মাতৃত্ব। মূল: ইউজেনিয়া ভিটেৰি।
লেখক- অনুবাদ: পংকজ কুমাৰ নেওগ।
শিশু পাবলো কোঠালিটোৰ এটা চুকত বিছনা এখনত নিদ্ৰামগ্ন। প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ তাৰ ফুলি উঠা চকুহালে এফালে জ্বলা-পোৰাৰপৰা প্ৰশমন বিচাৰিছে, আনহাতে তাৰ শুকান ওঁঠদুটাই কাতৰ হৈ অস্ফুট স্বৰেৰে বাৰে বাৰে মাতিছে –‘মা, ইয়ালৈ আহানা, আহাচোন মা! মাআআআআ…!’
মাক তেওঁৰ শিশুপুত্ৰৰপৰা বহুত দূৰৈত কিন্তু নাড়ীৰ টানত পুত্ৰৰ সৈতে যেন অলৌকিকভাৱে যোগাযোগ ৰাখিব পাৰিছে, আনকি নিজৰ ৰক্ত-মাংসেৰে গঢ়া পুত্ৰৰ যন্ত্ৰণাও অনুভৱ কৰিব পাৰিছে। তেওঁৰ হৃদয়খন মোচৰ খাইছে অব্যক্ত বেদনাত-যন্ত্ৰণাই শিশু পাবলোৰ কুমলীয়া শৰীৰটো তিলতিলকৈ কিদৰে ধ্বংস কৰিব ধৰিছে সেই কথা ভাবি!
পুত্ৰৰ দুশ্চিন্তাত গোটেই নিশা মাকে চকুৰ টিপ এটাও মাৰিব নোৱাৰিলে। পাছদিনা ৰাতিপুৱাই গভীৰ প্ৰত্যয়েৰে মহিলাগৰাকী স্বামীৰ সন্মুখত গৈ থিয় হ’ল।
: এডোৱাৰ্ডো, মই পাবলোক চাব বিচাৰিছোঁ। আজিয়েই যাম।
: সাৱধান, মূৰ্খামি নকৰিবা। একো চিন্তা নকৰিবা, চাবা, সোনকালে ভাল পাই উঠিবা। নে, তোমালোক দুয়োৱে মৃত্যুক আঁকোৱালি ল’ব খুজিছা? তাক চাই তোমাৰ কি লাভ হ’ব? তুমি কেৱল নৱজাতকলৈ বীজাণু কঢ়িয়াবা।
চকুৱে, মুখে এটা অসহায়ৰ ভাব লৈ নীৰৱ প্ৰতিবাদৰ চিহ্নৰূপে মহিলাগৰাকীয়ে হাত দুখন মোহাৰিবলৈ ধৰিলে। তেওঁ জানে স্বামীয়ে তেওঁক কঠোৰভাৱে দমন কৰি ৰাখে। খং আৰু ক্ষোভত মানুহগৰাকীয়ে নিজৰ ওঁঠকে কামুৰিলে আৰু ডিঙিত চেপা মাৰি ৰখা যন্ত্ৰণাটো এটা গেঙনি হৈ ওলাই আহিল। মাত্ৰ এক মুহূৰ্তৰ বাবেহে গেঙনিটো শুনা গ’ল-লগে লগেই অগ্নিমূৰ্তি ধৰি মহিলাগৰাকী থিয় হ’ল। সেই ভংগী আছিল স্থিৰ, অটল। কিন্তু ক’ৰপৰা জানো নিৰুৎসাহৰ বতাহ এছাটি আহি হঠাতে তেওঁৰ মস্তিষ্কক পুনৰ দুৰ্বল কৰি তুলিলে আৰু তেওঁ মূৰ্ছা গ’ল। এইবাৰো তেওঁ পৰাজয় বৰণ কৰিলে।
নিজৰ পুত্ৰৰ বাবে মহিলাগৰাকীয়ে মানসিক কষ্টত ভুগিছে। তেওঁৰ অবুজ মনে তেওঁক যেন বাৰে বাৰে কৈছে – ল’ৰাটোৱে অসুস্থতাতকৈও একাকিত্ব আৰু অৱহেলাত ভুগি কান্দিছে।
পল-অনুপলকৈ সময় পাৰ হৈ যায়। শিশু পাবলো হাস্পতালত নান (ছিষ্টাৰ)সকলৰ তত্ত্বাৱধানত। কাহি কাহি লবেজান হৈ পৰা শিশুটোৱে তাৰ দুৰ্বল শৰীৰটোৰ সৰ্বশক্তি উজাৰি এবাৰ চিঞৰি উঠে – ‘মা, মা, তুমি এতিয়াই আহা, মোৰ ওচৰলৈ!’
