মানুহে কি ক’ব!

লেখক- ৰিমঝিম বৰঠাকুৰ

: ছোৱালী নিবৰ হৈছে দেই।

কোনোবাই দুৱাৰখনৰে ভূমুকিয়াই চিঞৰি থৈ গ’ল। লগে লগে আকৌ কান্দোনৰ ৰোল উঠিল। কইনাতকৈ বেছি কান্দোনৰ শব্দ আহিছে মাক আৰু পেহীয়েকৰ ফালৰ পৰাহে। আজিৰ পৰা দুইজনী একেবাৰেই অকলশৰীয়া হৈ পৰিব যে কথাটো ভাবি মাক-পেহীয়েক বাদেই ওচৰৰ মানুহখিনিৰো বুকুখন শেলে বিন্ধাদি‌ বিন্ধিছে। তথাপি ছোৱালী মানুহ এঘৰলৈতো উলিয়াই দিবই লাগিব কোনোবা এদিন। “পেহীয়েকৰ নিচিনাকৈ ঘৰতেটো ৰাখি থ’ব নোৱাৰি” ওচৰ-চুবুৰীয়াই এইষাৰ আকৌ ক’লে কইনাৰ মাকৰ বুকুখন মোচৰ খাই উঠে। পিচে বিৰিণাৰ বিয়াখনকলৈ পেহীয়েক মণিৰ চিন্তাটো বেছি আছিল।

: আৰু অলপ সময় ৰ’ব নোৱাৰে নে। অকণমান পোহৰটো ওলাওক। 

কোনোবা এগৰাকী গৈ দৰাঘৰীয়া মানুহখিনিক কৈ চাইছিল। পিচে পোহৰ ওলালে বৃহস্পতিবাৰ পৰিবগৈ সেয়ে চৰাইৰ মাতৰ আগতেই ঘৰৰ পৰা উলিয়াই নিয়াৰ কথা চিন্তা কৰিছে। এইখিনি সময় বৰ অস্বস্তিকৰ কইনাঘৰৰ কাৰণে। ছোৱালী উলিয়ায়ো দিব লাগে, জন্ম হোৱা ঘৰখন পৰৰ কৰি উলিয়াই পঠিওৱাৰ শোকচাট জানো কম! । উপায় নাই, আকৌ তায়েই গৈ বেলেগ এখন ঘৰৰ জেউতি চৰাবগৈ। 

বিৰিণাৰ মাকে তাইক থ’বলৈ মামীয়েক আৰু ডাঙৰ পেহীয়েক‌ আইজনীক কৈছে যদিও কিয় জানো মণি নগ’লে যেন কিবা এটা আধৰুৱা হ’ব, সেয়ে তাইৰ লগতে মণি পেহীয়েককো পঠিয়ালে। প্ৰথমতে মণিয়ে বৌৱেকৰ কথাত অমান্তি হৈছিল পিছত যেনিবা সন্মতি দিলে। আচলতে অমান্তি হোৱাৰ কাৰণো নথকা নহয়, একমাত্ৰ ছোৱালীজনী উলিয়াই দিয়াৰ পিছত বৌৱেকজনীৰ কি অৱস্থাত থাকিব সেয়া মণিৰ বাদে কোনে ভালকৈ জানে। তথাপি বিৰিণাৰ সৰু মামীয়েক আৰু বাকীবোৰ জেঠায়েক, খুৰীয়েকে মাকৰ দায়িত্ব লোৱাত মণি বিৰিণাৰ লগত যাবলৈ ৰাজি হ’ল। আচলতে সৰুৰে পৰা ডাঙৰ কৰা ভতিজাকজনীনো কেনেকুৱা ঘৰত পৰিছে এবাৰ চাবলৈ মনো নথকা নহয়। বিয়া দিছেও দিছে একেবাৰে দূৰণিবটীয়া বাটত, যাওঁ বুলিওনো পিছত কেতিয়ানো যাবলৈ পাব তাৰো কোনো ঠিক নাই। ইফালে বিয়াৰ তাৰিখ ঠিক হোৱাৰ দিন ধৰি বিৰিণাৰো একেটাই আব্দাৰ, 

