মাতৃভাষা অসমীয়া, শিক্ষাৰ মাধ্যম আৰ আমাৰ কৰণীয়

লেখক- ড৹ ৰঞ্জনা ভট্টাচার্য

ভাষা এটা বিভিন্ন ধৰণে মানুহৰ মাজত চৰ্চা হৈ থাকিব পাৰে – কথা-বতৰাৰ দ্বাৰা, শিক্ষাৰ মাধ্যম হিচাপে আৰু সাহিত্যত ব্যৱহাৰৰ জৰিয়তে। কথা আৰু লেখাৰ দ্বাৰা আমি মনৰ ভাব প্ৰকাশ কৰোঁ। সেয়ে ভাষাৰো দুটা ৰূপ থাকে। কথিত আৰু লিখিত। কথিত ভাষা এটা অঞ্চল বা এটা গোষ্ঠীৰ মাজত প্ৰচলিত আৰু লিখিত ভাষাটো এখন দেশ বা এটা জাতিৰ মান্য ভাষা হিচাপে স্বীকৃত। এই ভাষাটোৱেই আমাৰ জাতীয় ভাষা। এই জাতীয় ভাষাটো আমাৰ পৰিচয়, আমাৰ শক্তি, আমাৰ স্বাভিমান।এই স্বীকৃত মান্যভাষাটোকেই শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। যিহেতু মানুহে জন্মৰ পিছতে মাতৃভাষাটোৰ লগত পৰিচয় হয়, সেয়ে এই ভাষাত আমি সকলোৱে শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ উজু পাওঁ।
ভাষাজ্ঞান দুই ধৰণে অৰ্জন কৰিব পাৰি-
ভাষা হিচাপে দক্ষতা আহৰণ কৰি আৰু বিষয় হিচাপে সেই ভাষাত ৰচিত কিতাপ পত্ৰ, সাহিত্য আদি অধ্যয়ন কৰি। ভাষিক দক্ষতা আহৰণৰ বাবে শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ অনুশীলন অপৰিহাৰ্য। দক্ষতা আহৰণৰ পিছতহে সেই ভাষাত সাহিত্য অধ্যয়ন আৰু সাহিত্য সৃষ্টিৰ দিশত অগ্ৰসৰ হ’ব লাগে।
‘ভাষা’ হিচাপে শিকোঁতে ইয়াৰ ধ্বনিগত উচ্চাৰণ, শব্দ-সঞ্চয়, শব্দসমূহৰ অৰ্থ, কালিকা, নতুন শব্দনিৰ্মাণ প্ৰক্ৰিয়া, বাক্যগঠন প্ৰক্ৰিয়া, ব্যাকৰণগত শুদ্ধতা আদি দিশ সামৰি লোৱা হয়। ভাষাটো আয়ত্ব কৰি লৈ কোৱা আৰু লিখাত কেনেকে ব্যৱহাৰ কৰিব পাৰি, বিষয় ভিত্তিক জ্ঞান আহৰণ কৰিব পাৰি আৰু সৃষ্টিশীল কৰ্ম সম্পন্ন কৰিব পাৰি তাৰ শিক্ষণ-শিকনৰ বৈজ্ঞানিক প্ৰক্ৰিয়াই ভাষা শিক্ষাৰ প্ৰক্ৰিয়া। সেয়ে ভাষা শিক্ষাৰ এই ভাগটোক ভাষা বিজ্ঞান হিচাপে বুজোৱা হয়।
‘প্ৰধান বিষয়’ হিচাপে শিকোঁতে সেই ভাষাত ৰচিত সাহিত্য, সাহিত্যৰ বুৰঞ্জী, সাহিত্য সমালোচনাৰ ধাৰা, বিভিন্ন তত্ত্ব আদি সামৰি লোৱা হয়। যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে বিষয় হিচাপে ভাষাটো অধ্যয়ন কৰে তেওঁ সেই বিষয়ক ‘গুৰু বিষয়’ হিচাপে ল’ব লাগে। তাৰ পিছত অনুক্ৰমে স্নাতকোত্তৰ পৰ্যায় অতিক্ৰম কৰি ভাষাটোৰ দ্বাৰা সৃষ্ট সাহিত্য-সংস্কৃতিৰ ৰীতি-গুণ, তত্ব-তত্বপ্ৰয়োগ পৰ্য্যায়লৈ গতি কৰি ভাষা-সাহিত্যৰ বিকাশ-বিস্তৃতিত অৰিহণা যোগাব পাৰে।
আকৌ,শিকি লোৱা ভাষাটো মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁতে সেই ভাষাটোৰ দ্বাৰা আন আন বিষয় সমূহৰ জ্ঞান লাভ কৰাটো বুজায়। লগতে আন ভাষাত লিখিত জ্ঞানপুঞ্জ নিজৰ ভাষালৈ ভাঙনি কৰাটোও ভাষা এটা মাধ্যম হিচাপে প্ৰতিষ্ঠিত কৰাৰ এক ব্যৱস্থা।
ভাষা শিক্ষণ এক জীৱনযোৰা প্ৰক্ৰিয়া। জন্মৰ পৰা উদ্দীপক-প্ৰতিক্ৰিয়া (Stimulus-response) কাৰ্যৰ দ্বাৰা ভাষাটো আয়ত্ব কৰা হয়। শুনা আৰু কোৱা – এই প্ৰক্ৰিয়াৰে ভাষা আয়ত্ব কৰি লৈ মনৰ ভাব প্ৰকাশৰ বাবে কথা-বতৰা নতুবা লিখাত ব্যৱহাৰ কৰিবলৈ লোৱা হয়। প্ৰথম মাতৃভাষা শিকা হয় মাতৃৰ কোলাত। অনুক্ৰমে দ্বিতীয়, তৃতীয় ভাষা শিকন প্ৰক্ৰিয়া নিৰন্তৰ চলি থাকে সমানুপাতিকভাবে। এনে নহয় যে এটা ভাষা শিকা শেষ হোৱাৰ পিছতহে আন এটা ভাষা শিকিব লাগে। ভাষাৰ জ্ঞান আহৰণ জীৱন জোৰা প্ৰক্ৰিয়া। এজন মানৱ শিশুৰ ভাষা শিকাৰ ক্ষমতা তিনি-চাৰি বছৰ বয়সৰ পৰা আৰম্ভ হৈ আজীৱন চলি থাকে। যিকোনো ভাষাত ব্যুৎপত্তি অৰ্জনৰ বাবে দীৰ্ঘ পৰিক্ৰমাৰ প্ৰয়োজন হয়। আকৌ মানুহে মাতৃভাষাৰ সমান্তৰালকৈ আন ভাষাসমূহো উপযুক্ত পৰিৱেশ পালে একেলগে আয়ত্ব কৰিব পাৰে। লিখিব নোৱাৰিলেও শুনি শুনি কোৱাৰ দক্ষতা আহৰণ কৰে। অনুক্ৰমে পঠন আৰু লিখনতো পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে।
এটি মানৱ শিশুয়ে মাতৃভাষা স্বতঃস্ফূৰ্তভাবে মাতৃৰ মুখৰ পৰা ক’বলৈ শিকে আৰু আজিৰ পৰা দুই/তিনি দশক আগলৈ সেয়াই আছিল ভাষা আহৰণ আৰু ভাষা কোৱাৰ প্ৰথম ঢাপ। বৰ্তমান সময়ত বিভিন্ন কাৰণত আমাৰ শিশু এটি বহুভাষিক পৃথিৱীখনৰ লগত পৰিচিত হয়। প্ৰধানতঃ মাক-দেউতাকৰ চাকৰিসূত্ৰে মাতৃভূমিৰ বাহিৰে বেলেগ ঠাইত লালন-পালন, নিজৰ ঠাইত আন ভাষাৰ লোকৰ লগত সঘন সংস্পৰ্শ, টেলিভিচন আৰু আন ইলেকট্ৰনিক মাধ্যমৰ বহুল ব্যৱহাৰৰ বাবে সততে মাতৃভাষাৰ বাদে আন ভাষা যেনে হিন্দী, ইংৰাজী আদি শুনাৰ পৰিৱেশ যথেষ্ট বৃদ্ধি হৈছে। এখন বহুভাষিক সমাজত বহুভাষিক পৰিৱেশত লালিত-পালিত হোৱাৰ ফলত এটি শিশুৰ মাতৃভাষাভিন্ন আন ভাষা কোৱাৰ দক্ষতা পাঁচ/ছয় বছৰ বয়সতে বহুগুণে বৃদ্ধি পোৱাটো শুভ লক্ষণ।
এনেদৰে অনানুষ্ঠানিকভাবে আহৰণ কৰি লোৱা ভাষাটো পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে শিকাৰ বাবে পৰিৱেশ দিয়াটো অগ্ৰজ সকলৰ দায়িত্ব বুলি ধৰিব পাৰি। সেয়েহে স্কুলীয়া অৱস্থাৰ পৰা এটি শিশুক বহুভাষিক দক্ষতা প্ৰদান কৰাৰ এক উদেশ্য বা লক্ষ্য থকাটো সময়ৰ আহ্বান। নিজৰ মাতৃভাষা সম্পূৰ্ণ শুদ্ধকৈ আহৰণ কৰি ইয়াৰ চৰ্চা, অনুশীলনৰ বাবে নতুন প্ৰজন্মক অহৰহ উৎসাহিত কৰাৰ সমান্তৰালকৈ আন ভাষাৰ বিশেষকৈ সংযোগী ভাষা হিচাপে ইংৰাজী আৰু ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দী ভাষাৰ দক্ষতা আহৰণৰ বাবেও সমানে অনুপ্ৰাণিত কৰাটো অগ্ৰজসকলৰ দায়বদ্ধতা হোৱা উচিত।
