বড়া খানা
লেখক- তাপস দত্ত
মাজনীহঁতৰ ঘৰত আজি বড়া খানা। বাপেক আৰু জীয়েক মাজনীয়ে কয় বড়া খানা। মাজনীৰ মাকে কয় বৰভোজ আৰু থুনুক থানাক মাতেৰে ঠৰক বৰক খোজেৰে তিনিবছৰীয়া ভায়েকৰ মুখত ফুটে বলবোজ(বৰভোজ)। এইটো সঁচাকৈয়ে বৰভোজ অথবা বড়া খানা। হীৰেন আৰু সুভদ্ৰাৰ জীয়েক মাজনীয়ে বহুদিনৰে পৰা মনতে এটা হেঁপাহ পুহি ৰাখিছিল।
হীৰেনৰ এখন সৰু দোকান আছে আৰু সি এজন বৰ ভাল কাৰিকৰ। কাৰিকৰ মানে বিধে বিধে ব্যঞ্জন ৰান্ধিব পৰা কাৰিকৰ। সি অ’ত ত’ত প্ৰায়েই বিয়াই সবাহে খানা বনাবলৈ গৈ থাকে। তাৰ ভাষাত বড়া খানা। সি নথকা সময়কণত সুভদ্ৰাই দোকানখনত বহে। লগত মাজনী আৰু কোলাত ল’ৰাটো।
মাজনীয়ে তেনেকুৱা এটা বড়া খানা খোৱাৰ হেঁপাহ কৰে। আনৰ ঘৰত নহয়। নিজৰ ঘৰত। আনৰ ঘৰত খাবলৈ গ’লে তাইক বহুত সময় ৰৈ থকাৰ পিছতহে খাবলৈ মাতে। খাবলৈও দিয়ে ঠাণ্ডা লুচি আৰু চেঁচা তৰকাৰী। মিঠাই আদিবোৰ কেতিয়াবা শেষ হ’ল বুলিয়েই কৈ দিয়ে। তাইৰ বৰ বেয়া লাগে। দেউতাকে নিজ হাতেৰে ৰন্ধা গৰম গৰম লুচি-ভাজি, তৰকাৰী, বুটৰ ডাইল সকলোৱে টকালি পাৰি খায়। অথচ তাই আৰু মাকেহে ভালকৈ গৰমে গৰমে খাবলৈ নাপায়। কেতিয়াবা আনকি বহি খাবলৈও নাপায়। পাত এখনতে টোপোলা কৰি দিয়ে। লুচি-তৰকাৰী চব মিহলি হৈ যায়। গতিকে ঘৰত বাপেক-মাকৰ আগত তাইৰ জোৰদাৰ দাবী। ঘৰতেই বড়া খানা আয়োজন কৰিব এদিন। তায়েই হ’ব মুখ্য অতিথি। মাক-দেউতাকৰ সৈতে একেলগে বহি গৰমে গৰমে পৰিবেশন কৰা খাদ্যৰ সোৱাদ ল’ব। ভায়েকক অৱশ্যে মাকে অলপমান খুৱাই দিব। সিটো বেছিভাগ গাখীৰেই খাই থাকে।
বাপেক-মাকে জীয়েকৰ চখ পূৰণ কৰিবলৈ মন কৰিলেও ক্ষন্তেকৰ ভিতৰতে কৰিব পৰাকৈ তেনে কোনো ব্যৱস্থা নাছিল। হীৰেন আৰু সুভদ্ৰাই মহানগৰীৰ মাজতে থকা অট্টালিকা এটাৰ পিছফালে টিনৰ চালিৰে সৈতে দুটা কোঠাৰ এটা সৰু ভাৰাঘৰত থাকে। দোকানৰ ভাৰা, ঘৰৰ ভাৰা আদি পৰিশোধ কৰাৰ পিছত ৰৈ যোৱা টকাৰেই অলপ অলপকৈ সাঁচি অৱশেষত সেই দিনটো আহিল যাৰ বাবে মাজনীয়ে আশাৰে ৰৈ আছিল।