: মণিপি ওলাবি কিন্তু মোৰ লগত, তই যদি মোৰ লগত নাযাৱ ময়ো নাযাম কিন্তু। 

তাইৰ কথা শুনি মণিয়ে তাই সেই নিজৰ ঢেকঢকাই মৰা হাঁহিটো মাৰি কয়—

: ই আই, আইদেউৰ কথা শুনা, তাৰপিছত বোলে নিলিম অহাৰ পিছত কাৰোবাৰহে যাবলৈ উথপথপ লাগিব। মণি পি তেতিয়া পৰি থাকক ক’ৰবাত। 

বিৰিণাজনীক মণিয়ে গাখীৰকণহে খুওৱা নাই, বাকীটো তাইৰ সমস্ত কাম মণিয়েই চম্ভালি লৈছে। তাইৰ দুবছৰ বয়সত ককায়েকৰ মৃত্যুৱে বৌৱেকজনীক একেবাৰে আজলীৰ নিচিনা কৰি পেলাইছিল। কি খাই, কি পিন্ধে একোৰে হিচাপ নোহোৱা হৈছিল। বিৰিণাজনীকো যদি সেইখিনি সময়ত মণিয়ে চোৱা-চিতা নকৰিলেহেঁতেন বিৰিণাৰো অৱস্থা নাইকিয়া হ’লহেঁতেন। বিয়া দিয়া বায়েকহঁত, আঁতৰে আঁতৰে থকা বৌৱেক-দাদাকহঁত কেইদিনমানৰ কাৰণে আহি থাকি যায় যদিও সমস্ত ঘৰৰ দায়িত্ব মণিৰে। বৌৱেক-ভতিজাকৰ দায়িত্ব মূৰ পাতি লওঁতে বিয়াৰ বয়স কেতিয়া পাৰ হৈ গ’ল গমেই নাপালে। পঢ়া-শুনাত একেবাৰে মণি বেয়াও নাছিল যদিও বিএ ডিগ্ৰীতকৈ বেছি পঢ়িব নোৱাৰিলে তথাপি সময়ত যেনিবা তাইৰ ডাকঘৰত চাকৰি এটাও হৈছিল। মণিৰ শুশ্ৰূষাতে বৌৱেকো লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহিল, অন্ততঃ বিৰিণাক মাকৰ লগত থৈ তাই নিচিন্তমনে অফিচলৈ অহা-যোৱা কৰিব পাৰিছিল। 

: ঐ মণিপি কি ভাবি আছ?

বিৰিণাৰ মুখলৈ চাই ৰ লাগি ৰোৱা মণিক কইনাই নিজেই হেঁচুকি দিয়াতহৈ সম্বিত ঘূৰি আহিল। 

: ঐ কোনোবা এজনী আহি বিৰিণাক ধৰকহিচোন, মই নবৌক কথা এটা কৈ আহোঁ।

মণিয়ে কইনাক উলিয়াই আনিবলৈ ধৰি ওচৰতে থকা মাইকী মানুহৰ জুমটোলৈ চাই চিঞৰ এটা মাৰি কইনা বিদায়ৰ ৰীতি-নীতিখিনি কৰি কান্দি কান্দি বিছনাত পৰা বৌৱেকৰ ওচৰলৈ ঢাপলি মেলিলে। 

: নবৌ অ, এইটো সময়ত এনেকৈ কন্দা-কটা কৰাটো অশুভ চিন, ইমানকৈ কান্দি নাথাকিবা। তাই আকৌ দুদিনৰ পিছত আহিবই নহয় আঠমঙলা খাবলৈ। 

বিছনাত পৰি থকা বৌৱেকৰ মূৰে-গায়ে হাত ফুৰাই থৈ নিজৰ কাৰণে ৰেডী কৰি থোৱা কাপোৰৰ বেগটো কান্ধতে থৈ লৰালৰিকৈ মণি ওলাই গ’লগৈ। 

