কেনভাচৰ বসন্ত

লেখক- তৃপ্তি বৰা

সৰু কোঠাটো, বিচনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰপৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি। তাৰপাছত গোটেইখন আন্ধাৰ হৈ পৰে। কেতিয়াবা জোনৰ পোহৰ অকণমান দেখোঁ, পিছে খিৰিকীৰ চাৰিকোণীয়া ফ্ৰেমৰ আকাশটুকুৰাই জোনটোক সামৰি ল’বলৈ সক্ষম নহয়গৈ। যদিওবা হয় মই আজিলৈ মনেই কৰা নাই। কিমান চাম একেখিনি দৃশ্যকেই! মোৰ দৃষ্টিৰ দৰেই মোৰ মনৰ আকাশখনতো এটা পৰিসীমাই গঢ় লৈছে ইতিমধ্যে। সেয়া চাৰিকোণীয়া, বৃত্তাকাৰ, অৰ্ধবৃত্তাকাৰ নে ত্ৰিভুজাকাৰ নাজানো। মাথোঁ এটা কথা ধুৰূপ, সেয়া খিৰিকিৰ আকাৰতকৈও ঠেক হৈ পৰিছে। ৰং তুলিকাৰে জীৱনক সজাই ভালপোৱা মোৰ আজিকালি হাতত ৰঙৰ প্লেটখন তুলি ল’বলৈ সাহস নহয়। উকা কেনভাছখনে মোলৈ আকুলতাৰে চাই থাকে। কান্দে নে মাতে নাজানো! ৰংবিহীন মানুহজনীয়ে ক’ৰপৰা সানো কেনভাছত ৰং! 

 এসময়ত ৰং মোৰ জীৱনতো আছিল। অথচ মই নিজহাতেৰেই ৰংবোৰ এদিন মচি পেলাইছিলোঁ। মিঠা সুৰ এটি হৈ মোৰ জীৱনটোক সজাই ৰখা সান্নিধ্যক মই এদিন স্ব-ইচ্ছাৰে আঁতৰাই পঠিয়াইছিলো। তাঁৰ চিগা ভায়োলিন এখনৰ দৰেই পৰি ৰৈছিল বুকুৰ একোণত মোৰ সকলো হেঁপাহ। 

 ভিতৰি মই টুকুৰা-টুকুৰ হৈ পৰিছোঁ। যেতিয়াই সান্নিধ্যৰ সৈতে অচিনাকি মুখখনৰ কইনাসাজৰ ছবিখন মোৰ চকুৰ আগত ভাঁহি উঠে, কেৰাহীৰ ভকভকাই থকা তপত তেলত জীয়ামাছে চটফটোৱাৰ মোৰ কলিজাখনেও ধৰফৰাই উঠে। দুখ, যন্ত্ৰণা, ক্ষোভ এই সকলোৰে মিশ্ৰিত অনুভৱে মোক পিহি থাকিলেও অনুতাপৰ জুয়ে পিছে মোক কেতিয়াও কোনো পলতে দগ্ধ কৰা নাই। “কুশলে থাকা সান্নিধ্য “— নিঃসংগতাই নেফানেফ কৰি পেলোৱাৰ মূহূৰ্ততো প্ৰাৰ্থনাৰ দৰে মই মাথোঁ এই কথাকে আওৰাই থাকোঁ। 

 “মোক অকণমান দয়া কৰা ৰুদ্ৰাণী! তুমিহীনতাই মোক মাৰি পেলাব। মই জীয়াই থাকিব নোৱাৰিম।” 

”কোনো কাৰো অবিহনে মৰিব নোৱাৰে সান্নিধ্য। তুমিও জীয়াই থাকিবা, ময়ো থাকিম।” 

 গম্ভীৰ মাতেৰে মই সেইদিনা সান্নিধ্যক এটা গোকাট মিছা কথা কৈছিলোঁ। মই জানো সান্নিধ্য অবিহনে মই প্ৰতিদিনেই মৰিম। আচলতে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ বুলি কোৱা মানুহবোৰে সঁচা কথাই কয়। ক্ৰমশঃ মৰি অহা মানুহবোৰে সেয়ে হয়তো বিচাৰে কৰুণ সুৰ( একো নথকাতকৈ) এটা হ’লেও বুকুৰ ভিতৰত ৰিৰিয়াই বাজি থাকক। শুকান হৈ পৰা চকুযুৰি তিয়াব পৰাকৈ অকণমান অশ্ৰু হৈয়েই কোনোবা থাকক। বুকুৰ শুকান মৰুভূমিত সাগৰফেণা হৈ কোনোবা ফুলি থাকক অথবা স্মৃতিৰ তলসৰা বকুল এপাহৰ সুবাস এধানমান হৈয়েই কোনোবা বিয়পি থাকক। 

