জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা আৰু সৃষ্টিত নাৰীৰ গুৰুত্ব আৰু কিছু কথাঃ

লেখক- পুষ্পাঞ্জলি শিৱম শৰ্মা

 

 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এনে এটি নাম যি নিজৰ অপূৰ্ব সৃষ্টিশীলতা আৰু ৰচনাৰাজিৰে অসম আৰু ইয়াৰ সংস্কৃতি তথা ইতিহাসৰ পৃষ্ঠা সমৃদ্ধিশালী কৰি তোলা (১৯০৩-১৯৫১)মহীৰূহসকলৰ ভিতৰত অন্যতম হিচাপে জিলিকি আছে।

১৯২৬ চনৰ পৰা ১৯৩০ চনলৈকে আগৰৱালাদেৱে ইউৰোপত ইউৰোপীয় থিয়েটাৰৰ বিকাশ আৰু আধুনিক উন্নয়নৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু জাৰ্মানীৰ ইউনিভাৰ্চম ফিল্ম এ জি (বা ইউ এফ এ)ত চলচ্চিত্ৰ নিৰ্মাণৰ কলা কৌশল শিকিছিল।  

আগৰৱালাদেৱে তেওঁৰ শিক্ষাৰ বৰ্ণাঢ্যতা আৰু জ্ঞানৰ ব্যাপ্তি স্পষ্টকৈ নিজৰ নাটকসমূহত প্ৰতিফলিত কৰিবলৈ পূৰ্ণোদ্যমে প্ৰয়াস কৰিছিল। বিশেষকৈ সেই সময়ৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিক সাৰ কৰি লৈ আৰু জাতীয়তাবাদৰ অভ্যূদয়ৰ সৈতে সামঞ্জস্য ৰাখি নাটক নিৰ্মাণ কৰিছিল। তেওঁ  সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ তথা মিশ্ৰণৰ প্ৰতিও সচেতন আছিল। ভাৰতীয় আঞ্চলিক তথা স্থানীয় প্ৰভাৱ যুক্ত কৰি তেওঁৰ সৃষ্টিৰাজিক গতিশীলতা প্ৰদান কৰিছিল। 

   নাট্যকাৰ হিচাপে  জাকত জিলিকি থকা জ্যোতিপ্ৰসাদৰ নাটকসমূহৰ প্ৰধান উপকৰণবোৰ যুকিয়াই চালে এটি কথা স্পষ্টকৈ প্ৰতিফলিত হয় আৰু সেয়া হৈছে নাৰীৰ সৱল স্থিতি। তেওঁৰ সৰহসংখ্যক নাটকৰ নামকৰণতে নাৰীৰ অগ্ৰাধিকাৰৰ কথাটো প্ৰতিফলিত হয়। 

তাৰ ভিতৰত ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতা’, ‘নিমাতী কইনা’ইত্যাদি উল্লেখযোগ্য। জ্যোতিপ্ৰসাদৰ প্ৰায়কেইখন নাটকেই নায়িকা প্ৰধান কিছুমান কাহিনীক সামৰি আগবাঢ়িছে আৰু সেইবাবেই বোধকৰো নায়িকাৰ নামেৰেই তেওঁ নাটকৰ নামকৰণ কৰিছিল। 

নাটককে ধৰি অন্যান্য সৃষ্টিৰাজিতো তেওঁৰ দ্বাৰা অঙ্কিত নাৰীৰ প্ৰতিচ্ছবি আৰু চৰিত্ৰসমূহে সমাজত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰাটো পৰিলক্ষিত হয়।

