শিপা

লেখক- গিৰীশ চন্দ্ৰ শৰ্মা

নিত্যানন্দ শইকীয়া, নামটো যেনেকৈ নিত্যানন্দ, তেনেকৈ ৰসৰ ভঁৰাল মানুহজনো ‌সকলো সময়তে আনন্দতে নিত্যানন্দ হৈয়ে থাকে। পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন তেওঁ বুলিয়েই লগৰবোৰে কয়। এমাহ আগতে পত্নী নিৰ্মলাৰ আকস্মিক বিয়োগত নিত্যানন্দ শইকীয়া মানসিকভাৱে ভাগি পৰিছিল। মানুহে ভাবিছিল সময়ৰ‌ সোঁতত সকলো ঠিক হৈ শইকীয়া আগৰ মানুহজনলৈ ঘূৰি আহিব। কিন্তু সময়ে যেন তেওঁক লগ নিদি নিজ বাটে গতি কৰিছিল। সংগীসকলৰপৰা নিজকে দূৰত ৰাখি পুৱা-গধূলি চহৰৰ ধুনীয়া ঘৰটোৰ বাৰাণ্ডাখনেই যেন শইকীয়াৰ প্ৰিয় হৈ পৰিল। আৰামী-চকীখনত বহি ওচৰ-চুবুৰীয়াৰ ঘৰবোৰলৈ চাই শইকীয়াই আকাশ-পাতাল ভাবে। থমকি ৰোৱা বাটৰুৱাজনে পথৰপৰাই চিঞৰা “শইকীয়া!” চিনাকি মাতটোলৈও যেন শইকীয়াৰ এক নিস্প্ৰভ সঁহাৰি।
বেদান্ত বৰুৱা শইকীয়াৰ সন্মুখৰ প্ৰতিবেশী। শইকীয়াতকৈ বয়সত সৰু হ’লেও নিত্যানন্দ শইকীয়াৰ‌ সৈতে বৰুৱাৰ ঘনিষ্ঠ সম্পৰ্ক সকলোৱে জানে। প্ৰাতঃভ্ৰমণৰ সময়ত নিশিকান্ত হাজৰিকাই বৰুৱাক সুধিছিল “বৰুৱা! আমাৰ ৰসৰ ভঁৰাল নিত্যানন্দ শইকীয়াৰ কি হ’ল‌? শইকীয়া-শইকীয়ানীৰ ইজনৰ সিজনৰ প্ৰতি অগাধ প্ৰীতি আছিল। সেয়ে চাগে মানুহজনে এতিয়াও বাস্তৱ সত্যটো মানি ল’ব পৰা নাই।”
হাজৰিকাৰ প্ৰশ্নৰ উত্তৰত বেদান্ত বৰুৱাই মাথোঁ কৈছিল “আচলতে কথাবোৰ তেনেকুৱা নহয়। বলক গছজোপাৰ তলতে বহি শীতল বতাহজাক উপভোগ কৰোঁ।”
পাৰ্কখনৰ ওখ গছজোপাৰ তলতে বহি বেদান্ত বৰুৱাই হাজৰিকাক সুধিছিল “আপোনাৰ শিপা ক’ত?” হাজৰিকাই আচৰিত হৈ বৰুৱাক সুধিছিল “ৰাতিপুৱাই যে শিপাৰ কথা উলিয়াইছা, শিপা মানে….?” বৰুৱাই হাজৰিকাক কৈছিল “শিপা মানে আপোনাৰ জন্মস্থান, আপোনাৰ মৰমৰ সেই এৰি অহা গাঁওখন, য’ত‌ আপোনাৰ শৈশৱ, কৈশোৰ এতিয়াও জীপাল হৈ আছে। নিত্যানন্দ শইকীয়াই আজি যেন জীৱনৰ সকলো চন্দ হেৰুৱাই আৰ্তনাদ কৰিছে হেৰাই যোৱা এই শিপাৰ স্মৃতি ৰোমন্থন কৰি।
যোৱা নিশা শইকীয়া দাৰ লগত বহুত সময় কটালোঁ। পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰি “শইকীয়া দাই মোক কৈছিল “জানা বেদান্ত, মানুহ যিমানেই লিখা-পঢ়া নকৰক কিয়, সংস্কাৰী যদি নহয় তাৰ কোনো মূল্য নাই। গাঁওখনত আমি ডাঙৰ হৈছিলোঁ এক সংস্কাৰৰ মাজেৰে। জ্ঞান অৰ্জনৰ বাবে দেউতাই আমাক পঢ়িবলৈ শিকাইছিল আৰু কৈছিল জ্ঞানৰ লগত যদি সংস্কাৰ নাথাকে তেনে জ্ঞানৰ কোনো মূল্য নাই।
