বিষাদ বিলাস
লেখক- অংগনা ভট্টাচাৰ্য্য
জীৱন এক মনোময় বিভ্ৰম নিশ্চয় নহয়৷ জীৱনত দৃশ্য অথবা অদৃশ্য অনেক ভ্ৰম হ’ব পাৰে৷ কিন্তু এটা জীৱনতেই সেই ভ্ৰমৰ পৰা মুক্তিও সম্ভৱ নে? আচলতে সময়ে যি শিকায় মানুহক, সেয়াই পৰমাৰ্থ জীৱনৰ৷
কথাখিনি মনলৈ কিয় আহিল, মই অনুমান কৰিব নোৱাৰিলোঁ৷ অথচ উপলব্ধি কৰিলোঁ, জীৱনটো প্ৰকৃততে সময়ৰেই খেল৷ আমি মাথোঁ খেলখনৰ পুতলা মাত্ৰহে৷
মিচিকিয়া হাঁহি এটা মাৰি মই হাতৰ ঘড়ীটোলৈ চালোঁ৷
তেওঁ হয়তো ইতিমধ্যে ঘৰ পাইছেগৈ৷ আৰু মই ৰৈ আছোঁ জগন্নাথ মহাপ্ৰভুৰ প্ৰাংগণত৷
কিয়?
ওঁহো৷ সকলো প্ৰশ্নৰেই সমিধান থাকে জানো?
এৰা, তেওঁ যেন এজাক মুকলি বতাহ৷ মোৰ হৃদয়ৰ ৰুদ্ধ দুৱাৰ খোল খাইছিল সেই বতাহৰ আলফুল স্পৰ্শত৷ মোৰ হৃদয়ৰ বৰফটুকুৰা, যি শিল হ’ব বুলি মই শংকা কৰিছিলোঁ, লাহে লাহে গলিবলৈ আৰম্ভ কৰিছিল৷ অথচ গলি গলি পানী হৈ যোৱা নাছিল৷
কোণাৰ্কৰ সূৰ্য্য মন্দিৰত আমাৰ দেখাদেখি হৈছিল৷ ছাতি এটাৰ মাধ্যমেৰে অতি কম সময়ৰ ভিতৰত আমাৰ চিনাকিও হৈছিল৷ অথচ মই বৰ গহীন স্বভাৱৰ বুলি একপ্ৰকাৰৰ এটা দুৰ্নাম পাই থৈছিলোঁ৷ আচলতে বহু সময়ত আমি নিজেই নিজৰ বাবে অচিনাকি হৈ পৰোঁ৷ চিনি নাপাওঁ নিজৰ সামৰ্থ্যক৷ অথবা অসমৰ্থতাক৷
কোণাৰ্কৰ সূৰ্য্য মন্দিৰ প্ৰাংগণত গাড়ীৰ পৰা নমাৰ আগৰে পৰাই কিনকিনিয়াকৈ বৰষুণ দি আছিল৷ মন্দিৰলৈ গ’লেও সিদিনা মই বেঙুনীয়া টপ এটাৰে সৈতে জিনছ্ পিন্ধি গৈছিলোঁ৷ মন্দিৰৰ চাৰিওফালে মই প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিছিলোঁ৷ লগতে মন্দিৰৰ দেৱালত খোদিত দেৱ-দেৱীৰ স্থাপত্যবোৰে মোৰ মন আকৰ্ষণ কৰিছিল৷ মোৰ আশে-পাশে থকা দম্পতীবোৰে ফটো তুলিছিল৷ প্ৰায় সকলোৱে নিজৰ নহ’লেও ভাড়ালৈ লোৱা কেমেৰাৰে নিজৰ আৰু মন্দিৰৰ চৌপাশৰ ফটো তুলিছিল৷ সকলোকে সুখী আৰু সন্তুষ্ট যেন দেখা গৈছিল৷ ইমান মানুহৰ মাজত মাত্ৰ মইহে যেন অকলশৰীয়া আছিলোঁ৷ অৱশ্যে সেই লৈ মোৰ কোনো দুখ নাছিল৷ নিজক অকলশৰীয়াকৈ পাবলৈয়ে মই এই ভ্ৰমণ কৰিছোঁ৷ সাংসাৰিক আৱেগ আৰু চিন্তাক একাষৰীয়াকৈ থৈ নিজকে অলপ সময় দিবলৈ বিচাৰিছোঁ৷ আচলতে ইয়ালৈ আহিছোঁ মই নিজক নিঁচুকাবলৈ৷ নিজৰ সৈতে কথা পাতিবলৈ৷ বহু বছৰ আগতে মৰি যোৱা মোৰ অন্তৰাত্মাক নতুনকৈ জীয়ন দিবলৈ৷
” ফটো এখন তুলি দিব নেকি? “
সূৰ্য্য মন্দিৰত এগৰাকী অচিনাকি ভদ্ৰলোকে সুধিছিল মোক৷ স্মিত হাঁহিৰে মই তেওঁৰ কেমেৰাটো হাতত তুলি লৈছিলোঁ৷
” অহ্ থেংক ইউ ৷”
অৱশ্যে ধন্যবাদ জনায়েই মানুহজন গুছি যোৱা নাছিল৷
” আপুনি ক’ৰ পৰা আহিছে মেডামজী? “
মোৰ একান্ত উপভোগ্য সময়খিনিত এটা সৰু শিল পেলাই দিয়াৰ দৰে প্ৰশ্নটো সুধিছিল তেওঁ৷
তথাপি সৌজন্যতাৰ খাটিৰত মই উত্তৰ দিছিলোঁ–
“ মই অসমৰ পৰা আহিছোঁ৷ আপুনি? ”
“ মই ভূপালৰ পৰা জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ৷ ইয়ালৈ আহি সূৰ্য্য মন্দিৰৰ কাৰুকাৰ্য্যৰ কথা শুনি এবাৰ চাবলৈ মন গ’ল৷ “
