সমীক্ষাঃ কিছু ঈৰ্ষাৰ বাবে

লেখক- জ্যোতিমণি দেৱী

বয়সটো বাঢ়ি আহিছে, এনে লাগিছে তাৰ লগতে আনুষংগিক আৰু কিবাকিবি যেন বাঢ়ি আহিছে। এইধৰক লোভ, মোহ, আকাংক্ষা, ঈৰ্ষা আদিৰ দৰে ৰিপুবোৰ। বিশেষভাৱে তেনে কিছু ঈৰ্ষাৰ দায়ত পৰি কেতিয়াবা কেতিয়াবা মই বিমৰ্ষ হৈয়ো পৰিছোঁ। মোহ বাঢ়িছে জীৱনটোলৈ, লোভ হৈছে আপোন কাৰোবাৰ সৈতে ধুনীয়া পৃথিৱীখনক ঘুকটি-মুকটি এবাৰ চাবলৈ, আকাংক্ষা জাগিছে আটোম-টোকাৰি এখন ঘৰ সজাবলৈ। মোৰ লোভ, মোহ, আকাংক্ষাবোৰৰ এয়া অৱশ্যেই হ’ব পাৰে বুনিয়াদী চিনাকি। তাতো ‘কিন্তু’ আছে। গভীৰভাৱে চাবলৈ গ’লে নহ’বও পাৰে কেৱল এইখিনিৰেই মোৰ এই ৰিপুগত চিনাকি। কাৰণ মোৰ সৈতে জড়িত আছে অকলশৰীয়া মানুহৰ সংবেদনশীলতাৰ প্ৰশ্ন, যিসকল সততে বস্তুবাদী চিন্তাৰপৰা অলপ আঁতৰি থাকে।
বহুদিন ধৰি মোক ডুবাই ৰাখিছিল এটি ৰিপুৱে, যাক আলোচনাৰ মাধ্যমেৰে অথবা সমীক্ষা এটি নকৰাকৈ এৰি দিলে জীৱনটোৱেই যেন বৃথা। এইভাবত মই দহিব লাগিব আৰু নিঃসন্দেহে সেয়া হৈছে মোৰ ঈৰ্ষা। মোৰ হাইস্কুলীয়া সহপাঠী অনুজিতে এ পি এচ চিত উত্তীৰ্ণ হৈ ডাঙৰ অফিচাৰ হ’ল, পুষ্পাই প্ৰায়েই নতুন নতুন ঠাই চাই ঘূৰি-ফুৰি সামাজিক মাধ্যমত ফটো আপলোড দিয়ে তাইৰ গিৰীয়েকৰ লগত হেপ্পি কাপল বুলি, ৰজনীগন্ধাক মাক-দেউতাকে ইমান সুগন্ধিযুক্ত নাম এটি দিলে, যেন বিয়পি যাব তাইৰ সুগন্ধি দশোদিশে! এইমাত্ৰ স্নেহাই ইন্‌ষ্টাত আপলোড দিছে তাইৰ প্ৰেমিকৰ লগত বিলাসী হোটেলত ডিনাৰ কৰাৰ ফটো। পিন্ধনত চুটি হাফপেণ্ট, শ্লিভলেছ চুটি টপ, সন্মুখৰ টেবুলত আছে দামী সুৰাৰ বটল, নিচাত মতলীয়া দুটি প্ৰেমাস্পদ। হেঃ! এইবোৰেই নেকি মোৰ ঈৰ্ষাৰ কাৰক? হ’ব পাৰে নেকি এইবোৰেই মোৰ ৰিপুটো যকৃতৰ দৰে ফুলাই অনাৰ মাধ্যম! কথাবোৰ প্ৰায়েই নিজৰ ওচৰতে প্ৰশ্নবোধক। যদি প্ৰশ্নবোধকেই হয়, তেন্তে মোক এটি উত্তৰ লাগে। এই উত্তৰৰ বাবেই নামি পৰিলোঁ এটি সমীক্ষা চলাবলৈ। ঠিক যেন ৰাজকুমাৰ সিদ্ধাৰ্থহে ওলাল; গৃহ ত্যাগী ৰোগ, শোক, জৰা, মৃত্যু নিবাৰণৰ উপায় অন্বেষণত।