 চিত্ৰ প্ৰদৰ্শনী এখনতেই প্ৰথম দেখা হৈছিল সান্নিধ্যৰ সৈতে। মই আঁকি থকা ছবি এখনৰ ভায়’লিন বজাই থকা যুৱকজনৰ কৰুণ চকুযুৰিৰ সৈতে যেন সান্নিধ্যৰ চকুদুটিৰ কোনোবাখিনিত সাদৃশ্য আছিল। তেওঁলৈ মোৰ আগ্ৰহ বাঢ়িছিল। আমি ঘনিষ্ঠ হৈ পৰিছিলোঁ। এদিন আৱিষ্কাৰ কৰিছিলোঁ সান্নিধ্যই সঁচাকৈয়ে বৰ ভাল ভায়োলিন বজায়, তেওঁৰ কণ্ঠও বৰ সুন্দৰ। 

” মিউজিকৰ উপৰিও মই কিবাকৈ থাকিব পৰাকৈ তোমাৰ বুকুত ঠাই অকণমান হ’ব নেকি? বেছি নালাগে তুমি নিৰ্ধাৰণ কৰি দিয়া ঠাইটুকুৰাই মোৰ বাবে যথেষ্ট হ’ব।” — ধেমালিৰ চলেৰে এদিন তেওঁক মনৰ কথাষাৰ কৈ পেলাইছিলোঁ। 

 অকণমান ঠাই কিয়? বুকুৰ গোটেইকেইটা কোঠালিয়েই তোমাৰ। তুমি সাতোৰঙেৰে সজাই তুলিবা আৰু মই সপ্তস্বৰেৰে ছন্দময় কৰি তুলিম।” 

 স্বভাৱসুলভ হাঁহিটিৰে তেওঁ কৈ উঠিছিল। 

 ভালপোৱাৰ সাতো ৰং আৰু সাতো সুৰেৰে জীৱনটো ৰঙীণ আৰু ছন্দময় হৈ পৰাৰ সময়তে সকলোবোৰ খেলিমেলি কৰি পেলাইছিল এখন ছবিয়ে। মই নিজহাতেৰে অঁকা এখন ছবি। কিয় আঁকিছিলোঁ, কিহৰ তাড়নাই মোক ছবিখন আঁকিবলৈ বাধ্য কৰাইছিল নাজানো। ইমান পৰিপূৰ্ণ জীৱন এটা মোৰ হাতৰ মুঠিত থকাৰ পাছতো কেনেবাকৈ মই মৃত্যুকাতৰ হৈছিলোঁ নেকি বাৰু! কিহৰ আহ্বানত মই আঁকিবলৈ বাধ্য হৈছিলোঁ মৃত্যু যন্ত্ৰণাত চটফটাই থকা চিপজৰী লোৱা যুৱকৰ ছবি! কাহানিও আঁকিম বুলি নভবা অদ্ভুত ছবিখন আঁকি উঠাৰ পাছতেই মোৰ ফোনটোৱে কঢ়িয়াই আনিছিল ভয়ংকৰ খবৰটো, বাল্যবন্ধু বৰ্ণিলৰ আত্মহত্যাৰ খবৰ। শোৱা কোঠাৰ চিলিং ফেনত ওলমি আছিল বৰ্ণিল। জীৱনক সদায় ধনাত্মক দৃষ্টিৰে চোৱা বৰ্ণিলৰ মৃত্যুৰ কাৰণ কোনেও জনা নাছিল। আশ্চৰ্য্য আৰু শঙ্কামিশ্ৰিত দৃষ্টিৰে মই নিজে অঁকা ছবিখনলৈ বিস্ফাৰিত নেত্ৰেৰে চাই ৰৈছিলোঁ। ছবিখনত সৌৱা মৃত্যু যন্ত্ৰণাত চটফটাই থকা যুৱকজনৰ চকুযুৰি সাইলাখ বৰ্ণিলৰ দৰে। ঠাইতেই ঢলি পৰিছিলোঁ মই। সান্নিধ্যৰ বুজনিয়েও মোক শান্ত কৰিব পৰা নাছিল। 