     প্ৰধানকৈ অসমীয়া নাৰীৰ বৈশিষ্ট্য আৰু স্বভাৱ চৰিত্ৰক নায়িকাসকলৰ চৰিত্ৰৰ জৰিয়তে অতি আকৰ্ষণীয়কৈ উপস্থাপন কৰি সমাজৰ একোগৰাকী যোগ্য প্ৰতিনিধি হিচাপে বৰ্ণনা কৰিছিল। অসমীয়া নাৰীৰ চৰিত্ৰবোৰত সুন্দৰকৈ ফুটাই তুলিছিল ধৈৰ্য, ত্যাগ, সাহস, দৃঢ়তা, বুদ্ধি, কোমলতাৰ দৰে সংস্কাৰ তথা মূল্যবোধবোৰক। যাৰ বাবে তেওঁৰ সৃষ্টি বিভিন্ন চৰিত্ৰবোৰ অধিক জীৱন্ত হৈ সাধাৰণ জনতাৰ  কাষ চাপি যাবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে ‘শেৱালি’ যাক অঙ্কন কৰিছিল এগৰাকী কাৰেঙৰ লিগিৰীৰ ৰূপতহে। কিন্তু বিশাল মন তথা আত্মাৰ পৱিত্ৰ শক্তিৰ বাবে ৰাজকোঁৱৰৰ দৈহিক প্ৰেমকো শেৱালিয়ে সঁহাৰি দিয়া নাছিল। দেখাত সাধাৰণ কিন্তু শক্তিশালী চৰিত্ৰৰে শেৱালিক এগৰাকী অসামান্য নাৰী হিচাপে অঙ্কিত কৰি ৰাজ মহিষীৰ দৰে পদকো হাঁহিমুখে তুচ্ছজ্ঞান কৰিব পৰাকৈ তেওঁৰ চৰিত্ৰ আঁকিছিল। সেইগৰাকী শেৱালিয়ে নিজৰ প্ৰাণতকৈয়ো প্ৰিয় প্ৰেমাস্পদৰ মংগলৰ নিমিত্তে হাঁহি হাঁহি নিজৰ জীৱনকো আহুতি দিব পাৰে বুলি বৰ্ণিত কৰিছিল নাটকত। অন্য এটি চৰিত্ৰ ‘কাঞ্চন কুমাৰী’ৰ জৰিয়তে প্ৰকাশ পাইছে দৃঢ়মনা এগৰাকী তেজস্বিনী নাৰী। যাৰ সন্মুখত ৰাজদণ্ডাদেশো নতশিৰ হ’বলগীয়া হৈছিল। আনহাতে ৰূপালীমৰ দৰে এজনী নিঃসহায়, সৰল গাভৰু, যিয়ে স্বদেশ, প্ৰিয়জন আৰু জন্মদাতাৰ মংগলৰ বাবে 

নিজকে অনাকাংক্ষিতজনক সঁপি দিছিল৷ আগৰৱালাদেৱে অঙ্কিত কৰা এই শক্তিশালী নাৰী চৰিত্ৰসমূহে তেওঁৰ প্ৰতিখন নাটকক তুলি ধৰি যুগজয়ী নাটকৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।               উৎকৃষ্ট কাব্য ৰসেৰে সংপৃক্ত কৰি তাত সাহিত্যৰ যাদুকৰী ৰঙেৰে ৰং বুলাই আগৰৱালাদেৱে কেইবাখনো নাটক ৰচনা কৰিছিল যিবোৰ আজিও অতি জনপ্ৰিয়। এই যুগান্তকাৰী নাটক তথা অসমীয়া ছবিয়ে অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি নাৰীবাদী আন্দোলনৰ সূচনা কৰি অসমত এক সবল ভেটি গঢ়িবলৈ সক্ষম হৈছিল। 