দেউতাই দেখুওৱা পথেৰে আগবাঢ়ি গৈ এদিন এই চহৰখনত প্ৰতিষ্ঠিত হৈছিলোঁ। চহৰখনৰ লেখত ল’বলগীয়া উকীলসকলৰ কথা মানুহৰ মনলৈ আহিলেই মোৰ ওচৰ চাপে। ওকালতিৰ চৰম ব্যস্ততাৰ মাজতো মোৰ গুৰি শিপা গাঁওখন কেতিয়াও পাহৰা নাছিলোঁ। সময়ে সময়ে গাঁৱলৈ গৈ দেউতাৰ খবৰ কৰিছিলোঁ। আই ঢুকুৱাৰ পাছত দেউতা অকলশৰীয়া হৈ পৰিছিল যদিও গাঁৱৰ চুবুৰীয়াৰ নিভাঁজ মৰমে দেউতাক জীয়াই ৰাখিছিল।
দেউতাক বহু অনুৰোধ কৰিছিলোঁ মোৰ লগত চহৰত থাকিবলৈ। দেউতাই মনা নাছিল গাঁৱৰ ভেটিটো এৰি আহিবলৈ। দেউতাৰ লগত গাঁৱত নাথাকিলেও দেউতাৰ প্ৰয়োজনীয়খিনিৰ কোনোদিনে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলোঁ। সময়ৰ দুৰ্বাৰ গতিত শতায়ুৰ ঘৰত ভৰি দিয়া দেউতা শাৰীৰিকভাৱে দুৰ্বল হৈ আহিছিল। এই সময়ত দেউতাৰ ওচৰত মোৰ প্ৰয়োজন অনুভৱ কৰি এদিন দেউতাক তেখেতৰ অসন্মতিতে মোৰ চহৰৰ ঘৰলৈ লৈ আহিছিলোঁ।
কিন্তু মোৰ চেষ্টা, চহৰৰ ঘৰৰ সকলো আৰামদায়ক পৰিৱেশে গাঁৱৰ সেই কেঁচা মাটিৰ গোন্ধ, ওচৰ-চুবুৰীয়াৰ নিভাঁজ মৰমৰ ওচৰত হাৰ মানিছিল। দেউতা উত্ৰাবল হৈ পৰিছিল গাঁৱৰ ঘৰলৈ উভতি যাবলৈ। মোৰ অনুভৱ হৈছিল অত্যন্ত মানসিক শক্তিৰ অধিকাৰী মানুহজনক যেন মই এটা পিঞ্জৰাবদ্ধ নাহৰফুটুকীৰ দৰে বন্দী কৰি ৰাখিছোঁ।
লাহে লাহে দেউতাৰ অৱস্থা অতি বেয়াৰফালে গতি কৰিছিল। কথাবোৰ পাহৰি গৈ ঘৰখনৰ মানুহবোৰৰ ওপৰত সকলো সময়তে যেন অসন্তুষ্ট হৈ উঠিছিল। দেউতাক লৈ পত্নী নিৰ্মলাও ভাগৰি পৰিছিল। উপায়হীন হৈ বন্ধু ডাক্টৰ দিগন্তৰ পৰামৰ্শমতে এদিন দেউতাক গাঁৱৰ ঘৰত থৈ আহিছিলোঁ জীৱনৰ বিয়লি বেলাত শান্তিৰে উশাহ ল’বলৈ। অন্তৰ্দ্বন্দ্বত ভুগিছিলোঁ। ভৰষা আছিল মাথোঁ গাঁৱৰ কেঁচা মাটিৰ পৰশত জীপাল হৈ থকা ওচৰ-চুবুৰীয়াৰ নিভাঁজ ভালপোৱা মৰমবোৰ। এদিন খবৰ আহিছিল দেউতাৰ অৱস্থা ভাল নহয়। ততাতৈয়াকৈ দৌৰিছিলোঁ গাঁৱৰ ঘৰলৈ। দেউতাৰ হাতখনত ধৰি হুকহুকাই কান্দিছিলোঁ, সেহাই সেহাই দেউতাই মোক সুধিছিল “নিত্য! বোৱাৰী, পোনাহঁত ভালে আছে নহয়। অশ্ৰুশিক্ত নয়নে অন্তিম শয়নত দেউতাক চিৰবিদায় দিছিলোঁ। “
বেদান্ত বৰুৱাই হাজৰিকাক কৈছিল “হাজৰিকা! এয়া শইকীয়া দাই ক’ব খোজা মূল কথাবোৰৰ মাথোঁ পাতনিহে। কথাৰ মাজতে শইকীয়া দাই তেখেতৰ প্ৰিয় ছিগাৰেটটো জ্বলাই পুনৰ আৰম্ভ কৰিছিল,
