ভাৰতীয় বোলছবিত জলবায়ু পৰিৱৰ্তনৰ চিত্ৰণ
লেখক- ৰঞ্জু শৰ্মা
জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ বৰ্তমান সময়ৰ জ্বলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতম। সমগ্ৰ পৃথিৱীয়েই ইয়াৰ প্ৰতিক্ৰিয়া ভোগ কৰিবলগীয়া হৈছে। আমাৰ ভাৰতবৰ্ষৰো নগৰ চহৰ প্ৰায় সকলো অঞ্চলতেই এই পৰিৱৰ্তনৰ বিৰূপ প্ৰতিক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। পৰিৱৰ্তনৰ এই প্ৰভাৱ লাহে লাহে প্ৰাণীজগতৰ স্বাস্থ্যৰ উপৰিও সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, আদি সকলো দিশতে বিয়পি পৰিব যদিও চিন্তনীয়ভাৱে সমাজৰ অধিকসংখ্যক লোকেই হয়তো এই বিষয়ত এতিয়াও অবিদিত অথবা উদাসীন। হয়তো জনসাধাৰণৰ মাজত এতিয়াও পৰ্যাপ্ত প্ৰসাৰতাৰ অভাৱো এক কাৰণ হব পাৰে।
দেশ, সমাজ আৰু ভাষা নিৰ্বিশেষে জনমানসত যিকোনো বিষয়ৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বোলছবিৰ ভূমিকা লেখত ল’বলগীয়া। গল্প কথন, মনোৰঞ্জন অথবা শিক্ষা, এই সকলোবোৰ ক্ষেত্ৰতে ভাৰতীয় চিনেমা বহু পুৰণি কালৰ পৰাই এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। সবাক বোলছবিসমূহে দৰ্শকৰ মাজলৈ যোৱাৰ ক্ষমতা ৰাখে, মানুহৰ আৱেগক উদ্বেলিত কৰিব পাৰে আৰু মানুহৰ মাজত ধনাত্মক প্ৰভাৱ পেলাব পাৰে যাৰ ফলত ই পৰিৱেশ সংক্ৰান্তিয় বিষয়সমূহৰ প্ৰতিও সজাগতা বৃদ্ধিৰ এক ফলপ্ৰসূ আহিলা হৈ পৰে। বলিউদ ছবিসমূহ যদিও মূলত বিনোদনধৰ্মী, শেহতীয়াকৈ কিছু পৰিচালকক জলবায়ু পৰিৱৰ্তন, পৰিৱেশ প্ৰদূষণ, অবনানীকৰণ, অপৰিকল্পিত নগৰ বিস্তাৰণ ইত্যাদিয়ে সৃষ্টি কৰা জ্বলন্ত সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি বোলছবিৰ জৰিয়তে নাগৰিকৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা দেখা গৈছে।
দিল্লী মহানগৰীৰ এটি উপপথত এখন পানীৰ টেংকাৰ আৰু তাক আগুচি ধৰি এজুম মানুহ। পানীৰ টেংকাৰখনৰ উখহা পেটটোত চাৰিওফালৰ পৰা কেইবাডালো পাইপ সোমাই থোৱা হৈছে। দিনটোৰ বাবে অন্তত এবাল্টি পানীৰ প্ৰয়োজন সকলোৰে! হঠাৎ চালকে ঘোষণা কৰে পানী শেষ! লগে লগে জুমটোৰ খালী হৈ থকা বাল্টিৰ মালিকসকলৰ মানুহখিনিৰ মাজত চৰম উৎকণ্ঠা, চিঞৰ -বাখৰ, গালি-গালাজ আৰম্ভ হয়। সমগ্ৰ পৰিৱেশটো লাহে লাহে কোৰ্হালত পৰিণত হ’ব ধৰে। ‘পানী শেষ’..কিয়? কেনেকৈ? সিহঁতে টেংকাৰ চালকৰ পৰা ইয়াৰ সঠিক উত্তৰ দাবী কৰে আৰু ঠিক তেতিবাই সুযোগ বুজি টেংকাৰখনে তাৰ পৰা পলায়ন কৰে। উৎকণ্ঠিত মানুহবোৰ, খালী বাল্টিবোৰ, অসন্তুষ্ট আত্মাবোৰৰ পিয়াহ মাথোঁ ৰৈ যায়। ..