“ হয়৷ বৰ ভাল লাগিছে ইয়ালৈ আহি৷ বাৰু আপোনাক লগ পাই ভাল লাগিল৷”
মই আঁতৰি আহিছিলোঁ৷ ডাঙৰ গছ এজোপাৰ তলত থিয় হৈছিলোঁ৷ ইতিমধ্যে ডাঙৰকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিছিল৷ ছাতি থকাসকলে ছাতি মেলি লৈ ঘূৰা-ফুৰা কৰি আছিল৷ আৰু ছাতি নথকাসকলে মোৰ দৰে গছৰ তলত আশ্ৰয় লৈছিল৷ সূৰ্য্য মন্দিৰ দৰ্শন কৰি মই ভুবনেশ্বৰৰ মোৰ হোটেলৰ কোঠালৈ সোনকালে উভতিবলৈ মন কৰিছিলোঁ৷ কিন্তু বতৰৰ কাৰণে সেয়া নিশ্চয় সম্ভৱ নহ’বগৈ৷
বৰষুণ আহিলেই মোৰ প্ৰকাশলৈ মনত পৰে৷ মোৰ দৰে আলসুৱা মানুহজনীক তেঁৱেই মানুহ হ’বলৈ শিকাইছিল৷ মই কবিতা লিখিছিলোঁ৷ তেৱোঁ লিখিছিল৷ তেনেকৈয়ে কবিতাৰ অনুষ্ঠান এটাত আমাৰ চিনাকি হৈছিল৷ তেওঁৰ সংগলৈ অহাৰ পৰাই মোৰ ভাৱ-ধাৰণাৰ সলনি হৈছিল৷ আমাৰ বিয়াৰ দুবছৰ আগতে এদিন তেওঁ মোলৈ এখন চিঠি পঠিয়াইছিল৷ চিঠিখনত আছিল কেৱল মানুহৰ কথা! বৰষুণৰ কথা! তেওঁ লিখিছিল—
মৰমৰ অনন্যা,
বাহিৰত মুষলধাৰ বৰষুণ৷ ফোনত কথা পতাতকৈ তোমালৈ দেখোন আজি দুটামান শব্দ লিখিবৰ মন গ’ল! পঢ়িবানে? পঢ়িবাচোন৷
ভৰ বাৰিষাৰ মতলীয়া বতৰ৷ অভিমানী৷ উদাসী৷ যেন বুকুৰ মাজত স্তুপীকৃত প্ৰতিটো অভিমান আৰু ঔদাহ্য বৰষুণৰ ৰূপত হা-হুমুনিয়াহ কাঢ়ি উলিয়াই দিয়ে৷ ঠিক মোৰ দৰে৷ অথবা তোমাৰ দৰে৷ কিন্তু কি জানা, মই তোমাৰ দৰে বৰষুণৰ টোপালবোৰত কাব্যিকতা বিচাৰি নাপাওঁ৷ বিচাৰি নাপাওঁ অভিলাষী অনুভৱৰ আত্ম-বিলাস৷ মই অন্তৰৰ আবদাৰবোৰক অনুভৱৰ তুলাচনীত জোখাতকৈ বাস্তৱৰ ছবিখন দুচকুৰ সমুখত ৰাখি বেছি ভাল পাওঁ৷ মোৰ জীৱনে সময় আৰু বাস্তৱক অধিক গুৰুত্ব দিয়ে৷ জীৱন এটা কবিতা নহয়৷ তোমাৰ দৰে বহু কবিয়ে কাগজৰ পৃষ্ঠা ভৰাই বৰষুণৰ আমেজত একোটা প্ৰাণস্পৰ্শী বাৰিষাৰ কবিতা লিখিব পাৰে৷ কিন্তু ফুটা টিনপাতেৰে মাজৰাতি সৰকি অহা বৰষুণৰ পানীয়ে পোনাকণৰ ন-মহীয়া কণমান শৰীৰটো পিচল কৰিব খুজিলে পোনাকণৰ অসহায় পিতৃ-মাতৃৰ দুচকুৰ দৰদ বুজিব নোৱাৰে৷ কটন কলেজৰ কাষৰ ফুটপাথবোৰৰ গৃহহীন মহানাগৰিকসকলক তুমিতো দেখিছা? ফুটপাথৰ কণমানি ল’ৰা এটাই শেখ ব্ৰাদাৰ্চৰ সমীপৰ নলাৰ কাষত পৰি থকা কাৰোবাৰ আধাখোৱা চিকেন বাৰ্গাৰ এটাত তৃপ্তিৰে কামোৰ এটা মৰা দেখি তুমি যে উকিয়াইছিলা! মনত আছেনে অনন্যা? বৰষুণৰ টোপালবোৰে প্ৰচণ্ড গৰমতো কাপোৰৰ অভাৱত কম্বলেৰে গা মেৰিয়াই থকা সেই বৃদ্ধসকললৈ মনত পেলাই দিয়ে দেখোন! আৰু কি মনত পেলাই দিয়ে জানা? বানপানীত উটি যোৱা আইমানুৰ উৱলি যোৱা চাৰিদিনীয়া শৱটো সাৱটি মোৰ খুৰীয়ে গগন ফালি বৰষুণক দিয়া শাওপাতলৈ৷ আৰু বহুত কথা আছে ক’বলৈ! দুমহলীয়া ঘৰৰ বেলকনিৰ পৰা তুমি হাতত কেমেৰা লৈ বৰষুণৰ সৈতে পৰা শিলবোৰৰ ফটো তোলা৷ তুমি ৰোমাঞ্চিত হৈ পৰা৷ সিদিনা মই আমাৰ ঘৰুৱা সহায়িকা দীপা বাইৰ ঘৰলৈ গৈছিলোঁ৷ বতাহে তেওঁলোকৰ ঘৰটোৰ দুৰ্বল টিনপাত কেইখনমান উৰুৱাই লৈ গৈছিল৷ ৰাতিটোৰ বাবে তেওঁলোক নিৰাশ্ৰয় হৈছিল৷ আৰু গাখীৰ দিবলৈ অহা ৰামানুজ খুৰাহঁতৰ ঘৰতটো ডাঙৰ গছ এজোপা পৰিছিল৷ ভাগ্যে কাৰো প্ৰাণ নগ’ল৷ তোমাৰ ভুল নাই৷ তুমি এক অন্য প্ৰান্তৰ মানুহ৷ কবিতাক লৈ বিলাস কৰিব পৰা মানুহ৷ আৰু মই? নোৱাৰোঁ অ’৷ মই কলমেৰে নহয়, মাটি আৰু মানুহৰ যন্ত্ৰণাৰ চিঁয়াহীৰে কবিতা লিখোঁ৷ কৃষকৰ ঘামত জিলিকি উঠা কুঁহিপাত বৰণীয়া শইচবোৰ পানীয়ে বিৱৰ্ণ কৰি পেলালে তেওঁলোকৰ বিলাপ মই সহিব নোৱাৰোঁ৷ বাৰু হ’ব দিয়া৷ কিমাননো বিৰক্ত কৰিম তোমাক? বৰষুণৰ শব্দই সৃষ্টি কৰা পৰিবেশটো তোমাৰ ভাল লাগে৷ জানোঁ মই৷ এনেকুৱা সময়ত তুমি কেতিয়াবা নিৰ্জনতাও বিচৰা৷ হাতত এখন কিতাপ লৈ তুমি বৰষুণৰ উৎসৱ পালন কৰিব খোজা৷ একান্ত নিভৃতভাৱে৷ মাথোঁ নিজৰ বাবে৷ নহয়নে? ঠিক ঠিক অনন্যা৷ তোমাৰ ভুল নাই৷ পিছে ভুল মোৰো নাই৷ মাত্ৰ বৰষুণৰ শব্দ শুনিলেই তোমাৰ দৰে মই ৰোমাণ্টিক বিলাসত বুৰ যাব নোৱাৰোঁ৷
কিন্তু তেওঁলোকলৈও বৰ বেয়া লাগে অ’, বৰষুণৰ পানীয়ে যাৰ বাবে কঢ়িয়াই আনে কেৱল অন্তহীন নিদাৰুণতা৷ বৰষুণ আচলতে এক সজল উন্মাদনা৷ ঠিক তোমাৰ দৰে৷ তোমাৰ দৰে মোৰ অনন্যা৷”
চিঠিখন হাতত লৈ মই মোৰ প্ৰিয় বৰষুণৰ আন এটা ৰূপ দেখি কঁপি উঠিছিলোঁ৷ সেই তেতিয়াৰে পৰা বৰষুণ আহিলেই মোৰ চিঠিখনলৈ বৰকৈ মনত পৰে৷
“ মেডামজী ”
কাৰোবাৰ মাতত মই সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে মূৰ তুলি চাইছিলোঁ৷ এৰা, ক্ষন্তেক আগতে কথা পতা মানুহজন৷
“ আপুনি সেইখিনিতেই ছাতিটো এৰি থৈ আহিছিল৷”
হাতৰ ছাতিটোলৈ কেৰাহিকৈ দেখুৱাই তেওঁ মোক কৈছিল৷
“ফটো তুলিবলৈ কেমেৰাটো হাত পাতি লওঁতে ছাতিটো কাষতে থৈ দিছিলোঁ৷ আহোঁতে ল’বলৈ পাহৰিলোঁ৷ আপোনাক ধন্যবাদ দেই৷ ”
মই মানুহজনক ক’লোঁ৷
“ ঠিক আছে৷ মই আহিছোঁ৷ ”
“ শুনকচোন৷ এই বৰষুণত তিতি আপুনি ক’ত যাবগৈ এতিয়া? গছজোপাৰ তলতেই জিৰাওক অকমাণ৷ আচলতে মোক আপোনাৰ পৰা অলপ সহায়ৰ প্ৰয়োজন হৈছিল৷ ”
মই শেষৰফালে অলপ অনুৰোধৰ সুৰত মানুহজনক কৈছিলোঁ৷
“বেয়া নাপাব মেডামজী৷ এতিয়া এই বৰষুণত আৰু ৰৈ থাকিবৰ মন নাই মোৰ৷ চাবলগীয়াখিনি চালোৱেই৷ মই মোৰ হোটেললৈ উভতিব খোজো৷ ইয়াত ৰৈ থকা মানেই সময় নষ্ট৷ বাৰু আপোনাক কি সহায়ৰ প্ৰয়োজন কওকচোন৷ ”
“মানে মই কোণাৰ্কলৈ প্ৰথম আহিছোঁ৷ সকলোখিনি গমি-পিতি আহিছোঁ যদিও এই বৰষুণত গাড়ী বিচাৰিবলৈ অলপ দিগদাৰ হ’ব৷ ইয়ালৈ আহোঁতে হোটেলৰ পৰাই গাড়ী এখন ঠিক কৰি দিয়া হৈছিল৷ লগত অন্য এটা পৰিয়াল আছিল৷ তেওঁলোকে বিভিন্ন ঠাই ফুৰিব৷ কিন্তু মই মাত্ৰ মন্দিৰলৈহে আহিছোঁ৷ সেইদেখি উভতি যাওঁতে মই নিজেই ব্যৱস্থা কৰিম বুলি কৈ তেওঁলোকক বিদায় দিলোঁ৷ গতিকে এতিয়া মই এখন বেলেগ গাড়ীৰ যো-জা কৰিব লাগিব৷ আপুনি গাড়ী এখন ঠিক কৰি দিয়াত মোক সহায় কৰি দিব নেকি?”