 লাহে লাহে কথাবোৰ মোৰ সন্মুখত স্পষ্ট হৈ পৰিছিল। ছবিৰ ভায়’লিন বজাই থকা যুৱকজনৰ সৈতে সান্নিধ্যৰ দুচকুৰ সাদৃশ্যৰ কথা। সেয়াই যেন আৰম্ভণি! মোৰ হাতৰ মুঠিৰ পৰা আঙুলিৰ ফাঁকেৰে সুখবোৰ ঝৰঝৰকৈ বালিৰ দৰে সৰকি পৰিবলৈ ধৰিলে। ছবি আঁকিবলৈ মোৰ ভয় লগা হ’ল। তথাপি সান্নিধ্যৰ মৰম আৰু আব্দাৰতেই আঁকিবলৈ চেষ্টা কৰিছিলোঁ হেঁপাহৰ ছবি 

এখন। কিন্তু আচৰিত ধৰণেৰে মই আঁকিবলৈ খোজা ছবিখনৰ পৰিৱৰ্তে আঁকি পেলাইছিলো নিজৰেই এখন কৰুণ ছবি। ফাগুন ফাগুন লগা বতৰ এটাত বগা সাজ, কৰুণ দুচকু, বিয়পি পৰা ৰঙা কপাল আৰু খোলা চুলিৰে সেয়া যে মই! বুজি উঠিলো, এয়া যে অৱধাৰিত। 

” তাতে কি হ’ল বগা সাজ পিন্ধালা? বগা মানেই দেখোন সাতো ৰঙৰ সমাহাৰ। বগা ৰংটোক লৈ ইমান আপত্তি কিয়? “– সান্নিধ্যই প্ৰথমে মোৰ কথাটোক তেনেকৈয়ে উৰাই দিছিল। 

” তথাপি উকা বগা কেনভাছখন তোমাৰ জানো ভাল লাগে সান্নিধ্য? তুমিয়েই দেখোন মোক ৰং সানিবলৈ কোৱা। নোকোৱানে?” 

”মোৰ অবিহনে তোমাৰ জীৱনৰ কেনভাচখনত ৰং থাকিবনে ৰুদ্ৰাণী? সঁচা কথা ক’বা।” — এই প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে সান্নিধ্যই হয়তো জানিছিল। তথাপি আকুলতাৰে মোৰ দুচকুলৈ চাই ৰৈছিল। 

 “তুমি অহাৰ আগতে মোৰ জীৱনত ৰং নাছিল বুলিতো মই তোমাক কাহানিও কোৱা নাই!” মোৰ এতিয়াও মনত আছে, মোৰ চকুযুৰি তেতিয়া দূৰৈৰ সৌ লঠঙা গছজোপাতে নিৱদ্ধ হৈ আছিল। 

 “তোমাক আচলতে চিকিৎসাৰ প্ৰয়োজন। মই তোমাক এনেকৈ এৰি যাব নোৱাৰোঁ।” 

 “তুমি মোক বলীয়া বুলি ভাবিছা নেকি সান্নিধ্য?” 

 “মই কেতিয়াও তেনেকৈ ভবা নাই ৰুদ্ৰাণী। তুমি মোৰ কথাষাৰ ভুলকৈ বুজিলা”…হাজাৰ যুক্তি-তৰ্ক, বাক-বিতণ্ডাৰ অন্ততঃ এসময়ত সান্নিধ্যৰ কণ্ঠত কান্দোন আৰু আকুতি ফুটি উঠিছিল। সেই সকলোবোৰ আওকাণ কৰি এসময়ত মই তেওঁক মোৰ কাষৰ পৰা একেবাৰে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিলোঁ। সপ্তাহ, পষেক, মাহ যুঁজিও সান্নিধ্যই মোৰ লগত যোগযোগ কৰিবলৈ সক্ষম হোৱা নাছিল। মোৰ অবিহনে তেওঁ জীয়াই থাকিব পাৰিছেনে নাই নাজানো কিন্তু আখৰা যে কৰিছে সেই কথা ইতিমধ্যেই গম পাইছোঁ। 