“মই আজি দেউতাৰ বয়সলৈ গতি কৰিছোঁ, দেউতাৰ মৃত্যুৰ পাছত চহৰৰ সংসাৰখনৰ তাড়নাত গাঁৱৰ শিপাডালেই নিচিহ্ন কৰি পেলালোঁ। পত্নী নিৰ্মলায়ো মোক এৰি বিদায় ল’লে। নিৰ্মলাৰ মৃত্যুত ভাগি পৰিছিলোঁ যদিও লাহে লাহে মনটোক বুজাইছিলোঁ “এয়া এক চিৰন্তন সত্য।” কিন্তু নিৰ্মলাৰ চিতাৰ জুই নিৰ্বাপিত নহওঁতেই বৰপুত্ৰই কৰ্মস্থানলৈ উভতি যোৱাৰ পৰত কোৱা কথাষাৰত “দেউতা! সময় থাকোঁতেই এই ঘৰ-মাটিবোৰৰ কিবা এটা ব্যৱস্থা কৰক।” মই পুনৰ ভাগি পৰিলোঁ। বৰপুত্ৰৰ মনৰ ভাষা বুজিবলৈ মোৰ সময় নেলাগিল। চহৰৰ শিপাডালো থৰক-বৰক হোৱা অনুভৱ কৰিছিলোঁ। নিৰ্মলাৰ নামত থকা বেংকৰ একাউণ্টকেইটাও শূন্য। সৰু ল’ৰাক প্ৰশ্ন কৰিছিলোঁ “মাৰৰ একাউণ্টৰ টকাবোৰ কি হ’ল। পাকঘৰৰপৰা সৰু বোৱাৰীয়ে উত্তৰ দিছিল “দেউতা! এই টকাকেইটাত কাৰো অধিকাৰ নাই। আয়ে এখেতকে নমিনি দি থৈ গৈছে। “-শিলপৰা কপৌ চৰাইটিৰ দৰে মই স্তব্ধ হৈ পৰিছিলোঁ। ভাষা নাছিল ল’ৰাহঁতৰ লগত কথা পাতিবলৈ।
” বেদান্ত! মোৰ কথাবোৰ শুনি চাগে তুমি আমনি পাইছা। আচলতে কি জানা, সহধৰ্মিণী নিৰ্মলাৰ মৃত্যুয়ে মোক যিমান কষ্ট দিলে তাতোকৈ অধিক মনোকষ্টত ভুগিছোঁ ঘৰখনৰ শিপাডালত ঘূণে ধৰা দেখি। কাইলৈ হয়তো মোক লৈও ভাগ-বতৰা হ’ব। দুদিন এজনৰ লগত দুদিন আনজনৰ লগত। ল’ৰা-ছোৱালীক সংস্কাৰ দিব নোৱৰা মই যেন এক ব্যৰ্থ পিতৃ। মোৰ দেউতাৰ দৰে অভিমান কৰি “মোক গাঁৱৰ ঘৰত থৈ আহ “বুলি ক’বলৈ আজি মোৰ গাঁৱৰ শিপাডালো নাই। মোৰ চৌপাশে উমি উমি জ্বলা লাভালাভৰ অংকৰ জুইৰ ফিৰিঙতিত মই যেন দগ্ধ।
বেদান্ত! নিশা বহুত হ’ল। বেয়া নাপাবা তোমাক বহুত আমনি কৰিলোঁ, লগৰ সকলোকে ক’বা মই ভালে আছোঁ। এই ঘৰ-মাটিৰ উইল এখন তৈয়াৰ কৰি আছোঁ। ঘৰটোত থকাৰ অধিকাৰৰ বাহিৰে কোনো অধিকাৰ কাকো নিদিওঁ। মোৰ দৰে দশা যেতিয়া ইহঁতৰো হ’ব এই শিপাডালেই খামুচি জীৱনৰ অন্তিম শ্বাস ল’ব পাৰিব।। বেদান্ত যোৱাগৈ, লগৰবোৰক ক’বা সোনকালেই মই তেওঁলোকৰ প্ৰাত: ভ্ৰমণৰ সংগী হ’ম।”
হাজৰিকা, নিশা এঘাৰ বাজিছিল। শইকীয়া দাৰ ঘৰৰপৰা উভতি আহি ঘৰত সোমায়েই সহধৰ্মিণী প্ৰীতিৰ প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ “ইমান দেৰিনো শইকীয়া দাৰ লগত কি কথা পাতিলে?” মই বাকৰুদ্ধ হৈ পৰিছিলোঁ। প্ৰীতিৰ হাতখনত খামুচি ধৰি মাথোঁ কৈছিলোঁ “শিপাডাল এই হাতৰ খামোচটোৰ দৰে সবল কৰি ৰাখিব পাৰিবানে?”
প্ৰীতিয়ে কিবা বুজিলে নে নাই নাজানো, মোৰ অশ্ৰুসিক্ত নয়নযুৰি প্ৰীতিৰপৰা লুকুৱাই আঁতৰি গৈছিলোঁ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!