“ নিশ্চয় নিশ্চয়৷ আপুনি যাব ক’লৈ?”
“ ভুৱনেশ্বৰলৈ৷ ”
“ ভুৱনেশ্বৰতেই মোৰো হোটেল আছে৷ মই এতিয়া তালৈকে উভতিম৷ আপুনি বেয়া নাপায় যদি মোৰ গাড়ীখন শ্বেয়াৰ কৰিব পাৰে৷ ”
“ নালাগে নালাগে৷ মোৰ কাৰণে বেলেগ গাড়ী এখন ঠিক কৰি দিয়ক৷ ”
“ মেডামজী৷ অচিনাকি গাড়ী এখনত যোৱা আৰু মোৰ দৰে অচিনাকি মানুহ এজনৰ গাড়ীত যোৱাটোও একেই কথা নহ’বনে? অৱশ্যে মোৰো ভাড়ালৈ লোৱা গাড়ীহে৷ আপুনি যদি বেয়া নাপায়, গাড়ীখন থকা ঠাইটোলৈকে আপোনাৰ ছাতিটো দুইজনে শ্বেয়াৰ কৰোঁ৷ ”
“ আপোনাৰ অসুবিধা নহয়তো ? ”
“ একেবাৰেই নহয়৷”
অৱশেষত মই তেওঁৰ গাড়ীখনতেই ভুৱনেশ্বৰলৈ উভতি আহিবলৈ সিদ্ধান্ত ল’লোঁ৷ মই পাছৰ চিটত অকলে বহিলোঁ৷ মানুহজন আগফালে ড্ৰাইভাৰৰ চিটৰ কাষত একেলগে বহিল৷ গোটেই পথছোৱা আমি বিশেষ কথা নাপাতিলোঁ৷ মানুহজনৰ ব্যৱহাৰত ইতিমধ্যে মই সকাহ অনুভৱ কৰিছিলোঁ৷ সুখী হৈছিলোঁ অচিনাকি এজন মানুহৰ সদ্ব্যৱহাৰত৷
“ মেডামজী৷ মোৰ হোটেল ইয়াৰ পৰা বেছি দূৰত নহয়৷ মই আৰু তিনিদিন আছোঁ ইয়াত৷ কিবা অসুবিধা পালে জনাব৷ ”
মোক হোটেলৰ সমুখত নমাই মানুহজন যাবলৈ ওলাল৷
“ বেয়া নাপায় যদি ফোন নম্বৰটো দিব নেকি? আপোনাৰ নামটোও নাজানিলোঁ মই৷”
আমাৰ এৰা-এৰি হ’বৰ সময়ত মই তেওঁক ক’লোঁ৷
“ হয় হয় মেডামজী৷ আমি ভালকৈ চিনাকিয়েই নহ’লোঁ৷ ঠিক আছে তেন্তে৷ ফোন নম্বৰটো লওক৷ ওচৰতেই আছোঁ যেতিয়া আমি কথা হ’ম এদিন৷ মই নিশ্চয়কৈ লগ কৰিম আপোনাক৷ মোৰ নামটো চেভ কৰোঁতে প্ৰশান্ত ত্ৰিপাঠী বুলি লিখিব৷ ”
“ আৰু মোৰ নামটো অনন্যা পূজাৰী বুলি চেভ কৰিব৷ আমি লগ পাম এদিন৷ ”
হোটেলৰ বিচনাত বাগৰি সেইদিনা মই মোৰ প্ৰিয় দুটামান গান শুনিছিলোঁ৷ বহুত বছৰৰ মূৰত মই যেন নিজকে বিচাৰি পাইছিলোঁ৷ মনলৈ আহিছিল এহাল কিশোৰ-কিশোৰীৰ প্ৰতিচ্ছবি৷ তেওঁলোকৰ নিৰ্দোষ ধেমালি৷ সেই কিশোৰজন আছিল মোৰ ককাইদেউ আৰু কিশোৰীজনী আছিলোঁ মই৷ সেই ককাইদেউৰ লগত কিমান দিন যে দেখাদেখি হোৱা নাই! মা-দেউতা নোহোৱা হোৱাৰ পিছত ময়ো যেন দিকবিদিক হেৰুৱাই পেলাইছিলোঁ৷ তথাপি সংসাৰৰ দায়বদ্ধতাত এসোঁতা কান্দিব পৰাকৈয়ো মোৰ হাতত সময় নাছিল৷ এৰা, সময়বোৰ যেন মই বন্ধকতহে থৈছিলোঁ৷ সেমেকি উঠা গাল দুখন এহাতেৰে চুই চালোঁ৷ ককাইদেউ চাকৰিৰ তাগিদাত দিল্লীত নিগাজিকৈ থাকিবলৈ ল’লে৷ তেওঁ দিল্লীলৈ প্ৰথমবাৰ যোৱাৰ ঠিক পিছতেই মোৰ জীৱনৰ খহনীয়া আৰম্ভ হৈছিল৷ এটা এটাকৈ সম্পৰ্কবোৰ খহি পৰিছিল মোৰ জীৱনৰ পৰা৷ অথচ এগৰাকী নিপুণ অভিনেত্ৰীৰ দৰে সেই দুখবোৰো মই পি থৈছিলোঁ সংসাৰৰ চাকনৈয়াত৷ হয়েইতো! চাকনৈয়াই আছিল সেয়া৷ মায়াজাল৷ মায়াৰ জাল৷
সেই নিশা মই নুশুৱাৰ সিদ্ধান্ত ল’লোঁ৷ নিসংগতাৰ সৈতে কথকতাৰ সৃষ্টি কৰিবলৈ নিজক জীয়াই তুলিবই লাগিব৷ মই কথা পাতিলোঁ নিজৰ সৈতে৷ বহুপৰ৷ কেতিয়ানো বাহিৰত বেলিয়ে ঢলফাট দিলে ধৰিবই নোৱাৰিলোঁ৷