এইযে মোৰ চৌপাশৰ মানুহবোৰ, তাৰ মাজৰপৰা মই মোৰ সমীক্ষাৰ বাবে প্ৰথমে কাক বাছি লওঁ? পুষ্পাকেই লওঁ নেকি? তাইৰ ধুনীয়া সংসাৰখনত এভূমুকি মাৰি আহোঁ। কি ঠিক কিজানিবা মোৰ সমীক্ষাটোৱে বিচৰা আকাংক্ষিত ফলাফল পায়েই যাওঁ! এই ৰিপুটোৰ সমীক্ষাৰ স্বাৰ্থতে এদিন গৈ টুকুৰিয়াই দিলোঁ মই পুষ্পাৰ ঘৰত ভাড়াতীয়াৰ ৰূপত। আস! সুউচ্চ এটি অট্টালিকাৰে কিযে সুন্দৰ এখনি ঘৰ, সমুখত লন, ফুলনি, ঝুল্‌না। ষ্ফটিকৰ দৰে আটক ধুনীয়া বিজুলী বাতিৰ বাল্ববোৰে ৰাজকীয়ভাৱে মায়াময় কৰি থৈছে সমগ্ৰ চৌহদটো। কিন্তু যিমানেই মায়াময় নহওক, মোক উত্তৰ লাগে। তাৰবাবেই মোৰ চকুৱে অনুসৰণ কৰি ফুৰিবলৈ ধৰিলে সুচতুৰ ডিটেকটিভৰ দৰে তেওঁলোকৰ দৈনন্দিন জীৱনপঞ্জীত। দৈনন্দিনতাৰ মাজতে দেখোঁ যে সিহঁতৰ ল’ৰা-ছোৱালীহাল ঘৰৰপৰা বৰকৈ নোলায়। কাচিৎ কেতিয়াবা আঠবছৰীয়া ল’ৰাটোৱে পোহনীয়া শহা দুটাৰ সৈতে অকলে খেলি থাকে। পুষ্পাৰ গিৰীয়েক অংকুৰে থাৰ গাড়ীখনেৰে কেতিয়াবা ৰাতি বহু দেৰিকৈ ঘৰ পায়হি। বিলাসীপৰত মাজে মাজে পুষ্পাই সৰু ছোৱালীৰ দৰে চুটি ফ্ৰক এটিৰে, আকৌ কোনোবাদিনা ৰাজকুমাৰীৰ দৰে চুঁচৰি যোৱা দীঘল ফ্ৰক পৰিধান কৰি গিৰীয়েকৰ সৈতে বাগানভেলিয়া ফুলেৰে আৱৰি থকা চালিৰ তলৰ ঝুল্‌নাত বহে বেলি ডুবাৰ পৰত। আস! কিযে এক ৰোমাণ্টিক দৃশ্য। কাষতে ফুলিথকা বেলিফুলৰ গছডালে হাউলি-জাউলি যেন শুনিবলৈ চেষ্টা কৰে দুয়োৰে প্ৰেমালাপ। ভাড়াতীয়া ৰূপত মই নিভৃতে লক্ষ্য কৰি আছোঁ আৰু ‘প্ৰেম’ নামৰ শব্দটোৰ প্ৰতি শাশ্বত দুৰ্বলতাৰ হেতু আকাৰ বাঢ়ি গৈ আছে মোৰ ৰিপুটোৰ। কিন্তু মই মোক সাৱধান কৰি কৈছোঁ যে এতিয়া মোৰ ৰিপুটো বঢ়োৱাৰ উদ্দেশ্য আগত নহয়, বৰং মই আহিছোঁ এই ৰিপুটোৰ এটি সমীক্ষা চলোৱাৰ উদ্দেশ্যেহে। যাৰ বাবে মই এই দৃশ্যৰাজি উপভোগ কৰা আৰম্ভ কৰিব লাগিব আৰু ফলদায়ক কথাটো এয়ে যে এই সমীক্ষাটোৰ আৰম্ভণিতেই এটি ইতিবাচক