দেখাই-শুনায়ো ধুনীয়া মণিলৈ এতিয়াও কোনোবাই ক’ৰবাৰ পৰা কেতিয়াবা দৰা নেদেখুৱা নহয়। বৌৱেকেও তাইক মাজে মাজে কয়, তাইহে এই বুঢ়া বয়সত কাৰ ঘৰ শুৱনি কৰিমগৈ বুলি কথাটো গাপ দি থয়। বৌৱেকৰ মণিলৈ চালে শোকটো আকৌ উজাই আহে, সেয়ে বিৰিণাৰ বিয়াৰ আগতেও তাইক বহুতবাৰ কৈ চালে কিন্তু মণিয়ে মানিলেহে। আনকি মণিয়ে যিখিনি সিহঁত দুজনীৰ কাৰণে কৰি থৈছে সেয়া ঋণ কেনেকৈ মাৰিব বুলিও বৌয়েকে তাইৰ ওচৰত দুখ কৰে। তেতিয়া মণিয়ে আকৌ ওলোটাই কয়হে—

: মোৰ লগত যদি তহঁত দুজনীয়ে থাকি দিগদাৰ পাইছ, তেন্তে ময়েই ভাড়া ঘৰ এটা লৈ থাকোঁগে। 

সেইটো উত্তৰ শুনাৰ পিছত বৌৱেকেও বৰ বেছি তাইক একো ক’বলৈ সাহস নকৰে। এতিয়া চাওঁতে চাওঁতে মণিৰ পঞ্চাশৰ ঘৰ চুবলৈ মাত্ৰ দুটামান বছৰ বাকী। চাবলৈ গ’লে তাইৰে বৌৱেকৰে বয়স একেই। বৌৱেকজনী যদি সেই তেতিয়াতে বিধৱা হৈ জীৱন কটাব পাৰিছে, তাইনো আবিয়ৈজনী হৈ থকাত কি সমস্যা। কেতিয়াবা অৱশ্যে কিবা এটা অকলশৰীয়াবোধে তাইক আমনি নকৰা নহয়, কিন্তু সেইবোৰ মনৰ ভিতৰতে গাপ দি ৰাখি থওঁতে সেইবোৰো নোহোৱা হ’ল, কিন্তু নিলিমৰ ঘৰৰ মানুহখিনি অহাৰ পিছতহে মণিৰ দেহ-মন ৰিবৰিবাই থকা কিবা এটা অনুভৱে মাজে মাজে ৰিবৰিবাবলৈ ধৰিলে। 

মণিৰ জীৱনলৈ প্ৰেম নহা নহয়। আহিছিল, খালী কিবা নহয় কিবা কাৰণত সেইবোৰ ৰৈ গ’ল আধৰুৱাকৈ। কোনে কয় প্ৰেম এবাৰেই হয়, হ’ব পাৰে বহুবাৰ, বহুজনৰ লগত, বিভিন্ন সময়ত। কেতিয়াবা কাৰোবাৰ কথাই মোহিত কৰিব পাৰে, কেতিয়াবা আচৰণে, মুঠতে ভাল পাবলৈ কাৰণ অগণন, কিন্তু বেয়া পাবলৈ এটা কাৰণেই যথেষ্ট। মণিৰ প্ৰেমবোৰো তেনেকুৱাই আছিল, একেবাৰে ক্ষুদ্ৰতম কাৰণতো তাইৰ জীৱনৰ পৰা প্ৰেম আঁতৰি গৈছিল। কিন্তু সেই প্ৰেমৰ সমাপ্তিয়ে মণিৰ জীৱনত বৰ বেছি প্ৰভাৱ পেলোৱাৰ আগতেই তাইৰ দায়িত্ব বহুত বাঢ়ি গৈছিল আৰু সেই দায়িত্বৰ আগত তাইৰ আধৰুৱা প্ৰেমে দুখ কৰিবলৈও সময়েই নাপালে। 

: মণি পি, নিলিমৰ মামাৰ কথাটো কি ভাবিলি? 