মই থকা হোটেলখনৰ খাদ্য সম্পূৰ্ণ সাধাৰণ আৰু নিৰামিষ৷ এসাঁজ ভালকৈ খাওঁ বুলিয়েই কিছু নিলগৰ ৰেষ্টুৰেণ্ট এখনত খাবলৈ আহিলোঁ৷ জীৱনটোৰ দৰেই খাদ্যাভাষো ৰুচিহীন কৰিবলৈ মন নগ’ল মোৰ৷ জীৱনৰ এটা সময়ত আহাৰ কৰিছিলোঁ মাত্ৰ শৰীৰটোক চলাই নিয়াৰ উদ্দেশ্য৷ নিজৰ ইচ্ছা বা অভিৰুচি থাকিলেও তাক পূৰ্ণ কৰাৰ সময় মই পোৱা নাছিলোঁ৷ একপ্ৰকাৰ যান্ত্ৰিকতাৰ মাজেৰেই পাৰ হৈ গৈছিল মোৰ জীৱন৷ আনকি মোৰ মানুহজনৰ মৃত্যু হওঁতেও মই দায়িত্বৰ শিকলিডালৰ পৰা মুক্ত হ’ব নোৱাৰিছিলোঁ৷ শান্তিত নিৰলে কান্দিব পৰা নাছিলোঁ এদিনো৷ ব্যৱসায়ী মানুহজনৰ আকস্মিক মৃত্যুত মই হতবাক হৈ পৰিছিলোঁ৷ বুকুখন কিহবাই হেঁচা মাৰি ধৰিছিল৷ তেওঁৰ প্ৰয়াণৰ দুখতকৈ দহ-বাৰবছৰীয়া ছোৱালী দুজনীৰ ওপৰত বাঢ়ি অহা মোৰ দায়িত্ববোধে মোক কান্দিবলৈকে নিদিলে৷ যন্ত্ৰবৎ মই দায়িত্ব পালন কৰি গ’লোঁ৷ আৰু এটা সময়ত মই শিলৰ দৰে এটুকুৰা বৰফ হৈ পৰিলোঁ৷ কোনো দুখে স্পৰ্শ কৰিব নোৱাৰাকৈ মই এটা নিৰ্দিষ্ট স্থানত অৱস্থান কৰিছিলোঁ৷ দহ-বাৰবছৰীয়া ছোৱালী দুজনীক পঢ়ুৱাই মই চৌব্বিশ-চাব্বিশ বছৰীয়া কৰিলোঁ৷ সুপাত্ৰত দান কৰিলোঁ৷ দুয়ো ভাল-ভাল চাকৰি কৰি নিজৰ পৰিয়াল লৈ ব্যস্ত৷ মোক লৈ সিহঁতৰ আদৰৰ শেষ নাই৷ মই সুখী মোৰ সন্তানক লৈ৷ জোঁৱাই-নাতিক লৈ৷ মা-দেউতা-স্বামীক হেৰুওৱাৰ পাছত ককাইদেউৰ পৰিয়ালটোৰ সৈতে মোৰ অভিন্ন আত্মীয়তা৷ মোৰ অৱস্থিতিক লৈ তেওঁলোক অত্যন্ত সংবেদনশীল৷ কিন্তু ইমানৰ পাছতো প্ৰায়েই মই অনুভৱ কৰিছিলোঁ, কিবা যেন এৰি আহিছোঁ মই৷ দূৰ অতীতৰ কোনোবা সুকোমল অনুভৱে যেন ৰিঙিয়াই মাতিছে মোক?
কি এৰি আহিছোঁ মই?
বহুদিন নিজকে প্ৰশ্ন কৰোঁ৷ কোনো সদুত্তৰ নাপাওঁ৷ অনেক দিনৰ পিছত মনলৈ আহে মোৰ কিছুমান স্মৃতি৷ শেষ সময়ত প্ৰকাশৰ সেই কাতৰ দৃষ্টি৷ পৰীক্ষাত ভাল ফলাফল লাভ কৰি ছোৱালী দুজনীয়ে দেউতাকৰ ফটোখন সাৱটি কন্দা সেই দুঃসহ স্মৃতি৷ ছোৱালী দুজনীৰ বিদায় বেলাও সিহঁতে কান্দিছিল৷ অথচ মই প্ৰস্তৰ মূৰ্ত্তিলৈহে পৰিৱৰ্তিত হৈছিলোঁ যেন৷ মানুহে মোৰ ভিতৰৰ মমতা শেষ হৈ যোৱা বুলি সন্দেহ কৰিছিল৷ মই সেই সন্দেহ অমূলক বুুলি প্ৰতিপন্ন কৰিবলৈ বিচৰা নাছিলোঁ৷ কিন্তু সকলো দায়িত্বৰ পৰা মুক্ত হৈ এটা সময়ত মই নিজকে নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ৷ প্ৰকাশৰ মৰমী পত্নী আৰু সুকন্যা-সুপ্ৰিয়াৰ মৰমিয়াল মাকগৰাকীক পুনৰবাৰ লগ পাইছিলোঁ মই৷ মা-দেউতাৰ একমাত্ৰ কন্যা হৈ নিজেই নিজক মৰম কৰিছিলোঁ৷ কিন্তু সময়ৰ ভাগৰ লাগিছিল৷ মধ্যবিত্ত পৰিয়ালৰ নাৰী এগৰাকী হৈ অসময়ত কিদৰে পালন কৰিব পাৰোঁ মই বিষাদ-উৎসৱ? কাৰণ দায়িত্বৰ গধুৰ নাগপাশে আৱৰি ধৰি থাকিছিল মোক সেই সময়ত৷ অথচ জীৱনটোক প্ৰাণ দিবলৈ হ’লে মই কান্দিবই লাগিব৷ অৱচেতন মনত ৰৈ যোৱা যাতনাৰ টুকুৰাবোৰক গলাবই লাগিব৷ মোৰ বাহিৰে-ভিতৰে এজাক বৰষুণ নামিবই লাগিব৷ বিষাদৰ বৰষুণ!