ফল মই লাভ কৰিছোঁ ইন্‌ষ্টা খুলি। যোৱা ছমাহৰপৰা স্নেহাই দি থকা ফটোবোৰ তাইৰ ইন্‌ষ্টা একাউণ্টত নাই। মই ভাবিছিলোঁ ভেলেণ্টাইন ডে’ৰ বাবে স্নেহাৰ ফটোশ্বুট চলিব, ফটোৰে উপচি পৰিব ইন্‌ষ্টা। পিছে এতিয়া ফটোবোৰ বিচাৰি নোপোৱাৰ মানেতো হ’ল ডিলিট কৰিলে! কি হ’ল স্নেহাৰ? কিবা এটাতো হৈছে! কথাটো সহকৰ্মী ৰীতাৰ লগত বজাৰলৈ খোজ কাঢ়ি গৈ থাকোঁতে ওলাল। তাই ক’লে যে সিহঁতৰ ব্ৰেকআপ হৈছে ভেলেণ্টাইন ডে’ৰদিনাই, ভীষণ কাজিয়া দুয়োৰে মাজত। তাইৰ বয়ফ্ৰেণ্ডে বেলেগ এজনীক লৈ গৈছিল ভেলেণ্টাইন মনাবৰ বাবে ৰেষ্টুৰেণ্টত। তাতেই স্নেহা গৈ উপস্থিত হ’ল। খাবলৈ বাকি লোৱা গিলাচৰ মদ ইটোৱে সিটোৰ গালৈ মৰা-মৰি, যেন ফাকুৱাহে খেলিছে পিচকাৰি মাৰি। তাইৰ বৰ্ণনাত দৃশ্যটো কল্পনা কৰি হাঁহি উঠি গ’ল। প্ৰেমে গৈ এই ৰূপহে পালে বুলি ৰীতাক কৈ কৈ হাঁহিলোঁ। মনতে ভাবিলোঁ “চেঃ! কি যে উপৰুৱা কথাবোৰত মই এই ৰিপুটো বঢ়াই গৈ থাকোঁ! ঈৰ্ষাৰ পাচিটো মোৰ এমোনমান কমি আহিল ঠিক এইখিনি খবৰৰ পিছতেই।
ফাগুনৰ আৰম্ভণি। পলাশ, শিমলু, মদাৰে বাহৰ পাতিছে আকাশৰপৰা মাটিলৈকে। এইকেইদিন উৰুঙা উৰুঙা ভাব এটাই ভীষণ আমনি কৰে। সন্ধিয়া ছয়মানৱজাত মৃগনাভে লঠঙা গছৰ ফাঁকেৰে ওলোৱা আধাফুটা জোনটোৰ ফটো এখন দিছে মোৰ হোৱাটচএপত শুভসন্ধ্যা জনাবলৈ। ফটোখন সুন্দৰ, কেপচন এটিয়ো লিখিছে “শুভসন্ধ্যা! তুমি ভাল পাবা বুলি ফটোখন তুলিয়েই প্ৰেৰণ কৰিছোঁ তোমালৈ।” ই মোলৈ মেচেজ লিখিলেহে তুমি বুলি লিখে, ফোনকলত সদায়ে তুমিৰপৰা ‘ঐ’ ‘তই’ হয়গৈ। যাহওক, তালৈ মোৰ এইবোৰ কথাতেই মৰম ওপজে, কিনো এক আত্মিক তাগিদাত বাটে-ঘাটে প্ৰায়েই মোৰ ভাললগাবোৰ এইদৰে বুটলি ফুৰে। প্ৰতিদিনেই দিনান্তত মাত দিয়ে। দিনটোনো কেনে গ’ল তাৰে খবৰ ল’বলৈ। অথচ দাবী আবদাৰ বোলা একো এটি নাই ইটোৰ সিটোৰ প্ৰতি। এনেকুৱা সম্পৰ্কবোৰ কেনেধৰণেৰে চহকী সেয়া মই বুজি পাওঁ। বুজি পাওঁ বাবেই আমি দুয়ো দুয়োৰে প্ৰতি নীৰৱ সন্মানো কঢ়িয়াই লৈ ফুৰোঁ। ভাললগা বেয়ালগাৰ নৈমিত্তিক খবৰ ৰাখোঁতা এজন বিশাল অন্তৰৰ বন্ধু পাবলৈয়ো ভাগ্য লাগে। স্নেহাৰ বিষয়ে শুনাৰ পিছত মোৰ নিজকে বৰ ভাগ্যৱতী যেন লাগিল।
