জোতাৰ বাকচৰ প্ৰেম

লেখক- ৰূপম চৌধুৰী

 মেচত অনুমতি নোলোৱাকৈ সোমাই যাব পৰা বন্ধু। সোমাই গ’লো। দেখিলোঁ বন্ধুৱে খপজপকৈ মোৰ পৰা কিবা লুকুৱাব খুজিছে। সমুখত এটা খোলা ট্ৰাংক (আগতে পঢ়িবলৈ গৈ হোষ্টেল বা মেচত থাকিব লগা হ’লে সকলোৰে এনেকুৱা এটা ট্ৰাংক আছিল )। হাতত এটা জোতাৰ বাকচ। লুকুৱাব নোৱাৰিলে। 

 কি সেইটো? মই সুধিলোঁ।         চাবা নেকি? 

চাওঁ। চালো। দেখিলোঁ এবাকচ প্ৰেমপত্ৰ। 

পঢ়িবা নেকি? পঢ়া যদি পঢ়া। বন্ধুয়ে ক”লে। 

  পঢ়িলোঁ। বাহ: । ভাষাৰ কি বাহাৰ। আৱেগৰ কি জোৱাৰ। সুৰৰ কি লহৰ। কিন্তু জাপ মাৰি উঠিলো দ্বিতীয়খন চিঠি হাতত লৈ। হাৰে, আখৰ দেখোন বেলেগ। 

এইখন কি? কাৰ? 

অ’ সেইখন বেলেগ দিয়া। বেলেগ এজনীৰ। মূৰ খুজুৱাই বন্ধুৱে ক’লে। 

কিন্তু মই আকাশৰ পৰা পৰিলো আন এখন চিঠি হাতত লৈ। এইখনৰো আখৰ বেলেগ। দ্বিতীয় বাৰৰ বাবে চক খালো। 

  এইখনহে আচল। এতিয়াৰ। মানে ‘লেটেষ্ট’। লাজলাজকৈ বন্ধুৱে ক’লে। 

  এইখনতো ভাষাত সেই একেই ঝংকাৰ। বন্ধুক নাপালে এই ধুনীয়া ধৰা এৰি যোৱাৰ অৰ্থাৎ চুইচাইড কৰাৰ হুংকাৰ। 

  সকলো ঠিকেই আছিল কিন্তু শেষৰ ফালৰ এটা বাক্যত মোৰ চকু থৰ লাগিল। তাত স্পষ্টকৈ লিখা আছিল, বিশ্বাস কৰা ‘অমুকদা’, তুমিয়েই মোৰ শেষৰজন। 

 এই বাক্যটোক লৈ আমাৰ দুয়োৰে মাজত সন্ধিয়াৰ টিভিৰ “টক্ শ্ব’ৰ দৰে আধাঘণ্টামান বাদানুবাদ চলিল। মই ক’লো, চোৱাভাই তাই যিহেতু শেষৰজনৰ কথা কৈছে গতিকে তাত প্ৰথম বা মাজত কোনোবা থাকিব লাগিব। বা আছিল। কিন্তু বন্ধু নাচোৰবান্দা। যিকোনো ৰাজনৈতিক দলৰ মুখপাত্ৰৰ দৰে আকোৰগোজ। তেওঁৰ মতহে সত্য। কোনোমতে শুনিব নোখোজে। 

   মুঠতে তেওঁৰ মতে তেৱেঁই আদি, তেৱেঁই অন্ত। 

  ময়ো ভাবিলো। মইনো কিয় মোৰ অকাট্য আৰু সবল যুক্তিৰে এখন হব লগা সংসাৰ ভাঙো? তদুপৰি ছোৱালী জনীয়েও বগা কাগজত নীলা আখৰেৰে ডাঠ ডাঠকৈ লিখি দিছে, ‘তুমিয়েই মোৰ শেষৰজন’। মইনো তাত মাত মাতিবলৈ কোন? থাক্। 

 বহুদিনৰ পাছত এদিন তেওঁক ট্ৰেইনত লগ পালো। লগত পত্নী। বুজিছেই চাগে, পত্নী আগৰ তিনিজনীৰ এজনীও নহয়। 

  মোক দেখি তেওঁ উঠি আহি কাষত বহিল। খা-খবৰ লোৱাৰ পাছত মই লাহেকৈ সুধিলো, সেইজনীৰ কি খবৰ? 

 কোনজনীৰ? বন্ধুৱেও ধৰিব পৰা নাই মই বা কোনজনীৰ কথা সুধিছো। সেইজনীৰ, তোমাক যে কৈছিল, তুমিয়েই মোৰ শেষৰজন। 

ধেইই তুমিও যে আৰু বুলি মোৰ পিঠিত বন্ধুৱে ঢকা এটা মাৰিলে। 

ময়ো ভাবিলো, এইবিলাক বাকচৰ ভিতৰত ভৰাই থৈ দিয়া প্ৰেম। মইনো কিয় চাবি উলিয়াই তলা খুলিব লাগে। 

ধেইইইই—-।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!