দৰা ঘৰ গৈ পোৱাৰ পিছত সকলো যাৱতীয় নীতি-নিয়ম কৰাৰ পিছত, দৰা-কইনাৰ কাৰণে নতুনকৈ বনোৱা ৰুমটোলৈ সিহঁতক লৈ গৈ টাইলছৰ ওপৰতে পাৰি দিয়া তোছকতে এটা ৰাতিৰ কাৰণে শুবলৈ দিলে। ৰুমটো এনেও আহল-বহলেই তথাপি ৱালতে লাগি থকা আলমাৰিকেইটাৰ বাদে আৰু একো বস্তু নথকাত বেছিয়েই ডাঙৰ যেন লাগিছে। কইনাই লগত অনা ট্ৰাংকৰ পৰা আদি কৰি খুচখুচীয়া বস্তুবিলাক ভৰাই দিয়াৰ পিছতো যথেষ্টখিনি খালী জেগা ৰৈ গৈছে। বিৰিণাই সকলোবোৰ ৰুমৰপৰা ওলাই যোৱাত মণিৰ লগতে তোচকখনত অলপ দেৰি বহি থাকিল। আচলতে তাইক শাহুৱেকে কাপোৰ-কানি সলাই গাটো ধুই অলপ দেৰি জিৰণি ল’বলৈ কৈ থৈ গৈছিল যদিও, তাইহে একো কৰিবলৈ মন নকৰিলে। বেগতে থকা সৰু আইনাখন উলিয়াই দুপৰীয়াতে কৰা মেকআপখিনিৰ সৈতে মুখখন চাই মণিৰ কান্ধতে মূৰটো পেলাই বহি থাকিল। কিবা এটা আলস্যভাৱে তাইক আৱৰি ধৰিলে। মাক আৰু এই মানুহজনীক বাদ দি তাইৰ জীৱনটো একেবাৰে শূন্য। দেউতাকৰ মৰম কি বুজি নাপাওঁতেই দেউতাকক হেৰুওৱা ছোৱালী। অকমান কথাতে কিবা শোকটোৱে খুন্দা মাৰি ধৰে। ৰূমটোত কেৱল সিহঁত দুজনী থকা সুযোগতে বিৰিণাই ফুচফুচাই সোধাদি মণিক কথাটো সুধিলে। প্ৰথমতে মণি চক খাই উঠিছিল যদিও নিজকে চম্ভালি গহীনকৈ উত্তৰ দিলে, 

: সেইবোৰ এতিয়া বাদ দেচোন। নতুন এঘৰত আহি সোমাইছহি, এতিয়া তই তোৰ কথা চিন্তা কৰ। 

: মণি পি বহুত হৈ গ’ল। আমি চবেই নিজৰ কথাই চিন্তা কৰিলোঁ তোক বাদ দি। এতিয়া সময় তোৰ। মামাও অকলশৰীয়া আৰু তয়ো। আৰু কিবা এটা ক’বলৈ ধৰিছিল যদিও বিৰিণাৰ মামীয়েক আৰু ডাঙৰ পেহীয়েক হেলাই হেপাই ৰুমটোলৈ সোমাই অহাত বিৰিণা মনে মনে থাকিল।

 : কি হ’ল দুইজনী এনেকৈ বহি আছ যে, যা আকৌ এজনী এজনীকৈ গা ধুই আজৰি হগৈ। ডাঙৰ পেহীয়েকে দুইজনীলৈকে চাই কথাকেইটা কৈ সিহঁতৰ ওচৰতে বহিল। পেহীয়েক নাথাকে, যাবগৈ। নবৌৱেকৰ কথা এৰাব নোৱাৰাতহে লগত আহিল নিজৰ গাড়ীখনতে। ল’ৰাটোৱে বস্তুখিনি নমাই আজৰি হ’লেই পেহীয়েক যাবগৈ। বিৰিণাৰ বিয়াত আটাইবোৰে যিমান ধেমালি স্ফূৰ্তি কৰিলে সিমানেই কিন্তু মনত দুখ এটা লাগি থাকিল। দেউতাক নোহোৱা ছোৱালী, তাতে ঘৰখনৰ একমাত্ৰ সন্তান। ছোৱালী উলিয়াই দিয়া মানে একেবাৰে পৰৰে হৈ যায়, তাৰ পাছত আৰু আলহী অহাদি অহাহে। বিশেষকৈ বেয়া লাগে মাকজনীলৈ, ঘৰখন খালী হৈ যোৱাৰ ভয়তে জীয়েকক পঢ়িবলৈ আঁতৰলৈকো নপঠিয়ালে। যি পঢ়ে ঘৰত থাকিয়েই পঢ়ক বুলি খুড়াৱকহঁতেও মাকৰ কথাতে হয়ভৰ দিয়াত বিৰিণাৰ না কৰাৰ কোনো সুৰুঙাই নোলাল। সেয়ে হঠাতে বিয়াখন হোৱা কথাটোত সকলোৰে মনটোত অলপ বেজাৰ লগাইছে। 