মজিয়াত কাৰোবাৰ দৃঢ় পদক্ষেপ শুনা গ’ল। সকলো ছিষ্টাৰ আহি শিশুটিৰ বিছনাখনৰ চাৰিওফালে সমৱেত হৈছিল। তেওঁলোকৰ মাজৰপৰাই এটা মৌ বৰষা কণ্ঠস্বৰে শিশুটিৰ মনলৈ যেন অৱশেষত শান্তিৰ বাৰ্তা লৈ আহে – ‘মোৰ সোণ, এয়া মই ইয়াতে আছোঁ!’
: মা, কাষলৈ আহাচোন, আৰু কাষলৈ আহা। মই দেখোন তোমাক ভালকৈ দেখাই নাই! তোমাৰ ধুনীয়া, মৰমলগা মুখখন মোক এবাৰ চুই চাব দিয়া… ওম..ঠিক এনেকৈ! মা, মই তোমাক খুব জোৰে সাবটি ধৰিব খুজিছো! কিন্তু এয়া কি, তুমি দেখোন কান্দিছা? কিন্তু কিয়, মা? মই যদি আকাশত তৰা হৈ বাট চাই ৰওঁ….।
: সোণটো, মনে মনে থাকা! মনে মনে থাকা!
: মা, তুমি মোক সাবটি ধৰি এটা চুমা খাবানে? এটা ডাঙৰ চুমা?
: মোৰ মইনাটো! মোৰ সোণটো!
শিশুটোৱে আকৌ এবাৰ জোৰে জোৰে কাহি মৃত্যু যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে।
: মা, মোৰ উশাহ ল’বলৈ কষ্ট হৈছে। মোক উশাহ ল’বলৈ দিয়া। চাৰিওফালে আন্ধাৰ নামি আহিছে। মোক অলপ পোহৰ আনি দিয়া, মা..!
অলপ পৰৰ পাছতেই শিশুটো শান্ত, নিথৰ হৈ পৰিল। মাক বুলি ভবা নানগৰাকীৰ ডিঙিত তাৰ হাত দুখনে তেনেকৈ সাবটি ধৰি আছিল। এইদৰেই শিশু পাবলোৱে পৃথিৱীৰ মায়া ত্যাগ কৰি ডাৱৰৰ সিপাৰৰ ধুনীয়া দেশখনলৈ যাত্ৰা কৰে।
সেই নানগৰাকীৰ চকুৱে-মুখে ভাহি উঠে এক অনিৰ্বচনীয় আনন্দ আৰু তৃপ্তিৰ দ্যুতি। শিশুটিৰ বাবে তেওঁৰ কোমল মনৰ স্নিগ্ধ সৰোৱৰত প্ৰশান্তিৰ নিৰ্মল ঢৌ খেলি যায়। সন্তানটিয়ে কেতিয়াও গম নাপালে যে তেওঁ বন্ধ্যা- কিন্তু তথাপি তেওঁৰ ভাব হ’ল যেন তেওঁ সেই অলৌকিক শিশুটিক ফাঁকি দি নিজকে সম্পূৰ্ণা আৰু উৰ্বৰা অনুভৱ কৰিছে।
‘আজিৰপৰা মই তাৰ মা! যদিওবা এটা মৃত সন্তানৰ!’