মৃগনাভ মোৰ সহপাঠী আছিল হাইস্কুলীয়া দিনৰ। মাজতে বহু বছৰ আমাৰ দেখাদেখিয়ো নাছিল। মোৰ আনকি এইটোও মনত নাছিল যে তেনে নামধাৰী কোনো জীৱ মোৰ সৈতে একেটা শ্ৰেণীত আছিল। পঢ়া-শুনা শেষ কৰি বৃত্তিমুখী হৈ সাংসাৰিক জীৱন কটাই পুনৰ সেয়া ত্যাগ কৰি ওলাই অহাৰো এটি যুগ পাৰ হৈ, বানপ্ৰস্থ লোৱাৰ পৰত হঠাতে এদিন লগ পালোঁ তাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত পঢ়ি অহা বিদ্যালয়খনৰ সোণালী জয়ন্তীত। এতিয়াতো হাতে হাতে ফোনৰ যুগ, যোগাযোগৰ বাবে আটাইতকৈ সহজ যুগ এয়া। তাৰে সুবাদতে আৰম্ভ হ’ল আমাৰ কথোপকথন। তাৰপৰাই গম পালোঁ কোনোবা কাহানিবাই হোৱা এক প্ৰেমজনিত কাৰণত সি অবিবাহিত হৈ ৰ’ল। ময়ো সংসাৰত্যাগী হ’লোঁ কাহানিবাতে। গতিকে দুটি মুকলি মানুহ মুকলি মনেৰে কথা পাতোঁতে বাধা দিওঁতা কোনো নাথাকিল। ধেমালিতে তাক মই ‘বৰলা’ বুলি মাতোঁ, সিয়ো ওলোটাই মোক ‘বৰলী’ আখ্যা দিলে। সি দিয়া ফটোখন চাই চাই প্ৰতি শুভসন্ধ্যা জনাই সুন্দৰ ফটো” বুলি মতামত এটি প্ৰেৰণ কৰি মই মোৰ সমীক্ষাটোৰ অলপ টোকা লিখিলোঁ,
“আজি মনামীৰ বিয়াত লগ পাইছিলোঁ নিহালক। হায়াৰ চেকেণ্ডাৰীৰ পিছত এটি প্ৰীতিভোজত তাক লগ পাইছিলোঁ যদিও বিগত পাঁচবছৰে লগেই পোৱা নাছিলোঁ। সি ধুনীয়া হৈ আছে, ৰাজহ চক্ৰ বিষয়াৰ দৰে অভিজাত চাকৰিয়ো কৰি আছে। নিঃসন্দেহে সি বহুতৰ দৃষ্টিত (আনকি মোৰ দৃষ্টিতো) ঈৰ্ষনীয় জীৱনৰ গৰাকী। কিন্তু তাৰ সৈতে একাষৰীয়াকৈ বহি বহুসময় কৰা বাৰ্তালাপৰ অন্তত সি মোক বৰ ডাঙৰ ৰহস্য এটি ফাদিল কৰাৰ দৰে ক’লে যে সি ডাইভৰ্চৰ বাবে আগবাঢ়িছে। বৰ অসুখী জীৱন এটি কটাই আছে বিগত পোন্ধৰ বছৰে। তাৰ পত্নীয়ে হেনো তাক বুজি নাপায়। যোৱা পাঁচবছৰে সিহঁত দুয়ো বেলেগ বেলেগে কটাইছে। শেষত সিদ্ধান্ত ল’লে ডাইভৰ্চৰ।
