৱান্বিত হ’ব। ইয়াৰোপৰি, সম্পূৰ্ণ আৰু শুদ্ধ তথ্য লাভৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্ৰছপেক্টাছ(prospectus) সমূহো ভালদৰে পঢ়ি চাব লাগে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!