এতিয়া? এতিয়াতো দায়িত্বৰ কোনো বাধ্যবাধকতা নাই?
বহুত ভাৱি-গুণি মই মই পুৰীলৈ আহিলোঁ৷ সময়খিনি একান্তভাৱে উপভোগ কৰিবলৈ মই নিজকে প্ৰস্তুত কৰি তুলিলোঁ৷ বিখ্যাত জগন্নাথ মন্দিৰত মূৰ দোঁৱাই মই মন্দিৰ প্ৰাংগণত বহি ৰ’লোঁ বহুপৰ৷ এনে প্ৰশান্তি হয়তো মই জীৱনত আগতে কেতিয়াও লাভ কৰা নাই৷ সঁচাকৈয়ে ঐশ্বৰিক শক্তিৰে মহীয়ান এই ঈশ্বৰৰ ঘৰ৷ জগন্নাথ প্ৰভুৰ কৃপাতেই হয়তো মই প্ৰথমবাৰলৈ উপলব্ধি কৰিলোঁ নিজক৷ মোৰ নিজৰো যে এক সুকীয়া সত্ত্বা আছে, প্ৰথমবাৰলৈ অনুভৱ কৰিলোঁ৷ আৰু পুৰীলৈ অহাৰ মোৰ উদ্দেশ্য সাৰ্থক কৰিবলৈকে মই অলপ বিলাসিতাৰ আয়োজন কৰিলোঁ৷ বিষাদৰ বিলাসিতাৰ৷ যিবোৰ শোকত মই ভাগি পৰিব লাগিছিল, যাৰ বিদায়ত মই আৱেগিকভাৱে ক্লান্ত হৈ পৰিব লাগিছিল, সেইবোৰ শোক সময়ত পালন কৰা নহ’লেও এতিয়া মই কৰিম৷ কান্দিম৷ একান্তত কথা পাতিম এৰি থৈ অহা অনন্যা নামৰ নাৰীগৰাকীৰ সৈতে৷ সম্পূৰ্ণ সুস্থিৰতাৰে মই বিষাদৰ উৎসৱহে উদযাপন কৰিলোঁ যেন৷
“দিৱসেৰ শেষ সূৰ্য
শেষ প্ৰশ্ন উচ্চাৰিল পশ্চিম-সাগৰতীৰে
নিস্তব্ধ সন্ধ্যায়
কে তুমি
পেল না উত্তৰ৷”
এৰা, উত্তৰ মই পাইছিলোঁ৷ ইতিমধ্যে বিষাদৰ বিলাসিতাত মই বুৰ গৈছিলোঁ৷
পুৰীৰ সাগৰ তীৰত বহি মই বলুকা শিল্পৰ প্ৰেমত পৰোঁ৷ প্ৰেমত পৰোঁ সূৰ্য্যৰ৷ অথচ সাগৰৰ নীলা ৰঙটোৰ বাদে অন্য একোৱেই আকৰ্ষণ কৰিব নোৱাৰে মোক৷ সমুদ্ৰৰ প্ৰতি মোৰ মনত জন্ম হয় এক অহেতুক ভীতি৷ সাগৰৰ পাৰৰ পৰা উঠি আহি মই নিলগত পাৰি থোৱা বেঞ্চত বহোঁ৷ ভজা মাছৰ গোন্ধই মোক আমনি কৰে৷ অথচ মই হাতত তুলি লওঁ ভজা বাদামহে৷ মানুহবোৰৰ চপলতা দেখি মনটো ৰঙীন হৈ উঠে মোৰ৷ উটৰ পিঠিত উঠিবলৈ মোক আমন্ত্ৰণ কৰে৷ কিন্তু মই উটৰ গাত আলফুলে হাত বুলাই আৰু এক পেকেট বাদাম কিনি লওঁ৷ মা-দেউতা, প্ৰকাশ সকলোৰে স্মৃতি সাৱটি মই বহু দেৰিকৈ হোটেল অভিমুখী অ’টোত উঠো৷
“ আৰে, মেডামজী! ভালে আছেনে?”
কাৰোবাৰ প্ৰশ্নত থতমত খাই মই মূৰ তুলি চালোঁ৷ মোৰ সমুখত থিয় হৈ আছে প্ৰশান্ত ত্ৰিপাঠী৷
“ ভাল ভাল৷ আপোনাৰ কেনে?”