ডাঙৰ পেহীয়েকে একেথিৰে বিৰিণাৰ মুখখনলৈকে চাই কথাবোৰ ভাবি থাকোঁতেই কাম কৰি আজৰি হৈ ৰূমলৈ ল’ৰাটো সোমাই অহাত সম্বিত ঘূৰি আহিল। ওলাই আহিবলৈ ধৰা চকুপানীখিনি কোনোমতে লুকুৱাই বিৰিণাক আকৌ এবাৰ সাৱটি ৰূমটোৰ পৰা ওলাই আহিল। বিৰিণাৰ বিয়া বুলি দুখ এটাটো আছেই কিন্তু বেছিকৈ বেয়া লাগে মণিজনীলৈহে। দেখাই-শুনাই অপৰূপা মণিক জানো খুজিবলৈ অহা ল’ৰা অভাৱ আছিল! মাক-দেউতাকৰ পিছতেই ককায়েকৰ মৃত্যুৱে বেচেৰীজনীক কম সময়তে বহুত দায়িত্ব জাপি দিয়া হ’ল। বিৰিণাহঁতৰ কাৰণে তায়েই দেউতাক, ঘৰৰ মুৰব্বীৰ দৰে হৈ পৰাত অত অত ভাল ঘৰৰ ল’ৰাকো তাই সময়ত ওভতাই পঠিয়াব লগা হ’ল। আচলতে ঘৰৰ সকলোৱে তাইক বিয়াৰ কাৰণে জোৰ দিছিল যদিও তাইৰ আকোঁৰগোজ স্বভাৱটোৰ আগত সকলো তল পৰিল। 

: যাচোন বিণি তই এতিয়া ফ্ৰেছ হৈ আহি অকণমান শুই দে। 

বায়েকক দুৱাৰৰ মুখলৈকে আগবঢ়াই থৈ আহি মণিয়ে বিৰিণাক কথাকেইটা কৈ সিহঁতে ঘৰৰপৰা আনি থওৱা বস্তুবোৰ অলপ ঠিক কৰাত লাগিল। বিৰিণাৰ মামীয়েক এতিয়াও ভিতৰ সুমুৱাই নাই, পেহীয়েকহঁতক আগবঢ়াবলৈ গৈ কাৰোবাৰ লগত কথা পতাত লাগিল চাগে। 

: মণি পি কচোন, মামাক লৈ কি ভাব?

বিৰিণাই আকৌ সেই আধৰুৱাকৈ ৰৈ যোৱা কথাটো উলিয়াবলৈ বহি গৈছে। বিৰিণাৰ মুখত আকৌ নিলিমৰ মামাৱকৰ কথা শুনি মণিৰ বুকুখন চিৰিংকৈ মাৰিল ঠিক ক্লাছ নাইনত অৰ্ণৱে তাই লৈ চাই মৰা চকুটিপটো দেখি যিটো গতিত তাইৰ সৰ্বশৰীৰ কঁপি উঠিছিল ঠিক সেইদৰেই। 