২০২৩ চনত মুক্তিপ্ৰাপ্ত হিন্দী বোলছবি ‘ফুৰকে ৩’ ৰ এক দৃশ্য এয়া। এক সাক্ষাৎকাৰত পৰিচালক মৃগদীপ সিং লাম্বাই কয় যে দিল্লীৰ জনসাধাৰণে খোৱা পানীৰ অভাৱত সততে ভোগ কৰিবলগীয়া হোৱা পৰিস্থিতিক উপস্থাপন কৰাই আছিল এই দৃশ্যটোৰ মূল উদ্দেশ্য।
ৰাজস্থানৰ লোককথাৰ আধাৰত নিৰ্মিত সঞ্জয় মিশ্ৰৰ আভিনীত ৰূপকধৰ্মী চুটিছবি ‘টাৰটল’ত দেখুওৱা হয় মৰু অঞ্চলত পানীৰ আকালে বিধ্বস্ত কৰা এখন গাঁও। পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা গাঁওবাসীয়ে উচ্চ দামত পানী কিনিবলগীয়া হয়। ‘ৰামাকান্ত’ ওৰফে ‘দাদা’ই পানী কিনিবলৈ আস্বীকাৰ কৰি নিজ বাসগৃহৰ চোতালত কুঁৱা খান্দি নিজৰ লগতে গাঁওবাসীৰ বাবেও পানীৰ ব্যৱস্থা কৰিবলৈ কৰা যতন, এই প্ৰচেষ্টাত তেওঁ সন্মুখীন হ’বলগীয়া হোৱা লাঞ্ছনা ..ইত্যাদিক লৈয়েই ‘টাৰটল’ৰ সমগ্ৰ কাহিনীভাগ বৰ্ণনা কৰা হৈছে। পৰিৱেশ সংক্ৰান্তিয় বিষয়ক প্ৰাধান্য দি কাহিনী প্ৰস্তুত কৰা বোলছবিৰ উদাহৰণ আৰু বহু আছে। জনপ্ৰিয় বোলছবি লগান(২০০২), জল(২০১৪), কৌন কিটনা পানী মে(২০১৫), ৱেল ডান আব্বা(২০১০) আদি বোলছবিসমূহো ব্যৱহাৰযোগ্য পানীৰ দ্ৰুত ক্ষয় আৰু ইয়াৰ বিৰূপ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
মুখ্য ভূমিকাত পুৰৱ কোহলী আৰু তনিস্থা চেটাৰ্জী অভিনীত ‘জল’ বোলছবিখনৰ পটভূমি ৰাজস্থানৰ কচ্ছ অঞ্চল। কাহিনীত দেখুওৱা হয় কেনেদৰে পানীক কেন্দ্ৰ কৰি দুখন গাঁৱৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূচনা হয়, জলদেৱতা ‘ৱাক্কা’ই কেনেদৰে মৰুভূমিৰ মাজত পানীৰ সম্ভাৱনাক চিহ্নিত কৰি কুঁৱা খন্দাৰ অসফল প্ৰচেষ্টা চলায় আৰু এই প্ৰক্ৰিয়াত কেনেদৰে তেওঁ বিভিন্ন সংঘৰ্ষৰ সন্মুখীন হয়। গিৰিশ মালিকৰ এই বোলছবিত পানীৰ লগতে অনুসংগিক আন কেইবাটাও সমস্যাৰ উল্লেখ আছে যেনে খৰাঙ পৰিৱেশৰ বাবে পৰিভ্ৰমী ফ্লেমিংগ’ পখীৰ মৃত্যু, কিছুমান জটিল আৰু অসহনীয় সামাজিক ৰীতি-নীতি তথা মানৱীয় সম্পৰ্ক ইত্যাদি।