মই সামান্য আচৰিত হৈ তেওঁক সুধিলোঁ৷
“ মোৰো ঠিকঠাক৷ এসাঁজ ভালকৈ খাবলৈ আহিছোঁ৷ ”
“ হয় হয় খাওক৷”
“ মেডামজী আপুনি খাই লওক৷ মই আমনি নকৰোঁ৷ মোৰ খোৱা হোৱালৈ অলপ ৰ’ব দেই৷ আমি অলপ কথা পাতিম৷ পৰহিলৈ মই ঘৰলৈ উভতিম৷”
“ নিশ্চয় ত্ৰিপাঠীজী৷”
আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ৷ তেওঁৰ বিষয়ে জানিবলৈ মন গৈছিল মোৰ৷
“ কি ক’ব মেডামজী৷ মায়া সিদিনা কেনেকৈ চিৰিৰে নামি যাওঁতে পিচলি পৰি গৈছিল, মই ধৰিবই নোৱাৰিলোঁ৷ চিকিৎসকে কৈছিল যে, আমাৰ সন্তানটোৱে মূৰত আঘাত পাইছে৷ গতিকে আৰু অপেক্ষা নকৰি অ’পাৰেচন কৰিব লাগিব৷ মই শেতা পৰিবলৈ আৰম্ভ কৰিছিলোঁ ক্ৰমশঃ৷ কিন্তু মোক অতি আচৰিত কৰি আমাৰ কন্যা সন্তানটো জন্ম পাইছিল৷ আনহাতে প্ৰসৱৰ দুঘণ্টা পিছতেই মায়াৰ মৃত্যু হৈছিল৷ শোকত বোবা হৈ পৰিছিলোঁ মই৷ সদ্যোজাত আমাৰ সন্তানটোলৈ কি জানো এক অভিমান জন্মিছিল মোৰ, মই তাইলৈ গুৰুত্ব নিদিয়া হৈছিলোঁ৷ মায়াৰ শোক পালন কৰি থাকোতেই চিকিৎসাধীন অৱস্থাতেই মোৰ আঠদিনীয়া ছোৱালীজনীৰো মৃত্যু হৈছিল৷ মই অনুতাপ কৰিছিলোঁ সিদিনা মেডামজী৷ মই মৰম দিবলৈ ইচ্ছা নকৰা ছোৱালীজনীও মাক যোৱা বাটেৰেই গুছি গৈছিল৷ তেতিয়াৰ পৰাই অকলে থাকি বহেমিয়ানৰ জীৱন কটাইছোঁ৷ আপুনি মোক সুখী বুলিয়েই ক’ব লাগিব৷ কিন্তু কিয় জানো জীৱনত মায়াৰ স্থান আনক দিয়াৰ কথাটো মনলৈয়েই নাহিল৷ এতিয়াটো সময়েই পাৰ হ’ল৷”
“ত্ৰিপাঠীজী, জীৱনটোৱেই এনেকুৱা নেকি? অনুমান কৰাৰ আগতেই হেৰাই যায়?”
“ জীৱনে মোক কেৱল ভয় খুৱালে৷মোতকৈও দুখজৰ্জৰ জীৱন একোটাৰ অধিকাৰী হৈও মানুহে হাঁহিছে৷ কিন্তু জীৱনটো জানো সকলোৰে বাবে একে? ”
“ মই ইয়ালৈ আহি কিমান সকাহ পাইছোঁ আপোনাক বুজাব নোৱাৰিম৷ সময় পাৰ হৈ যোৱাৰ পাছতো মই নিজানত নিজকে বিচাৰিলোঁ৷ নহ’লে মৰাৰ সময়ত এধানিও শান্তি নাপালোঁহেঁতেন ৷ এতিয়া মই সুখী৷ জীৱনৰ প্ৰতি থকা অভিযোগবোৰৰ পৰা নিজকে মুক্ত কৰিছোঁ৷ হয়তো অহাবছৰো মই জগন্নাথ মন্দিৰৰ প্ৰাংগণলৈ আহিব পাৰোঁ৷ আপোনাক লগ পাই ভাল লাগিল৷ আমাৰ বয়স ভিন্ন৷ ভাষা ভিন্ন৷ অঞ্চল ভিন্ন৷ কিন্তু দুখৰ কোনো প্ৰভেদ নাই৷ আপুনি আজীৱন দুখকেই পালন কৰিলে৷ কিন্তু মই সেই দুখখিনিকেই পালন কৰিবলৈ আজৰি হ’ব পৰা নাছিলোঁ৷ তিনিদিন পিছত ময়ো উভতিম ঘৰলৈ৷ নতুন অনুভৱ আৰু উদ্যমেৰে হয়তো প্ৰতিটো পল নতুনকৈ উদযাপন কৰিম৷”
“ আপোনাৰ নতুন জীৱনটোত মোৰ কিঞ্চিত স্থান হ’বনে মেডামজী? ভুল নুবুজিব৷ ভুল বুজাৰ বয়স হয়তো আমাৰ ইতিমধ্যে উকলি গৈছে৷ কিন্তু মাজে-সময়ে ফোন কৰাৰ অনুমতি বিচাৰিছোঁ মই৷ ”
“সংকীৰ্ণ সেই ভাবনাবোৰক পৰিত্যাগ কৰি বাকী থকা জীৱনটো নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈতো মই ইয়ালৈ আহিছোঁ৷ নিজৰ মতে খাইছোঁ, পিন্ধিছোঁ, ফুৰিছোঁ৷ কাৰোবাৰ পত্নী, কাৰোবাৰ মাক, কাৰোবাৰ বোৱাৰী হৈ গোটেই জীৱনটোত নিজকে পাহৰি পেলাইছিলোঁ৷ আনকি দুখৰ সময়ত কান্দিবলৈও মই পাহৰি গৈছিলোঁ৷ মই নিজক বিচাৰি আহিছিলোঁ ইয়ালৈ৷ বিচাৰি পালোঁ৷ বিচাৰি ল’লোঁ৷এতিয়া যি হ’ব একমাত্ৰ মোৰ ইচ্ছামতে হ’ব৷ আপুনি নক’লে ময়েই ক’লোঁহেঁতেন যে আমি কেতিয়াবা কথা পাতিব পাৰোঁ৷ মনৰ পৰিধি বহলাই ল’লেই সকলো সমস্যাৰ শেষ হৈ যায়৷ ”
“ আপোনাক লগ পাই বৰ সুখী হ’লোঁ মেডামজী৷ ঠিক আছে৷ আমি মাজে-সময়ে কথা হ’ম৷ আপুনি পুৰীলৈ আহিলে মোক জনাব৷ ময়ো আহিবলৈ চেষ্টা কৰিম৷ আচলতে আত্মীয়ৰ পৰাও আমি আৱেগিক নিৰাপত্তা কেতিয়াবা নাপাওঁ৷ আৰু অচিনাকিজনৰ সৈতেও আমাৰ মনৰ অনুভূতি মিলি যাব পাৰে৷ ঠিকেই কৈছে আপুনি৷ মনৰ পৰিধি বহল কৰিলেই সকলো সমস্যাৰ শেষ হয়৷ দুখৰ উৎসৱ পালন কৰিবলৈ আহি আমি ইজনে সিজনক লগ পালোঁ৷ দুখৰ নতুন নতুন সংজ্ঞাৰ সৈতে চিনাকি হ’লোঁ৷ অনুভূতিপ্ৰৱন মনেৰে ইজনে সিজনৰ দুখ চুই চালোঁ৷ আমাৰ বন্ধুত্বৰ বাবে এইখিনিয়েই যথেষ্ট নহয় নে?”