    নক’লেও হ’ব যে মাত্ৰ ১৪ বছৰ বয়সতে শোণিতকুঁৱৰী নাটকখন ৰচনা কৰি বিৰল প্ৰতিভাৰ পৰিচয় দিছিল। লভিতা, কাৰেঙৰ লিগিৰী, ৰূপালীম আদিৰ দৰে নাৰী প্ৰধান নাটক ৰচনা কৰি  তেওঁ সমাজত নাৰীৰ স্থান শক্তিশালী কৰাত অৰিহণা যোগাইছিল। অৱশ্যে তেওঁৰ বাবে সেইসময়ত এই কাম ইমান সহজসাধ্যও নাছিল কাৰণ সেই সময়ত নাৰীয়ে ঘৰৰ বাহিৰলৈ ওলাই গৈ নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ যোৱাটো একপ্ৰকাৰৰ অসাধ্য সাধনৰ দৰেই আছিল৷ তাৰোপৰি পিতৃ তান্ত্ৰিক সমাজখনৰ বাবে সেয়া আছিল চূড়ান্ত অপৰাধ। সেই সময়তেই তেওঁ নাৰী চৰিত্ৰক মূল চৰিত্ৰ হিচাপে লৈ নাটক ৰচনা কৰি নাৰীৰ নামেৰেই নাটক কেইখন নামকৰণ কৰি যি সৎ সাহস দেখুৱাইছিল সেয়া এক বলিষ্ঠ পদক্ষেপ আছিল নাৰী সৱলীকৰণৰ ক্ষেত্ৰত৷ তেওঁ নিজৰ নাটকসমূহত নাৰী আৰু পুৰুষৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নৰখাকৈ সুন্দৰকৈ তুলি ধৰি এক বৈষম্যমূলক সমাজৰ বিপৰীতে শক্তিশালী কণ্ঠৰে মাত মাতি গৈছিল। নাটকত ৰূপায়িত চৰিত্ৰসমূহৰ মাজত লিংগবৈষম্যক স্থান নিদি তাত নাৰী চৰিত্ৰসমূহত নাৰীৰ শক্তিক এক উৰ্দ্ধগামী পৰ্যায়লৈ লৈ যোৱাত তেওঁ সফল হৈছিল। ‘ভাবিকালৰ সংস্কৃতি’, ‘আইদেউৰ জোনাকী বাট’ আদিৰ দৰে নাৰী সৱলীকৰণৰ প্ৰবন্ধটো তেওঁ নাৰীমুক্তিৰ বাবে যথেষ্ট কথা উল্লেখ কৰি গৈছে যি সময়ৰ পাতত এক শক্তিশালী স্বাক্ষৰ হৈ ৰ’ব। তেওঁ কৈছিল “শিল্পীয়ে, সাহিত্যিকে, অধ্যাপকে সংস্কৃতি বুলি চিঞৰি দেশ তল ওপৰ কৰিছে। কিন্তু দুৰ্নীতিৰ ৰাজত্ব শেষ নাই। শেষ হৈছেগৈ মাতৃসকল। আজি যদি মাতৃসকলে এই মহিষাসুৰক বিনাশ কৰিব নোৱাৰে, তেন্তে ভাৰতত নতুন সংস্কৃতি ৰচনা কৰিবলৈ ওলোৱাটো মাত্ৰ বলিয়ালিহে হ’ব।” 

চৰিত্ৰসমূহৰ  ৰূপায়ণত তেওঁৰ বুদ্ধিমত্তা কল্পনা আৰু জ্ঞান প্ৰতিফলিত হৈছিল। উদাহৰণস্বৰূপে কব পাৰি ৰূপালীমত মায়াব’ যি নেকি ৰূপালীমৰ প্ৰেমিক আছিল তাত তেওঁৰ ৰং-বৰ্ণক ‘বিছনিংছ-হুইড’ বুলি উল্লেখ কৰিছে। চীন-তিব্বতী ভাষা পৰিয়ালৰ অন্তৰ্গত অসমৰ বহু জনগোষ্ঠীয় লোকৰ বৈশিষ্ট্যৰে সংপৃক্ত এই চৰিত্ৰত জনগোষ্ঠীয় ছবি অতি সুন্দৰকৈ প্ৰতিফলিত হৈছে। তেওঁৰ নাটকৰ চৰিত্ৰ ৰুক্মি ৰজাৰ ৰাজপ্ৰাসাদত চীনা ফানুছ আৰু মণিমুগ্ধৰ ৰাজ্যত বৌদ্ধ স্থাপত্যৰো অতি সুনিপুণ উল্লেখ কৰি গৈছে আগৰৱালাদেৱে৷ 