: আগতে বাৰু তই গা-চা ধুই ফ্ৰেছ হৈ ল, এই বিষয়ে আমি কথা পাতিম। 

সৰ্বশৰীৰৰ কঁপনি গাতে ৰাখি লগাতকৈ বেছি স্বাভাৱিক হৈ মণিয়ে বিৰিণাক উত্তৰটো দিলে। 

আচলতে নিলিমৰ মোমায়েক প্ৰথমদিন দেখা ধৰি মণিৰ কিবা এটা অনুভূতি যে জাগিছিল সেইটো নিৰ্ঘাত সত্য, কিন্তু এই বয়সত এইবোৰো হয়নে বুলি মণিয়ে কথাটো গাপ দিলে। বিৰিণাক চাবলৈ অহা নিশা আইনাৰ সন্মুখত মণিয়ে বহু দেৰি নিজকে চালে। এনেকৈ আইনা হয়তো কেতিয়া চাইছিল তাইৰ মনতে নাই। ককায়েক ঢুকোৱাৰ পিছৰ পৰা চাগে নিজৰ দেহাটো খুঁটি নাটি মাৰি চাবলৈ পাহৰিয়েই গৈছিল। গাভৰু জীৱনৰ সেই সৌন্দৰ্যৰ সতেজতা নাথাকিলেও, চকুৰ তলত মনো নমনোকৈ থকা বয়সৰ বলিৰেখাৰ মাজেৰেও দেখোন বেলেগ এটা সৌন্দৰ্য প্ৰকট হৈ পৰিছে। কাণৰ কাষৰ, মূৰৰ আগৰ কেইডালমান পকা চুলিয়ে মণিৰ সৌন্দৰ্যখিনিত একো ম্লান পেলাব পৰা নাই, বৰঞ্চ এই ক্ষেত্ৰত ‘এজিং গ্ৰেচফুল্লী’ কথাষাৰহে খাপ খাই পৰিছে। ঘৰৰ সমস্ত দায়িত্ব তাইৰ মূৰ পাতি লোৱা মণিয়ে মাহেকে পষেকে পাৰ্লাৰলৈ গৈ চেলাউৰিখিনি উঠোৱাৰ বাহিৰে আইনাৰ সন্মুখত এনেকৈ নিজকে বেলেগ এটা ৰূপত চোৱা নাছিল। সেই নিশা মণিৰ বহু ৰাতিলৈকে টোপনি নাহিল। নিলিমৰ মামাৱকে তাইলৈ চাই চেলাউৰি কেইডাল উঠাই কিবা এটা ভংগীত কৈ যোৱা ‘যাওঁ’ শব্দটোৱেই কাণত বাজি থাকিল। ‘মোৰ যি হৈছে তেওঁৰো হৈছে নে’ কথাষাৰে মণিৰ মনত দুদিনমান ধৰি অগা-দেৱা কৰি থাকিল। 

বিৰিণাক চাই যোৱা তিনিদিনৰ পিছত অচিনাকি নম্বৰ এটাৰ পৰা মণিলৈ অহা মেছেজটোৱে মণিৰ মনৰ বতাহজাকক আৰু অলপ বেগ দিলে। প্ৰথম দুদিনমান এবাৰ দুবাৰ খবৰ সোধাৰপৰা মেছেজবোৰ দিন বাগৰাত বেছি হৈ আহিল। পিছলৈ মেছেজৰ ঠাইত ফোনকলে ঠাই ল’লে। এইখিনি সময়লৈকে মণিৰ দেখোন হাত এখনৰ প্ৰয়োজনীয়তাৰ কথাটো কাহানিও মনলৈ অহা নাছিল। সময়বোৰ বাগৰিছে! বিয়াখন যিমান আগবাঢ়ি আহিছে সিমান দেখোন মণিৰহে বুকুখন ধান বনাদি বানিবলৈ লৈছে। যেতিয়া নিলিমৰ মামাৱকে কিবা এটা সিদ্ধান্তলৈ আহিব বিচাৰে তেতিয়াই দেখোন মণিয়ে পলাই ফুৰিবলৈ যত্ন কৰে। ইফালে তেওঁৰ মাতটো নুশুনিলেও দেখোন ভাল নালাগে। এই বয়সত মণিৰ প্ৰেমৰ কথাবিলাক জানো ৰাইজে সহজে ল’ব। নতুন মিতিৰ ঘৰেনো কি বুলিব! ভতিজাকৰ বিয়াৰ লগতে পেহীয়েকৰ তত্ নোহোৱা হ’ল। এইবোৰ চিন্তা কৰিয়েই মণিয়েই তেওঁক একো সিদ্ধান্ত দিব পৰা নাই। 

প্ৰেম যে কি! ক’ত, কেনেকৈ, কেতিয়া কাৰ লগত হৈ যায় ঈশ্বৰে জানে। ইমান ভাল লগা অথচ ভয় লগা এক অনুভৱ। কাৰোবাক নিজৰ কৰি লোৱাৰ হেঁপাহ, আকৌ হেৰুৱাই পেলোৱাৰো ভয়। মণিৰ নিজৰ ওপৰতে খং উঠে কেতিয়াবা, ইমান সংযমহীন কেনেকৈ হ’বলৈ পালে। কোনোবা এজনে যেনিবা ভাল লগা কিবা এটা ক’লেই সৰু ছোৱালীৰ নিচিনাকৈ সকলো পাহৰি পেলাব লাগেনে! 

