শ্ৰী সঞ্জীৱ সভাপণ্ডিতৰ লগত হোৱা সাক্ষাৎকাৰ
লেখক- শ্ৰী চিত্তৰঞ্জন ওজা
‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল শ্ৰী সঞ্জীৱ সভাপণ্ডিতৰ লগত। তেখেতে একেৰাহে শিক্ষাবিদ, উদ্যোগপতি, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, লেখক, অনুবাদক, উদ্ভাৱক হিচাপে প্ৰতিষ্ঠিত।
‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে শ্ৰী চিত্তৰঞ্জন ওজা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী মৃদুল শৰ্মাই। সাক্ষাৎকাৰটি বাণীবদ্ধ কৰিছে শ্ৰী অভিজিৎ দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী চিত্তৰঞ্জন ওজাই। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন দুগৰাকী সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: ল’ৰালি কালৰ পৰা অসম আভিযান্ত্ৰিক মহাবিদ্যালত শিক্ষা গ্ৰহণ কৰালৈ আপোনাৰ বিষয়ে কিছু কথা ক’ব।
সঞ্জীৱ সভাপণ্ডিত: মোৰ জন্ম যদিও শ্বিলঙত হৈছিল, ডাঙৰ হৈছিলোঁ নাজিৰাত। আমাৰ ঘৰখন আমোলাপট্টি নামৰ অঞ্চলত – বাঁহবৰীয়া গাঁও বুলিও ক’ব পাৰি। আমাৰ বাৰীৰ কাষেদি দিখৌ নৈ বৈ গৈছে। দিখৌ নৈতে খেল ধেমালি কৰি ডাঙৰ হৈছিলোঁ। আমাৰ অঞ্চলত ১৯৬১ চনতে প্ৰতিষ্ঠা কৰা পুথিভঁৰাল (আমোলাপট্টি পুথিভঁৰাল) এটা আছিল। সেইটোৱেই আছিল আমাৰ সামাজিক জীৱনৰ কেন্দ্ৰ। তাতেই কৃষ্ণ জন্মাষ্টমীৰ পৰা বিহু আদি সকলো অনুষ্ঠান পালন কৰা হৈছিল। তাতেই শিল্পী মহানন্দ মজিন্দাৰ বৰুৱা, চাৰু গোহাঁই, অপূৰ্ব বেজবৰুৱা আদিয়ে গান গাইছিল। সমগ্ৰ অঞ্চলটোৱেই সাংস্কৃতিকভাৱে সক্ৰিয় ঠাই আছিল। আমাৰ ঘৰখনো শিক্ষকৰ ধ্যান-ধাৰণাৰে পৰিপূৰ্ণ ঘৰ বুলি ক’ব পাৰি। মোৰ ককা তুলসী সভাপণ্ডিত আছিল নাজিৰা স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক। মোৰ দেউতাই প্ৰথমে নাগালেণ্ডত শিক্ষকতা কৰিছিল, তাতেই এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। মোৰ ডাঙৰ ভিনদেউ আছিল শিক্ষক, মই নিজে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ, মোৰ ভণ্টিয়ে শিক্ষকতা কৰিছিল। মোৰ পৰিবাৰো শিক্ষয়িত্ৰী আছিল। মোৰ ছোৱালীয়েও এতিয়া শিক্ষকতা কৰে। মোৰ মা আছিল শিৱসাগৰৰ। মোৰ ককাও(হিমধৰ বৰুৱা) শিক্ষকেই আছিল। মই মেট্ৰিক পাছ কৰিলো নাজিৰা হায়াৰ ছেকণ্ডাৰী আৰু বহুমুখী বিদ্যালয়ৰ পৰা ১৯৭৪ চনত। তাৰ পিছত কটন মহাবিদ্যালয়ত প্ৰি ইউনিভাৰ্চিটী পাছ কৰি অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল বিভাগত ডিগ্ৰী লাভ কৰোঁ। তাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমবিএ কৰিলোঁ। আমাৰ ভাই-ভনী ছয় গৰাকী, তাৰে দুজন ভাই ককাই আৰু চাৰিগৰাকী বাই-ভনী।
সাহিত্য ডট অৰ্গ: শিক্ষা সমাপ্ত কৰি অসম আভিযান্ত্ৰিক মহাবিদ্যালত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰিও আপুনি চৰকাৰী চাকৰিতে সন্তুষ্টি লাভ নকৰিলে। বৰং এপলৰ দৰে এটা বৃহৎ উদ্যোগ গঢ়ি তোলাৰ বাবে উঠি পৰি লাগিল। সেই সময়ত অসমীয়া ল’ৰাই উদ্যোগ গঢ়ি তোলাৰ কথা সপোনৰো অগোচৰ আছিল।
সঞ্জীৱ সভাপণ্ডিত: মই নিজকে অসম আন্দোলনৰ ’প্ৰডাক্ট’ বুলিয়ে ভাবোঁ। অসম আন্দোলন যদিও বিদেশী খেদা আন্দোলন আছিল, আচলতে অৰ্থনৈতিক পুনৰ জাগৰণো ইয়াৰ এটা লক্ষ্য আছিল। অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পঞ্চম বাৰ্ষিকত পঢ়ি থকা সময়তে আমি কেইজনমানে এপল নামৰ বস্ত্ৰ উদ্যোগ এটা গঢ়ি তোলাৰ কামত জড়িত হৈ পৰো- উৎপল দাস, অনুপ শইকীয়া, অপূৰ্ব প্ৰতাপ গোস্বামী, সৌম্য বৰুৱা, অসীম শৰ্মা আৰু মই। সেই সময়ত বাতৰি কাকতত আমি পাইছিলোঁ যে বঙাইগাঁও শোধানাগাৰত এটা পেট্ৰ’ ৰাসায়নিক প্ৰকল্প নিৰ্মাণ হৈছে, তাতে পলিয়েষ্টাৰ আঁহ উৎপন্ন হ’ব। পলিয়েষ্টাৰ হৈছে বস্ত্ৰ উৎপাদনৰ এক অপৰিহাৰ্য্য কেঁচামাল। অসমখন বস্ত্ৰ উদ্যোগত চহকী; গতিকে আমি ভাবিলোঁ যে কিবা এটা কৰিব লাগে। ইয়াৰ বাবে আমি ছজন ছাত্ৰ ওলাই আহিছিলোঁ। আমাৰ লগ লাগিছিল কল্যাণ ভাগৱতী নামৰ ব্যক্তি এজনো। তেওঁ কাম কৰিছিল হেণ্ডলুম আৰু টেক্সটাইল বিভাগত। আমাৰ লগ লাগিছিল ফাইবাৰ টেকন’ল’জীত এম টেক কৰা বসন্ত দাস নামৰ ব্যক্তি এজনো। সকলোৱে মিলি কৰ্ণেল উমানাথ শৰ্মাক লগ ধৰিছিলোঁ। তেখেতে তেতিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধ্যক্ষ পদৰ পৰা সেইমাত্ৰ অৱসৰ লৈছিল। সেই সময়ত অসমৰ পৰা কোনো মানুহ এনে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ওলোৱা নাছিল। আমি এই ক্ষেত্ৰত প্ৰথম আছিলোঁ। অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত চলিবলৈ ঘৰৰ পৰা পোৱা মাহিলি ২৫০ টকাৰ বিপৰীতে আমি সপোন দেখিছিলোঁ ২৫ কোটি টকাৰ এটা বস্ত্ৰ উদ্যোগৰ। সেই মতে আমি কামো কৰিছিলোঁ। উদ্যোগৰ কামত চৰকাৰী অফিচত সোমালে, গুৰুত্ব নিদিছিল। মাটি বিচাৰি গ’লে পুলিচৰ হতুৱাই খেদি পঠাইছিল। সমগ্ৰ অসম ঘূৰি এপল প্ৰতিষ্ঠানৰ অংশ বিক্ৰী কৰিছিলোঁ। আমাৰ হাতত সমবায় ভিত্তিত উদ্যোগ গঢ়াৰ বাহিৰে বিকল্প নাছিল। আমাক প্ৰতিটো খোজত উপদেশ, পৰামৰ্শ আগবঢ়াইছিল সেই সময়ৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাগুৰু নিৰ্মল চৌধুৰী ছাৰ, অপৰ্ণা কুমাৰ পদ্মাপতি ছাৰে। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আমি উদ্যোগটো প্ৰতিষ্ঠা কৰিছিলোঁ। তেতিয়া, আনোৱাৰা টাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা কালত আমাৰ এই উদ্যোগ প্ৰতিষ্ঠাৰ কামত অলপো সহায় সহযোগিতা আগবঢ়োৱা নাছিল। ভাগ্যভাল, ১৯৮৬ চনত অসম গণ পৰিষদে অসমত চৰকাৰ গঠন কৰিলে। আমি প্ৰাক্তন ছাত্ৰ নেতাসকলক লগ ধৰিলোঁ। উদ্যোগৰ কথা ক’লোঁ। আমাৰ প্ৰচেষ্টাৰ কথা তেওঁলোকে জানিছিলেই। অগপ চৰকাৰৰ সহযোগত ৰঙিয়াৰ ওচৰৰ তুলসীবাৰীত এপল উদ্যোগে প্ৰাণ পাই উঠে। ১৯৮৮ চনত সূতা উদ্যোগ আৰু ১৯৯১ চনত বস্ত্ৰ উদ্যোগ চলিবলৈ ধৰে। কম সময়ৰ ভিতৰত আমি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছিলোঁ। আমাৰ উৎপাদিত কাপোৰ চুৰাট, কৈম্বাটুৰ, বাঙ্গালোৰ আদি বহু ঠাইলৈ পঠাবলৈ সক্ষম হৈছিলোঁ। বিন্নি মিল, মফৎলাল মিল আদি প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানে আমাৰ পৰা কাপোৰ লৈছিল। অসম আৰক্ষী, অইল, ওএনজিচি আদি প্ৰতিষ্ঠানে আমাৰ উদ্যোগৰ পৰা কাপোৰ লৈছিল। সমগ্ৰ অসমত স্কুলৰ ইউনিফৰ্মত এপল কাপোৰ ব্যৱহাৰ কৰিছিল। অসমত প্ৰায় ১০০টা মান শ্ব’ৰূম স্থাপন হৈছিল। এপল উদ্যোগৰ লগতে চিলাই উদ্যোগৰ দৰে বহুত ডাউনষ্ট্ৰিম উদ্যোগ গঢ়ি উঠিছিল। এপলৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল ১৬০০ শ্ৰমিক-কৰ্মচাৰী। ৰঙিয়া অঞ্চলৰ মানুহৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈ পৰিছিল। কিন্তু কৰ্মচাৰীৰ ভুল, চৰকাৰী হস্তক্ষেপ আদিৰ বাবে ২০০২ চনৰ পৰা উদ্যোগটো বেয়াৰ পিনে গতি কৰে আৰু বন্ধ হৈ পৰে।
সাহিত্য ডট অৰ্গ: আমি দেখিছিলোঁ এপল উদ্যোগে ৰঙিয়া অঞ্চলৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে লাভান্বিত কৰিছিল। সমাজখনৰ উন্নতিৰ বাবে যথেষ্ট পদক্ষেপ হাতত লৈছিল।
সঞ্জীৱ সভাপণ্ডিত: আমি যেতিয়া এপল প্ৰতিষ্ঠা কৰিছিলোঁ সেই সময়ত তাত এজন মানুহৰ হাজিৰা হিচাপে দিনে ৭ টকা আছিল। এপল প্ৰতিষ্ঠা হোৱাৰ পিছত কৰ্মচাৰীসকলে মাহে ৭০০/৮00 টকাকৈ পাইছিল আৰু মুঠ ৩৫ লাখ টকা দৰমহা হিচাপত আমি দিছিলোঁ। সেই ৩৫ লাখৰ ৯০% সেই অঞ্চলৰ মানুহৰ মাজলৈ মাহে মাহে সোমাইছিল আৰু তাৰ বাবেই ৰঙিয়া অঞ্চলৰ মানুহৰ অৰ্থনীতি ভাললৈ আহিল, ঘৰবোৰ নতুনকৈ নিৰ্মাণ হ’ল। গাঁৱৰ পৰিৱেশ সলনি হৈ পৰিছিল। তুলসীবাৰীৰ ওচৰৰ গাঁওবোৰত আমি বহু উন্নয়নমূলক কাম কৰিছিলোঁ। গাঁওবোৰত পুথিভঁৰাল প্ৰতিষ্ঠা কৰি দিছিলোঁ। গাঁৱৰ মানুহক কুঁহিয়াৰ, কল গছ ৰুবলৈ দিছিলোঁ। সেইবোৰৰ পৰা মানুহে অৰ্থনৈতিকভাৱে যথেষ্ট উপকৃত হৈছিল। যিবোৰ গাঁৱলৈ বিদ্যুতেই গৈ পোৱা নছিল সেই গাঁৱৰ ল’ৰাক মাইক্ৰ’প্ৰচেছৰ কণ্ট্ৰল থকা মেচিনত কাম কৰিবলৈ প্ৰশিক্ষণ দিছিলোঁ। বিভিন্ন কামৰ বহুত প্ৰশিক্ষণ দিছিলোঁ। সেই ধৰণৰ শ্ৰমিকৰ বাবেই এপল ব্ৰেণ্ড নাম প্ৰতিষ্ঠা হৈ পৰিছিল। ইয়াত কাম কৰা কৰ্মচাৰীয়ে পিছত ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠিত উদ্যোগ-প্ৰতিষ্ঠানত কাম পাইছিল। এপল উদ্যোগৰ কাম আৰম্ভ হোৱাৰ সময়তে কৰ্ণেল উমানাথ শৰ্মা ছাৰে আমাৰ তিনিজনক ফ্ৰাঞ্চৰ পেৰিছত অনুষ্ঠিত টেক্সটাইল ফেয়াৰ এখনলৈ পঠালে যাতে আমি বুজি পাওঁ ’প্ৰডাক্ত ভাল’ মানে নো কি, বিশ্বত কেনে ধৰণৰ উন্নতমানৰ কাপোৰ উৎপাদন হয়, আমাৰ উৎপাদন কেনে হোৱা উচিত। তাতে আমাক কোৱা হৈছিল যে উদ্যোগলৈ যোৱা পথটো এনে হ’ব লাগে যেন এটা মন্দিৰলৈ গৈ আছে। তুলসীবাৰীত আমি যেতিয়া পুথিভঁৰাল পাতিছিলোঁ আমাৰ ঘৰৰ পৰা কিতাপ নি, জেপৰ ধনেৰে কিতাপ কিনি পুথিভঁৰালত দান কৰিছিলোঁ। ভলীবল খেলৰ প্ৰশিক্ষণ দিছিলোঁ, গাঁৱৰ ল’ৰাবোৰৰ স্কিল বৃদ্ধিৰ বাবে বিভিন্ন প্ৰশিক্ষণ দিছিলোঁ।
সাহিত্য ডট অৰ্গ: ইমান ভালদৰে গঢ়ি উঠা উদ্যোগটো কি পৰিস্থিতিত, কিয় বন্ধ হৈ পৰিল।
সঞ্জীৱ সভাপণ্ডিত: এপল উদ্যোগ বেছি দিনলৈ চলাব পৰা নগ’ল। চৰকাৰে শ্ৰমিকসকলক বিপথে পৰিচালিত কৰিলে। শ্ৰমিকক দৰমহা বৃদ্ধিৰ বাবে আন্দোলন গঢ়ি তুলিবলৈ উচতালে। মাহে দহ লাখ টকা বৃদ্ধি কৰিবলৈ চৰকাৰে আমাৰ পৰিচালন সঞ্চালকক বাধ্য কৰালে। সেই সময়ত মোক আমেৰিকাৰ চৰকাৰে এমাহৰ বাবে মাতি নিছিল এটা নতুন কথাৰ বাবে। উত্তৰ-পূবৰ মাজেৰে দক্ষিণ-পূব এচিয়ালৈ ব্যৱসায়ৰ বাবে নতুন পথৰ সন্ধান – এই বিষয়ত মই সেই সময়তে এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন দিছিলোঁ, প্ৰজেক্ট ৰিপোৰ্ট জমা দিছিলোঁ- FINER/FICCI/ চৰকাৰক। আমেৰিকাৰ পৰা উভতি আহি দেখিলোঁ ইতিমধ্যে মাহে দহ লাখ টকাকৈ দৰমহা বৃদ্ধি কৰিছে। মই তেতিয়া প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে দহ লাখ টকা মাহে অতিৰিক্ত খৰচ কৰিবলৈ হ’লে প্ৰতি মাহে এক কোটি টকাৰ বস্ত্ৰ বেছিকৈ উৎপন্ন কৰি বিক্ৰী কৰিব লাগিব। তাৰ বাবে ১০০ লাখ টকা ব্যয়েৰে কেঁচামাল কিনিব লাগিব। আমাৰ হাতত কেঁচামালৰ বাবে সেই টকা নাই। কিন্তু মোৰ কথাত গুৰুত্ব নিদিলে। বহু চেষ্টা কৰিও কাকো বুজাব নোৱাৰি মই এপলৰ পৰা বিদায় লওঁ। মই এপল ত্যাগ কৰাৰ কেইমাহমানৰ পিছতে উদ্যোগটো বন্ধ হয়।
সাহিত্য ডট অৰ্গ: অসম জাতীয় বিদ্যালয়ত স্থাপনতো আপনোৰা বিশেষ অৰিহনা আছে।
সঞ্জীৱ সভাপণ্ডিত: ১৯৯৩ চনত মোৰ ছোৱালীৰ (চিখলা) যেতিয়া তিনি বছৰ বয়স হ’ল তেতিয়া তাইক উপযুক্ত স্কুল এখনত নাম ভৰ্তি কৰাৰ বাবে স্কুল চাবলৈ ধৰোঁ। তেতিয়া দেখিলোঁ যে অসম অন্দোলনৰ পিছত অসমীয়া মানুহে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত নাম লগাই দিবলৈ লৈছে। কাৰণ চৰকাৰী স্কুলসমূহত ইতিমধ্যে আন্দোলনৰ বাবে শিক্ষা গ্ৰহণৰ পৰিৱেশ নোহোৱা হৈ পৰিছে। ইপিনে ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া নিশিকায়। মাতৃভাষাত কথা কোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়ে, আঁঠু কঢ়াই থয়। সেইবোৰ দেখি শুনি সিদ্ধান্ত লৈছিলোঁ যে সেইবোৰ স্কুলত মোৰ ছোৱালীক নপঢ়াওঁ। মই নিজে স্কুল প্ৰতিষ্ঠা কৰি সেই স্কুলত পঢ়াম। সেই কথা ভাবিয়ে মই ’ৰসৰাজ বিদ্যালয়’ বুলি এখন স্কুলৰ মাষ্টাৰ প্লেন তৈয়াৰ কৰোঁ। ডা: নাৰায়ণ শৰ্মা, বসন্ত ডেকা, ভবেন বৰা আদি মোৰ লগত যোগ দিয়েহি। পিছত নামটো অসম জাতীয় বিদ্যালয় দি ১৯৯৪ চনত ৰাজগড়ৰ ভাড়াঘৰ এটাত নতুন স্কুলখন আৰম্ভ কৰোঁ। নুনমাটিৰ বৰ্তমান জাতীয় বিদ্যালয়ৰ স্কুলৰ মাটিখিনি জয়নাথ শৰ্মা ৰাজহ মন্ত্ৰী থাকোঁতে আমাক দিছিল। ৰেলৰ মাটি আছিল। ৰেলে আদালতত মাটিখিনিৰ বাবে গোচৰ দিব বুলি ভাবিয়ে মই মোৰ সতীৰ্থসকলৰ কথা নুশুনি নিজে আগবাঢ়ি পাঁচমহলীয়া ঘৰৰ ফাউণ্ডেচন আৰম্ভ কৰোঁ। দুমহলালৈ ঘৰ নিৰ্মাণ কৰোঁ। চাৰিওফালে দেৱাল দিলোঁ। আদালতে দেখিলে যে স্কুল পূৰ্ণোদ্যমে চলি আছে, গতিকে ৰেলৰ মোকৰ্দমা খাৰিজ কৰি দিলে। মই ব্যক্তিগত ধাৰ লৈ, এলআইচি পলিচিৰ ওপৰত ঋণ লৈ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে খাটিছিলোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ৰ অধীনত আজিকালি দক্ষতা বিকাশত গুৰুত্ব দিছে। মই ২০০০ চনতে শৌৰ্য্যমাধৱ দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ খুলি ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, গাড়ী মেৰামতি, এয়াৰ কণ্ডিশ্যনিং, ৰেফ্ৰিজাৰেশ্যন, lift maintenance আদি ট্ৰেড আৰম্ভ কৰিছিলোঁ। মেট্ৰিক পৰীক্ষাত ফেল কৰা ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দি সিহঁতৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিলোঁ। পিছত মেনেজমেণ্টৰ বাকী মানুহৰ লগত মনোমালিন্য ঘটাত অসম জাতীয় বিদ্যালয়ৰ পৰা নিজকে আঁতৰাই আনো। আচলতে মোক জাতীয় বিদ্যালয়ৰ পৰা কোনেও আঁতৰাব নোৱাৰিলেহেঁতেন। কিন্তু মই ভাবিলোঁ যে অনবৰতে নিকৃষ্ট কথা-বতৰাৰ মাজত, কাজিয়া পেচাল কৰি থাকিলে স্কুলখনৰে ক্ষতি হ’ব –দুদিন পাছতে তলৰ মানুহে হাঁহিবলৈ ল’ব; গতিকে মই আঁতৰি দিয়াই ভাল হ’ব। মোৰ ঘৰুৱা শিক্ষা আৰু পৰম্পৰাই তেনেদৰে ক্ষমতাত থকাৰ কথা নকয়।
সাহিত্য ডট অৰ্গ: আপুনি প্ৰথমে চিনেমাত অভিনয় কৰিছল, তাৰ পিছত পৰিচালনাত হাত দিছিল। ২০০৪ চনতে ’জুয়ে পোৰা সোণ’ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। চিনেমা জগতত কেনেদৰে সোমাল।
সঞ্জীৱ সভাপণ্ডিত: জাতীয় বিদ্যালয় খোলাৰ সময়ত মই দেখিছিলোঁ যে স্কুলৰ শিক্ষকক সময়মতে দৰমহা দিবলৈ অসুবিধা হয়। কেৱল ল’ৰা-ছোৱালীৰ ফিজৰ টকাৰে স্কুল চলাব নোৱাৰি। সেয়ে, অন্য উপায়ে টকা উপাৰ্জন কৰিব পাৰি নেকি ভাবিবলৈ ল’লোঁ। এটা পৰিকল্পনা মনলৈ আহে – লাইট এণ্ড চাউণ্ড শ্ব’ গুৱাহাটীত অনুষ্ঠিত কৰা। সেই উদ্দেশ্যে অসম বুৰঞ্জীৰ আধাৰত মই এখন স্ক্ৰিপ্ত লিখি উলিয়াওঁ। ইয়াৰ বাবে কাৰিকৰী দিশত সহায় কৰিবলৈ জাহ্নু বৰুৱাক অনুৰোধ কৰোঁ। তেওঁ খা-খবৰ ল’ব বুলি ক’লে যদিও একো নহ’ল। পিছত AECৰে মোৰ এজন ছাত্ৰ ত্ৰিনয়ন বৰাক লগত লৈ আৰু বিপিন পাল দাসৰ পুত্ৰ জয় দাসক লগত লৈ লাইট এণ্ড চাউণ্ড শ্ব’ ’যুগে যুগে অসম’ৰ ব্যৱস্তা কৰোঁ ব্ৰহ্মপুত্ৰ নদীৰ কৰ্মনাশা দ্বীপত। কিন্তু বাৰিষা ভৰা লুইত পাৰ হ’বলৈ ভয়- খৰালি নৈৰ মাজৰ ঠাণ্ডা, এনেবোৰ অজুহাততে শ্ব’টো নচলিল – যধিও বহুকেইজন চোৱা মানুহে কৈছিল যে সেইটো পৃথিৱীৰ ভিতৰতে এটা সুন্দৰ শ্ব’ আছিল। শেষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইয়াৰ আধাৰতে লাইট এণ্ড চাউণ্ড শ্ব’ আৰম্ভ হয়। সেই শ্ব’ চাবলৈ জাহ্নু দাদাকো মাতিছিলোঁ। তাৰ দুদিন পিছতে জাহ্নুদাই তেওঁৰ এখন চলচ্চিত্ৰ ’কুশল’ত মোক নাম ভূমিকাত অভিনয় কৰিবলৈ মাতিলে। কুশল কোঁৱৰৰ চৰিত্ৰটি হুবহু ফুটাই তুলিবলৈ বহু দিনৰ প্ৰস্তুতি চলাবলগীয়া হৈছিল। কুশল ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মই আগতে চিনেমাত অভিনয় কৰা নাছিলোঁ। গতিকে প্ৰস্তুতিৰ সময়ত মোৰ বৰ কষ্ট হৈছিল।
’কুশল’ ছবিখন শেষ হোৱাৰ পিছত মোৰ কিবা এটা কথাত খং উঠিল আৰু মই নিজে ছবি এখন পৰিচালনা কৰাৰ কথা ভাবিলোঁ। সেয়ে মই আৰম্ভ কৰো ’জুয়ে পোৰা সোণ’ ছবিখনৰ কাম। ইয়াৰ প্ৰযোজনা, পৰিচালনা, কাহিনী, চিত্ৰনাট্যৰ কামখিনি নিজে কৰিছিলোঁ। অসমৰ খেতি পথাৰসমূহ কেনেদৰে বাংলাদেশৰ পৰা মিঞাই আহি লৈ ল’লে তাৰেই এক জীয়া ছবি ’জুয়ে পোৰা সোণ’। ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। চিনেমাখনত গৰাখহনীয়াৰ দৃশ্য এটা আছিল। দৃশ্যটো কৰি থাকোঁতে সঁচাকৈয়ে গৰাখহনীয়া হৈ মই নৈৰ পানীত সোমাই পৰোঁ। ভাগ্য ভাল যে মই সাঁতুৰিব ভালদৰে জানো, সেয়ে উটি যোৱাৰ পৰা ৰক্ষা পৰিলোঁ। ইয়াৰ পিছত মই ’জাতিংগা ইত্যাদি’ নামৰ চিনেমাখন নিৰ্মাণ কৰোঁ। ছবিখন আলফা বিৰোধী স্থিতিৰে নিৰ্মাণ কৰা হৈছিল। মই আগৰেপৰা স্বাধীন অসমৰ চিন্তাধাৰাক বিৰোধিতা কৰিছিলোঁ। ইয়াৰ পিছত নিৰ্মাণ কৰিলোঁ ’জাংফাই জোনাক’ নামৰ ছবি এখন, এটা সঁচা কাহিনীৰ আধাৰত। মোৰ চকুৰ আগত ঘটা এটা ঘটনা– এটা সৰু ল’ৰাক ভগৱানৰ অৱতাৰ বুলি ধৰি গাঁৱৰ মানুহে শিৱ ৰূপত পূজা কৰিবলৈ ল’লে। গাঁৱত শিৱ মন্দিৰ পাতি ল’ৰাজনক তাতেই ৰাখিলে। ভাং খুৱাই খুৱাই সৰু ল’ৰাটোকো নষ্ট কৰিলে লগতে গাঁওখনৰ মানুহো নষ্ট হ’ল। ইয়াৰ পিছত ’জীয়া জুৰিৰ সুবাস’ নামৰ চিনেমাখন নিৰ্মাণ কৰোঁ। চলচ্চিত্ৰখনত ভিক্টৰ বেনাৰ্জী আৰু বিষ্ণু খাৰঘৰীয়াই সুন্দৰ অভিনয় কৰিছিল। ইয়াত মই দেখুৱাইছিলোঁ কেনেকৈ আমাৰ আগৰ দিনৰ ধনী মানুহখিনিয়ে কানিৰ ব্যৱসায় কৰিছিল, সেই সুবিধাবাদী মানুহে স্বাধীনতা সংগ্ৰামত বিধি পথালি দিছিল। মানুহে চালে দেখিলেহেঁতেন বিষ্ণু খাৰঘৰীয়াৰ অভিনয় দক্ষতা। ইয়াৰ পিছত নিৰ্মাণ কৰিছিলোঁ ’দিকচৌ বনত পলাশ’। এজন সত্ৰাধিকাৰ আৰু নগা মহিলা এগৰাকীৰ মাজৰ প্ৰেম কাহিনী আছিল চিনেমাৰ বিষয়বস্তু। চৌৰাশী বছৰীয়া কুলদা কুমাৰ ভট্টাচাৰ্য আৰু আশী বছৰীয়া লৌলেনলা আও নামৰ নগা মহিলাগৰাকীয়ে অভিনয় কৰিছিল। প্ৰাক স্বাধীনতা কালত অসমীয়া মানুহে নগালেণ্ডত স্কুল পাতিছিল, তাত গৈ শিক্ষা-দীক্ষা দিছিল- সেইবোৰ কথা আছে।
শেহতীয়াকৈ যিখন চিনেমা কৰিছোঁ সেইখন হ’ল ’আকাশ হেনো নদীৰ নাম’। চিনেমাখনত ব্ৰজাৱলী ভাষাটোকে চৰিত্ৰ কৰিবলৈ চেষ্টা কৰিছোঁ। বিশ্বৰ সকলোতে চলি থকা সমস্যাবোৰৰ মূল কাৰণ হ’ল আত্মকেন্দ্ৰিকতা – সকলোতে কেৱল মই, মোৰ ভাব। ’মই’ৰ সলনি যদি ’আমি’ বুলি, সমূহীয়া উদ্দেশ্যলৈ কাম কৰোঁ তেতিয়া আমি ভোগ কৰিবলগীয়া হোৱা সমস্যাবোৰ হয়তো নাথাকিব। ব্ৰজাৱলী ভাষাত মই, মোৰ বুলি কোৱা নহয়, আমি, আমাৰ তেনে শব্দৰহে প্ৰয়োগ হয় (’মই কৰিলোঁ’ৰ সলনি ’আমাৰ দ্বাৰা কৰা হ’ল’ আদি)। দুইজনাগুৰুৰ সৃষ্টিৰাজি আছিল ব্ৰজাৱলী ভষাত। আমাৰ অসমীয়া সমাজখন আচলতে সভ্যতাৰ দিশত কেবাশ বছৰ আগৰ পৰাই বহু উন্নত আছিল। ১৯৪৭ চনত দেশ বিভাজনেৰে ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত বিভিন্ন ৰাজ্যত লাখৰ ওপৰত মানুহ মৰিছিল অথচ অসমত তেনে কোনো হিংসাত্মক ঘটনা ঘটা নাছিল। তেনেকৈ ভাৰতৰ আন ৰাজ্যত যৌতুকৰ বাবে বিবাহিতা নাৰীক মাৰি পেলোৱা ঘটনা অতীজৰপৰা চলি আছে। অথচ অসমত শ শ বছৰ আগৰপৰা যৌতুকৰ নামত কোনো মহিলা অত্যাচাৰৰ বলি হোৱা দেখা নাযায়। তেনে নিষ্ঠুৰ, পাশৱিকতা, বৰ্বৰতাৰ পৰা অসমীয়া জাতি মুক্ত। দুৰ্ভাগ্যজনকভাৱে আমাক শাসন কৰি আছে উত্তৰ আৰু দক্ষিণ ভাৰতীয় মানুহে যিসকলে অসমীয়া মানুহৰ উদাৰতা, মনৰ বিশালতা বুজি নাপায়। আমাক হেয় ব্যৱহাৰ কৰে। আমি বহুক্ষেত্ৰত ভাবি লওঁ যে আমাৰটো বেয়া, উত্তৰ- দক্ষিণ ভাৰতৰ ৰীতি-নীতিহে ভাল।
সাহিত্য ডট অৰ্গ: অসমীয়া কলাসন্মত চিনেমা ব্যৱসায়িকভাৱে কিয় সফল নহয়?
সঞ্জীৱ সভাপণ্ডিত: কথাটো বেলেগ ধৰণে চাব পাৰি। মই ভাবো চিনেমা দুই ধৰণৰ- ভাল চিনেমা বা বেয়া চিনেমা। ক’ৰবাত হয়তো অলপমান বেছি চিনেমেটিক কায়দা প্ৰয়োগেৰে কাৰুকাৰ্য কৰা হয়। আচলতে তেনে চিনেমা বেছিকৈ নচলে, যেনে ঋত্বিক ঘটক, অদূৰ গোপালকৃষ্ণনৰ চিনেমা। অদূৰ গোপালকৃষ্ণণে ১৯৬৮ চনত পুনে FTIIৰ পৰা পাছ কৰিছিল। পাছ কৰিয়ে তেওঁ চিনেমা নিৰ্মাণ কৰা নাছিল। তেওঁ কেৰালাত গাঁৱে গাঁৱে ভাল, কলাসন্মত চিনেমা দেখুৱাবলৈ ল’লে। মানুহৰ মনত কলা সন্মত ৰূচিবোধৰ জন্ম দিলে। তাৰ পিছতহে নিজে চিনেমা নিৰ্মাণ কৰিবলৈ ল’লে। তেতিয়া তেওঁৰ চিনেমা মানুহে গ্ৰহণ কৰিলে। অসমীয়া চিনেমাৰ জগতখনত, জ্যোতি প্ৰসাদ আগৰৱালাই তাহানিতে চিনেমা নিৰ্মাণ কৰিছিল, যেতিয়া অসমত চিনেমা সম্বন্ধে মানুহে একোৱে জনা নাছিল। পৰৱৰ্তী পৰ্যায়ত অসমীয়া চিনেমাৰ বাবে নিজাকৈ কোনেও একো নকৰিলে। সকলো কলিকতাৰ ওপৰত নিৰ্ভৰশীল হ’ল। কেমেৰামেন, টেকনিচিয়ান আদি সকলোখিনি কলিকতাৰ পৰা আনে। এইক্ষেত্ৰত মই ব্যতিক্ৰম। প্ৰযোজক উৎপল কুমাৰ দাসৰ লগত মই চতুৰ্থখন চিনেমা নিৰ্মাণ কৰিছোঁ। মোৰ চিনেমাৰ টেকনিচিয়ান, কেমেৰামেন আদি সকলোখিনি অসমীয়া মানুহ।
সাহিত্য ডট অৰ্গ: সাধাৰণতে দেখা যায় অসমীয়া, হিন্দী চিনেমাবোৰ ষ্টেৰিঅ’ টাইপ হয়, হিৰোজনেই যেন সদায়ে জিকিব লাগে।
সঞ্জীৱ সভাপণ্ডিত: ভাৰতখন আচলতে এখন কিংবদন্তিৰে দেশ! ইয়াৰ মানুহে বীৰৰ উপাসনা কৰি (Hero worship) ভাল পায়। গতিকে সাম্প্ৰতিক সময়লৈকে বীৰৰ উপাসনা ভাৰতৰ জনজীৱনৰ এক অভিন্ন অংগ হৈ আছে। এনে বিষয়তে ৰাম মোহন লোহিয়াই এদিন এটা প্ৰশ্ন কৰিছিল যে হনুমানে ৰামক কিয় সদায় ভজন কৰি থাকিছিল! তেতিয়া এজনে উত্তৰ দিছিল যে হিৰো ৱৰছিপৰ মানসিকতাৰ বাবে। তেতিয়া লোহিয়াই পিছৰ প্ৰশ্নটো কৰিলে যে হনুমান হিৰো নহয় নেকি! তেতিয়া উত্তৰটো আহিল যে হনুমান হিৰো হয় কিন্তু এবচলুট হিৰো নহয়, ইমান শক্তিশালী হিৰো নহয় যিয়ে আঙুলিটো ল’ৰাই দিলেই পৃথিৱীখন সলনি হৈ যায়। দৈহিক বীৰত্ব আৰু মগজুৰ শ্ৰেষ্ঠত্বতকৈ ভাৰতে ভেল্কীবাজী বা মোহিনী শক্তিৰ চাতুৰ্য তথা কাৰ্যকুশলতাক অধিক গুৰুত্ব দিয়ে। বিদেশত বুৰঞ্জীমূলক চিনেমাক বুৰঞ্জীমূলক হিচাপে ৰাখে, ধৰ্মীয় আখ্যানকলৈ কৰা চিনেমাক তেনেদৰেই প্ৰক্ষেপ কৰে, দুয়োটা লগ কৰি নিদিয়ে। আমাৰ চিনেমাৰ শেষ হয় ‘They live happily thereafterৰ মাজেৰে। বহু বাধাৰ মাজত প্ৰেমৰ জয় হয় আৰু সুখ সম্ভোগেৰে জীৱন কটায়। পিছে বিয়াৰ পিচত কিমান সংগ্ৰাম কৰি স্বামী-স্ত্ৰী আগবাঢ়ি যায় তাক চিনেমাত দেখুওৱা নহয়। বাস্তৱত মুখামুখি হোৱা সমস্যাবোৰ চিনেমাত দেখুওৱা নহয়। এইটো এক ভ্ৰান্তি বুলি ক’ব লাগিব। আন এক ভ্ৰান্তি হ’ল আমি যদিও সদায়ে কওঁ যে অহিংসাই শক্তি, অহিংসাৰে সকলো কাম সমাধা হয়, পিছে প্ৰত্যেকখন চিনেমাত দেখুওৱা হয় যে মাৰপিট বা গুলীয়াগুলীৰ পিছতহে শান্তি প্ৰতিষ্ঠা হয়। পুলিচে সদায়ে ঘটনা সংঘটিত হোৱাৰ পিছতহে দেখা দিয়ে। আমাৰ মহাকাব্যতো আছে শান্তিৰ বাবে যুদ্ধ কৰা, ভিলেইনজনক কাটি, মাৰি শেষ কৰি পেলোৱা। ভাৰতখনক সেয়ে এক ভ্ৰান্ত-বৈপৰিত্যমূলক আৰু অবাস্তৱ দেশ বুলিও ক’ব পাৰি।
সাহিত্য ডট অৰ্গ: অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত ছয় বছৰকাল শিক্ষকতা কৰা সময়ত আপুনি দুজন প্ৰসিদ্ধ ব্যক্তিৰ সান্নিধ্যলৈ আহিছিল – সুৰেন্দ্ৰ নাথ মেধি (ছদ্মনাম সৌৰভ কুমাৰ চলিহা) আৰু অপৰ্ণা কুমাৰ পদ্মাপতি ছাৰ।
সঞ্জীৱ সভাপণ্ডিত: এই দুজন পুৰোধা ব্যক্তি অসমীয়া জাতিৰে নহয় পৃথৱীৰে বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। অপৰ্ণা পদ্মাপতি ছাৰে ১৯৫৫ চনত আই আই টি, খৰগপুৰৰ পৰা পাছ কৰি অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত যোগদান কৰে। পুৱতি নিশা তিনি বজাত তেজপুৰৰপৰা জালুকবাৰীলৈ আহি ক্লাছ লয়। কলেজ কেম্পাচৰ প্ৰতিটো বস্তু, প্ৰতিজোপা গছ ছাৰে নিজ হাতেৰে সজোৱা। ছাৰৰ পৰা মই বহুত শিকিলোঁ। তাৰে এটা কথা হ’ল – জীৱনত একো বস্তু আকাশৰ পৰা এনেয়ে সৰি নপৰে। প্ৰতিটো ফলৰ বাবে কষ্ট কৰিব লাগে। সুৰেন্দ্ৰ নাথ মেধি ছাৰৰ পৰাও বহুত শিকিলোঁ। ছাৰে কেতিয়াও লেখা-মেলাৰ কথা নকয়। তেওঁলোকৰ চিন্তাজগত বহু উচ্চ স্তৰৰ আছিল। দুয়োজনে Mozart, Beethovan, Joan Baez, Bob Dylan, Frank Sinatra আদিৰ গান শুনিছিল। মোকো শুনাইছিল। সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ চাওক, কিমান সহজ ভাষাত বহুমাত্ৰিক অৰ্থৰ সমাৱেশ ঘটায়। সৌকুচৰ ডাকঘৰ নামৰ এটা গল্প লিখিছিল। গল্পটোত বুঢ়ী মাকে পুতেকলৈ বুলি চিঠি এখন লিখিছে। চিঠিখনত ঠিকনাত লিখিছে – প্ৰতি বোপা, ডাঙৰ উকীলৰ ঘৰৰ পিছফালে ঘৰ। পুতেকে হয়তো কোনোবা দিনা ঘৰলৈ গৈ মাকক কৈছিল যে সি কোনোবা ডাঙৰ উকীলৰ ঘৰৰ পিছফালে থাকে। সেইটো ভাবিয়ে সাধাৰণ, হোজা মাকে ঠিকনাটোত লিখিলে তেনেদৰে। এই বাক্যটোৰ জৰিয়তে এগৰাকী মাতৃৰ পুতেকৰ প্ৰতি থকা আকৃত্ৰিম মৰম, চেনেহ আৰু সৰলতা প্ৰকাশ হৈছে। এনেধৰণৰ লেখাৰ বাহাদুৰী আন অসমীয়া সাহিত্যিকৰ লেখনিত পোৱা নাযায়। সৌকুচৰ ’অশান্ত ইলেকট্ৰন’ গল্পটোত মানুহৰ অস্থিৰতা, ক্ষণভংগুৰতাক প্ৰকাশ কৰিছিল। আজিৰ আধুনিক সমাজখনতো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত ই প্ৰযোজ্য। ১৯৫০ চনত লিখা গল্প ২০২৬ তো প্ৰাসংগিক। ধেমালি কথা নহয়। Genius।
সাহিত্য ডট অৰ্গঃ আপোনাৰ ব্যতিক্ৰমি জীৱনৰ বিষয়ে আমাক বহু কথা অৱগত কৰিলে। নিশ্চয় আমাৰ পঢ়ুৱৈসকল এই কথাবোৰ জানি উপকৃত হ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