   ৰূপালীম, কাৰেঙৰ লিগিৰী আৰু লভিতাৰ দৰে নাটকত কাহিনী ইমান সুন্দৰকৈ আগবঢ়াই নিছে যে  ইয়াৰ সম্প্ৰদায়, ইয়াৰ অতীত ইতিহাস আৰু সম্ভাৱ্য ভৱিষ্যতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি  কেনেকৈ কল্পনা কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰা হৈছে। এই নাটকসমূহৰ জৰিয়তে আগৰৱালাই দেখুৱাইছে যে কেনেকৈ জাতীয়তাবাদ কেৱল ক্ষমতাত থকা মানুহৰ বাবে নহয় বৰঞ্চ ই সমাজৰ সাধাৰণ পুৰুষ-মহিলাৰ জীৱনতো উল্লেখযোগ্য উপস্থিতি আৰু তাৎপৰ্য বহন কৰে। আপাত দৃষ্টিত তুচ্ছ যেন লগা মানুহবোৰো সিমানেই তাৎপৰ্যপূৰ্ণ বাস্তৱক প্ৰতিনিধিত্ব কৰি জীয়াই থাকে। লগতে, লিংগ, অৰ্থনৈতিক আৰু সামাজিক পাৰ্থক্য নিৰ্বিশেষে  সাংস্কৃতিক ঐতিহাসিক স্থান দখল কৰা প্ৰতিজন ব্যক্তিয়ে  জাতীয়তাবাদী ভৱিষ্যত আখ্যানৰ অংশ হ’ব পাৰে আৰু যাৰ বাবে নাৰীসকলৰ শক্তিশালী অংশীদাৰিত্বৰে তেওঁ সৃষ্টিবোৰক তুলি ধৰিছে। নাটকসমূহত জ্যোতিপ্ৰসাদ আগৰৱালাই দেখুৱাইছে জনসাধাৰণে একত্ৰিত হ’লে কেনেকৈ স্বৈৰাচাৰী শাসনক অনায়াসে প্ৰতিহত কৰিব পাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্ৰিয় নাটক  লভিতাত ইয়াৰ মুখ্য চৰিত্ৰ লভিতা বৰুৱাৰ জীৱন যৌৱনৰ ভিন্ন অভিজ্ঞতাৰ জৰিয়তে উক্ত বৈচিত্ৰ্যপূৰ্ণ ধাৰণাসমূহৰ সফল চিত্ৰায়ণ কৰা হৈছে। উল্লেখযোগ্য যে এই নাটকখন ১৯৪৮ চনত মৰণোত্তৰভাৱেহে প্ৰকাশ পাইছিল। 

     নাটকখনৰ কাহিনী অনুসৰি লভিতা হৈছে ফুলগুৰি গাঁৱৰ এগৰাকী কণমানি ছোৱালী। যুদ্ধ চলি থকাত পিতৃৰ নিজৰ চোতালতে মৃত্যু হয় আৰু লভিতায়ো উপায়ন্তৰ হৈ আন হাজাৰ হাজাৰ লোকৰ লগতে নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হয়। তাইৰ প্ৰেমিক গোলাপে তাইক মৌজাদাৰৰ ঘৰত থকাৰ ব্যৱস্থা কৰিছিল। কিন্তু স্বাধীন মনৰ লভিতাই ঘৰৰ মালিকৰ অভৱ্য আচৰণ আৰু কু-ব্যৱহাৰত শংকিত হয় আৰু থাকিবলৈ অস্বীকাৰ কৰে। সুযোগ বুজি তাই সেই ঘৰ এৰি পলাই যায় আৰু ভাগ্যৰ পাকচক্ৰত পৰি এজন বৃদ্ধ মুছলমান ভদ্ৰলোকৰ ঘৰত থাকিবলৈ লয়। কিন্তু দূৰ্ভাগ্যই তাইক তাতো পিছ নেৰিলে। সামাজিক নিন্দা তথা অপযশৰ ভয়ত প্ৰেমিক গোলাপে লভিতাক গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰে। শেষত তাই নিজকে সেই সম্পৰ্কৰ পৰা মুক্ত কৰি ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত এগৰাকী  নাৰ্ছ হিচাপে যোগদান কৰে। ইফালে তাতো তাইক আন কেইজনমান লোকৰ সৈতে জাপানীসেনা আৰু আই এন এ বাহিনীয়ে বন্দী কৰি নিয়ে। অৱশেষত তাই আই এন এৰ নাৰ্ছ হৈ সেৱা আগবঢ়াই যোৱাত মনোনিৱেশ কৰে৷ শেষ খণ্ডত লভিতাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে অস্ত্ৰ তুলি লয় আৰু যুঁজি যুঁজি যুদ্ধক্ষেত্ৰত স্বাধীনতাৰ সপোন দেখি মৃত্যুবৰণ কৰে আৰু কাহিনীটোৰ এইদৰেই কৰুণ সমাপ্তি ঘটে। 