বিয়াৰপৰা আহি আকৌ সোমালোঁ যোগৰ ছাৰৰ চেম্বাৰত। তাত লগ পালোঁ জিতা বাইদেউক। বাইদেৱে আগতেও ছাৰৰ ওচৰলৈ আহি যোগ চিকিৎসা গ্ৰহণ কৰিছিল। ভীষণ ষ্ট্ৰেচ মানুহজনীৰ। এইবাৰ লগত লৈ আহিছে ভাইবোৱাৰীক। প্ৰায় আধাঘণ্টামান তাত বহি মই লক্ষ্য কৰিছোঁ যে বাইদেউৰ ভাইবোৱাৰীগৰাকীয়ে ল’বলৈ অহা যোগ নিদান সম্পূৰ্ণ নকৰাকৈ যাবলৈ উচপিচ লগাই আছে। তাৰ কাৰণ হ’ল সেই আধাঘণ্টাতে তেওঁৰ গিৰীয়েকে পাঁচবাৰমান ফোন কৰি ক’ত আছে, কেতিয়া উভতিব ইত্যাদি কথা সুধি ব্যতিব্যস্ত কৰিছে। মোৰ মানুহজনীলৈ বেয়া লাগিল, তেওঁলোকৰ সংসাৰখনলৈয়ো অলপ পুতৌ উপজিল। মনতে ভাবিলোঁ প্ৰয়োজনতো অলপ সময়ৰ বাবে স্বাধীনতা দিবলৈ অপাৰগ হোৱা এইখন কেনে সংসাৰ! পুলিচে চোৰৰ সন্ধানত থকাৰ দৰেই ময়ো যেন মোৰ ৰিপুজনিত গৱেষণাৰ সমলেই ইয়াতো বিচাৰি ল’লোঁ। অৰ্থাৎ সমীক্ষাটোত দুটাকৈ কেচ ষ্টাদি হৈ গ’ল মোৰ। প্ৰথমদিনা ফুলোৱা বেলুনটো দুদিন পিছত লাহে লাহে ঢিলা টেটেৰা পৰাৰ দৰে মোৰো ইমানদিনৰ পুঞ্জীভূত ৰিপূজাত বেলুনটো চেপেটা পৰি আহিবলৈ ধৰিলে গৱেষণা আৰম্ভ কৰাৰপৰা।”
ইমান কম সময়ত মোৰ গৱেষণাই এইদৰে কাম দিয়া দেখি পাতল পাতল ভাব এটাই মোৰ অভ্যন্তৰত ক্ৰিয়া কৰিবলৈ লৈছে। সেই পাতল ভাবটিকে লৈ সন্ধিয়াৰ সকলো কামৰ শেষত ৰাতিৰ সাঁজ যোগাৰ কৰিবলৈ যোৱাৰ আগে আগে বিছনাত বাগৰ দি ম’বাইলটো লিৰিকি-বিদাৰি পৰি আছোঁ। ভাবিলোঁ ফোন এটাকে কৰোঁ বৰলালৈ। দাঁতত ভাত লাগিলেও কোৱা বৰলাক মোৰ এই গৱেষণা অভিযানৰ বতৰা নিদিয়াকৈ থাকিব পাৰোঁ জানো! কলটো দুই তিনিবাৰ ৰিং হোৱাৰ পিছতে সি ৰিচিভ কৰি ক’লে,
“অ ক’”
“কি কৰি আছ?”
“চাহ আৰু অমলেট কৰি খাই আছিলোঁ।”
“কমকথাত মই তোক বিয়া পতাৰ কথা কৈ থাকোঁনে! এতিয়া খা এইদৰে নিজে কৰি কৰি!”
“তই কি নিজে সব কৰি নোখোৱাকৈ আছ? দেখিছোঁ নহয় সংসাৰীবোৰক কি কৰি আছে। চৰাই নিজে নুপুহিলেও লোকে পোহা দেখিছোঁতো। বেলেগৰ কথা বাদ, তই নিজেই দেখোন সজা ভাঙি ওলাই লৰ দিলি!”