আমি বুজি লোৱা উচিত যে অকল মাধ্যমে ভাষা এটাৰ জ্ঞান বৃদ্ধি নকৰে। ভাষাৰ শিক্ষণ -শিকন প্ৰক্ৰিয়াই ভাষাজ্ঞান দিয়ে। উদাহৰণস্বৰূপে ইংৰাজী ভাষাটো ভালকৈ শিকিবলৈ ইংৰাজী মাধ্যমত পঢ়িবই লাগিব বুলি কোনো কথা নাই। এখন অসমীয়া মাধ্যমৰ অসমৰ বিদ্যালয়ত ইংৰাজী ভাষা শিক্ষাৰ বাবে নিৰ্ধাৰিত ক্লাছত শিক্ষকে মাতৃভাষা বা প্ৰথম ভাষা শিকাৰ ধৰণটো মনত ৰাখি শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ অৰ্হতা বিকাশৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগিব। ঠিক তেনেদৰে ইংৰাজী মাধ্যমৰ অসমৰ বিদ্যালয়ত অসমীয়া ভাষাটো সম্পূৰ্ণ বৈজ্ঞানিকভাৱে শিক্ষণ-শিকনত প্ৰাধান্য দিব লাগিব। আকৌ কৰ্মসূত্ৰে অসমৰ বাহিৰত বসবাস কৰা পিতৃ-মাতৃয়ে নিজা প্ৰচেষ্টাৰে সন্তানক অসমীয়া ভাষাৰ সৈতে পৰিচয় কৰাই দিব লাগিব। অসমীয়া মাক-দেউতাকৰ সন্তান যদি অসমৰ বাহিৰত ডাঙৰ দীঘল হৈছে বা হিন্দী, ইংৰাজী মাধ্যমত অধ্যয়ন কৰিছে তেওঁলোকক অসমীয়া ভাষাৰ জ্ঞান দিয়াৰ বাবে সেই মাক দেউতাকে কিছু ওপৰঞ্চি কষ্ট কৰিব লাগিব। ঘৰৰ কথা-বতৰাত নিজৰ ভাষাটো ব্যৱহাৰ কৰিলে সিয়ে মাতৃভাষাৰ প্ৰতি অনুৰাগ বঢ়ায়। মাতৃভাষাৰ প্ৰতি থকা অন্তৰৰ টান কপকপীয়া কৰে। কোনো কাৰণতেই নিজৰ ভাষাটো ভাব প্ৰকাশৰ বাবে অনুপযুক্ত বুলি অনুভৱ কৰোৱা উচিত নহয়। অসমীয়া কবিতা আবৃত্তি, গীত পৰিৱেশন আদিৰ দ্বাৰা কথন দক্ষতা আনিব পাৰি। আকৌ তেওঁলোকক ইংৰাজী ভাষাত পঢ়া যিকোনো পুথিক অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ অনুপ্ৰাণিত কৰি লিখন অৰ্হতা বৃদ্ধি কৰিব পাৰি।
মাধ্যম কেতিয়াও উচ্চশিক্ষাৰ হেঙাৰ নহয়। তৎসত্বেও যেতিয়ালৈকে উচ্চ পৰ্যায়ৰ জ্ঞান অৰ্জনৰ সমস্ত তথ্যসম্ভাৰ নিজৰ ভাষাত উপলব্ধ নহয়, তেতিয়ালৈকে ইংৰাজী ভাষা সংযোগী ভাষা হিচাপে আমাক লাগিবই। গত্যন্তৰ নাই। সেয়েহে স্কুল পৰ্যায়ত নিজৰ দেশৰ সাহিত্য,সংস্কৃতি, ইতিহাস, ভূগোল আদিৰ বাবে অসমীয়া মাতৃভাষাৰ শব্দবোৰ আহৰণ কৰি বিজ্ঞান, অংক আদিৰ বাবে ইংৰাজী শব্দসম্ভাৰৰ অতিৰিক্ত জ্ঞান সমানে দিবলৈ চেষ্টা কৰিলে উচ্চপৰ্য্যায়ৰ শিক্ষা গ্ৰহণত ছাত্ৰ ছাত্ৰীয়ে উজুটি খাব লগা নহয়।