     লভিতাত আগৰৱালাদেৱে প্ৰথমতে এক নিভাঁজ অসমীয়া সমাজৰ বিস্তৃত বৰ্ণালীৰে চৰিত্ৰবোৰ অঁকাৰ প্ৰয়াস কৰা দেখা গৈছে৷ সাধাৰণ গাঁওবাসীৰপৰা আৰম্ভ কৰি মৌজাদাৰ আৰু গাঁওবুঢ়াৰ দৰে  অভিজাত শ্ৰেণীলৈকে,  ব্যৱসায়ী, পুলিচ কনিষ্টবল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বেচ্ছাসেৱক, যুদ্ধত চিকিৎসা সেৱাত নিয়োজিত চিকিৎসক আৰু নাৰ্ছলৈকে সকলোবোৰ চৰিত্ৰ কাহিনীৰ প্ৰয়োজন অনুসাৰে অতি মসৃণভাৱে আগবঢ়াই নি এক কৰুণ সমাপ্তি দেখুৱাইছে। তদুপৰি আই এন এৰ এগৰাকী অসমীয়া নেতাই লভিতা আৰু অন্য নাৰ্ছক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজত যোগদান কৰিবলৈ প্ৰেৰণা দিয়াৰ দৰে সৰু সৰু ৰাজনীতি মিশ্ৰিত কথাৰো অৱতাৰণা হৈছে নাটকখনত। কিন্তু সকলোৰে শেষত লভিতাৰ চৰিত্ৰটোৰ জৰিয়তে এগৰাকী সহজ সৰল গাৱঁলীয়া নাৰীয়েও সময়ত শক্তিশালী স্থিতি গ্ৰহণ কৰি নিজ জীৱন তথা দেশৰ স্বাধীনতাৰ হকে কৰা সৱল সংগ্ৰামক প্ৰতিনিধিত্ব কৰাৰ দিশতহে অধিক গুৰুত্ব দিছিল তেওঁ। এই উদ্দেশ্য সফল কৰাত আগৰৱালাদেৱ সক্ষম হৈছিল। নাট্যকাৰে তেওঁৰ সাৱলীল ৰচনাৰ জৰিয়তে প্ৰকাশ কৰিছে যে পৃথিৱীৰ সাধাৰণ পুৰুষ-মহিলাৰ ব্যক্তিগত স্বাধীনতাক কিদৰে এচাম ক্ষমতালোভী ব্যক্তিয়ে পদানত কৰি ৰাখে। দেশৰ স্বাধীনতা সংগ্ৰামত সকলো বয়সৰ আৰু সকলো শ্ৰেণীৰ লাখ লাখ পুৰুষ-মহিলাই প্ৰতিৰোধৰ প্ৰস্তাৱ আগবঢ়াইছিল, যন্ত্ৰণা আৰু দুখ-কষ্ট সহ্য কৰিছিল। ইয়াত তেওঁলোকৰ অভিজ্ঞতা আৰু স্বাধীনতাৰ সন্ধান সামূহিক অভিজ্ঞতাৰ অংশ আছিল। লভিতাৰ অভিজ্ঞতা আৰু তাইৰ জীৱনৰ লগত জড়িত বিভিন্ন চৰিত্ৰৰ সৈতে হোৱা মুখামুখিৰ জৰিয়তে জ্যোতিপ্ৰসাদে সেই সময়ৰ সাংস্কৃতিক মতাদৰ্শক উজ্জ্বল কৰি তুলিব পাৰিছিল।