সকলো আয়োজন হৈ গ’ল। খৰিৰ জুইত ৰন্ধা বুটৰ ডাইল আৰু পটল-আলুৰ তৰকাৰীৰ গোন্ধৰে সিহঁতৰ দুটা কোঠালীৰ ঘৰটো বিয়াঘৰৰ দৰেই আমোলমোলাই আছে। তদুপৰি আছে বিলাহীৰ অম্বল। শেষত খাবলৈ দৈ ৰসগোল্লা। লুচিখিনি বাপেকে খোৱাৰ ঠিক আগে আগে কেৰাহীত ভাজি ল’ব। মাজনীয়ে উলাহতে ইফালে সিফালে নাচি বাগি জঁপিয়াই ফুৰিছে। আজি নিজৰ ঘৰতে বড়া খানা। তাই যিহকেই মন যায় আৰু যিমান মন যায় খাব পাৰিব। তাকো গৰমে গৰমে। তাইৰ মনত ধোঁৱা উৰি থকা ফুলা লুচি এখনৰ ছবি বাৰে বাৰে ভাহি উঠিছে। তেনেতে বাহিৰৰ পৰা কোনোবাই মাত লগালে।
মাজনীৰ খুৰাক আহিছে গাঁৱৰ পৰা। লগতে বন্ধু এজন। খুৰাক মাজে মাজে আহি থাকে। কেতিয়াবা ৰাতি থাকিও যায়। মাজনীয়েও খুৰাক আহিলে ভাল পায়। খুৰাক থকা দিনটোত বিশেষ অসুবিধা নাথাকিলে বাপেকে প্ৰায়ে মাছ অথবা মাংস আনে। পিছে আজি এই বিশেষ দিনটোত খুৰাকৰ উপস্থিতি তাইৰ বাবে বৰ সুখকৰ নহয়। তাতে লগতে খুৰাকৰ বন্ধু এজনো আহিছে। মাজনীয়ে জানে যে খাদ্যবস্তুৰ পৰিমাণ সীমিত। খুৰাক আৰু বন্ধুজনে ভালকৈ খাওঁ বুলিলে সিহঁতৰ বাবে কিবা থাকিবগৈ নে? তাতে খুৰাক খোৱাতো ভাল। লগতে তেওঁৰ বন্ধুজনো শকত-আৱত। খুৰাকহঁত বহি আছে। প্ৰথমে তামোল খালে। তাৰ পিছত চাহ। চাহ খাই আকৌ তামোল একোখন মুখত ভৰাই কথা পাতি আছে। অৱশেষত মাকৰ মুখৰ পৰা সেইষাৰ কথাই ওলাল যাৰ বাবে মাজনীয়ে ভয় খাই আছিল।
: খোৱাৰ যোগাৰ কৰিছোঁ। তোমালোকে খাই যাবা।
বেৰৰ সিপাৰে মাজনীৰ চকুহাল চলচলীয়া হৈ পৰিল। তথাপি তাই খুৰাকৰ উত্তৰটো শুনিবলৈ ৰৈ থাকিল।
: আমি খায়েই আহিছোঁ। আকৌ এবাৰ খাবলৈ পেটত ঠায়েই নাই। আমি এতিয়া যাওঁগৈ। ৰাতি ইহঁতৰ বায়েকৰ ঘৰতে থাকি ৰাতিপুৱা ঘৰলৈ ঘূৰি যাম। ।
খুৰাকহঁত যোৱাৰ পিছত বাপেকে লুচি ভাজিবলৈ যোগাৰ কৰিলে। মাকে শোৱাকোঠাটোৰ ভিতৰলৈ সোমাই আহি চলচলীয়া চকুৰে মাজনীক দেখি আচৰিত হ’ল।
: তোৰ আকৌ কি হ’ল?
: একো হোৱা নাই।
মাজনীয়ে মাকক সাৱটি ধৰিলে। মাকো মৰমেৰে তাইৰ পিঠিখন মোহাৰি দিলে। আনটো কোঠাৰ পৰা দেউতাকে ইতিমধ্যে কেৰাহীত গৰম গৰম লুচি ভজাৰ শব্দ ভাহি আহিল।
আজি মাজনীহঁতৰ ঘৰত বড়া খানা।
