মাটিডাইল আৰু ৰঙালাওৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস – পূৰৱী বৰদলৈ


(তিৱা সকলৰ বৰাচাউলৰ ন-খোৱা অনুষ্ঠানত কুকুৰাৰ মাংস মাটিডাইল আৰু ৰঙালাওৰ সৈতে ৰন্ধা হয় ৷ বৰাচাউলৰ ভাতক চুলীয়া ভাত বুলি কোৱা হয়৷ )

ৰন্ধাৰ বিধি:

উপকৰণ- গোটা কুকুৰা জুইত পুৰি চাফা কৰি সৰু সৰু কৈ কাটি লোৱা৷ ৰঙালাও ডোখৰ ডোখৰ কৈ কাটি লোৱা৷ আগদিনা তিয়াই থোৱা মাটিডাইল সামান্য থেতালি লোৱা আদাৰে কোমলকৈ সিজাই লোৱা৷
আদা নহৰু বটা, জলকীয়াৰ গুৰি আৰু কেঁচা জলকীয়া প্ৰয়োজন মতে৷ পিয়াজঁ কুটি লোৱা৷ কলাখাৰ, মিঠাতেল, নিমখ আৰু হালধি আন্দাজ মতে৷

প্ৰণালী: কেৰাহিত তেল গৰমাই পিয়াঁজ আদা নহৰু বটা দি হালধি মিলাওক আৰু ভালকৈ ভাজি মাংস দিব৷ নিমখ চটিয়াই সিজিবলৈ দিয়ক৷ আধা সিজা হলে ৰঙালাওৰ টুকুৰা আৰু জলকীয়া দিব৷ পুনৰ সিজিবলৈ দিব অলপ সময়ৰ বাবে৷ এতিয়া সিজাই ৰখা মাটিডাইল দি উতলিবলৈ দিয়ক৷ কলাখাৰ অলপ দিব৷ সুন্দৰকৈ সিজি উঠিলে নমাই বৰা ভাতৰ সৈতে পৰিবেশন কৰক৷

ন-খোৱাৰ দিনা কলপাতত বৰা ভাত আৰু কলৰ ডোনাত মাংসৰ তৰকাৰী পৰিবেশন কৰা হয়৷ এই কলৰ ডোনা জ্যু খাবলৈও ব্যৱহাৰ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!