    লভিতাৰ চৰিত্ৰৰে আগৰৱালাই অঙ্কিত কৰিছিল এগৰাকী অবলা যেন বোধ হোৱা নাৰীৰ সময়ৰ আঁচোৰৰপৰা পৰিত্ৰাণ পোৱাৰ প্ৰচেষ্টাৰ আলেখ্য। য’ত তাই নিজৰ লগতে হাজাৰ হাজাৰ লোকক  আগুৱাই যাবলৈ পথ দেখুওৱাৰ  চেষ্টা কৰিছে।লভিতাত দেখুওৱাৰ দৰে সকলোবোৰ কথা আৰু ঘটনাই যেন ব্যক্তিগত স্বাধীনতাৰ তুলনাত ক্ষুদ্ৰ হৈ পৰে আৰু স্বাভিমানী হৈ বন্দীত্বৰ শিকলি চিঙি মুকলি হৈ অশেষ প্ৰচেষ্টাৰে লভিতা উন্নীত হৈ ওলাই আহে। অসমীয়া ঐতিহ্যক লৈ গৌৰৱ অনুভৱ কৰি এগৰাকী অসমীয়া ছোৱালীৰ শক্তিক দৃঢ়তাৰে দোহাৰি নাটকৰ শেষত তাই নিজৰ জীৱন হেৰুৱায়।কাৰণ জাপানী আৰু আই এন এৰ শক্তিক ব্ৰিটিছ আৰু আমেৰিকান বাহিনীয়ে পৰাস্ত কৰে। অৱশ্যে নাটকখনত অৱশেষত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাটোও দেখুওৱা হৈছিল। কিন্তু লভিতা নাটকৰ মুখ্য উদ্দেশ্য আছিল পৰিৱৰ্তিত পৰিস্থিতিত  কিদৰে এগৰাকী অসহায় নাৰীয়ে ধৈৰ্য্য নেহেৰুৱাই কঠিন যদিও আত্মসমৰ্পণ নকৰি স্বাধীন পথ বাছি লৈ নিজকে অনন্য ৰূপত প্ৰতিফলিত কৰিলে সেই কথা প্ৰকাশ কৰা। মূলতঃ আগৰৱালাদেৱে অতি বিচক্ষণতাৰে লভিতা চৰিত্ৰটিৰে দৰ্শকক সোঁৱৰাই দিছে যে দেশৰ স্বাধীনতাৰ বৃহত্তৰ সাধনাবোৰ বাস্তৱায়িত হ’ব পাৰিছিল নিজ দেশৰে সাধাৰণ কিন্তু অসাধাৰণ  লভিতাৰ দৰে নাৰীসকলৰ ব্যক্তিগত ত্যাগৰ দ্বাৰাহে। 

