বন্ধুৰ ঘটকালি

লেখক- আদিত্য দোলাকাষৰীয়া

জিতেন বৰুৱাৰ চৰকাৰী চাকৰিয়াল ল’ৰাটোৰ বিয়া পাতিবৰ বয়স হোৱাত ল’ৰালৈ ছোৱালী বিয়া দিবলৈ ইঘৰ সিঘৰৰ পৰা প্ৰস্তাৱ আহিবলৈ ধৰিলে। বৰুৱাই পিছে পুতেকৰ বাবে পোনে পোনে ছোৱালী চাবলৈ গৈ পিছত কিবা কাৰণত ছোৱালী পচন্দ নহ’লে ছোৱালীঘৰে এনেয়ে মানসিক কষ্ট পাব বুলি ভাবি নিজে যোৱাতকৈ আগতীয়াকৈ কাৰোবাৰ হতুৱাই মানুহ কেইঘৰৰ কিছু আলেখ-লেখ জানিলৈ তাৰ পিছতহে উপযুক্ত হ’ব বুলি ভবা ঘৰলৈ নিজে পৰিবাৰসহ যোৱাতো উচিত হ’ব বুলি ভাবিলে। ইয়াৰ বাবে নিজৰ পৰম মিত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পৰাগ দত্তকে এই কামৰ দায়িত্ব দিলে। দত্তয়ো পৰম বন্ধুৰ অনুৰোধ ৰক্ষা কৰি প্ৰথমে প্ৰস্তাৱ দিয়া মানুহ ঘৰৰে সবিশেষ আগতে ল’বলৈ ঠিক কৰিলে। সেইমতে নিজে ছোৱালীৰ ঘৰলৈ গৈ লগতে বিশেষ সূত্ৰৰ যোগেদিও মানুহঘৰৰ সবিশেষ লৈ আহি বৰুৱাক জনালেহি বোলে সখা, তুমি চাবলৈ পঠোৱা ছোৱালীজনীৰ ভূগোল বৰ ভাল পিছে বুৰঞ্জীহে বৰ সুবিধাজনক নহয় বুলি গম পালো। ঘৰখন অৰ্থশাস্ত্ৰত অলপ দুৰ্বল যদিও ছোৱালীৰ বাপেক গণিতশাস্ত্ৰত ভাল কাৰণে ঘৰখন ঠিকেই চলি আছে। ছোৱালীৰ মাক আকৌ ৰাজনীতি বিজ্ঞানত বৰ পাকৈত বুলি গম পালো। ওচৰ চুবুৰীয়াৰ মতে ঘৰখন সমাজশাস্ত্ৰত বৰ ভাল নহয় যিহেতু শিক্ষা বিষয়ত যথেষ্ট দুৰ্বলতা আছে। অৱশ্যে পৰিসংখ্যা বিজ্ঞানৰ মতে গড় উলিয়াবলৈ গ’লে ফলাফল ইমান বেয়া নহব যেন লাগে তাতে পদাৰ্থ বিজ্ঞানৰ সূত্ৰমতে ধনাত্মক আৰু ঋণাত্মক মেৰুৰ সংযোগতহে বৈদ্যুতিক বাল্বে পোহৰ দিয়ে নে কি কোৱা? সেয়েহে বিয়াখন যদি পাতিব খোজা তেন্তে অতিথি আপ্যায়নৰ বাবে জীৱবিজ্ঞানৰ সকলোসামগ্ৰী ওচৰৰ দৈনিক বজাৰখনতে উপলদ্ধ হৈ আছেই এতিয়া তুমি ৰসায়ন বিজ্ঞানৰ সূত্ৰমতে দুয়োটা পৰিয়ালৰ সবিশেষখিনি একত্ৰিত কৰি তোমাৰ মগজুৰ পৰীক্ষাগাৰত ৰসায়নিক বিক্ৰিয়া ঘটাই এটা উচিত সিদ্ধান্ত প্ৰস্তুত কৰিব পাৰা। বন্ধুৰ কথা শুনি বৰুৱাই বোলে, হ’ব বন্ধু ইমানখিনি কষ্ট কৰাৰ বাবে তোমাক অশেষ ধন্যবাদ, এতিয়া মই অলপ সময়লৈ গোটেই কথাখিনি দৰ্শনশাস্ত্ৰ মতে বিচাৰ কৰি চাওঁ। সদ্যহতে বাকী কেইঘৰলৈ তুমি এতিয়াই যাব নালাগে পিছত যাব লগা হ’লে কেতিয়া যাব লাগিব মই তোমাক জনাম দেই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!