“ঐ সেইবাবেই মোৰ আনলৈ ঈৰ্ষা হয় অ! কেতিয়াবা অলপ আদৰ যতন কাকনো নালাগে ক’চোন। পিছে—“
“কিয়, আদৰৰ জুপুৰিত দেখোন সোমাইছিলিগৈয়ে। সোমাই আকৌ উভতি লৰ দিলি কিয়?”
“তাকেতো! তোৰ দৰে বৰলাৰ জীৱনটো বুজিবলৈয়ে কিজানি আকৌ ওলাই আহিলোঁ।”
“হুহ! থ থ। মোক বুজিবলৈ আহিলি নে কথাই প্ৰতি কামোৰ দিবলৈ আহিলি মোৰ জনা আছে। এতিয়া কিয় ফোন কৰিছিলি তাকে ক’।”
“তোক মই কিবা কাৰণ থাকিলেহে ফোন কৰোঁ নেকি?”
“নাই নেকি কাৰণ? তেন্তে আজি কোনটো দাঁতত ভাত লাগিছে সেইটোকেই ক।”
কৈছোঁ ৰহ বুলি এইখিনি মুখ চুপতিৰ অন্তত মই বৰ ডাঙৰ পৰীক্ষাত পাচ কৰি উঠাৰ আনন্দ উৎসাহেৰে তাক মোৰ গুৰুতৰ গৱেষণাৰ দুটাকৈ কেচ ষ্টাদিৰ বিষয়ে জনালোঁ আৰু ক’লোঁ যে সদ্যহতে মই তৃতীয়টো কেচ ষ্টাদিত লাগি আছোঁ।
সি ৰগৰ কৰি ক’লে, “অল দ্যা বেষ্ট মহাশয়া।” তাৰ ৰগৰখিনিত হাঁহিলোঁ কিছু। ৰগৰৰ অন্তত সি মোক ক’লে “ৰহ’ ৰহ’, তোৰ গৱেষণাত সহায় হোৱাকৈ তথ্য অলপ ময়ো দিওঁ।” এইবুলি সি ক’বলৈ ধৰিলে,
“আজি এখন মানসিক ৰোগৰ সজাগতা সভালৈ গৈছিলোঁ। তালৈ আহিছিল নামী দামী মানসিক ৰোগৰ চিকিৎসক ডা° পিনাকপানী দেৱনাথ। সকলোকে মানসিক অৱস্থাৰ বিষয়ে ক’বলৈ সুবিধা দি সৰ্বশেষত তেওঁ জনালে যে তেওঁৰ পত্নীয়েই হেনো এগৰাকী মানসিক ৰোগী; যাক বিনা চিকিৎসাই ঘৰৰ বাহিৰলৈ উলিয়াই লৈ ফুৰিব নোৱাৰি। নিয়মিত ঔষধ সেৱন কৰাইহে তেওঁ তেওঁৰ পত্নীক নিয়ন্ত্ৰণত ৰাখিব পাৰে। শুনি কেনেলগা কথা ভাবচোন এবাৰ। যাৰ চিকিৎসাত অত মানুহে সুস্থ জীৱন ল’বলৈ সক্ষম হৈছে, তেওঁৰ কাষতেই আছে এগৰাকী মানসিকভাৱে চিৰৰুগীয়া অসুস্থ ব্যক্তি। য়ো এক বিৰাট প্ৰহসন নহয়নে?”