    তেওঁৰ অন্য এখন নাটক “শোণিতকুঁৱৰী’’ত আমি প্ৰত্যক্ষ কৰিব পাৰোঁ যে নাটকখনত ঊষা-অনিৰুদ্ধৰ কাহিনীয়েই মূল যদিও চিত্ৰলেখাৰ চৰিত্ৰটি নাট্যকাৰে  আৰম্ভণিৰপৰায়ে জীৱন্ত কৰি ৰাখিছে। উক্ত নাৰী চৰিত্ৰটিক নাটকখনৰ সূত্ৰধাৰ হিচাপে  বৰ্ণনা কৰি নাৰীৰ আসনখন সমাজৰ দৃষ্টিত আৰু এঢাপ তুলি ধৰিছে। এই চৰিত্ৰটিৰ দ্বাৰা নাট্যকাৰে বুজাব বিচাৰিছে যে, “হে নিষ্পেষিত নাৰী! তোমালোক পুৰুষৰ অভৱ্য বন্দীশালৰ দুৱাৰ ভাঙি ওলাই আহি সমাজ সংস্কাৰত আগভাগ লোৱা, নিজক প্ৰতিষ্ঠা কৰা, সমাজ আৰু পৰিয়াল পৰিচালনাত তোমালোকে নিজকে নিয়োগ কৰা।” ইয়াত নাট্যকাৰে চৰিত্ৰটিৰ দ্বাৰা নাৰীক আহ্বান জনাইছে যে কঠোৰ সংস্কাৰ বিমুখ এই সমাজৰ বাধা নেওচি নিজকে নতুন জীৱনৰ অৱগাহনৰে ৰং তুলিকা হাতত লৈ চিত্ৰশিল্পী, নৃত্যপটিয়সী আদি গুণেৰে সমৃদ্ধ কৰি একো একোগৰাকী দায়িত্বশীল নাৰী হিচাপে প্ৰতিষ্ঠা কৰক। 

    জ্যোতি প্ৰসাদৰ নাৰী চৰিত্ৰকেইটাত প্ৰতিফলিত হয় নাৰীৰ অপৰিসীম প্ৰভাৱ আৰু ভূমিকা তেওঁৰ  সৃষ্টিৰ প্ৰেৰণাৰ উৎস আছিল। নিজ মাতৃ কিৰণময়ীৰ ব্যক্তিত্বই আগৰৱালাদেৱক অতি প্ৰভাৱিত কৰিছিল। মাতৃৰ প্ৰতি থকা সন্মান আৰু আকৰ্ষণৰ বাবেই তেওঁ তেওঁৰ সৃষ্টিত নাৰী চৰিত্ৰসমূহৰ সফল অংকন কৰিব পাৰিছিল। নাৰীৰ স্বাভাৱিক গুণৰাজিক জীৱন্ত ৰূপত ফুটাই তুলি নাট্যজগতত তেওঁ সৃষ্টি কৰিছিল শেৱালি, কাঞ্চন কুমাৰী, ৰূপালীম, ইতিভেন, লভিতা আদিৰ দৰে কালজয়ী আৰু শক্তিশালী নাৰী চৰিত্ৰ। নাৰী চৰিত্ৰৰ  বিবিধতাৰ সফল অংকনেৰে জ্যোতি প্ৰসাদে সৰ্বকালৰ এজন শ্ৰেষ্ঠ নাট্যকাৰৰূপে স্বীকৃতি লাভ কৰিছে। 