ঠিক তেনেদৰে ‘কড়বী হাৱা’ নামৰ বোলছবিখনতো দেখুওৱা হয় কেনেদৰে খেতিয়কসকলে খৰাঙ আৱস্থাত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হয়। এই বোলছবিসমূহে পৰিৱেশ পৰিৱৰ্তনে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰা ভাৰতবৰ্ষৰ অঞ্চলসমূহৰ প্ৰকৃত ছবি দাঙি ধৰি জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
২০১৮ ত মুক্তিপ্ৰাপ্ত ‘কেডাৰনাথ’ নামৰ বোলছবিখনত সুন্দৰ প্ৰেম কাহিনী এটাৰ মাজেৰে ২০১৩ চনৰ উত্তৰাখণ্ডৰ ভয়ংকৰ বানে সৃষ্টি কৰা ধংসলীলাৰ বিৱৰণ দেখুওৱা হয়। তেনেদৰে আন এক একচন ধৰ্মী বোলছবি ‘লাকাড়বাগা’ৰ মূল কাহিনী গঢ়ি উঠে বে-আইনীভাৱে সৰবৰাহ কৰা হায়েনা এটিক উদ্ধাৰ কৰা আৰু ইয়াৰ সৈতে জড়িত হৈ থকা নানা ধৰণৰ ঘাত-প্ৰতিঘাতক কেন্দ্ৰ কৰি। বিদ্যা বালান অভিনীত ‘শ্বেৰনী’ও সংৰক্ষিত বনাঞ্চলৰ কিছুমান ভিতৰুৱা সমস্যা, অৰণ্যবাসীৰ জীৱনৰ প্ৰত্যাহ্বান, চোৰাং চিকাৰীৰ উপদ্ৰৱ আৰু বাঘ-মানুহৰ সংঘাত ইত্যাদি সমস্যাসমূহক চিত্ৰিত কৰা হয়।
জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়সমূহ শেহতীয়াভাৱে ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ গুৰুত্ব লাভ কৰিছে যদিও ভাৰতীয় চিনেমাজগতত বহু পুৰণি কালৰপৰাই প্ৰকৃতি, পৰিৱেশ আৰু জলবায়ু সংক্ৰান্তিয় কাহিনীক সামাজিক দৃষ্টিকোণৰ পৰা উপস্থাপন কৰি অহা হৈছে। ‘মাদাৰ ইন্দিয়া’, ‘পাথেৰ পাচালী’ আৰু ১৯৭১ চনত মুক্তি পোৱা ‘হাথী মেৰে চাথী’ৰ দৰে বোলছবিসমূহ মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ লগতে বাণিজ্যিকভাৱেও হিট ছবি হিচাপে বিবেচিত হৈছিল।
বোলছবিসমূহে বহু সময়ত অনুঘটকৰ কাম কৰিব পাৰে, জনমত গঠন কৰিব পাৰে, জনসাধাৰণৰ আচৰণক নিয়ন্ত্ৰণ কৰিব পাৰে। পৰিৱেশৰ বিষয়বস্তু আৰু বাৰ্তা, কাহিনীত অন্তৰ্ভুক্ত কৰি দৰ্শকক বহনক্ষম পদ্ধতিক আঁকোৱালি ল’বলৈ আৰু পৰিৱৰ্তনৰ প্ৰতি সচেতন হ’বলৈ শিক্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে। চলচ্চিত্ৰ গৱেষণা বিশেষজ্ঞসকলে আশা কৰিছে যে পৰিৱেশ আৰু জলবায়ুৰ অধিক বিষয় মূলসুঁতিৰ আলোচনালৈ অহাৰ লগে লগে মনোৰঞ্জনৰ চলেৰে উচিত বাৰ্তা প্ৰেৰণ কৰা বোলছবিৰ এই ধাৰাটোৰো প্ৰসাৰ ঘটিব।