এইখিনিৰ পিছত দুয়ো গহীন হৈ গ’লোঁ। আমি যে কাক ঈৰ্ষা কৰি বহি থাকোঁ! যাকেই ঈৰ্ষাৰ চকুৰে চাইছোঁ তেৱেঁই নাঙঠ হৈ পৰিছে আমাৰ চকুত পুতৌজনকভাৱে।
ৰাতিলৈ বৰষুণ আহিল। বৰষুণৰ শব্দ শুনি শুনি টোপনি যোৱাৰ এক অদ্ভুত মাদকতা আছে। কিন্তু পুষ্পাৰ ঘৰত থকাৰেপৰা টিনৰ চালৰ সলনি চাদত পৰা বৰষুণৰ টোপালত সেই মাদকতা নোপোৱা হ’লোঁ। শুনিবলৈ নাপাওঁ টিনৰ চালত পৰা টুপুৰ টুপুৰ ৰিমঝিম শব্দবোৰ। তথাপি মই মোৰ অৱচেতন মনত সোমাই থকা সেই শব্দবোৰক কল্পনাতেই শুনিবলৈ চেষ্টা কৰি কৰি এটা সময়ত টোপনিত পৰিলোঁ। পিছলৈ বৰষুণ কমি আহিল, মোৰো টোপনিটো পাতল হ’লগৈ। সেই পাতল টোপনিত মোৰ এনে লাগিল ক’ৰবাত কিবা শব্দ হৈছে। বস্তু কিছুমান ঠন্‌ঠন্‌কৈ পৰি ভঙা যেন লাগিছে। লাহে লাহে মই কিছু চেতন অৱস্থালৈ আহি কাণ উনাই শুনিবলৈ চেষ্টা কৰিছোঁ বৰষুণৰ সৈতে অহা বতাহত কিবা পৰিছে নেকি বুলি। কিন্তু তাৰ মাজতেই ভাহি আহিল কান্দোনৰ শব্দ। মোৰ এনে লাগিল এই বৰষুণজাকত যেন কোনোবা অশৰীৰী তিতি-বুৰি জুৰুলি-জুপুৰি হৈ কান্দিবলৈ আৰম্ভ কৰিছে। নহ’লেনো পুষ্পাৰ দৰে সুখী পৰিয়ালত কোনে কিহৰ গৰজত কান্দিব এই মাজৰাতি!
পুৱালৈ পৃথিৱীখনৰ সকলো পৰিষ্কাৰ, শান্ত হ’ল। বৰষুণৰ পিছত ৰ’দো ওলাইছে শান্ত সমাহিত উজ্জ্বল ৰূপেৰে। দেওবাৰ, বন্ধৰ দিন বুলি পুৱা অলপ লেহেম-গেহেমকৈ উঠি গা-মূৰ ধুই কাপোৰ মেলোঁ বুলি চাদলৈ উঠি গ’লোঁ। তাত লগ পালোঁ পুষ্পাৰ ঘৰত কাম কৰিবলৈ অহা বাইজনীক। তাই কিহবাৰ টোপোলা এটি লৈ গৈছে ওপৰত থকা ভঙা-চিঙা বস্তু জমা কৰা ড্ৰামটোত থ’বলৈ। আগৰাতিৰ কৌতূহলটো মোৰ দমন হোৱা নাছিল। সেয়ে ডিটেকটিভগিৰি চলোৱাৰ মানসেৰে বাইৰ লগত কথা পাতিলোঁ। বায়েও কথাবোৰ কাৰোবাক ক’বলৈ পালেই পেটটো খালী হ’ব বুলি ভাবি আছিল হ’বলা। গতিকে মোক পাই ভালেই পোৱা যেন লাগিল। শুনা-নুশুনাকৈ
আকাৰে-ইংগিতে বায়ে তলফালৰ ষ্টেপলৈ এবাৰ চাই মোক উদ্দেশ্যি ক’লে,