 আজিকালি মোৰ নিজৰ হাত দুখনলৈ ভয়তকৈও বেছি ঘৃণা উপজিছে। ৰংবোৰতকৈ বীভৎস যেন পৃথিৱীত একোৱেই নাই। বন্ধ কোঠাটো আৰু চাৰিকোণীয়া খিৰিকিখনৰ পৰিসীমাই ঢুকি পোৱা পৃথিৱীখনতেই নিজকে আৱদ্ধ কৰি পেলাইছোঁ। ৰং তুলিকাতেই জীৱনৰ সমস্ত সুখ বিচাৰি পোৱা মানুহজনীৰ পৰা এতিয়া ৰং- তুলিকাই জীৱনৰ সকলো ৰং কাঢ়ি নি উকা কেনভাছ এখন উপহাৰ দি গ’ল। কি যে যন্ত্ৰণা! 

 কোঠাৰ চুকতে পৰি মোলৈ ফেল-ফেলকৈ চাই থকা উকা কেনভাচখনৰ কাষলৈ উঠি গৈ এনেয়ে এবাৰ হাত ফুৰালোঁ। কি আছেনো মোৰ হেৰুৱাবলৈ! পাবলৈয়ে বা আছে কি! ছবিতেই জীৱনৰ সমস্ত সুখ বিচাৰি পোৱা মোৰ আকৌ এবাৰ মন গ’ল ছবিৰ জৰিয়তেই নিজকে এবাৰ জুখি চাবলৈ। পেঞ্চিল, ব্ৰাছ, ৰঙৰ প্লেট সকলোবোৰ চপাই লৈ কেনভাচত উজাৰি পেলালোঁ হৃদয়ৰ সমস্ত ক্ষোভ-যন্ত্ৰণাৰ অব্যক্ত কথাবোৰ। চাৰিওফালে লেলিহান শিখাৰ মাজত সেয়া মই। জুইৰ ৰঙা ৰঙা জিভাবোৰে মোৰ শৰীৰক চেলেকিছে আৰু মই যেন যন্ত্ৰণাত চটফট কৰিছোঁ। এয়া কি কৰি পেলালোঁ মই! মোৰ হাতৰ ব্ৰাছ মজিয়াত খহি পৰিল। 

 অৱধাৰিত মৃত্যুৰ বাবে মই এতিয়া অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই। ৰৈ থাকিলোঁ মৃত্যুৰ অপেক্ষাত। কেতিয়া মোক লেলিহান শিখাই গিলিব, কেতিয়া মই মৃত্যুৰ কোলাত প্ৰশান্তিৰে ঢলি পৰিম। এঘণ্টা, এদিন, দুদিন পাৰ হৈ গ’ল। তেনেধৰণৰ একো ঘটনা মোৰ লগত নঘটিল। বৰং মোক আচৰিত কৰি তুলিলে আন এটা কথাইহে। মোৰ কোঠাৰ খিৰিকিৰে দেখা চাৰিকোনীয়া আকাশখনত এখন ৰামধেনু ওলাইছে। সুদূৰৰ লঠঙা গছজোপাত কেইটিমান কুঁহিপাত ওলাইছে। মই বিছনাৰ পৰা উঠি গৈ ড্ৰেচিং আইনাখনৰ সন্মুখত ৰ’লোঁ। এতিয়া চাগৈ বসন্ত সোমাইছে। ক’ৰবাৰ পৰা কুলিৰ মাত ভাহি আহি মোৰ কাণত পৰিলহি। বিশৃংখল কোঠাটোৰ চাৰিওফালে এনেয়ে এবাৰ চকু ফুৰালোঁ। মজিয়াত সিঁচৰতি হৈ পৰি থকা ৰঙৰ প্লেটখনৰ পৰা হাতৰ তিনি আঙুলিৰ আগেৰে ৰং অকণমান চুঁচি আনি ড্ৰেছিং আইনাৰ সন্মুখত ৰৈ মোৰ গাল দুখনত ৰংখিনি সানি দিলোঁ। 

তৃপ্তি বৰা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!