     বাস্তৱ জীৱনতো আগৰৱালাদেৱৰ দ্বাৰা আৱিষ্কৃত মোহিনী ৰাজকুমাৰী কাৰ্পণ্যবিহীনভাৱে উল্লেখ কৰিব পৰা এক উৎকৃষ্ট উদাহৰণ। যাৰ বাবে তেওঁক বিশেষভাৱে কৃতজ্ঞতা জনাবই লাগিব। কিয়নো আগৰৱালাদেৱে সেই সময়তে তেনে এগৰাকী নাৰীক প্ৰতিষ্ঠা কৰি সমগ্ৰ নাৰী জাতিক সন্মান জনাই থৈ গৈছে আৰু এটি উদাহৰণ দি থৈ গৈছে যে নাৰী কিমান সক্ষম আৰু শক্তিশালী। ‘জয়মতীৰ’ ৰাজমাওৰ চৰিত্ৰটিত মোহিনী ৰাজকুমাৰীয়ে যি অভিনয় কৰিছিল সেয়া আজিও অসাধাৰণ। আনহাতে, ডালিমী চৰিত্ৰটোত অভিনয় কৰিছিল জ্যোতি প্ৰসাদৰ অন্য এগৰাকী চাঞ্চল্যকৰ আৱিষ্কাৰ জ্যোতি বৰুৱা নামৰ যুৱতী এগৰাকীয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই আদৰ্শবান মহান মহিলাকেইগৰাকী কথা ছবিত অভিনয় কৰাৰ বাবেই  নানা দুখ দুৰ্দশা আৰু হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ নিজৰ ঘৰতে পৰিয়ালৰ মাজত তেওঁলোকৰ কোনো স্থান নাছিল। সমাজে এঘৰীয়া কৰিছিল আৰু  মানুহ হৈয়ো গোহালি ঘৰৰ এচুকতহে পৰি থাকিবলগীয়া হৈছিল৷ সমাজৰ লগত উঠা বহা আৰু জুই পানী পৰ্যন্ত নিষেধ কৰি দিয়াৰ লগতে তেওঁলোক আজীৱন লাঞ্ছনা-গঞ্জনাৰে অবিবাহিতা হৈয়ে থাকি গ’ল। কিন্তু অসমীয়া কথাছবিৰ জন্মলগ্নত এই তিনিগৰাকী নাৰীৰ যি সাহসী ভূমিকা আৰু অৰিহণা সেয়া অসমৰ সাংস্কৃতিক ইতিহাসত মচিব নোৱাৰাকৈ সোণোৱালী আখৰৰে লিখা থাকিব। আনহাতে, কথাছবি নিৰ্মাণৰ সময়ত হাৰাশাস্তি আৰু আহুকালৰ সন্মুখীন হৈয়ো হাৰ নামানি দৃঢ় প্ৰতিজ্ঞ হৈ মহিলা শিল্পী বিচাৰি আনি  ছবি নিৰ্মাণ কৰি জাতিক গৌৰৱাম্বিত কৰা ৰূপকোঁৱৰজন সদায়েই নমস্য হৈ থাকিব। 

     নাৰীয়ে যে নিজৰ সৃষ্টি কৰ্মৰ মাজেৰে সাংস্কৃতিক জগতখনতো আত্ম প্ৰতিষ্ঠা লাভ কৰাৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি সকলো দিশতে  নাৰী জাতিয়ে নিজ নিজ কৰ্ম শক্তিৰে আদৰ্শ প্ৰতিষ্ঠা কৰি নিজক উজ্জ্বলাই তুলিব পাৰে সেই কথা আগৰৱালাদেৱে হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিছিল। সেইবাবেই বোধকৰো সেই সময়তে নাৰীৰ সবলীকৰণ আৰু সশক্তিকৰণৰ বাবে তেওঁ যি কাম  কৰি থৈ গ’ল তাৰ আধাৰতেই স্পষ্টকৈ ক’ব পাৰি জ্যোতি প্ৰসাদ আগৰৱালা এগৰাকী  নাৰীবাদী পুৰুষ আছিল। প্ৰকৃতাৰ্থত নাৰী সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তেওঁ যি আদৰ্শ প্ৰস্তুত কৰি থৈ গ’ল ,সেয়া সদায় অনুকৰণীয় হৈ ৰ’ব। 

     জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰধান নাট ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’ আৰু ‘লভিতা’ত চৰিত্ৰায়িত নাৰী চৰিত্ৰসমূহৰ জৰিয়তে অসমীয়া নাৰীৰ অপৰিসীম শক্তি, দৃঢ়তা আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকে গ্ৰহণ কৰা  ভূমিকা বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। 

 ভাষিক আৰু সাংস্কৃতিক বিকাশত সৃষ্টিশীল অৱদানেৰে নিজৰ অস্তিত্ব আৰু স্থিতি বৰ্তাই ৰাখি অসমভূমিক শীৰ্ষ পৰ্যায়লৈ বাট দেখুৱাই নিয়াত এই মহান শিল্পীগৰাকীয়ে যি আগভাগ লৈছিল সেয়া ইতিহাসত সদায় স্মৰণীয় হৈ ৰ’ব৷




content

content

content

content

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!