“ৰাতি ছাৰ বাইদ’ দুইটাৰ কাইজাতে এইবোৰ বস্তু ভাঙিছি। আমি গম পাইছি তাইলোকৰ কথা-বাৰ্তাত, বহুদিন থেকে তাইলোক একেলগে একটা ৰুমে না থাকে। এহ্‌! আমিয়েই ঠিকে আছি বাইদ’। হাজ্‌ৰা কৰি খালেয়ো আমি একেলগে দুই মতা-মাইকী চেলেৰ সংগে সুখ-দুখ ভাগ কৰিয়া চলিছি। চৰকাৰে দিয়া সৰু ঘৰটাতে এখানেই বাঁহৰ চাঙীতে আমি পৰি থাকি। তাই আম্‌ৰা দুখ, কাইজা নাই। এইসব ধনী মানুষেৰ কথা আম্‌ৰা লগত না মিলে। ইহঁতি বাইৰত হাঁচি মাতি চলে, ভিত্‌ৰে এইমতন ঝগ্‌ৰা কৰে।”
বাইৰ ভগা ভগা অসমীয়াত কোৱা কথাখিনি শুনি মোৰ চকু বহলকৈ মেল খালে আৰু লগে লগে মোৰ আগত হুৰহুৰাই বাগৰি পৰিবলৈ ধৰিলে পুষ্পাহঁতৰ ঘৰৰ সুউচ্চ দেৱাল। ঝুল্‌না থকা বাগনভেলিয়াৰ চালিখনলৈ ওপৰৰপৰাই দৃষ্টি নিক্ষেপ কৰিলোঁ। বেলিফুলৰ গছজোপাৰ ডাঙৰ ফুলটো ৰাতিৰ বৰষুণে হাউলাই একেবাৰে তলমূৰীয়া কৰিছে, যেন ভীষণ লাজত মূৰ তুলি চোৱাৰ সাহস হেৰুৱাই পেলাইছে। সমুখৰ গোটেই ফুলনিৰ ফুলবোৰেই বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি, অসহায়!
এইখিনিতেই মই মোৰ গৱেষণাৰ সফল সমাপ্তি ঘটালোঁ। পুষ্পাৰ বিলাসী ঘৰ ইমানতেই ত্যাগ কৰাৰ সিদ্ধান্তৰে আৰু বায়ে পেলাই থৈ অহা টোপোলাটোৰ দৰেই ডাষ্টবিনস্থ কৰিলোঁ তাতেই, মোক ইমানদিনে দমন কৰি অহা ৰিপুটোক। সামৰি থ’লোঁ পুনৰাই অনুজিত, ৰজনীগন্ধাহঁতক মোৰ সমীক্ষাটোত ভৰাই অধ্যয়ন চলোৱাৰ তাগিদা। সমাজৰ যিসকলক মই ঈৰ্ষাৰ বৰঘৰত বহুৱাই ৰিপুটোৰ পদলেহনত ব্যস্ত আছিলোঁ, ব্যস্ত আছিলোঁ জীৱনটোক অনুযোগ অভিযোগেৰে ব্যতিব্যস্ত কৰি অসুখী সময়বোৰ বোকোচাত কঢ়িয়াই, অসুখৰ সেই সমস্ত গধুৰ বোজা দলিয়াই পেলালোঁ সমীক্ষাটোৰ শেষ সিদ্ধান্তৰূপে। অমিতাভ বুদ্ধক স্মৰণ কৰি কৰি নিজকে নিজে ক’লোঁ এতিয়া বোধোদয় হ’ল, বৰষুণৰ শেষত ফটফটীয়াকৈ ওলোৱা সূৰ্যটোৰ দৰেই। প্ৰথমটো ৰিপুঞ্জয় অভিযানত সফলতাৰ সন্তুষ্টিৰে কিৰিলিয়াই উঠিলোঁ। “মই মুকলি হ’লোঁ, মই মুকলি হ’লোঁ, মই মুকলি হ’লোঁ।”
পুনশ্চ: সেই ৰৌদ্ৰোজ্জ্বল পুৱাটিত ৰ’দকুৰা গালে-মুখে সানি প্ৰাপ্তিৰ বিশেষ আত্মতৃপ্তিৰে আকৌ এবাৰ স্বগতোক্তি কৰিলোঁ,
“অনুভৱেৰে জীপাল মই বা মৃগনাভেই দেখোন এই বহুৰূপী, বহুবল্কী, বহুৰঙী পৃথিৱীৰ কোনোবাখিনিত অনাঘ্ৰাত কেতেকীৰ দৰে অজ্ঞাতে ফুলি ৰোৱা, অথচ বহুতৰ বাবেই হ’বপৰা ঈৰ্ষণীয় ব্যক্তি।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!