মণিৰ প্ৰেমৰ কথাবোৰ বিৰিণা আৰু বিৰিণাৰ মাকৰ আগত বেছি দিন লুকাই নাথাকিল। বিৰিণাইটো প্ৰথমৰ পৰাই কিবা এটা সন্দেহ কৰিছিলেই, নিলিমে কোৱাত সেই সন্দেহ সঁচালৈ পৰিৱৰ্তন হ’ল। কথাটো গম পাই বিৰিণাই ইমানেই স্ফূৰ্তি পালে তাৰ ভাগ তাইৰ মাককো দিলে। এদিন দুয়ো মণিক সুবিধা বুজি কথাটো উলিয়াওঁতে তাই খঙতে বকি-জকি আহিছিল যদিও বৌৱেকৰ বুজনিত ক্ষান্ত হৈ হুকহুকাই কান্দি উঠিছিল। 

বিৰিণা আৰু তাইৰ মাকৰ সাহসত মণিয়ে নিলিমৰ মামাৱকক কথা দিছিল বিৰিণাৰ বিয়াখনৰ পিছতেই সিহঁতেও এটা সিদ্ধান্তলৈ আহিব। অলপদিনলৈকে এই কথাষাৰৰ পৰা আঁতৰি থাকিবলৈকে মণিয়ে তেনেকৈ ক’লে যদিও বিয়াখন হৈ যোৱাৰ পিছত কি কৰিব সেই কথা ভাবিলে আকৌ কিবা এটা ভয়ত তাইৰ হাত-ভৰি লুকাই। বিৰিণায়ো তাই বিয়াখনলৈহে ৰৈ আছিল, বিয়াখন হৈ দৰাঘৰ আহি পালে কি নাই, তাই পেহীয়েকক আকৌ খুচৰিবলৈ ধৰিলে। 

ভয় লাগে মণিৰ। প্ৰেম হৈ যায় বুলিয়েইটো বয়স, সময়ৰ কথা কিছুমান আহে। তাতে আকৌ তেওঁৰ চৌব্বিশ পঁচিশ বছৰীয়া প্ৰায় বিৰিণাৰ বয়সৰে ল’ৰা এটাও আছে। সৰুতেই মাকক হেৰুৱা ল’ৰাটো দেউতাকৰ হাততেই ডাঙৰ হোৱা। বিৰিণা আৰু নিলিমৰ মুখেৰে গম পোৱা মতে ল’ৰাৰো বোলে কোনো আপত্তি নাই। বৰঞ্চ দেউতাকে লগৰীয়া কাৰোবাক পালে সি ভালহে পায়। অন্ততঃ চাকৰি জেগাত গৈ নিচিন্ত মনে থাকিব পাৰিব। কথাবোৰ ঘূণূক ঘাণাককৈ আত্মীয় প্ৰায়বোৰৰ কাণতে পৰিছে, খালী খুলি পাতিবলৈহে কোনোৱে সাহস কৰা নাই। বিৰিণাই আকৌ কথাটো মণিৰ ওচৰত উলিওৱাত মণি আকৌ এবাৰ নিশ্চুপ হৈ পৰিল। 