“ নিশ্চয়৷ নিশ্চয় ত্ৰিপাঠীজী৷ মানুহৰ জীৱনটোৱেই আচৰিত৷ এই জীৱনৰ অংশীদাৰ হৈ ময়ো বহু অভিজ্ঞতা বুটলিলোঁ৷ আৰু সেই অভিজ্ঞতাৰ পৰাই ক’ব পাৰোঁ, আমাৰ বন্ধুত্বৰ পৰা কাৰো অন্যায় হ’ব নোৱাৰে৷ আনকি নিজৰো৷ ”
ত্ৰিপাঠীজীয়ে হাঁহিলে৷ আমি সিদিনালৈ বিদায় ল’লোঁ৷ বাকী থকা দুদিন আমি সাগৰ পাৰত লগ হ’লোঁ৷ কথা পাতিলোঁ৷ চাহ খালোঁ একেলগে৷ আৰু যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল’লোঁ৷
ঘৰলৈ উভতিবৰ দিনা মই পুনৰবাৰ জগন্নাথৰ শ্ৰীচৰণত সেৱা আগবঢ়াবলৈ আহিছোঁ৷ পূজা কৰাতকৈ মন্দিৰৰ চৌপাশৰ শান্ত আৰু নৈসৰ্গিক পৰিবেশেহে মোক অধিক মুগ্ধ কৰিছে৷ সেৱা কৰি আহি মই এনেই বহি ৰৈছোঁ মন্দিৰৰ চোতালত৷ ভক্তগণক চাই সুখী হৈছোঁ৷ মানসিক প্ৰশান্তিৰ প্ৰাপ্তি বুটলি মই নিঃশব্দে জগন্নাথক স্মৰণ কৰিছোঁ৷ মই স্বগতোক্তি কৰিছিলোঁ,
“তুমি যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া তুমি নিজৰ ইতৰ কায়া ত্যাগ কৰি বিশাল ব্ৰহ্মাণ্ডৰ অংশ হৈ পৰা৷”
চকু দুটা মুদি মই যেন এই বিশাল ব্ৰক্ষ্মাণ্ডত নিজৰ স্থিতিৰ সম্ভেদ বিচাৰিলোঁ৷
“জীৱনৰ বাকী থকা সময়খিনি সাৰ্থকভাৱে পাৰ কৰাৰ উপায় কি জগন্নাথ?”
এটা শব্দও উচ্চাৰণ নকৰাকৈ প্ৰশ্ন কৰিছিলোঁ মই জগন্নাথ মহাপ্ৰভুক৷ শান্ত চিত্তৰে মই চকুদুটা মুদি দিছিলোঁ৷ আৰু ঠিক তেতিয়াই মোৰ কৰ্ণকুহৰত কোনোবাই টুকুৰিয়াইছিল—
“মেডামজী”
চকু মেলি মই চালোঁ৷ মোৰ সমুখত ত্ৰিপাঠীজী৷ মই আচৰিত নহ’লোঁ৷ মহাপ্ৰভুৰ ইংগিত গ্ৰহণ কৰিলোঁ মই৷
“ আপুনি কালিয়েই ওভতাৰ কথা আছিল৷ নহয়নে?”
“ হয়৷ কিন্তু সময়ৰ সাংঘাতিক প্ৰভেদৰ বাবে আজি বিয়লিহে মই ৰেলত উঠিম৷”
“ সন্ধিয়া ছয় বজাত ময়ো ঘৰলৈ উভতিম আজি৷”
দুয়ো একেলগে হাঁহিলোঁ৷ তেওঁ ঘৰলৈ যোৱাৰ সময় পাৰ হৈ যোৱাৰ পাছতো কিয় মন্দিৰ প্ৰাংগণত মই তেওঁলৈ ৰৈ আছিলোঁ, মই নিজেই বুজি পোৱা নাছিলোঁ৷ কিন্তু সময় আৰু ঈশ্বৰতকৈ শক্তিশালী আছে নো কোন? সময়ে সকলো খবৰ ৰাখে৷ মৌন সময়ক জয় কৰিবলৈ মই বিচাৰি নাপালোঁ ইয়াৰ অন্য কোনো সৰল সমাধান!