মাতৃভাষাৰ স্বকীয় শব্দবোৰ শিশুৰ মনৰ অভিধানখনত অন্তৰ্ভুক্ত হ’বই লাগিব। নিজৰ মাটি, নিজৰ কৃষ্টিৰ শব্দবোৰ নাজানিলে, সেই ল’ৰা-ছোৱালীৰ শিক্ষা পানীত উপঙি থকা মাটিৰ স্পৰ্শহীন মেটেকা সদৃশ হয় আৰু লাহে লাহে ভাষা, কৃষ্টি, সাহিত্যৰ প্ৰতি অনীহা আৰম্ভ হয়। আমি যেনেদৰে জাতীয় ভাষা-সাহিত্যৰ গুড়ি-বঠা ধৰিব লাগিব, ঠিক তেনেদৰে, দিগন্ত বিয়পা দৃষ্টিৰে জ্ঞান অৰ্জনৰ যো-জাও কৰি যাব লাগিব।
নিজৰ ভাষাৰ আপুৰুগীয়া শব্দ সম্ভাৰৰ প্ৰয়োগ, প্ৰয়োজন সাপেক্ষে ন ন শব্দ উদ্ভাৱন আৰু অভিধানত অন্তৰ্ভুক্তিকৰণেৰে মৰ্যাদা প্ৰদান, সঘনে ব্যৱহাৰ হৈ থকা ইংৰাজী শব্দবোৰৰ (যিবোৰ নকৰিলেই নহয়) প্ৰতি কিছু উদাৰ দৃষ্টিভংগী পোষণ আদিৰ দ্বাৰা আমি মাতৃভাষাটো সমৃদ্ধ কৰিব পাৰোঁ। লগতে মাতৃভাষাৰ শব্দবোৰৰ ইংৰাজী আৰু হিন্দী প্ৰতিশব্দবোৰো আমি সমানেই আহৰণ কৰি যাব লাগিব। ভাল লগা কথা যে অনেকজন অসমীয়া প্ৰেমীৰ আপ্ৰাণ চেষ্টাত অলপতে গুগল ট্ৰ্যান্সলেটৰত উপলব্ধ হৈছে। ইয়াতো শব্দসংখ্যা বৃদ্ধিত আমি অৰিহণা যোগাব পাৰোঁ। ক্ৰমান্বয়ে ইয়ে নিজৰ ভাষাটোক উচ্চ পর্যায়ৰ শিক্ষা গ্ৰহণৰ উপযোগী মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিব।
আজিৰ সময়ত অসমীয়া আৰু ইংৰাজীৰ সুসমন্বয়ত এক ব্যৱহাৰিক শিক্ষাব্যৱস্থা সকলো পর্যায়তে প্ৰচলন কৰিব লাগে। ইংৰাজী ভাষাৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰকাৰ্যমূলক (Functional) দিশটো সকলো পর্যায়তে অন্তৰ্ভুক্ত কৰিব লাগে। অসমীয়া মাধ্যমত পঢ়ি ইংৰাজী ক’ব নোৱাৰাৰ হীনমন্যতাই ল’ৰা ছোৱালীক মানসিক কষ্ট দিয়া নাইবা ইংৰাজী মাধ্যমত অধ্যয়ন কৰি মাটিৰ গোন্ধ থকা অসমীয়া শব্দৰ লগত বিচ্ছিন্ন হোৱা – এই দুয়োটা কথাই আমাক ক্ষতি কৰি আছে।
সেয়েহে বিদ্যালয় পর্যায়ত শব্দ-সম্ভাৰ চহকী কৰি, বাক্য গঠন প্ৰক্ৰিয়া শুদ্ধকৈ আহৰণ কৰি অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা শিকা প্ৰক্ৰিয়াটোত সহায় কৰিব লাগে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা। এয়া হ’ব গুণগত ভাষা শিক্ষাৰ বাবে লোৱা কাৰ্যকৰী সিদ্ধান্ত। মাধ্যম বিতৰ্কত মত-অমত আগবঢ়াই অংশ লোৱাতকৈ ভাষা শিক্ষাক কেনেদৰে বিজ্ঞানসন্মতভাৱে সুচাৰুৰূপে আগবঢ়াব পাৰি তাৰ বাবে উচিত পদক্ষেপ লোৱাটো আমাৰ জাতীয় কৰ্তব্য।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!