লাগে এখন হাত এই ভিৰৰ মাজত। চাৰিওফালে সকলোবোৰ থাকিলেও অকলশৰীয়াবোধ কিমান ভয়ংকৰ বিৰিণাৰ মাক আৰু মণিৰ বাদে সেই কথা কোনে বুজি পায়! খালী মুখ খুলি কাকো কোনোৱে নকয়। বিয়া হৈ অহা কেইটামন বছৰতে গিৰিয়েকক হৰুৱাই কিমান অকলশৰীয়া সেই কথা আলেঙে আলেঙে বৌৱেকে মণিক বুজায়। মণিয়েও বুজি পায়, অনুভৱ কৰে। অকলশৰীয়াবোধক কাষৰ পৰাই কিন্তু সময়ৰ অজুহাত দেখুৱাই সেই অকলশৰীয়াবোধক নেওচিব পাৰিলেও এতিয়া দেখোন একেবাৰে পৰা নাই। এই কেইটা দিনতে জীৱনটো অকলে আগুৱাই যোৱাটো মণিৰ কাৰণে একেবাৰে কঠিন হৈ পৰিছে। একোকে ভাল নালাগে, যেতিয়া তেওঁ কাষত নাথাকে। যেতিয়া তেওঁ দিনটোত এবাৰো খবৰ নলয়। কিন্তু এইবোৰ কথাই যেতিয়াই আমনি কৰে বৌৱেকৰ মুখখনে আমনি কৰে। যদি বৌৱেকে পাৰিছে তাইনো কিয় নোৱাৰিব। সেই কথাকে বিৰিণাক কওঁতে, বিৰিণাই আকৌ ওলোটাই তাইকহে বুজালে, 

: দেউতা আছিল মাৰ প্ৰেম। প্ৰেমৰ সাক্ষীৰূপে দেউতাই মোক দি গ’ল। কিন্তু মণি পি চাচোন তোলৈ।

: তই মানে মোৰ ছোৱালী নহয়। 

: নহয় অ’ মণিপি এইবোৰ কথা কৈ মোক আৱেগিক নকৰিবি। তইটো মোৰ কাৰণে গোটেই পৃথিৱীখন কিন্তু তোৰো এটা জীৱন আছে। এতিয়া তই বিচাৰি পাইছ তোৰ প্ৰেমক, তোৰ লগৰীক। মাৰ কাৰণে মই আছো নহয়। 

বিৰিণাৰ কথাই মণিক সঁচাকৈ আচৰিত কৰিলে। সেইদিনা জন্ম হোৱা ছোৱীলীজনীয়ে ইমান কথা জনা হ’ল!

: মণিপি, কাৰ কথা ভাবি আছ?

কথাবোৰ ভাবি কেতিয়া মণি পকাতে পাৰি থোৱা মেট্ৰেছখনত কিমান সময় বহি থাকিল গম নাপালে। বিৰিণাই আহি কাণৰ কাষত ফুচফুচাই দিয়াতহে সাৰ পাই উঠিল। 

: মামা আমাৰ ৰিচিপচনৰ পিছদিনাই নিবিড়ৰ ওচৰলৈ যাবগৈ, তই আৰু কিমান এক্টিং কৰি থাকিবি অ’ মণি পি।

বিৰিণাই কোৱা কথাখিনি আচলতে মণিৰ কাৰণে নতুন নাছিল। মণিয়ে জানে নিলিমৰ মামাৱক যে হায়দৰাবাদলৈ যাব, পুনৰ কেতিয়া ঘূৰি আহিব সেয়াও নাজানে। আচলতে নিবিড়ে দেউতাকক ঘৰত অকলে এৰি চাকৰি জেগাত শান্তিৰে থাকিব নোৱাৰে। সেয়ে নিলিমৰ বিয়াখনৰ পিছতেই যে তেওঁক লৈ যোৱাৰ কথা কৈছিল, সেই কথা মণিক তেওঁ জনাইছিল, লগতে এইটোও জনাইছিল যে যদি মণিয়ে কিবা এটা ইতিবাচক সংকেত দিয়ে তেন্তে তেওঁ ৰৈ দিব। কিন্তু মণিয়ে আজি দিন পৰ্যন্ত একোৱেই সিদ্ধান্ত ল’ব পৰা নাই। তাইক লগ দিবলৈ বিচৰা হাতখন এৰিবও বিচৰা নাই, লগতে আকৌ মনৰ ভিতৰত এটা ভয়ে তাইক খুলি খুলি খাইছে “মানুহে কি ক’ব!” 

“মানুহে কি ক’ব”তেই আধৰুৱা হৈ ৰয় কত যে প্ৰেম কাহিনী!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments